‘কঠোৰ পৰিশ্ৰম হৈছে আমাৰ একমাত্ৰ পথ আৰু বিজয়েই হৈছে আমাৰ একমাত্ৰ বিকল্প’
‘কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে যিদৰে আগতীয়া, সক্ৰিয় আৰু সামূহিক প্ৰচেষ্টা অৱলম্বন কৰিছিল সেইটোৱেই এইবাৰো আমাৰ বিজয়ৰ মন্ত্ৰ হ’ব’
‘ভাৰতত প্ৰাপ্তবয়স্ক জনসংখ্যাৰ প্ৰায় ৯২ শতাংশ লোকক প্ৰথম পালি প্ৰদান কৰা হৈছে দ্বিতীয় পালি লাভ কৰিছে প্ৰায় ৭০ শতাংশ লোকে’
‘অৰ্থনীতিৰ গতি অব্যাহত ৰাখিব লাগিব; ইয়াৰ বাবে স্থানীয়ভাৱে কণ্টেইনমেণ্ট জ’নৰ ওপৰত অধিক গুৰুত্ব দিয়াটো ভাল হ’ব’
‘ভাইৰাছৰ প্ৰজাতি নিৰ্বিশেষে, মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ বাবে টিকাকৰণেই আটাইতকৈ শক্তিশালী উপায়’
‘ক’ৰোনাক পৰাস্ত কৰিবলৈ প্ৰতিটো ভেৰিয়েণ্টৰ প্ৰভাৱ পৰাৰ পূৰ্বেই আমি সাজু থাকিব লাগিব। অমিক্ৰনৰ সৈতে মোকাবিলা কৰাৰ লগতে, আমি এতিয়াৰ পৰাই ভৱিষ্যতে যিকোনো প্ৰকাৰৰ ভেৰিয়েণ্টৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব লাগিব’
কোভিড-১৯ৰ ক্ৰমাগত ঢৌৰ সময়ত প্ৰধানমন্ত্ৰীয়ে পালন কৰা অগ্ৰণী ভূমিকাৰ বাবে মুখ্যমন্ত্ৰীসকলে তেখেতক ধন্যবাদ জ্ঞাপন কৰে

ক’ভিডৰ পৰিপ্ৰেক্ষিতত জনস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰস্তুতি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কোভিড ১৯ টিকাকৰণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ ৰাজ্যপাল/প্ৰশাসকসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, ডঃ মনসুখ মাণ্ডব্য, ৰাজ্যিক মন্ত্ৰী ডঃ ভাৰতী প্ৰবীণ পাৱাৰসহ উচ্চ পৰ্যায়ৰ বিষয়াসকল উপস্থিত আছিল। বৈঠকত বিষয়াসকলে দেশৰ মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে সকলোকে অৱগত কৰে।

 

বৈঠকত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ১০০ বছৰৰ সৰ্ববৃহত্‍ মহামাৰীৰ সৈতে ভাৰতৰ যুঁজ এতিয়া তৃতীয় বৰ্ষত প্ৰৱেশ কৰিছে।প্ৰধানমন্ত্ৰীয়ে কয়, ‘কঠোৰ পৰিশ্ৰম হৈছে আমাৰ একমাত্ৰ পথ আৰু বিজয়েই হৈছে আমাৰ একমাত্ৰ বিকল্প। আমি ভাৰতৰ ১৩০ কোটি লোকে আমাৰ সমবেত প্ৰচেষ্টাৰে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত নিশ্চিতভাৱে বিজয়ী হ’ম’।

 

প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে অমিক্ৰন সম্পৰ্কে পূৰ্বৰ বিভ্ৰান্তি এতিয়া লাহে লাহে দূৰ হৈছে। ভাইৰাছৰ এই নতুন ভেৰিয়েণ্ট বা প্ৰজাতি অমিক্ৰন আগৰ প্ৰজাতিসমূহৰ তুলনাত সম্প্ৰতি বহুগুণ দ্ৰুততাৰে মানুহক সংক্ৰমিত কৰিছে। ‘আমি আৰু অধিক সতৰ্ক হ’ব লাগিব, সাৱধান হ’ব লাগিব, লগতে আমি এইটোও নিশ্চিত কৰিব লাগিব যাতে কোনোধৰণৰ আতংকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। আমি এয়াও নিশ্চিত কৰিব লাগিব যে এই উত্‍সৱৰ এই বতৰত জনসাধাৰণ আৰু প্ৰশাসনে সতৰ্কতাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে যিদৰে আগতীয়া, সক্ৰিয় আৰু সামূহিকভাৱে যি সক্ৰিয় প্ৰচেষ্টা অৱলম্বন কৰি আহ‌িছিল, সেয়াই এইবাৰো বিজয়ৰ মন্ত্ৰ। তেওঁ লগতে কয় যে আমি ক’ৰোনা সংক্ৰমণ যিমানে সীমিত কৰিব পাৰোঁ, সমস্যাটো সিমানে কম হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰজাতি নিৰ্বিশেষে মহামাৰীৰ বিৰুদ্ধে যুঁজত কেৱল টিকাকৰণহৈ একমাত্ৰ অস্ত্ৰ। এই প্ৰসংগত তেওঁ কয় যে ভাৰতত প্ৰস্তুত কৰা ভেকছিনে সমগ্ৰ বিশ্বতে তেওঁলোকৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছে। এয়া প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয় যে আজি ভাৰতত প্ৰাপ্তবয়স্ক জনসংখ্যাৰ প্ৰায় ৯২ শতাংশলোকক প্ৰথম পালি প্ৰদান কৰা হৈছে। একেদৰে ৭০ শতাংশক দ্বিতীয় পালি প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ১০ দিনৰ ভিতৰত ভাৰতে প্ৰায় ৩০ নিযুত কিশোৰ-কিশোৰীকো টিকাকৰণ কৰিব পাৰিব। আগশাৰীৰ ক’ৰোনা যোদ্ধা আৰু জ্যেষ্ঠ নাগৰিকসকলক যিমান সোনকালে প্ৰিক’শ্যন ড’জ দিয়া হ’ব, আমাৰ স্বাস্থ্যসেৱা প্ৰণালীৰ ক্ষমতা সিমানেই বৃদ্ধি হ’ব। ‘আমি ১০০% টিকাকৰণৰ বাবে হৰ ঘৰ দস্তক অভিযান তীব্ৰতৰ কৰিব লাগিব’, তেওঁ কয়। তেওঁ কয়, ভেকছিন আৰু মাস্ক পিন্ধাৰ অভ্যাস সম্পৰ্কে যাৱতীয় বিভ্ৰান্তি দূৰ কৰিবলৈ আমি আৰু অধিক সক্ৰিয় হ’ব লাগিব।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে যিকোনো ৰণনীতি প্ৰস্তুত কৰাৰ সময়ত সাধাৰণ লোকৰ জীৱিকা, অৰ্থনৈতিক কাৰ্যকলাপ আৰু অৰ্থ ব্যৱস্থাৰৰ স্বাভৱিক গতি যাতে অব্যাহত থাকে সেয়া মনত ৰখাটো অতি গুৰুত্বপূৰ্ণ। এইক্ষেত্ৰত তেওঁ স্থানীয়ভাৱে কণ্টেইনমেণ্ট জ’ন কাৰ্যকৰী কৰাৰ ওপৰত আৰু অধিক গুৰুত্ব দিয়া ভাল হ’ব বুলি মন্তব্য কৰে। তেওঁ জোৰ দি কয় যে আমি হোম আইছোলেশ্যন পৰিস্থিতিত সৰ্বাধিক চিকিৎসা প্ৰদান কৰিব পৰা স্থিতিত থাকিব লাগে আৰু তাৰ বাবে হোম আইছোলেশ্যন সম্পৰ্কীয় নিৰ্দেশনাসমূহো কঠোৰভাৱে অনুসৰণ কৰা উচিত । তেওঁ কয় যে চিকিৎসাৰ ক্ষেত্ৰত টেলি-মেডিচিনৰ সুবিধা ব্যৱহাৰ কৰিলে যথেষ্ট সহায়ক হ’ব।

স্বাস্থ্য আন্তঃগাঁথনি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক প্ৰশংসা কৰে। তেওঁ কয়, স্বাস্থ্য আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৰাজ্যসমূহক আগতে ২৩,০০০ কোটি টকাৰ পেকেজ প্ৰদান কৰা হৈছিল। ইয়াৰ অধীনত সমগ্ৰ দেশত ৮০০ ৰো অধিক শিশু ৰোগ বিশেষজ্ঞ গোট, ১.৫ লাখ নতুন আইচিইউ আৰু এইচডিইউ বিচনা, ৫ হাজাৰতকৈ অধিক বিশেষ এম্বুলেন্স, ৯৫০তকৈও অধিক তৰল অক্সিজেন সংৰক্ষণ টেংক স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আন্তঃগাঁথনি সম্প্ৰসাৰণ অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, ‘ক’ৰোনাক পৰাস্ত কৰিবলৈ আমি প্ৰতিটো ভেৰিয়েণ্টতৰ সৈতে যুঁজ দিবলৈ প্ৰস্তুত হৈ থাকিব লাগিব। অমিক্ৰনৰ সৈতে মোকাবিলা কৰাৰ লগতে আমি এতিয়াৰ পৰাই ভৱিষ্যতে আন যিকোনো প্ৰজাতিৰ ভাইৰাছৰ কৱলৰ পৰা মুক্ত হৈ থকাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব লাগিব’। 

কোভিড-১৯ৰ ক্ৰমাগত ঢৌৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে মুখ্যমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে বিশেষকৈ সকলোধৰণৰ সাহায্য আৰু সঠিক নিৰ্দেশনা দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰদান কৰা পুঁজিৰ বাবে প্ৰধানমন্ত্ৰীক বিশেষভৱে ধন্যবাদ জ্ঞাপন কৰে যিয়ে ৰাজ্যসমূহত স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধিত যথেষ্ট সহায় কৰিছে। মুখ্যমন্ত্ৰীসকলে বিচনা বৃদ্ধি, অক্সিজেনৰ উপলব্ধতা আদিৰ জৰিয়তে বৰ্ধিত আক্ৰান্তৰ ঘটনাৰ সৈতে মোকাবিলা কৰাৰ বাবে চলোবা প্ৰস্তুতিৰ কথা প্ৰধানমন্ত্ৰীৰ আগত বিৱৰি কয়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে বেংগালুৰুত আক্ৰান্তৰ সংখ্যা বৃদ্ধি আৰু এপাৰ্টমেণ্টসমূহত সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে লোৱা ব্যৱস্থাৰ বিষয়ে জানিবলৈ দিয়ে।পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে আগন্তুক উৎসৱৰ বাবে ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰে আৰু ইয়াৰ মোকাবিলা কৰিবলৈ প্ৰশাসনৰ প্ৰস্তুতি সন্দৰ্ভত ব্যক্ত কৰে। তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনে কোভিডৰ এই ঢৌৰ বিৰুদ্ধে যুঁজত কেন্দ্ৰৰ সৈতে একেলগে থিয় দিছে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে কিছুমান গ্ৰাম্য আৰু জনজাতীয় অঞ্চলত টিকাকৰণ কাৰ্যসূচীক লৈ দেখা দিয়া বিভ্ৰান্ত ধাৰণা যিয়ে টিকাকৰণৰ সময়ত কিছু অসুবিধাৰ সৃষ্টি কৰিছিল সেই সন্দৰ্ভত ব্যক্ত কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে টিকাকৰণ অভিযানৰ পৰা যাতে কোনো বাদ নপৰে সেয়া নিশ্চিত কৰিবলৈ লোৱা পদক্ষেপৰ বিষয়ে ব্যক্ত কৰে। পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে অক্সিজেনৰ প্ৰয়োজনীয়তা পূৰণৰ লগতে পুঁজি আৰু আন্তঃগাঁথনিৰ সহায়ৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰিক’শ্যন ড’জৰ দৰে পদক্ষেপসমূহ অপৰিসীম আত্মবিশ্বাস বঢ়োৱা বুলি প্ৰমাণিত হৈছে বুলি ব্যক্ত কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কয় যে টিকাকৰণ অভিযানৰ পৰিধি বৃদ্ধি কৰিবলৈ ৰাজ্যখনে সকলোধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰি আছে।

 

ৱা ঙাংখিবগী মপুংফাবা ৱারোল পানবা মসিদা নম্বীয়ু

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s maternal mortality drops nearly 80% since 1990: Global study

Media Coverage

India’s maternal mortality drops nearly 80% since 1990: Global study
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Madhavpur Mela in Porbandar, Gujarat
March 29, 2026

The Prime Minister, Shri Narendra Modi has extended greetings for the ongoing Madhavpur Mela taking place in Porbandar, Gujarat. Shri Modi remarked that this vibrant celebration highlights our glorious culture and at the same time it reinforces the timeless cultural bond between Gujarat and the Northeast. “This festival brings together diverse traditions, reflecting the true spirit of ‘Ek Bharat, Shreshtha Bharat.’ I call upon people to visit this Mela!”, Shri Modi stated.

The Prime Minister spoke about the significance of the Madhavpur Mela and its importance in our culture in Mann Ki Baat programme of April 2022.

The Prime Minister posted on X:

“My best wishes for the ongoing Madhavpur Mela taking place in Porbandar, Gujarat.

This vibrant celebration highlights our glorious culture and at the same time it reinforces the timeless cultural bond between Gujarat and the Northeast.

This festival brings together diverse traditions, reflecting the true spirit of ‘Ek Bharat, Shreshtha Bharat.’ I call upon people to visit this Mela!”

“In the #MannKiBaat programme of April 2022, I spoke about the significance of the Madhavpur Mela and its importance in our culture. Do listen…”