লোহড়ী, মকৰ সংক্ৰান্তি, পোংগল, মাঘ বিহু আদিৰ লগতে অহা উৎসৱসমূহৰ পিছত ১৬ জানুৱাৰী, ২০২১ত টীকাকৰণ অভিযান আৰম্ভ হ'ব
প্ৰায় ৩ কোটি স্বাস্থ্যকৰ্মী আৰু আগশাৰীৰ কৰ্মচাৰীসকলক অগ্ৰাধিকাৰ দিয়া হ'ব
ইয়াৰ পিছত টীকা দিয়া হ'ব ৫০ বছৰৰ অধিক বয়সৰ লোক তথা সহ-ৰুগ্নতাযুক্ত ৫০ বছৰৰ কম বয়সৰ জনসংখ্যা সমুদায়, যাৰ সংখ্যা প্ৰায় ২৭ কোটি

প্ৰধানমন্ত্ৰীয়ে কোভিড টীকাকৰণৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ প্ৰস্তুতিৰ সৈতে দেশত কোভিড-১৯ৰ স্থিতিৰ সমীক্ষা কৰিবৰ বাবে আজি এখন উচ্চ-স্তৰীয় বৈঠকৰ অধ্যক্ষতা কৰে। বৈঠকত, কেবিনেট সচিব, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, স্বাস্থ্য সচিব আৰু অন্য সংশ্লিষ্ট জ্যেষ্ঠ বিষয়াই ভাগ লয়। 

প্ৰধানমন্ত্ৰীয়ে বিভিন্ন বিষয়ক সামৰি কোভিড ব্যৱস্থাপনাৰ স্থিতিৰ বিস্তৃত আৰু ব্যাপক সমীক্ষা কৰে। ৰাষ্ট্ৰীয় নিয়ামকৰ দ্বাৰা দুটা টীকা (কোভিশ্বিল্ড আৰু কোভাক্সিন)ৰ বাবে বৰ্তমানৰ ব্যৱহাৰৰ অনুমতি বা তাৎক্ষণিক অনুমোদন প্ৰদান কৰা হৈছে, যি ৰোগৰ পৰা ৰক্ষা পৰা আৰু প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰিব। 

মাননীয় প্ৰধানমন্ত্ৰীক নিকট ভৱিষ্যতে টীকাকৰণ আৰম্ভ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহৰ চৰকাৰৰ সৈতে মিলি কেন্দ্ৰৰ প্ৰস্তুতিৰ স্থিতিৰ বিষয়েও অৱগত কৰোৱা হয়। টীকাকৰণ অভিযান জনসাধাৰণৰ অংশগ্ৰহণ (জনভাগীদাৰী); নিৰ্বাচন (ভোটদান কেন্দ্ৰ ৰণনীতি) আৰু সাৰ্বভৌমিক প্ৰতিৰোধ কাৰ্যক্ৰম (ইউআইপি)ৰ ধাৰণাৰ ব্যৱহাৰ; বৰ্তমান স্বাস্থ্য সেৱা, বিশেষকৈ ৰাষ্ট্ৰীয় কাৰ্যক্ৰম আৰু প্ৰাথমিক স্বাস্থ্য চোৱাচিতা সেৱাসমূহৰ সৈতে কোনো আপোচ নকৰাকৈ; বৈজ্ঞানিক আৰু নিয়ামক সম্পৰ্কীয় মানদণ্ড, অন্য এছঅ'পিৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰাকৈ; তথা প্ৰযুক্তিৰ দ্বাৰা সঞ্চালিত এক ব্যৱস্থিত আৰু সুচাৰু ৰূপায়ণৰ সিদ্ধান্তৰ ওপৰত আধাৰিত। 

কোভিড-১৯ টীকাকৰণৰ অভিযানত প্ৰায় ৩ কোটি স্বাস্থ্যকৰ্মী আৰু আগশাৰীৰ কৰ্মচাৰী, যাৰ পিছত ৫০ বছৰৰ অধিক বয়সৰ লোক তথা সহ-ৰুগ্নতাযুক্ত ৫০ বছৰৰ কম বয়সৰ জনসংখ্যা সমুদায়, যাৰ সংখ্যা প্ৰায় ২৭ কোটি,ক অগ্ৰাধিকাৰ দিয়া হ'ব। 

প্ৰধানমন্ত্ৰীক কো-ৱিন টীকাকৰণ ব্যৱস্থাপনাৰ প্ৰণালীৰ বিষয়েও অৱগত কৰোৱা হয়। এই বিশেষ ডিজিটেল প্লেটফৰ্মে টীকাৰ ষ্টক, সিবিলাকৰ ভাণ্ডাৰৰ তাপমাত্ৰা আৰু কোভিড-১৯ টীকাৰ লাভাৰ্থীৰ ব্যক্তিগত ট্ৰেকিঙৰ বাস্তৱ সময় সূচনা উপলব্ধ কৰাব। এই প্লেটফৰ্মে পূৰ্ব-পঞ্জীভুক্ত লাভাৰ্থী, তেওঁলোকৰ সত্যাপন আৰু টীকা অনুসূচীৰ সফল সমাপনৰ পিছত এক ডিজিটেল প্ৰমাণ পত্ৰ জেনেৰেট কৰিবলৈ অট'মেটেড সত্ৰ আৱণ্টনৰ জৰিয়তে সকলো স্তৰতে কাৰ্যক্ৰম প্ৰবন্ধকক সহায় কৰিব। এই প্লেটফৰ্মত আগৰে পৰা ৭৯ লাখতকৈ অধিক লাভাৰ্থী পঞ্জীকৰণ কৰা হৈছে। 

যিহেতু টীকাকৰণ অভিযানত টীকা লগাওঁতা তথা টীকা প্ৰশাসকৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে, সেয়ে তেওঁলোকৰ প্ৰশিক্ষণ প্ৰক্ৰিয়াৰ বিস্তৃতভাৱে তথ্য প্ৰদান কৰা হৈছে। প্ৰশিক্ষকৰ ৰাষ্ট্ৰীয় স্তৰৰ প্ৰশিক্ষণৰ সময়ত ২,৩৬০ সহভাগীক প্ৰশিক্ষিত কৰা হৈছে, য'ত ৰাজ্য টীকাকৰণ বিষয়া, ক'ল্ড চেইন বিষয়া, আইইচি বিষয়া, বিকাশ সহভাগী আদি সন্মিলিত আছিল। 

ৰাজ্য, জিলা আৰু ব্লক স্তৰৰ প্ৰশিক্ষণৰ এটা অংশ হিচাপে এতিয়ালৈকে ৬১,০০০তকৈ অধিক কাৰ্যক্ৰম প্ৰবন্ধক, ২ লাখ টীকা লগাওঁতা আৰু টীকাকৰণ টীমৰ আন ৩.৭ লাখ সদস্যক প্ৰশিক্ষিত কৰা হৈছে। 

প্ৰধানমন্ত্ৰীক সমগ্ৰ দেশত তিনিটা পৰ্যায়ত সঞ্চালিত কৰা পূৰ্ব পৰীক্ষা (ড্ৰাই ৰান) সম্পৰ্কেও অৱগত কৰোৱা হয়। তৃতীয় ড্ৰাই ৰান কালি ৩৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত ৪৮৯৫ সত্ৰক সামৰি ৬১৫খন জিলাত সঞ্চালিত কৰা হৈছে। 

বিস্তৃত সমীক্ষাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় যে লোহড়ী, মকৰ সংক্ৰান্তি, পোংগল, মাঘ বিহু আদিৰ লগতে অহা উৎসৱসমূহৰ প্ৰতি লক্ষ্য ৰাখি কোভিড-১৯ টীকাকৰণ ১৬ জানুৱাৰী, ২০২১ৰ পৰা আৰম্ভ হ'ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi