২০৩৫ৰ ভিতৰত ভাৰতীয় মহাকাশ ষ্টেচন স্থাপন কৰা হ’ব
ভাৰতে ২০৪০ৰ ভিতৰত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰিব
ভাৰতে শুক্ৰ আৰু মংগল গ্ৰহলৈ অভিযান হাতত ল’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ গগণযান অভিযানৰ অগ্ৰগতিৰ মূল্যায়ন আৰু ভাৰতৰ মহাকাশ অন্বেষণৰ প্ৰচেষ্টাৰ ভৱিষ্যৎ ৰূপৰেখা দাঙি ধৰাৰ অৰ্থে অনুষ্ঠিত এখনি উচ্চ-পৰ্য্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে।

ইয়াত মহাকাশ বিভাগে গগণযান অভিযানৰ এক বিস্তৃত আভাস দাঙি ধৰে। এতিয়ালৈকে বিকশিত হোৱা ভিন্ন প্ৰযুক্তি যেনেঃ মানৱ-ৰেটিংযুক্ত উৎক্ষেপণ বাহন আৰু ব্যৱস্থাৰ অৰ্হতা আদি অন্তৰ্ভুক্ত কৰা হয়। মন কৰিবলগীয়া যে হিউমেন ৰেটেড লঞ্চ ভেহিকল (HLVM3)ৰ ৩টা আনক্ৰিউড মিছনকে ধৰি প্ৰায় ২০টা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ পৰিকল্পনা কৰা হৈছে। ক্ৰিউ এস্কেপ চিষ্টেম টেষ্ট বাহনৰ প্ৰথম প্ৰদৰ্শনীমূলক ফ্লাইট ২১ অক্টোবৰত অনুষ্ঠিত হ’ব। বৈঠকত মিছনৰ প্ৰস্তুতিৰ মূল্যায়ন কৰা হয়।

শেহতীয়া চন্দ্ৰযান-৩ আৰু আদিত্য এল১ মিছনকে প্ৰমুখ্য কৰি ভাৰতীয় মহাকাশ পদক্ষেপৰাজিৰ সফলতা সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতে ২০৩৫ৰ ভিতৰত ‘ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰ’ (Indian Space Station) স্থাপনকে প্ৰমুখ্য কৰি নতুন আৰু অভিলাষী লক্ষ্য আৰু ২০৪০ৰ ভিতৰত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণৰ লক্ষ্য বাস্তৱায়িত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

এই দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ মহাকাশ বিভাগে চন্দ্ৰ অন্বেষণৰ বাবে এক ৰোডমেপ যুগুত কৰিব। ইয়াৰ ভিতৰত চন্দ্ৰযান অভিযানৰ ধাৰাবাহিকতা, পৰৱৰ্তী প্ৰজন্মৰ লঞ্চ বাহন (NGLV)ৰ বিকাশ সাধন, নতুন লঞ্চ পেড নিৰ্মাণ, মানৱকেন্দ্ৰিক পৰীক্ষাগাৰ স্থাপন আৰু সংশ্লিষ্ট প্ৰযুক্তিসমূহ অন্তৰ্ভুক্ত কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় বিজ্ঞানীসকলক ভেনাছ অৰ্বিটাৰ মিছন আৰু মংগল লেণ্ডাৰকে ধৰি আন্তঃগ্ৰহ অভিযানৰ অৰ্থে কাম কৰিবলৈয়ো আহ্বান জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ সামৰ্থ্যত আস্থা প্ৰকাশেৰে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত অগ্ৰগতি লাভৰ বাবে দেশখনৰ দায়বদ্ধতাৰ কথা দোহাৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership