Raj Kapoor had established the soft power of India at a time when the term itself was not coined: PM
There is a huge potential for Indian cinema in Central Asia, there is a need to work towards tapping the same, efforts must be made to reach to the new generations in Central Asia: PM

ৰণবীৰ কাপুৰঃযোৱা এসপ্তাহ ধৰি আমাৰ হোৱাটছএপ ফেমিলী গ্ৰুপটোৱে সক্ৰিয়ভাৱে আলোচনা কৰি আছো, আমি আপোনাক কেনেকৈ সম্বোধন কৰা উচিত হ’ব—প্ৰাইম মিনিষ্টাৰ জীনে প্ৰধানমন্ত্ৰী জী! ৰীমা বুৱাই মোক প্ৰতিদিনে ফোন কৰে, কি ক’ম আৰু কেনেকৈ ক’ম বুলি সুধি থাকে।

প্ৰধানমন্ত্ৰীঃ ভাতৃ,মইও আপোনাৰ পৰিয়ালৰে এটা অংশ। যি মন যায় কওক।

মহিলাঃ মাননীয় প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীমহোদয়!

প্ৰধানমন্ত্ৰীঃ ঠিক আছে।

মহিলাঃ ৰাজ কাপুৰৰ ১০০ বছৰীয়া জন্মদিন উপলক্ষেআপুনি আজি আমাক ইয়ালৈ কৃপা কৰি নিমন্ত্ৰণ জনাইছে, আপোনাৰ বহুমূলীয়া সময় অতিবাহিত কৰিছে।আমি আপোনাক অশেষ ধন্যবাদ জনাইছো। দেউতাৰ এখন চিনেমাৰ দুই-এটা শাৰী মনত পৰিছে-ম্যে না ৰহুংগী, তুম না ৰহোগে, লেকিন ৰাহেংগী নিশানীয়ান!

প্ৰধানমন্ত্ৰীঃ বাহ!

মহিলাঃ আপুনি আমাক যি সন্মান আৰু মৰম দেখুৱাইছে সেয়া অসীম। আজি সমগ্ৰ দেশে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীয়ে কাপুৰ পৰিয়াললৈ যি শ্ৰদ্ধা প্ৰদান কৰিছে, সেই শ্ৰদ্ধাৰ সাক্ষী হ’ব।

 

প্ৰধানমন্ত্ৰীঃ কাপুৰ চাহাবৰ অৱদান অপৰিসীম! আপোনালোক সকলোকে ইয়াত আদৰণি জনোৱাটো মোৰ সৌভাগ্য বুলি গণ্য কৰোঁ। ভাৰতীয় চিনেমাৰ যাত্ৰাত ৰাজ চাহাবৰ ১০০ বছৰীয়া জন্মদিন এক সোণালী মাইলৰ খুঁটি।১৯৪৭ চনৰ পৰা এই শতিকাজোৰা যাত্ৰাই দেশৰ প্ৰতি এক অসাধাৰণ অৱদানৰ ইংগিত দিয়ে। আজিৰ কূটনৈতিক মহলত কোমল শক্তি (ছফ্ট পাৱাৰ)ৰ বিষয়ে যথেষ্ট চৰ্চা চলিছে।যি যুগত ‘কোমল শক্তি’ শব্দটোৰ ৰচনাও হোৱা নাছিল, সেই যুগত ৰাজ কাপুৰ চাহাবে ইতিমধ্যে তেওঁৰ কৰ্মৰ যোগেদি বিশ্বৰ মঞ্চত ভাৰতৰ প্ৰভাৱ প্ৰতিষ্ঠা কৰিছিল। এয়া আছিল দেশৰ বাবে এক কীৰ্তিচিহ্নস্বৰূপ সেৱা।

মহিলা: ৰণবীৰৰ লগতো তেনেকুৱা কিবা এটা হৈছিল। তেওঁ এখন গাড়ীত বহি আছিল, তেতিয়া ৰাছিয়াৰ টেক্সি চালকজনে সুধিলে, আপুনি ভাৰতৰ নেকি? ভাৰত বুলি কোৱাৰ পিছত মানুহজনে গান এটা গাবলৈ ধৰিলে। তেতিয়া ৰণবীৰে কৈছিল-মই ৰাজ কাপুৰৰ নাতি।

ৰণবীৰ কাপুৰঃমই তেওঁক ক’লোঁ যে মই তেওঁৰ নাতি, আৰু তাৰ বাবেই মই সদায় বিনামূলীয়াকৈ টেক্সি যাত্ৰা লাভ কৰিছিলো।

প্ৰধানমন্ত্ৰীঃহয়তো কিবা এটা কৰিব পৰা গ’লহেঁতেন, বিশেষকৈ মধ্য এছিয়াত। তাত থকা মানুহৰ মন আৰু অন্তৰত গভীৰভাৱে অনুৰণন ঘটা এখন ছবি নিৰ্মাণ কৰিব লাগে।ইমান বছৰৰ পাছতো ৰাজ চাহাবে এতিয়াও তেওঁলোকৰ সৈতে এক শক্তিশালী আৱেগিক সম্পৰ্ক ৰাখিছে। সেইটোনিজৰ মাজতে একউল্লেখযোগ্য কথা।

মহিলাঃ আজিকালি সৰু ল’ৰা-ছোৱালীকো নানা ধৰণৰ গীত শিকোৱা হৈছে!

প্ৰধানমন্ত্ৰীঃসেইটোৱে তেওঁলোকৰ জীৱনত স্থায়ী প্ৰভাৱ দেখুৱাইছে। মোৰ বিশ্বাস মধ্য এছিয়াত অপৰিসীম সম্ভাৱনা আছে।আমি এই সংযোগক পুনৰুজ্জীৱিত কৰাৰ বাবে কাম কৰা উচিত, ইয়াক নতুন প্ৰজন্মৰ সৈতে সংযোগ কৰা আৰু বন্ধন শক্তিশালী কৰা উচিত। এনে সৃষ্টিশীল প্ৰচেষ্টা আৰম্ভ কৰা উচিত, আৰু সেইবোৰ নিশ্চয়কৈ সাধন কৰিব পৰা যায়।

 

মহিলাঃ তেওঁ ইমানেই মৰম লাভ কৰিছিল যে তেওঁৰ নাম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছিল। এক কথাত তেওঁক সাংস্কৃতিক ৰাষ্ট্ৰদূত বুলি ক’ব পাৰি।কিন্তু, আজি মই এইটো ক’ব লাগিব যে তেওঁ হয়তো এজন সৰু সাংস্কৃতিক ৰাষ্ট্ৰদূত আছিল যদিও আমাৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতক বিশ্বৰ মঞ্চলৈ উন্নীত কৰিছে, আৰু আমি গৌৰৱান্বিত। এই পৰিয়ালৰ প্ৰতিজন সদস্যই অতি গৌৰৱান্বিত।

প্ৰধানমন্ত্ৰীঃ সঁচাকৈয়ে দেশৰ বিশ্বব্যাপী স্থান যথেষ্ট বৃদ্ধি পাইছে।উদাহৰণস্বৰূপে যোগাসনে লওক। আজি পৃথিৱীৰ যিকোনো ঠাইলৈ নাযাওক কিয়, যোগাসনৰ প্ৰতি প্ৰচণ্ড আগ্ৰহদেখিবলৈ পোৱা যাব।

মহিলাঃ বেবো, লোলো আৰু আমাৰ সকলোৰে সৈতে মোৰ মা আৰু মই যোগাসনৰ প্ৰতি গভীৰ আগ্ৰহী।

প্ৰধানমন্ত্ৰীঃযেতিয়াই মই বিশ্বৰ নেতাসকলক লগ পাওঁ, সেয়া দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়তেই হওক বা নিশাৰ আহাৰ গ্ৰহণৰ সময়তেই হওক, মোৰ চৌপাশৰ কথা-বতৰাবোৰ প্ৰায়ে কেৱল যোগাসনৰ ওপৰত আবদ্ধ হৈ থাকে।

ব্যক্তিঃ এই ছবিখন মোৰ ককালৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি। আচলতে প্ৰযোজক হিচাপে মোৰ প্ৰথমখন ছবি, আৰু মই সদায় পৰিয়ালৰ সৈতে কিবা এটা সৃষ্টি কৰাৰ সপোন দেখিছিলোঁ। এই প্ৰকল্পটোৱে আমাৰ প্ৰিয় সকলো বস্তুকে সামৰি লৈছে।

মহিলাঃ কিবা এটা শ্বেয়াৰ কৰিব পাৰিমনে? এইবোৰ মোৰ নাতি, মোৰ সন্তান।তেওঁলোকে কেতিয়াও ককাকক লগ পোৱাৰ সুযোগ পোৱা নাছিল, তথাপিও তেওঁলোকে তেওঁক সন্মান জনাই এই ছবিখন নিৰ্মাণ কৰিছে।আৰমানে বিস্তৃত গৱেষণা কৰিছে আৰু এই কামটো আংশিকভাৱে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।

ব্যক্তিঃ আমি যিখিনি শিকিছো সেয়া ছবিৰ পৰাই আহিছে, আৰু ইয়াৰ বহুখিনি আমাৰ মায়ে আমাক শিকাইছে।

প্ৰধানমন্ত্ৰীঃযেতিয়া আপুনি গৱেষণা কৰে, এক প্ৰকাৰআপুনি সেই জগতখনত নিজকে বিলীন কৰি দিয়ে। আপুনি সেই পৃথিৱীখনক জীয়াই থাকে।আপুনি সঁচাকৈয়ে সৌভাগ্যৱান কাৰণ, আপোনাৰ নানাজীক কেতিয়াও লগ নাপালেও এই কামৰ জৰিয়তে তেওঁৰ জীৱনটো অনুভৱ কৰাৰ সুযোগ পাইছে।

ব্যক্তিঃ হয়, একেবাৰেই। এইটো মোৰ এটা ডাঙৰ সপোন আছিল, আৰু মই অবিশ্বাস্যভাৱে কৃতজ্ঞ যে মোৰ সমগ্ৰ পৰিয়ালটো এই প্ৰকল্পৰ অংশ।

প্ৰধানমন্ত্ৰীঃ তেওঁৰ ছবিৰ প্ৰভাৱৰ কথা মনত পৰিছে। জনসংঘৰ যুগত দিল্লীত নিৰ্বাচন হৈছিল, জনসংঘ পৰাজিত হৈছিল।পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত আদৱানীজী আৰু অটলজীয়ে কৈছিল, “আমি এতিয়া কি কৰিম?” মনৰ উদ্যম বঢ়াবলৈ তেওঁলোকে এখন ছবি চোৱাৰ সিদ্ধান্ত লৈছিল। সেয়া আছিল ৰাজ কাপুৰৰ এখন চিনেমা। নিশাটো পাৰ হৈ গ’ল আৰু পুৱালৈকে তেওঁলোক নতুন আশাৰে উজ্জীৱিত হৈছিল। হেৰুওৱাৰ পিছতো তেওঁলোকৰ বাবে যেন অপেক্ষা কৰি আছিল এক নতুন প্ৰভাতে।

 

মোৰো এটা কথা মনত আছে।এবাৰ চীনত আছিলো, আৰু তাত তোমাৰ দেউতাৰ এটা গীত বাজি আছিল। মই সহকৰ্মী এজনক গীতটো মোবাইল ফোনত ৰেকৰ্ড কৰিবলৈ ক’লোঁ, আৰু ঋষি চাহাবলৈ পঠিয়াই দিলোঁ। তেওঁযথেষ্ট আনন্দিত হৈছিল।

আলিয়াঃ মই ভাবো আপুনি শেহতীয়াকৈ আফ্ৰিকা ভ্ৰমণ কৰিছিল, আৰু মোৰ এটা গীত গাই থকা এজন সৈনিকৰ সৈতে থিয় হৈ থকা এটা ক্লিপ দেখিছিলো।সেই ক্লিপটো ভাইৰেল হৈ গ’ল, আৰু বহুতে মোলৈ পঠিয়াই দিলে। সকলোৱে দেখি ইমানেই আনন্দিত হৈছিল।মই সদায় অনুভৱ কৰি আহিছো যে সংগীতৰ পৃথিৱীখনক একত্ৰিত কৰাৰ এক অনন্য ক্ষমতা আছে। বিশেষকৈ ভাষাৰ বাধা অতিক্ৰম হিন্দী গীতে এক বিশেষ স্থান দখল কৰে।মানুহে হয়তো সদায় শব্দবোৰ বুজি নাপাবও পাৰে, কিন্তু যিয়েই নহওক কিয়, তেওঁলোকে গান গায়।ভ্ৰমণৰ সময়ত বিশেষকৈ ৰাজ কাপুৰৰ গীতৰ সৈতে এই কথাটো মই প্ৰায়ে লক্ষ্য কৰিছো।আজিও আমাৰ সংগীতৰ মাজত গভীৰভাৱে আৱেগিক আৰু সাৰ্বজনীন কিবা এটা আছে যিয়ে তৎক্ষণাত সংযোগৰ সৃষ্টি কৰে।মহোদয়, আপোনালৈ মোৰ এটা প্ৰশ্ন আছিল—আপুনি এতিয়াও গীত শুনিবলৈ সুযোগ পায়নে?

প্ৰধানমন্ত্ৰীঃহয়, মই সংগীত উপভোগ কৰি খুৱ ভাল পাও। যেতিয়াই সুযোগ পাওঁ, তেতিয়াই গীত শুনিবলৈ চেষ্টা কৰোঁ।

ছৈইফ আলী খানঃ আপুনি প্ৰথম প্ৰধানমন্ত্ৰী যিজনক মই লগ পোৱাৰ গৌৰৱ অৰ্জন কৰিছো, আৰু আপুনি আমাক ব্যক্তিগতভাৱে লগ পাইছে, এবাৰ নহয়, দুবাৰ।আপুনি এনে এক ইতিবাচক শক্তি নিৰ্গত কৰে, আৰু আপোনাৰ কামৰ প্ৰতি আপোনাৰ সমৰ্পণ সঁচাকৈয়ে প্ৰশংসনীয়।আপুনি কৰা সকলো কামৰ বাবে আপোনাক অভিনন্দন জনাইছো আৰু আপোনাৰ দুৱাৰ মুকলি কৰাৰ বাবে, আমাক সাক্ষাৎ কৰাৰ বাবে, আৰু ইমান কাষ চাপি অহাৰ বাবে ধন্যবাদ জনাইছো। আপোনাক অশেষ ধন্যবাদ।

প্ৰধানমন্ত্ৰীঃ আপোনাৰ দেউতাক লগ পোৱাৰ কথা মনত আছে, আৰু আশা কৰি আছিলো যে আজি আপোনাৰ পৰিয়ালৰ তিনিটা প্ৰজন্মক লগ পোৱাৰ সুযোগ পাম।কিন্তু তৃতীয় প্ৰজন্মক লগত লৈ নাহিল৷

কৰিশ্মা কাপুৰঃ আমি সঁচাকৈয়ে তেওঁলোকক আনিব বিচাৰিছিলো।

মহিলাঃ তেওঁলোক সকলোৱেই ডাঙৰ অভিনেতা, আমি বৃহত্তৰ ক্ষেত্ৰখনত নাই, মোৰ ল’ৰা-ছোৱালীয়ে নিজৰ স্তৰৰ সৰ্বোত্তম চেষ্টা কৰি আছে। আৰু আমাক প্ৰধানমন্ত্ৰীয়ে নিমন্ত্ৰণ জনাইছে। ধন্যবাদ পাপা!

ৰণবীৰ কাপুৰঃ আমি ১৩, ১৪, ১৫ ডিচেম্বৰত ৰাজ কাপুৰৰ কৰ্মৰাজিৰ পুৰ্বদৃষ্টিৰ আয়োজন কৰিছো।ভাৰত চৰকাৰ, এন এফ ডি চি, আৰু এন এফ এ আইয়ে আমাক অবিশ্বাস্যভাৱে সহায় কৰিছে। এই উপলক্ষে তেওঁৰ ১০খন ছবিভাৰতৰ ৪০খন চহৰৰ ১৬০টা ছবিগৃহত প্ৰদৰ্শিত হ’ব।আমি ১৩ তাৰিখে মুম্বাইত প্ৰিমিয়াৰ আয়োজন কৰিছো, আৰু আমি সমগ্ৰ চলচ্চিত্ৰ উদ্যোগক আমাৰ সৈতে যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'

Media Coverage

PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives in mishap in Tiruvallur district of Tamil Nadu
June 21, 2026

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to a mishap in Tiruvallur district of Tamil Nadu.

The Prime Minister conveyed his condolences to those who have lost their loved ones.

Shri Modi also prayed for the speedy recovery of the injured.

The Prime Minister’s Office posted on X;

“Deeply pained to hear about the loss of lives due to a mishap in Tiruvallur district of Tamil Nadu. My condolences to those who have lost their loved ones. Praying for the speedy recovery of the injured: PM @narendramodi”