প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি ভিডিঅ’-কনফাৰেন্সিঙৰ জৰিয়তে চুডানৰ নিৰাপত্তাজনিত পৰিস্থিতিৰ পৰ্য্যালোচনাৰ বাবে এখনি উচ্চ-পৰ্য্যায়ৰ বৈঠক অনুষ্ঠিত হয়। ইয়াত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা, চুডানস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত আৰু আন বহুকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে চুডানৰ শেহতীয়া পৰিঘটনাৰাজিৰ মূল্যায়ন কৰে আৰু ঘটনাস্থলীৰ পৰিস্থিতিৰ প্ৰত্যক্ষ প্ৰতিবেদন প্ৰত্যক্ষ কৰে। ইয়াত সম্প্ৰতি সমগ্ৰ দেশখনতে থকা ৩,০০০ ৰোধিক ভাৰতীয় নাগৰিকৰ সুৰক্ষাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

যোৱা সপ্তাহত বিপথগামী গুলীৰ বলি হোৱা এজন ভাৰতীয় নাগৰিকৰ মৃত্যুত প্ৰধানমন্ত্ৰীগৰাকীয়ে শোক প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে সকলো সংশ্লিষ্ট বিষয়াক সজাগ হৈ থাকিবলৈ পৰামৰ্শ প্ৰদানেৰে পৰিঘটনাসমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণেৰে চুডানস্থিত ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষাৰ নিৰন্তৰ মূল্যায়ন কৰি তেওঁলোকক সকলো ধৰণৰ সাহায্য প্ৰদানৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিৱৰ্তিত নিৰাপত্তাজনিত পৰিবেশ আৰু ভিন্ন বিকল্পৰ কাৰ্য্যক্ষমতা সম্পৰ্কে জ্ঞাত হৈ অধিক ক্ষীপ্ৰতাৰে আকস্মিকভাৱে উদ্ধাৰ পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ চুবুৰীয়া দেশসমূহৰ লগতে চুডানৰ যথেষ্ট সংখ্যক নাগৰিক থকা দেশসমূহৰ সৈতে ঘনিষ্ঠ যোগাযোগ অক্ষুণ্ণ ৰখাতো গুৰুত্ব আৰোপ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
July opens the biggest chapter in India-U.K. trade relations

Media Coverage

July opens the biggest chapter in India-U.K. trade relations
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুন 2026
June 29, 2026

PM Modi Advancing National Strength Through Unity, Innovation and Janbhagidari