জাৰ্মানীৰ চেন্সেলৰ মহামহিম শ্ৰীযুত অ’লাফ শ্চোলজৰ আমন্ত্ৰণমৰ্মে মই ২ মে’, ২০২২ তাৰিখে জাৰ্মানীৰ বাৰ্লিন ভ্ৰমণ কৰিম। ইয়াৰ পিছত মই ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী  শ্ৰীমতী মেট্টে ফ্ৰেডৰিকছেনৰ আমন্ত্ৰণমৰ্মে ৩ আৰু ৪ মে’, ২০২২ তাৰিখে ডেনমাৰ্কৰ কোপেনহেগেন ভ্ৰমণ কৰিম। ভ্ৰমণকালত দ্বিপাক্ষিক বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ লগতে দ্বিতীয় ভাৰত-নৰ্ডিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিম। ভাৰতলৈ উভতি অহাৰ পথত মই ফ্ৰান্সৰ পেৰিছলৈ যাম আৰু দেশখনৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ইমানুৱেল মেক্ৰ'ক সাক্ষাৎ কৰিম।

 

মোৰ বাৰ্লিন ভ্ৰমণকালত চেন্সেলৰ শ্চোলজৰ সৈতে দ্বিপাক্ষিক বিভিন্ন বিষয়ক লৈ বিতং আলোচনা কৰাৰ সুযোগ লাভ কৰিম। ইয়াৰ পূৰ্বে তেওঁ যেতিয়া জাৰ্মানীৰ ভাইচ চেন্সেলৰ আৰু বিত্তমন্ত্ৰী আছিল, তেতিয়া যোৱাবছৰ মই জি-২০ত তেওঁক লগ পাইছিলোঁ। আমি ষষ্ঠ ভাৰত-জাৰ্মানী ষষ্ঠ আন্তঃচৰকাৰী আলোচনাত যৌথভাৱে পৰামৰ্শ সভাপতিত্ব কৰিম। দ্বিবাৰ্ষিক এই আলোচনা ভাৰতে কেৱল জাৰ্মানীৰ সৈতেই কৰি থাকে। এই উপলক্ষে কেইবাজনো ভাৰতীয় মন্ত্ৰীয়ে জাৰ্মানী ভ্ৰমণ কৰিব আৰু তেওঁলোকৰ সংশ্লিষ্ট দপ্তৰসমূহৰ জাৰ্মান মন্ত্ৰীসকলৰ সৈতে আলাপ-আলোচনা কৰিব।

 

জাৰ্মানীৰ নতুন চৰকাৰ গঠনৰ ছয় মাহৰ ভিতৰত এই আন্তঃচৰকাৰী আলোচনা অনুষ্ঠিত হৈছে। মই ভাবো, ইয়াৰ জৰিয়তে আমাৰ মধ্যম আৰু দীৰ্ঘম্যাদী বিভিন্ন বিষয় সহজেই চিনাক্ত কৰাত সহায়ক হ'ব।

 

২০২১ চনত, ভাৰত আৰু জাৰ্মানীয়ে কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰ উদযাপন কৰিছে আৰু ২০০০ চনৰ পৰা দুয়োখন দেশ কৌশলগত অংশীদাৰ হৈ আছে। চেঞ্চেলৰ শ্চোলজৰ সৈতে মই কূটনৈতিক, আঞ্চলিক আৰু আন্তৰ্জাতিক বিভিন্ন বিষয়ক লৈ মত বিনিময় কৰিম। যিসমূহ বিষয়ক লৈ আমি উভয়েই চিন্তিত।

 

আমাৰ কৌশলগত অংশীদাৰিত্বৰ অন্যতম স্তম্ভ হৈছে-ভাৰত আৰু জাৰ্মানীৰ মাজত দীৰ্ঘদিনীয়া বাণিজ্যিক সম্পৰ্ক। চেঞ্চেলৰ শ্চোলজ আৰু মই যুটীয়াভাৱে এক বাণিজ্য সংক্ৰান্তীয় ঘূৰণীয়া মেজমেল সম্বোধন কৰিম। কোভিডৰ পিছৰ সময়ত অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে এই বৈঠকে আমাৰ উদ্যোগ ক্ষেত্ৰসমূহক শক্তিশালী কৰাত উৎসাহ যোগাব।

 

ইউৰোপৰ মূল ভূখণ্ডত এক নিযুতৰো অধিক ভাৰতীয় মূলৰ লোকে বাস কৰে। আৰু ইয়াৰ মাজৰ অনেকেই জাৰ্মানীত বাস কৰে। ইউৰোপৰ সৈতে আমাৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাৰতীয় প্ৰবাসী সকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সেয়েহে মই এই মহাদেশ ভ্ৰমণৰ সময়ত ইয়াত বাস কৰা আমাৰ ভাই-ভনীসকলক সাক্ষাৎ কৰিম।

 

বাৰ্লিনৰ পৰা মই কোপেনহেগেনলৈ যাম য'ত মই প্ৰধানমন্ত্ৰী ফ্ৰেডৰিকছেনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হম। এই বৈঠকত আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ অন্যান্য দিশসমূহ পৰ্যালোচনা কৰাৰ উপৰিও ডেনমাৰ্কৰ সৈতে যি পৰিৱেশ-বান্ধৱ কৌশলগত অংশীদাৰীত্ব আছে তাৰ অগ্ৰগতিৰ মূল্যায়ন কৰা হব। মই ভাৰত-ডেনমাৰ্ক ব্যৱসায়িক সংক্ৰান্তীয় ঘূৰণীয়া মেজমেল অংশগ্ৰহণ কৰাৰ লগতে ডেনমাৰ্কত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সৈতে বাৰ্তালাপ কৰিম।

 

ডেনমাৰ্কৰ সৈতে দ্বিপাক্ষিক বিষয়ৰ উপৰিও, মই ডেনমাৰ্ক, আইচলেণ্ড, ফিনলেণ্ড, ছুইডেন আৰু নৰৱেৰ প্ৰধানমন্ত্ৰীসকলৰ সৈতে ভাৰত-নৰ্ডিক দ্বিতীয় শীৰ্ষক সন্মিলনত অংশগ্ৰহণ কৰিম। সন্মিলনত মই ২০১৮ চনত অনুষ্ঠিত ভাৰত-নৰ্ডিক প্ৰথম শীৰ্ষ সন্মিলনৰ পৰা এই পৰ্যন্ত আমাৰ সহযোগিতাৰ বিভিন্ন বিষয়সমূহক লৈ আলোচনা কৰিম। এই সন্মিলনত কভিড মহামাৰীৰ পিছত অৰ্থনৈতিক পুনৰুদ্ধাৰ, জলবায়ু পৰিৱৰ্তন, উদ্ভাৱন আৰু প্ৰযুক্তি, নৱীকৰণযোগ্য শক্তি, সমগ্ৰ বিশ্বজুৰি নিৰাপত্তা পৰিস্থিতি আৰু সুমেৰু অঞ্চলত ভাৰত-নৰ্ডিক সহযোগিতাৰ দৰে বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব।

 

সন্মিলনৰ মাজতে মই আন চাৰিখন নৰ্ডিক ৰাষ্ট্ৰৰ নেতাসকলকো সাক্ষাৎ কৰিম আৰু তেওঁলোকৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিম।

স্থিতিশীল, নৱীকৰণযোগ্য শক্তি, ডিজিটাইজেচন আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নৰ্ডিক ৰাষ্ট্ৰবোৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অংশীদাৰ। এই ভ্ৰমণে নৰ্ডিক অঞ্চলৰ সৈতে আমাৰ বহুপাক্ষিক সহযোগিতা আৰু অধিক সম্প্ৰসাৰিত কৰাত সহায় কৰিব।

 

দেশলৈ উভতি অহাৰ সময়ত, মই মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰ’ক লগ কৰিবলৈ পেৰিছত ৰ'ম। ৰাষ্ট্ৰপতি মেক্ৰ’ অতি শেহতীয়াকৈ পুনৰ নিৰ্বাচিত হৈছে আৰু ফলাফলৰ মাত্ৰ দহ দিনৰ পিছতেই মোৰ ভ্ৰমণে তেওঁক ব্যক্তিগতভাৱে অভিনন্দন জনোৱাৰ সুযোগ দিয়াই নহয়, দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ সম্পৰ্ক আৰু অধিক মজবুত কৰিব। ইয়াৰ জৰিয়তে ভাৰত-ফ্ৰান্স কৌশলগত অংশীদাৰিত্বৰ পৰৱৰ্তী পৰ্যায় নিৰ্ধাৰিত হব।

 

ৰাষ্ট্ৰপতি মেক্ৰ’ আৰু মই বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়ত পৰ্যালোচনা কৰিম আৰু উভয় দেশৰ মাজত সহযোগিতাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিম। এয়া মোৰ দৃঢ় বিশ্বাস যে দুখন দেশে যিহেতু আন্তৰ্জাতিক ক্ষেত্ৰত অভিন্ন দৃষ্টিভংগী বজাই ৰাখি চলে সেয়ে আমি দুয়োখন দেশে ইখনে সিখনৰ সৈতে ঘনিষ্ঠ সহযোগিতা কৰিব লাগিব।

 

মই এনে এক সময়ত ইউৰোপ ভ্ৰমণ কৰিম যিসময়ত এই অঞ্চলটো বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ভ্ৰমণকালত মই আমাৰ ইউৰোপীয় অংশীদাৰসকলৰ সৈতে সহযোগিতাৰ মনোভাৱ আৰু অধিক শক্তিশালী কৰিব বিচাৰিম। কাৰণ শান্তি আৰু সমৃদ্ধি অৰ্জনত এই দেশসমূহ ভাৰতৰ গুৰুত্বপূৰ্ণ সহযোগী।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint

Media Coverage

Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength