If we work as one nation, there will not be any scarcity of resources: PM
Railways and Airforce being deployed to reduce travel time and oxygen tankers: PM
PM requests states to be strict with hoarding and black marketing of essential medicines and injections
Centre has provided more than 15 crore doses to the states free of cost: PM
Safety of hospitals should not be neglected: PM
Awareness must be increased to alleviate panic purchasing: PM

শেহতীয়াভাৱে সৰ্বাধিক সংখ্যক ঘটনা লাভ কৰা ১১ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ পৰিস্থিতি সম্পৰ্কীয় এখনি উচ্চ-স্তৰীয় বৈঠকত পৌৰহিত্য কৰিলে।

ভাইৰাছটোৱে কেইবাখনো ৰাজ্যক প্ৰভাৱিত কৰাৰ সমান্তৰালভাৱে একে সময়তে টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহক প্ৰভাৱিত কৰাৰ কথা উল্লেখ কৰি, প্ৰধানমন্ত্ৰী মোদীয়ে মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনত সমন্বিত শক্তিৰে একেলগে কাম কৰাৰ আহ্বান জনায়। তেখেতে কয়, মহামাৰীটোৰ প্ৰথমটো ঢৌৰ সময়ছোৱাত ভাৰতৰ সফলতাৰ সৰ্ববৃহৎ আধাৰ আছিল আমাৰ সমন্বিত প্ৰচেষ্টা আৰু একত্ৰিত কৌশল আৰু তেখেতে আমি একেই পন্থাৰে এই প্ৰত্যাহ্বানৰে মোকাবিলা কৰিম বুলি দোহাৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে সকলোবোৰ ৰাজ্য আৰু এই যুঁজখনত কেন্দ্ৰৰ সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। তেখেতে লগতে কয় যে স্বাস্থ্য মন্ত্ৰালয়েও ৰাজ্যসমূহৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি আছে আৰু নিবিড়ভাৱে পৰিস্থিতিটো নিৰীক্ষণ কৰিছে আৰু সময়ে-সময়ে এই ৰাজ্যসমূহলৈ যাৱতীয় পৰামৰ্শ আগবঢ়াইছে।

অক্সিজেন যোগান সন্দৰ্ভত, প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যসমূহে উত্থাপন কৰা পইন্টসমূহ টুকি ৰাখে। তেখেতে কয়, অক্সিজেন যোগান বৃদ্ধিৰ অৰ্থে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। চৰকাৰৰ সকলো সংশ্লিষ্ট বিভাগ আৰু মন্ত্ৰালয়েও একেলগে কাম কৰি আছে। তাৎক্ষণিক প্ৰয়োজনীয়তা দূৰ কৰিবলৈ ঔদ্যোগিক অক্সিজেনক ৰূপান্তৰিত কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে মেডিচিন আৰু অক্সিজেনৰ সম্পৰ্কীয় প্ৰয়োজনীয়তাসমূহ পৰিপূৰণৰ অৰ্থে সকলো ৰাজ্যক পাৰস্পৰিক সহযোগিতা আৰু একেলগে কাম কৰাৰ আহ্বান জনায়। ৰাজ্যসমূহক অক্সিজেন আৰু মেডিচিনৰ গোপন মজুত আৰু কলা বেহা নিৰীক্ষণ কৰিবলৈ তেখেতে অনুৰোধ জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যিকোনো ৰাজ্য অভিমুখী এখনো অক্সিজেন টেংকাৰো যাতে স্তব্ধ বা অসহায় অৱস্থাৰ সন্মুখীন হ’বলগীয়া নহয়, প্ৰতিখন ৰাজ্যই সেয়া নিশ্চিত কৰা উচিত। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহক কোনো এখন ৰাজ্যৰ চিকিৎসালয়সমূহলৈ অক্সিজেন পৰিবহণৰ অৰ্থে এখনকৈ উচ্চ-স্তৰীয় সমন্বয় কমিটি গঠনৰ আহ্বান জনায়। এই সমন্বয় কমিটিখনে কেন্দ্ৰৰপৰা অক্সিজেন আবন্টনৰ লগে-লগে, তাৎক্ষণিকভাৱে সংশ্লিষ্ট ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়সমূহৰ প্ৰয়োজনীয়তা অনুসৰি ইয়াৰ হস্তান্তৰ নিশ্চিত কৰাটো উচিত। প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলক অৱগত কৰে যে কালি তেখেতে অক্সিজেন যোগান সন্দৰ্ভত এখনি বৈঠকত পৌৰহিত্য কৰিছিল আৰু যাৰ জৰিয়তে আজি তেওঁ অক্সিজেন যোগান বৃদ্ধিৰ অৰ্থে সকলো বিকল্প সন্দৰ্ভত আলোচনা কৰিবলৈ বৈঠকখনিত ভাগ ল’বলৈ সক্ষম হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে অক্সিজেন টেংকাৰসমূহৰ যাতায়াতৰ সময় আৰু পৰিৱৰ্তন সময় হ্ৰাসৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰখনে সকলো সম্ভাৱ্য বিকল্প সন্দৰ্ভত কাম কৰি আছে। ইয়াৰ অৰ্থে, ৰেলৱেয়ে অক্সিজেন এক্সপ্ৰেছ আৰম্ভ কৰিছে। তদুপৰি একমুখী যাতায়াতৰ সময় হ্ৰাসৰ অৰ্থে বায়ু সেনাই খালী অক্সিজেন টেংকাৰসমূহ পৰিবহণ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সম্পদৰ উন্নয়ন সাধনকে ধৰি, আমি টেষ্টিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে ব্যাপকভাৱে টেষ্টিং সম্পাদন কৰা উচিত যাৰ জৰিয়তে জনসাধাৰণে সহজতে সুবিধাসমূহ লাভ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই পৰিস্থিতিত আমাৰ টিকাদান কাৰ্যক্ৰমৰ গতি মন্থৰ হৈ পৰাটো উচিত নহ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে বিশ্বখনৰ সৰ্ববৃহৎ টিকাদান কাৰ্যক্ৰম অব্যাহত ৰাখিছে আৰু অদ্যপি, ভাৰত চৰকাৰৰদ্বাৰা ৰাজ্যসমূহলৈ বিনামূল্যে ১৫ কোটিৰো অধিক পালি ভেকচিন আগবঢ়োৱা হৈছে। ৪৫ বছৰ বয়সৰ উৰ্ধ সকলো নাগৰিক তথা সমান্তৰালভাৱে হেল্থ-কেয়াৰ কৰ্মী ও ফ্ৰন্ট-লাইন কৰ্মীসকলক বিনামূলীয়া ভেকচিন প্ৰদানৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰখনে আৰম্ভ কৰা অভিযানো একেদৰে অব্যাহত থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, ১ মে’ৰপৰা ভেকচিনটো ১৮ বছৰ বয়সৰ উৰ্ধ সকলো নাগৰিকৰ বাবে উপলব্ধ হ’ব। গৰিষ্ঠসংখ্যক লোকেই ভেকচিন লাভ কৰাৰ অৰ্থে আমি তদুপৰি মিছন ম’ডত কাম কৰা প্ৰয়োজন।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ৰোগীসকলৰ চিকিৎসাৰ অৰ্থে সকলোবোৰ ব্যৱস্থাৰ ওপৰিও, চিকিৎসালয়ৰ সুৰক্ষা অতিশয় গুৰুত্বপূৰ্ণ। শেহতীয়াভাৱে চিকিৎসালয়ত সংঘটিত অক্সিজেন লিকেজ আৰু অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, চিকিৎসালয়ৰ প্ৰশাসনিক ষ্টাফে সুৰক্ষা প্ৰট’কলসমূহৰ সন্দৰ্ভত অধিক সতৰ্ক হোৱাটো আৱশ্যকীয়।

প্ৰধানমন্ত্ৰী মোদীয়ে তদুপৰি প্ৰশাসনক জনসাধাৰণক সজাগ কৰি যাবলৈ আহ্বান জনাই যাৰ জৰিয়তে তেওঁলোক ত্ৰাস ক্ৰয়ক প্ৰশ্ৰয় নিদিব। তেখেতে কয় যে সমন্বিত প্ৰচেষ্টাৰে, আমি সমগ্ৰ দেশখনতে মহামাৰীটোৰ এই দ্বিতীয় ঢৌ ৰুদ্ধ কৰিবলৈ সক্ষম হ’ম।

পূৰ্বে, ডাঃ ভিকে পালে প্ৰেজেনটেশ্যন আগবঢ়াই, য’ত সংক্ৰমণৰ নতুন বৃদ্ধি প্ৰতিৰোধ কৰিবলৈ সম্পূৰ্ণ হৈ উঠা প্ৰস্তুতি সন্দৰ্ভত অৱলোকন কৰা হয়। ডাঃ পালে তদুপৰি মেডিকেল ব্যৱস্থা আৰু ৰোগীৰ লক্ষ্য নিৰ্ধাৰিত চিকিৎসা বৃদ্ধিৰ অৰ্থে দিক নিৰ্দেশনা দাঙি ধৰে। তেওঁ সকলোকে মেডিকেল আন্তঃগাঁথনি, টীম আৰু যোগান; ক্লিনিকেল মেনেজমেন্ট; কন্টেইনমেন্ট; টিকাদান ও সমাজৰ অংশগ্ৰহণ বৃদ্ধি সন্দৰ্ভত চমুকৈ ব্যক্ত কৰে।

এই মত-বিনিময়ত, মুখ্যমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীগৰাকীক সাম্প্ৰতিক ঢৌত সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত চমুকৈ কয়। তেওঁলোকে লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা নিৰ্দেশনা আৰু নিটি আয়োগে প্ৰদান কৰা পথ নিৰ্দেশনাই উত্তম পন্থাৰে তেওঁলোকৰ সঁহাৰি পৰিকল্পনাত সহায় কৰিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Explains How India Overcame the West Asia Energy Crisis, Slams Opposition for Fear-Mongering

Media Coverage

PM Modi Explains How India Overcame the West Asia Energy Crisis, Slams Opposition for Fear-Mongering
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets President of the United States on the 250th anniversary of the United States' independence
July 04, 2026

The Prime Minister, Shri Narendra Modi, extended greetings to the President of the United States, Mr. Donald J. Trump, and the people of the United States on the historic occasion of the 250th anniversary of the country's independence. Shri Modi underscored the enduring strength of the India–United States partnership. He noted that the relationship between the two democracies extends beyond a strategic partnership and is anchored in shared values of democracy, the rule of law and faith in the limitless potential of their people.

The Prime Minister posted on X:

On behalf of 1.4 billion Indians, I extend my warmest congratulations to President Trump and the people of the United States on the historic 250th anniversary of your Independence.

India and the United States share more than a strategic partnership. Our shared belief in democracy, rule of law and the limitless potential of our people make our friendship a force for global good.

May the next 250 years bring even greater prosperity, peace and progress for America and take the India-US partnership to new heights.

@POTUS
@realDonaldTrump