উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ তদাৰকতা আৰু চিন্তাক প্ৰশংসা মুখ্যমন্ত্ৰীসকলৰ আৰু ক’ভিড মহামাৰীটোৰে মোকাবিলাত সময়োচিত ব্যৱস্থা গ্ৰহণৰ বাবে তেখেতক ধন্য়বাদ জ্ঞাপন
পৰিৱৰ্তনৰ কঠোৰ নিৰীক্ষণ আৰু সকলো প্ৰজাতিৰ অনুসৰণত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ
যথোপযুক্ত সতৰ্কতা অবিহনে পাৰ্বত্য অঞ্চলসমূহত জনসমাগমৰ বিৰুদ্ধে কঠোৰ সাৱধানতা অৱলম্বন কৰক
কিদৰে তৃতীয়টো ঢৌ প্ৰতিৰোধ কৰা যাব, প্ৰধানতঃ তাকে লৈ আমাৰ মনত প্ৰশ্ন উদয় হোৱা উচিতঃ প্ৰধানমন্ত্ৰী
টীকাকৰণৰ বিৰুদ্ধে মিথ্যাচাৰ অতিক্ৰমৰ অৰ্থে সামাজিক, শৈক্ষিক প্ৰতিষ্ঠান, চেলিব্ৰেটী আৰু ধৰ্মীয় অনুষ্ঠানসমূহৰ সহায়ৰ কথা তালিকাভুক্ত কৰকঃ প্ৰধানমন্ত্ৰী
‘সকলোৰে টীকাকৰণ-সকলোৰে বাবে বিনামূলীয়া’ অভিযানৰ অৰ্থে উত্তৰ-পূব হৈছে গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী
শেহতীয়াকৈ অনুমোদন জনোৱা ২৩০০০ কোটি টকাৰ পেকেজে মেডিকেল আন্তঃগাঁথনিৰ উন্নয়ন সাধনত সহায় আগবঢ়াবঃ প্ৰধানমন্ত্ৰী
মুখ্যমন্ত্ৰীসকলক পিএম-কেয়াৰ্ছ অক্সিজেন প্লান্টসমূহ সম্পূৰ্ণ কৰাৰ আহ্বান

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ক’ভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। এই বাৰ্তালাপত নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰীকেইজনে কভিড মহামাৰীটোৰে মোকাবিলাত সময়োচিত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্য়বাদ জ্ঞাপন কৰে। তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ তেখেতৰ বিশেষ তদাৰকতা আৰু চিন্তাক প্ৰশংসা কৰে। মুখ্যমন্ত্ৰীসকলৰ উপৰিও এই বাৰ্তালাপত অংশগ্ৰহণ কৰে গৃহ, প্ৰতিৰক্ষা, স্বাস্থ্য, ড’নাৰ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু আন-আন মন্ত্ৰীসকলে।

মুখ্যমন্ত্ৰীসকলে তেওঁলোকৰ ৰাজ্যত টীকাকৰণৰ অগ্ৰগতি আৰু প্ৰত্যন্ত অঞ্চলসমূহত ভেকচিন প্ৰদানৰ অৰ্থে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত চমুকৈ অৱগত কৰে। তেওঁলোকে তদুপৰি ভেকচিনক লৈ দ্বিধাৰ প্ৰসংগ আৰু ইয়াক অতিক্ৰম কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে ক’ভিড ঘটনাসমূহৰে ভালদৰে মোকাবিলা কৰিবলৈ মেডিকেল আন্তঃগাঁথনিৰ উন্নয়ন সাধন আৰু পিএম কেয়াৰ্ছ ফাণ্ডৰ জৰিয়তে সহায়তাৰ কথা উল্লেখ কৰে। তেওঁলোকে তেওঁলোকৰ ৰাজ্যসমূহত পজিটিভিটি হাৰ তথা একেদৰে ঘটনাসমূহৰ সংখ্যা হ্ৰাস কৰিবলৈ সময়োচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সামগ্ৰিক ঘটনাসমূহৰ দৈনিক সংখ্যা হ্ৰাস পোৱাৰ সন্দৰ্ভত বাৰ্তালাপ কৰি ইয়াৰ বাবে শিথিলতা অৱলম্বন আৰু সাৱধানতা এৰাই চলা উচিত নহয় বুলি সতৰ্ক কৰি দিয়ে। তেওঁ কয় যে দেশখনৰ কিছুমান অঞ্চলত অধিক পজিটিভিটি হাৰ প্ৰত্যক্ষ কৰা গৈছে। তেওঁ টেষ্টিং, ট্ৰেচিং, ট্ৰেকিং আৰু টীকাকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় স্বাস্থ্য সচিবে দেশখনৰ ক’ভিড ঘটনাসমূহৰ অৱলোকন কৰে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যৰ অধিক পজিটিভিটি হাৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ মেডিকেল অক্সিজেনৰ যোগান বৃদ্ধিৰ অৰ্থে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত চমুকৈ কয় আৰু তদুপৰি টীকাকৰণৰ অগ্ৰগতি সন্দৰ্ভত অৱলোকন কৰে।

এই কাৰ্য্যসূচীত বক্তব্য প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে মহামাৰীটোৰ বিৰুদ্ধে যুঁজখন আৰু ৰাজ্যকেইখনৰ জটিল অঞ্চলসমূহৰ সত্বেও টেষ্টিং, চিকিৎসা প্ৰদান আৰু টীকাকৰণৰ অৰ্থে আন্তঃগাঁথনি গঢ়ি তোলাত কৰা কঠোৰ শ্ৰমৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণ, স্বাস্থ্য কৰ্মী আৰু চৰকাৰক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কেতবোৰ জিলাত ঘটনাসমূহৰ বৰ্ধিত সংখ্যাক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু এই সংকেতসমূহক অনুধাৱন কৰা আৰু ক্ষুদ্ৰ স্তৰ (micro level) ত কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। এই পৰিস্থিতিৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত তেখেতে মাইক্ৰ’ কন্টেইনমেন্ট প্ৰট’কলৰ ব্যৱহাৰত পুনৰ গুৰুত্ব প্ৰদান কৰে। এই ক্ষেত্ৰত তেখেতে যোৱা ডেৰ বছৰত আহৰণ কৰা অভিজ্ঞতা আৰু উত্তম পন্থাৰ পূৰ্ণ প্ৰয়োগ কৰিবলৈ কয়।

ভাইৰাছটোৰ ক্ষীপ্ৰ পৰিৱৰ্তনশীল চৰিত্ৰৰ কথা উল্লেখ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে এই পৰিৱৰ্তনৰ কঠোৰ নিৰীক্ষণ আৰু সকলো প্ৰজাতিৰ কঠোৰ অনুসৰণৰ পৰামৰ্শ আগবঢ়ায়। তেখেতে বিশেষজ্ঞসকলে এই পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ সন্দৰ্ভত অধ্যয়ন কৰি আছে বুলি কয়। এনে প্ৰেক্ষাপটত, প্ৰতিৰোধ আৰু চিকিৎসা প্ৰদান গুৰুত্বপূৰ্ণ বুলি তেখেতে কৈ ক’ভিডৰ যথোচিত আচৰণত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে শাৰীৰিক দূৰত্ব, মাস্ক পৰিধান, ভেকচিনৰ উপযোগিতা স্পষ্ট বুলি কয়। একেদৰে, টেষ্টিং, ট্ৰেকিং আৰু ট্ৰিটমেন্টৰ কৌশলকো প্ৰামাণিক বুলি উল্লেখ কৰে।

পৰ্যটন আৰু বাণিজ্যত মহামাৰীৰ প্ৰভাৱৰ কথা স্বীকাৰ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে যথোপযুক্ত সতৰ্কতা অবিহনে পাৰ্বত্য অঞ্চলসমূহত জনসমাগমৰ বিৰুদ্ধে কঠোৰ সাৱধানতা অৱলম্বনৰ আহ্বান জনায়। জনসাধাৰণে তৃতীয়টো ঢৌৰ আগমণৰ পূৰ্বে কিছু আনন্দ উপভোগ কৰিব খুজিছে বুলি প্ৰচলিত যুক্তিটোক প্ৰত্যাখ্যান কৰি, তেখেতে কয় যে এটা কথা বুজি পোৱাটো প্ৰয়োজনীয় যে তৃতীয়টো ঢৌ নিজে-নিজে আহিব নোৱাৰে। তেখেতে কয় যে কিদৰে তৃতীয়টো ঢৌ প্ৰতিৰোধ কৰা যাব, প্ৰধানতঃ তাকে লৈ আমাৰ মনত প্ৰশ্ন উদয় হোৱা উচিত। বিশেষজ্ঞসকলে বাৰম্বাৰ অসাৱধনতা আৰু জনসমাগমৰ বিৰুদ্ধে সতৰ্ক কৰি আহিছে কিয়নো ই ঘটনাসমূহৰ ব্যাপক বৃদ্ধিৰ কাৰক হ’ব পাৰে। তেখেতে পৰিহাৰযোগ্য জনসমাগম প্ৰতিৰোধৰ দৃঢ় পোষকতা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰখনৰ সকলোৰে টীকাকৰণ-সকলোৰে বাবে বিনামূলীয়া অভিযানত উত্তৰ পূৰ্বাঞ্চলকো সমানেই গুৰুত্ব প্ৰদান কৰা হৈছে আৰু আমি টীকাকৰণ প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰাটো প্ৰয়োজনীয়। টীকাকৰণ সংক্ৰান্তীয় মিথ্যাৰে মোকাবিলা কৰি জনসাধাৰণৰ ভ্ৰান্তি দূৰ কৰিবলৈ, সামাজিক, শৈক্ষিক প্ৰতিষ্ঠান, চেলিব্ৰেটী আৰু ধৰ্মীয় অনুষ্ঠানসমূহৰ সহায়ৰ কথা তালিকাভুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে ভাইৰাছটোৰ সংক্ৰমণৰ সম্ভাৱনা দেখা পোৱা অঞ্চলসমূহত টীকাকৰণ অভিযানটো ক্ষীপ্ৰতৰ কৰিবলৈ আহ্বান জনায়।

টেষ্টিং আৰু ট্ৰিটমেন্টৰ অৰ্থে আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰিবলৈ শেহতীয়াভাৱে কেবিনেটে ২৩০০০ কোটি টকাৰ পেকেজত অনুমোদন জনোৱাৰ প্ৰসংগ টানি আনি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই পেকেজে উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য আন্তঃগাঁথনিৰ সুদৃঢ়কৰণত সহায় আগবঢ়াব। এই পেকেজে উত্তৰ পূৰ্বাঞ্চলৰ টেষ্টিং, ডায়েগনষ্টিক, জিনম চিকুয়েন্সিং ক্ষীপ্ৰ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বেডৰ সংখ্যা, অক্সিজেনৰ সুবিধা আৰু শিশু চিকিৎসাৰ আন্তঃগাঁথনি ক্ষীপ্ৰতাৰে বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে পিএম-কেয়াৰ্ছৰ জৰিয়তে দেশখনত কেইবাশ অক্সিজেন প্লান্ট স্থাপন কৰা হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলেও এনে প্ৰায় ১৫০ টা প্লান্ট লাভ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীসকলক এই প্লান্টসমূহৰ স্থাপনৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ভৌগলিক অৱস্থাৰ বাবে অস্থায়ী চিকিৎসালয় স্থাপনৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেখেতে তদুপৰি প্ৰশিক্ষণপ্ৰাপ্ত মানৱ সম্পদ সাজু কৰি তুলিবলৈ কয় কিয়নো অক্সিজেন প্লান্ট, আইচিইউ ৱাৰ্ড, নতুন যন্ত্ৰপাতি আদি খণ্ড পৰ্য্যায়ৰ দুখনকৈ চিকিৎসালয় গৈ পালেই এই মানৱ সম্পদৰ প্ৰয়োজনীয়তা আহি পৰিব। তেখেতে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰখনৰপৰা সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

দেশখনত প্ৰতি দিনে ২০ লাখ টেষ্টিং ক্ষমতাৰ কথা উল্লেখ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰভাৱিত জিলাসমূহত অগ্ৰাধিকাৰমূলকভাৱে টেষ্টিং আন্তঃগাঁথনি বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ কথা কয়। তেখেতে যাদৃচ্ছিক টেষ্টিঙৰ সমান্তৰালভাৱে আগ্ৰাসী টেষ্টিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমন্বিত প্ৰচেষ্টাৰে আমি নিশ্চিতভাৱে এই সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ম বুলি আশা ব্যক্ত কৰে।

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Engineering goods exports up 10.4% in January,2026, crosses $100 billion mark in April-January Period of FY26

Media Coverage

Engineering goods exports up 10.4% in January,2026, crosses $100 billion mark in April-January Period of FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to visit Gujarat on 28th February
February 27, 2026
PM to inaugurate Micron Technology’s Semiconductor Assembly, Test and Packaging (ATMP) facility in Sanand
Inauguration marks a historic milestone in India’s semiconductor manufacturing journey
Commercial production and shipment of first Made-in-India semiconductor memory modules to commence
Facility to feature one of the world’s largest raised-floor cleanrooms

Prime Minister Shri Narendra Modi will visit Gujarat on 28 February 2026. At around 3:45 PM, Prime Minister will inaugurate the Semiconductor Assembly, Test and Packaging (ATMP) facility of Micron Semiconductor Technology India Private Limited in Sanand. He will also address the gathering on the occasion.

The inauguration marks a significant milestone in India’s semiconductor manufacturing journey, with the commencement of commercial production and shipment of the first made-in-India semiconductor memory modules from the Sanand ATMP facility. This development represents a major step forward in strengthening India’s position in the global semiconductor value chain.

The project, which had its ground-breaking ceremony in September 2023, was the first proposal approved under the India Semiconductor Mission (ISM). With a total outlay of more than ₹22,500 crore, construction commenced soon after approval, reflecting the Government’s commitment to fast-tracking strategic semiconductor investments in the country.

The Sanand facility, once fully ramped up, will feature approximately 500,000 square feet of cleanroom space, making it one of the world’s largest raised-floor cleanrooms. The facility is designed to serve customers worldwide and address the growing global demand for memory and storage solutions, driven by rapid advancements in Artificial Intelligence and high-performance computing.

The Sanand ATMP facility will convert advanced Dynamic Random Access Memory (DRAM) and NAND semiconductor wafers from Micron’s global manufacturing network into finished memory and storage products, catering to customers across global markets.

The establishment and operationalisation of this facility underscores India’s emergence as a trusted and competitive destination for semiconductor manufacturing and aligns with Prime Minister’s vision of building a resilient and self-reliant technology ecosystem in the country.