প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে জি-৭ সন্মিলনৰ বাবে হিৰোছিমা ভ্ৰমণৰ সময়ত নিজ নিজ পেছাত পাৰদৰ্শী জাপানৰ আগশাৰীৰ ব্যক্তিত্ব ড টমিঅ’ মিজোকামি আৰু শ্ৰীমতী হিৰোকো টাকায়ামাক সাক্ষাৎ কৰে৷

 

ওছাকা বিশ্ববিদ্যালয়ৰ বিদেশী অধ্যয়নৰ স্নাতক বিদ্যালয়ৰ অধ্যাপক এমেৰিটাছ ড° টমিঅ’ মিজোকামি এজন প্ৰখ্যাত লেখক আৰু ভাষাবিদ আৰু হিন্দী আৰু পাঞ্জাবী ভাষাত পাকৈত ব্যক্তি। জাপানত ভাৰতীয় সাহিত্য আৰু সংস্কৃতিৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ২০১৮ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। তেওঁ প্ৰধানমন্ত্ৰীক জাপানত হিন্দী শিক্ষণৰ ভেটি স্থাপন কৰা জাপানী পণ্ডিতৰ এটা দলে ১৯৮০ চনত প্ৰকাশ কৰা বহু প্ৰশংসিত "জ্বালামুখী" গ্ৰন্থখন উপহাৰ দিয়ে৷

হিৰোছিমাত জন্মগ্ৰহণ কৰা শ্ৰীমতী হিৰোকো টাকায়ামা এগৰাকী পশ্চিমীয়া শৈলীৰ চিত্ৰশিল্পী, যাৰ কাম-কাজ ভাৰতৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত আৰু তেওঁ দুই দশক ধৰি ভাৰতত কটাইছিল৷ তেওঁ ভাৰতত বহু কৰ্মশালা অনুষ্ঠিত কৰাৰ লগতে প্ৰদৰ্শনীৰ আয়োজন কৰিছিল আৰু শান্তি নিকেতনৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ এগৰাকী অতিথি অধ্যাপক আছিল৷ প্ৰধানমন্ত্ৰীক তেওঁ ২০২২ চনত সৃষ্টি কৰা তেওঁৰ এক উল্লেখযোগ্য কাম-ভগৱান বুদ্ধৰ তৈল চিত্ৰ উপহাৰ দিয়ে৷

 

প্ৰধানমন্ত্ৰীয়ে কয় যে এই ধৰণৰ বাৰ্তালাপ আমাৰ দুয়োখন দেশৰ মাজত পাৰস্পৰিক বুজাবুজি, সন্মান আৰু সুদৃঢ় সম্পৰ্কৰ গভীৰতাকে সূচাইছে৷ তেওঁ এনে সমৃদ্ধিশালী বিনিময়ৰ বাবে অধিক সুযোগৰ বাবে আগ্ৰহী, যি ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্বৰ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ পথ মুকলি কৰে। 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-EU trade pact to better tech access

Media Coverage

India-EU trade pact to better tech access
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Nagaland meets Prime Minister
March 24, 2026