Indian institutions should give different literary awards of international stature : PM
Giving something positive to the society is not only necessary as a journalist but also as an individual : PM
Knowledge of Upanishads and contemplation of Vedas, is not only an area of spiritual attraction but also a view of science : PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে জয়পুৰত পত্ৰিকা গেট উন্মোচন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে পত্ৰিকা গ্ৰুপৰ অধ্যক্ষ শ্ৰী গুলাম কোঠাৰীয়ে লিখি উলিওৱা সংবাদ উপনিষদ আৰু অক্ষত্ৰ পুথিখনো মুকলি কৰে।

এই পত্ৰিকা আৰু পুথি উন্মোচন অনুষ্ঠানত বক্তব্য প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই গেটখনে ৰাজস্থানৰ সংস্কৃতিক প্ৰতিফলিত কৰে আৰু আৰু ই দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব।

এই দুখন পুথিৰ প্ৰসঙ্গৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এই দুয়োখন পুথি ভাৰতীয় সংস্কৃতি আৰু দৰ্শনৰ এক প্ৰকৃত উপস্থাপন, আৰু ইয়াৰ যোগেদি লেখকে সমাজক শিক্ষিত কৰি তোলাৰ দিশেৰেও অতি গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰি কয় যে প্ৰতিগৰাকী জ্যেষ্ঠ স্বাধীনতা সংগ্ৰামীয়েই লেখা মেলাৰ সৈতে জড়িত আছিল আৰু তেওঁলোকৰ লেখাৰে সমাজক, জনসাধাৰণক শিক্ষিত কৰিছিল।

তেওঁ ভাৰতীয় সংস্কৃতি, ভাৰতীয় সমাজ সভ্যতা আৰু মূল্যবোধৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত পত্ৰিকা গ্ৰুপে গ্ৰহণ কৰা পদক্ষেপক উচ্চ প্ৰসংশা কৰে।

সাংবাদিকতা ক্ষেত্ৰত পত্ৰিকা গ্ৰুপৰ প্ৰতিষ্ঠাপক শ্ৰী কৰ্পুৰ চন্দ্ৰ কুলিশৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে প্ৰধানমন্ত্ৰীয়ে, লগতে বেদৰ বাণী সমাজত বিলাই দিয়াৰ বাবে কৰা প্ৰচেষ্টাৰো শলাগ লয়।

শ্ৰী কুলিশৰ জীৱন আৰু সময়ৰ কথা সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিগৰাকী সাংবাদিকেই যোগাত্মক দৃষ্টিভঙ্গীৰে কাম কৰিব লাগে। তেওঁ কয় যে কেৱল সাংবাদিকসকলেই নহয়, বৰঞ্চ প্ৰতিগৰাকী লোকেই যোগাত্মক দৃষ্টিভঙ্গীৰে কাম কৰিব লাগে, যাতে তেওঁ সমাজৰ হিতৰ বাবে কোনো কাম কৰিব পাৰে।

এই দুয়োখন পুঁথিৰ প্ৰসঙ্গ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বেদৰ বাণীত নিহিত হৈ থকা দৃষ্টিভঙ্গীবোৰ চিৰকালীন আৰু সেয়া সমগ্ৰ মানৱ জাতিৰ বাবেই গুৰুত্বপূৰ্ণ। তেওঁ আশা প্ৰকাশ কৰে যে উপনিষদ সংবাদ আৰু অক্ষৰ যাত্ৰা যেন বহুল পঠিত হয়।

প্ৰধানমন্ত্ৰীয়ে আমাৰ প্ৰজন্মই গভীৰ জ্ঞান আহৰণৰ সুঁতিৰ পৰা আঁতৰি আহিব নালাগে বুলি উল্লেখ কৰে। তেওঁ কয়, বেদ – উপনিষদবোৰ কেৱল আধ্যাত্মিক জ্ঞানৰ ভাণ্ডাৰেই নহয়, ই বিজ্ঞানসন্মতও হয়।

প্ৰধানমন্ত্ৰীয়ে লগতে দৰিদ্ৰ লোকসকলক বিভিন্ন ৰোগৰ পৰা মুক্ত কৰি ৰাখিবৰ বাবে তেওঁলোকক শৌচাগাৰ প্ৰদান কৰিবলৈ স্বচ্ছ ভাৰত অভিযানৰ প্ৰয়োজনীয়তাও উল্লেখ কৰে। তেওঁ লগতে উজ্জ্বলা যোজনা আৰু জল জীৱন মিছনৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ বিষয়েও উল্লেখ কৰে।

দেশৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে আৰু ক’ৰোনা সংক্ৰান্তীয় সজাগতা সৃষ্টিত অভূতপূৰ্ব অৰিহণা যোগোৱা বাবে ভাৰতীয় সংবাদ মাধ্যমক প্ৰসংশা কৰি প্ৰধানমন্ত্ৰীয়ে কয় সংবাদ মাধ্যমে সক্ৰিয়ভাৱে তৃণমূল পৰ্যায়ত চৰকাৰে সম্পাদন কৰি থকা কাৰ্যাৱলীৰ বিষয়ে তথ্য বিতৰণ কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি ব্যক্ত কৰি কয় যে দেশৰ সংবাদ মাধ্যমে ‘আত্মনিৰ্ভৰ ভাৰত’ অভিযানক এক অনন্য ৰূপ প্ৰদান কৰিবলৈ সক্ষম হৈছে, যিয়ে ‘ভোকেল ফৰ লোকেল’ শীৰ্ষক ধাৰণাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে এই চিন্তাধাৰাৰ পৰিব্যাপ্তি আৰু অধিক বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেওঁ স্মৰণ কৰি কয় যে ভাৰতৰ স্থানীয় সামগ্ৰীবোৰ এতিয়া বিশ্বজনীন হৈ পৰিছে, কিন্তু ভাৰতৰ কন্ঠও অধিক বিশ্বজনীন হ’ব লাগিব।

তেওঁ লগতে উল্লেখ কৰে যে এতিয়া সমগ্ৰ বিশ্বই ভাৰতৰ কথা যথেষ্ট সতৰ্কতাৰে শুনে। তেনে এক পৰিস্থিতিত ভাৰতীয় সংবাদ মাধ্যমো বিশ্বজনীন হ’ব লাগিব। ভাৰতীয় প্ৰতিষ্ঠানসমূহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভিন ভিন সাহিত্য বঁটা প্ৰদান কৰিব লাগে।

প্ৰধানমন্ত্ৰীয়ে শ্ৰী কৰ্পুৰচন্দ্ৰ কুলিশৰ স্মৃতিত আন্তঃৰাষ্ট্ৰীয় সাংবাদিকতা বঁটা প্ৰৱৰ্ত্তন কৰাৰ বাবে পত্ৰিকা গ্ৰুপক অভিনন্দন জনায়।

Click here to read full text of speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.