“যেতিয়া আনৰ আকাঙ্ক্ষা আপোনাৰ প্রত্যাশা হৈ পৰে আৰু যেতিয়া আনৰ স্বপ্ন পূৰণ আপোনাৰ সাফল্যৰ মাপকাঠি হৈ উঠে তেতিয়া কর্তব্য পালনে ইতিহাস গঢ়ি তোলে”
“আজি উন্নয়নত আগ্রহী জিলাসমূহে দেশৰ অগ্রগতিৰ পথত বাধা দূৰ কৰিছে; এই জিলাসমূহ অন্তৰায় হোৱাৰ পৰিৱর্তে উন্নয়নত গতি সঞ্চাৰ কৰিছে”
“আজি আজাদী কা অমৃত কালৰ সময়ত দেশৰ লক্ষ্যই হ'ল বিভিন্ন পৰিসেৱা আৰু সুযোগ-সুবিধাৰ ক্ষেত্রত ১০০ শতাংশ সাফল্য অর্জন কৰা”
“দেশে আজি ডিজিটেল ইণ্ডিয়াৰ মাধ্যমত এক নীৰব বিপ্লৱ প্রত্যক্ষ কৰিছে; সেয়ে কোনো জিলাই যেন এই বিপ্লৱৰ পৰা বাদ নপৰে”

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত বিভিন্ন জিলাত গুৰুত্বপূর্ণ চৰকাৰী কর্মসূচীৰ ৰূপায়ণ সন্দৰ্ভত জিলা শাসকসকলৰ সৈতে মতবিনিময় কৰে।

জিলা শাসকসকলে নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি জনায় যে তেওঁলোকৰ প্রয়াসৰ ফলত একাধিক ক্ষেত্রত এই জিলাসমূহে উন্নয়নৰ সূচকত অগ্রগতি কৰিছে। প্রধানমন্ত্রীয়ে জিলা শাসকসকলৰ ফালৰ পৰা সাফল্যৰ অন্তৰালত নিহিত বিভিন্ন পদক্ষেপ সম্পর্কে পোনপটীয়াকৈ মতামত জানিব বিচাৰে। জিলা শাসকসকলে বিভিন্ন কর্মসূচীৰ ৰূপায়ণত যি ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে, সেই সম্পর্কেও প্রধানমন্ত্রীয়ে খবৰ লয়। প্রধানমন্ত্রীয়ে এইটোও জানিব বিচাৰে যে, ইতিপূৰ্বে যিবোৰ প্রকল্পৰ কামত তেওঁলোকে তত্ত্বাবধান কৰিছে, তাৰ পৰা এতিয়া উন্নয়নত আগ্রহী জিলাত ৰূপায়িত কর্মসূচীবিলাকৰ পার্থক্য কিমান। জিলা শাসকসকলে কয়, জন-ভাগীদাৰী বা সকলোৰে অংশগ্রহণ বিভিন্ন প্রকল্পৰ সাফল্যত গুৰুত্বপূর্ণ হাথিয়াৰ হৈ উঠিছে। জিলা শাসকসকলে জনায়, কেনেকৈ তেওঁলোকে সাধাৰণ মানুহক বিভিন্ন প্রকল্প ৰূপায়ণত সক্রিয় অংশগ্রহণৰ বাবে উদ্বুদ্ধ কৰিছে আৰু কেনেকৈ তেওঁলোকে সাধাৰণ মানুহৰ মনত এই ধাৰণা গঢ়ি তুলিছে যে তেওঁলোকে কেৱল কামেই কৰা নাই, বৰং দেশৰ সেৱা কৰিছে। এই সকলো বিষয়ত নিজৰ অভিজ্ঞতা ভাগ কৰি লোৱাৰ সমান্তৰালকৈ জিলা শাসকসকলে আন্তঃদপ্তৰ সমন্বয় বঢ়োৱাৰ আৰু তথ্য-নির্ভৰ প্রশাসন ব্যৱস্থাৰ সুবিধা সম্পর্কেও মতামত দাঙি ধৰে।

নীতি আয়োগৰ মুখ্য কার্যনির্বাহী বিষয়াই উন্নয়নত আগ্রহী জিলাত ৰূপায়িত বিভিন্ন কর্মসূচীৰ অগ্রগতি সম্পর্কে বিস্তাৰিত বিবৰণী দাখিল কৰে। তেওঁ কয়, কেনেকৈ এই কর্মসূচীবিলাকে প্রতিযোগিতামূলক মনোভাব গঢ়ি তুলিছে আৰু সহযোগিতামূলক যুক্তৰাষ্ট্রীয় কাঠামোক ‘টিম ইণ্ডিয়া’ মানসিকতাৰ মাধ্যমত উৎসাহিত কৰিছে। এই জিলাসমূহত কর্মসূচী ৰূপায়ণত যি প্রয়াস গ্রহণ কৰা হৈছে তাৰ ফলত প্রতিটো সূচকৰ মাপকাঠিতেই অগ্রগতি হৈছে আৰু ইয়াৰ স্বীকৃতি আন্তর্জাতিক বিশেষজ্ঞসকলৰ পৰাও পোৱা গৈছে। এই সম্পর্কে নীতি আয়োগৰ মুখ্য কার্যনির্বাহী বিষয়াই লগতে জনায়, বিহাৰৰ বাঁকাত ‘স্মার্ট ক্লাছৰুম উদ্যোগ’; বাল্য বিবাহ ৰোধ কৰিবলৈ ওড়িশাৰ কোৰাপুট জিলাত ‘অপৰাজিতা মিছন’ৰ দৰে উদ্যোগসমূহ অন্যান্য জিলায়ো অনুসৰণ কৰিছে। তেওঁ উন্নয়নত আগ্রহী জিলাসমূহৰ সাফল্যৰ বিশ্লেষণৰ সমান্তৰালকৈ এই জিলাসমূহৰ বিষয়াসকলৰ মেয়াদকালত বিভিন্ন প্রকল্পৰ অগ্রগতিৰো খতিয়ান দাঙি ধৰে।

গ্রামোন্নয়ন সচিবে ১৪২খন জিলাৰ মানোন্নয়নত যি উদ্যোগ গ্রহণ কৰা হৈছে সেই সম্পর্কে জনায়। উন্নয়নত আগ্রহী জিলাত বিভিন্ন কর্মসূচীৰ ৰূপায়ণত অগ্রাধিকাৰ দিয়া হৈছে। কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহে নির্দিষ্ট কিছু এলেকাত অনুন্নয়নৰ সমস্যা দূৰ কৰিবলৈ একেলগে কাম কৰিব। এই প্রেক্ষিতত ১৫টা মন্ত্রালয় আৰু দপ্তৰৰ সৈতে যুক্ত ১৫টা ক্ষেত্রক ইতিমধ্যেই চিহ্নিত কৰা হৈছে। লগতে, এই ক্ষেত্রসমূহৰ উন্নয়নৰ মাপকাঠি স্থিৰ হৈছে। এতিয়া চৰকাৰৰ উদ্দেশ্যই হ'ল, সুনির্দিষ্ট এই জিলাসমূহত উন্নয়নৰ মাপকাঠিৰ নিৰিখত অহা এবছৰৰ ভিতৰত ৰাজ্যস্তৰত অগ্রগতিৰ গড় হাৰ স্পৰ্শ কৰা, যাতে পৰবর্তী দুই বছৰত এই জিলাসমূহে উন্নয়নৰ মাপকাঠিত জাতীয় গড়ৰ সমতুল হৈ উঠিব পাৰে। প্রতিটো মন্ত্রালয় আৰু দপ্তৰে নিজ নিজ উন্নয়নৰ মাপকাঠি স্থিৰ কৰিছে আৰু ইয়াৰ ভিত্তিত জিলাসমূহো চিহ্নিত কৰা হৈছে। এই ধৰণৰ প্রয়াস গ্রহণৰ উদ্দেশ্যই হ'ল, মিছন মোড ভিত্তিত এই জিলাসমূহত বিভিন্ন দপ্তৰৰ মাধ্যমত গুৰুত্বপূর্ণ কর্মসূচীবিলাকৰ ৰূপায়ণত ধার্য লক্ষ্য পূৰণ কৰা। বিভিন্ন মন্ত্রালয় আৰু দপ্তৰৰ সচিবসকলেও উন্নয়নৰ মাপকাঠিৰ নিৰিখত ধার্য লক্ষ্য পূৰণত কেনে ধৰণৰ কর্মপৰিকল্পনা গ্রহণ কৰা হৈছে সেই সম্পর্কে খতিয়ান দাঙি ধৰে।

বিষয়াসকলৰ উদ্দেশ্যে প্রধানমন্ত্রীয়ে কয়, আনৰ আকাঙ্ক্ষা যেতিয়া নিজৰ প্রত্যাশা হৈ উঠে আৰু আনৰ স্বপ্ন পূৰণ যেতিয়া নিজৰ সাফল্যৰ মাপকাঠি হৈ উঠে, তেতিয়া কর্তব্যৰ মাধ্যমত ইতিহাস ৰচিত হয়। আজি আমি এই ইতিহাসেই উন্নয়নত আগ্রহী জিলাসমূহত বাস্তবায়িত হোৱা দেখিবলৈ পাইছো।

 প্রধানমন্ত্রীয়ে কয়, অতীতত একাধিক কাৰণত উন্নয়নত আগ্রহী জিলাসমূহ পিছপৰি আছিল। এই জিলাসমূহৰ সার্বিক উন্নয়নত বিশেষ গুৰুত্ব দিয়াৰ প্রয়োজন আছিল। কিন্তু সেয়া নহ'ল। সেয়ে, আজি পৰিস্থিতিৰ পৰিবর্তন ঘটিছে। উন্নয়নত আগ্রহী জিলাসমূহে আজি দেশৰ অগ্রগতিত যাবতীয় বাধা-বিপত্তি দূৰ কৰিছে। এই জিলাসমূহে অগ্রগতিৰ পথত অন্তৰায় হোৱাৰ পৰিৱর্তে গতি সঞ্চাৰৰ ভূমিকা পালন কৰিছে। উন্নয়নত আগ্রহী জিলাত বিভিন্ন কর্মসূচী ৰূপায়ণৰ বাবে যিবোৰ পদক্ষেপ গ্রহণ কৰা হৈছে, প্রধানমন্ত্রীয়ে সেই কথাও উল্লেখ কৰে। তেওঁ কয়, এই প্রয়াস গ্রহণৰ ফলত যুক্তৰাষ্ট্রীয় মানসিকতা আৰু সাংবিধানিক পন্থাপদ্ধতি অনুসৰণ আৰু সুদৃঢ় হৈছে। এই মানসিকতা লৈয়েই কেন্দ্র-ৰাজ্য আৰু স্থানীয় প্রশাসনবিলাকে জোটবদ্ধ হৈ কাম কৰি গৈছে।

 প্রধানমন্ত্রীয়ে জোৰ দি কয়, উন্নয়নত আগ্রহী জিলাৰ অগ্রগতিত স্থানীয় প্রশাসন আৰু সাধাৰণ মানুহৰ মাজত আবেগপূর্ণ সম্পর্ক গঢ়ি তোলা আৱশ্যক। তেওঁ উন্নয়নত আগ্রহী জিলাত কর্মসূচীৰ ৰূপায়ণত প্রযুক্তি আৰু উদ্ভাৱনৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে। যিবোৰ জিলা অপুষ্টি, পানীয় জল সৰবৰাহ আৰু টীকাকৰণৰ ক্ষেত্রত প্রযুক্তি আৰু উদ্ভাৱনক কামত লগাই অভাবনীয় সাফল্য পাইছে, প্রধানমন্ত্রীয়ে সেই সকলো জিলাৰ কথাও উল্লেখ কৰে।

 প্রধানমন্ত্রীয়ে উন্নয়নত আগ্রহী জিলাত সকলো কর্মসূচীৰ ৰূপায়ণত সামঞ্জস্য বজাই ৰখা দেশৰ সার্বিক অগ্রগতিৰ ক্ষেত্রত অপৰিহার্য বিষয় বুলি উল্লেখ কৰে। তেওঁ কয়, যাৱতীয় সম্পদ আৰু প্রশাসনিক ব্যৱস্থা এক আৰু অভিন্ন। বিষয়াসকলো ব্যক্তিগতভাৱে পৃথক হ'লেও তেওঁলোকৰ প্রচেষ্টাৰ ওপৰত সাফল্য নির্ভৰ কৰে। সেয়ে, সমগ্র জিলাক এটা ইউনিট হিচাপে গণ্য কৰি বিষয়াসকলে এই কথা সুনিশ্চিত কৰিব লাগিব যে, সাধাৰণ মানুহৰ জীৱনলৈ যাতে ইতিবাচক পৰিৱর্তন আনিব পৰা যায়। পক্ষান্তৰত, এই সাফল্য অর্জিত হ'লে বিষয়াসকলেও সন্তুষ্টি উপলব্ধি কৰিব।

 প্রধানমন্ত্রীয়ে জনায়, যোৱা চাৰি বছৰত উন্নয়নত আগ্রহী প্রতিখন জিলাত জন ধন একাউণ্টৰ পৰিধি চাৰিৰ পৰা পাঁচগুণ বাঢ়িছে। গাঁৱৰ প্রতিটো পৰিয়ালৰ ওচৰতে শৌচালয় আৰু বিদ্যুতৰ সুবিধা হৈছে। ইয়াৰ ফলত, সাধাৰণ মানুহৰ জীৱনত এক নতুন প্রাণসঞ্চাৰ হৈছে। প্রধানমন্ত্রীয়ে কয়, উন্নয়নত আগ্রহী জিলাৰ মানুহৰ জীৱনযাপন তুলনামূলক কঠিন হোৱাৰ বাবে তেওঁলোক অনেক বেছি কঠোৰ পৰিশ্রমী, সাহসী আৰু আশংকা গ্রহণত অধিক বিশ্বাসী। সেয়ে, এওঁলোকৰ এই আত্মবিশ্বাসক স্বীকৃতি দিবই লাগিব।

প্রধানমন্ত্রীয়ে কয়, উন্নয়নত আগ্রহী জিলাসমূহ কর্মসূচীৰ ৰূপায়ণত গতি মন্থৰতা, সম্পদৰ সর্বাধিক সদ্ব্যৱহাৰৰ দৰে বিষয়সমূহত উদাসীনতা দেখুউৱাৰ মানসিকতা দূৰ কৰিব পাৰিছে। তেওঁ উন্নয়নত আগ্রহী জিলাত সংস্কাৰৰ সুফল সম্পর্কে কয়, সাধাৰণ মানুহৰ সক্রিয় মনোভাবৰ ফলতেই ১+১ প্রকৃত অর্থত ২ নহৈ, ১+১ তেওঁলোকৰ নিষ্ঠা আৰু আন্তৰিকতাত সঁচাই ১১ হৈ উঠিছে, আৰু আজি আমি উন্নয়নত আগ্রহী জিলাসমূহত সাধাৰণ মানুহৰ এই সমবেত শক্তি দেখিবলৈ পাইছো। উন্নয়নত আগ্রহী জিলাত প্রশাসনিক প্রয়াস সম্পর্কে প্রধানমন্ত্রীয়ে কয়, এতিয়া মানুহৰ সৈতে তেওঁলোকৰ সমস্যা বিচাৰি উলিওৱাৰ বাবে আলোচনা কৰা হৈছে। এই জিলাসমূহত কামৰ অভিজ্ঞতাৰ ভিত্তিত বর্তমান কর্মপন্থাত পৰিবর্তন অনা হৈছে। কর্মসূচীৰ অগ্রগতিত তাৎক্ষণিক নজৰদাৰী কৰা হৈছে। আনকি, শ্ৰেষ্ঠ পন্থাপদ্ধতিবিলাক অনুসৰণ কৰাৰ বাবে জিলাসমূহৰ মাজত সুষ্ঠ প্রতিযোগিতাৰ মানসিকতা গঢ়ি তোলা হৈছে। এই সকলো জিলাত বিষয়াসকলৰ কার্যকালৰ মিয়াদত সংস্কাৰৰ ফলত সক্রিয় দল গঠন কৰা সহজ হৈছে। ইয়াৰ ফলত, সীমিত সম্পদ সত্ত্বেও কর্মসূচীবিলাকৰ ৰূপায়ণত ভাল পৰিণাম পোৱা গৈছে। প্রধানমন্ত্রীয়ে বিষয়াসকলক প্রকল্প ৰূপায়ণ স্থল ঘুৰি চোৱাৰ সমান্তৰালকৈ কামকাজৰ অগ্রগতিত নজৰদাৰী আৰু প্রয়োজনত তাত নৈশযাপন কৰাৰ পৰামর্শ দিয়ে।

নতুন ভাৰতৰ পৰিৱর্তিত মানসিকতা সম্পর্কে প্রধানমন্ত্রীয়ে বিষয়াসকলৰ দৃষ্টি আকর্ষণ কৰে। তেওঁ কয়, আজাদী কা অমৃত কালৰ এই সময়ত দেশৰ লক্ষ্যই হ'ল বিভিন্ন পৰিসেৱা আৰু সুযোগ-সুবিধা উপলব্ধ কৰাই ১০০ শতাংশ সাফল্য অর্জন কৰা, আৰু ইয়াৰ বাবে আমি এতিয়ালৈকে যি সাফল্যৰ মাইলফলক অর্জন কৰিছো, তাৰ পৰাও অনেক পথ আগুৱাব লাগিব। এই লক্ষ্যত আমি অধিক সক্রিয় হ'ব লাগিব। উন্নয়নত আগ্রহী জিলাসমূহত সকলো গাঁৱত নির্দিষ্ট সময়ৰ ভিতৰত পথৰ সুবিধা উপলব্ধ কৰোৱাৰ ওপৰত জোৰ দি প্রধানমন্ত্রীয়ে আয়ুষ্মান কার্ড, বেঙ্ক একাউন্ট, উজ্জ্বলা গেছ সংযোগ, বীমা, পেন্সন, আবাসনৰ দৰে সুবিধা উপলব্ধ কৰোৱাৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ প্রতিখন জিলাক ১০টা বিষয় নির্দিষ্ট কৰাৰ পৰামর্শ দি কয়, অহা তিনি মাহৰ ভিতৰত লক্ষ্য পূৰণ কৰি সাধাৰণ মানুহৰ জীৱনযাপনৰ মানোন্নয়ন ঘটাব লাগিব। একেদৰে তেওঁ আজাদী কা অমৃত মহোৎসৱৰ এই সময়ত ঐতিহাসিক সাফল্য অর্জনৰ বাবে পাঁচটা বিষয় চিহ্নিত কৰাৰ পৰামর্শ দিয়ে।

 প্রধানমন্ত্রীয়ে কয়, সমগ্র দেশে ডিজিটেল ইণ্ডিয়াৰ মাধ্যমত এক নীৰব বিপ্লৱ প্রত্যক্ষ কৰিছে। কোনো জিলাই যাতে বিপ্লৱৰ পৰা বাদ নপৰে সেয়া লক্ষ্য ৰাখিব লাগিব। ডিজিটেল পৰিকাঠামোৰ গুৰুত্বৰ ওপৰত জোৰ দি প্রধানমন্ত্রীয়ে প্রতিখন গাঁৱত ডিজিটেল ব্যৱস্থা উপলব্ধ কৰোৱাৰ সমান্তৰালকৈ, বিভিন্ন পৰিসেৱা আৰু সুযোগ-সুবিধা ঘৰৰ অধিক ওচৰলৈ লৈ যোৱাৰ পৰামর্শ দিয়ে। তেওঁ নীতি আয়োগক জিলা শাসকসকলৰ সৈতে নিয়মিত মতবিনিময়ৰ বাবে এটা প্রাতিষ্ঠানিক ব্যৱস্থা গঢ়ি তোলাৰ পৰামর্শ দিয়ে। মন্ত্রালয়বিলাকক উন্নয়নত আগ্রহী জিলাৰ বিভিন্ন প্ৰত্যাহ্বান লিপিবদ্ধ কৰি ৰখাৰ নির্দেশ দিয়ে প্রধানমন্ত্রীয়ে।

প্রধানমন্ত্রীয়ে জনায়, বিভিন্ন মন্ত্ৰালয় আৰু দপ্তৰে ১৪২খন জিলাৰ তালিকা প্ৰস্তুত কৰিছে। এই জিলাসমূহ উন্নয়নৰ নিৰিখত বৰ বেছি পিছুৱাই থকা নাই তথাপিও, কেইবাটাও মাপকাঠিত ইবিলাকৰ অবস্থান এতিয়াও তলৰ ফালে। এই প্রেক্ষিতত প্রধানমন্ত্রীয়ে উন্নয়নত আগ্রহী জিলাত যি মানসিকতা লৈ কর্মসূচী ৰূপায়িত হৈছে সেয়া এই জিলাসমূহৰ ক্ষেত্রত প্রয়োগ কৰাৰ পৰামর্শ দিয়ে। শ্রী মোদীয়ে এই সকলো জিলাৰ মানোন্নয়নক কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ, জিলা প্রশাসন আৰু প্রশাসনিক ব্যৱস্থাৰ বাবে নতুন প্ৰত্যাহ্বান হিচাপে উল্লেখ কৰে। প্রধানমন্ত্রীয়ে কয়, নতুন এই প্ৰত্যাহ্বানৰ আমি একেলগে মোকাবিলা কৰিব লাগিব।

প্রধানমন্ত্রীয়ে চিভিল ছার্ভিচৰ বিষয়াসকলক কৰ্মজীৱনত নিযুক্তিৰ প্রথম দিনৰ কথা আৰু দেশৰ সেৱাত তেওঁলোকৰ আবেগ তথা জেদৰ কথা স্মৰণ কৰাই দি অনুৰূপ মানসিকতা লৈ আগুৱাই যোৱাৰ পৰামর্শ দিয়ে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India ranks 13th globally in QS World Future Skills Index 2027, emerges as a leading AI-ready economy

Media Coverage

India ranks 13th globally in QS World Future Skills Index 2027, emerges as a leading AI-ready economy
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Shri Narendra Modi receives a telephone call from the Amir of Qatar
June 23, 2026
Qatar Amir expresses condolences over the loss of lives of Indian nationals in an accident in Qatar.
PM thanks him and conveys appreciation for prompt medical help to the injured.
The two leaders reaffirm their commitment to ensure the wellbeing and safety of their citizens.
PM conveys appreciation for Qatar’s positive contribution in the peace efforts in West Asia.
The two leaders reaffirm their commitment to expand bilateral cooperation.

Prime Minister Shri Narendra Modi received a telephone call today from the Amir of the State of Qatar, H.H. Sheikh Tamim Bin Hamad Al-Thani.

Qatar Amir expressed condolences over the loss of lives of Indian nationals in an accident at Ras Laffan Industrial City in Qatar on June 21 and conveyed wishes for speedy recovery of those injured.

PM thanked him for his words of sympathy towards affected families and conveyed appreciation for providing prompt medical help to the injured.

The two leaders reaffirmed their commitment to ensure the wellbeing and safety of their citizens and reiterated their support and solidarity with each other.

While discussing the situation in West Asia, PM conveyed appreciation for Qatar’s positive contribution in the peace efforts and expressed hope that they would lead to lasting peace and stability in the region.

The two leaders also reaffirmed their commitment to expand bilateral cooperation in all areas.

They agreed to remain in close touch.