২০২৪ চনৰ মাৰ্চ মাহত চৰকাৰী ভ্ৰমণৰ সময়ত ভূটানে আগবঢ়োৱা ব্যতিক্ৰমী আতিথ্যৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে
নেতাসকলে ভাৰত আৰু ভূটানৰ মাজত দৃষ্টান্তমূলক অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ ব্যক্ত কৰে
প্ৰধানমন্ত্ৰীয়ে ভূটানৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে
বৈঠকত দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ নিয়মীয়া যোগাযোগৰ পৰম্পৰা অক্ষুন্ন ৰখাত গুৰুত্ব আৰোপ কৰা হয়
প্ৰধানমন্ত্ৰীয়ে ৰজা আৰু ৰাণীৰ সন্মানত মধ্যাহ্নভোজনৰ আয়োজন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভূটানৰ ‘মহামান্য’ ৰজা জিগমে খেছাৰ নামগ্যেইল ৱাংচুক আৰু ভূটানৰ মহাৰাণী জেটচুন পেমা ৱাংচুকক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ২০২৪ চনৰ মাৰ্চ মাহত তেওঁৰ চৰকাৰী ভ্ৰমণৰ সময়ত ভূটান চৰকাৰ আৰু ভূটানৰ জনসাধাৰণে আগবঢ়োৱা ব্যতিক্ৰমী উষ্ণ আতিথ্যৰ কথা সন্তোষৰে স্মৰণ কৰে।

 

প্ৰধানমন্ত্ৰী আৰু ‘মহামান্য’ ৰজাই দ্বিপাক্ষিক সম্পৰ্কৰ উৎকৃষ্ট স্থিতিত সন্তুষ্টি ব্যক্ত কৰে, যাৰ ভিতৰত আছে উন্নয়ন সহযোগিতা, স্বচ্ছ শক্তি অংশীদাৰিত্ব, বাণিজ্য আৰু বিনিয়োগ, মহাকাশ আৰু প্ৰযুক্তি সহযোগিতা আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক। তেওঁলোকে সকলো ক্ষেত্ৰতে এই দৃষ্টান্তমূলক অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ ব্যক্ত কৰে।

 

নেতাসকলে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক যোগাযোগ বৃদ্ধিৰ অগ্ৰগতি পৰ্যালোচনা কৰে আৰু ভূটানৰ উন্নয়নক অনুপ্ৰেৰিত কৰিবলৈ আৰু ভাৰতৰ কাষৰীয়া সীমান্ত অঞ্চলসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ‘মহামান্য’ ৰজাই নেতৃত্ব দিয়া এক দূৰদৰ্শী প্ৰকল্প ‘গেলেফু মাইণ্ডফুলনেছ চিটী’ উদ্যোগ সন্দৰ্ভত দৃষ্টিভংগী বিনিময় কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ভূটানৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰতি ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে আৰু ভূটানক ইয়াৰ ত্ৰয়োদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাৰ বাবে ভাৰতৰ উন্নয়নমূলক সহযোগিতাৰ পৰিমাণ দুগুণলৈ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে। ‘মহামান্য’ ৰজাই ‘ভূটানৰ সুখ, প্ৰগতি আৰু সমৃদ্ধিৰ আকাংক্ষা’ক দৃঢ় সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰে।

বৈঠকৰ পিছত প্ৰধানমন্ত্ৰীয়ে ‘মহামান্য’ ৰজা আৰু মহাৰাণীৰ সন্মানত মধ্যাহ্নভোজন অনুষ্ঠিত কৰে।

 

বৈঠকত ভাৰত আৰু ভূটানৰ মাজত উচ্চ পৰ্যায়ৰ নিয়মীয়া যোগাযোগৰ পৰম্পৰাৰ অব্যাহত ৰখাত গুৰুত্ব আৰোপ কৰা হয়, যি দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কক আধাৰিত কৰা পাৰস্পৰিক বিশ্বাস, সহযোগিতা আৰু গভীৰ বুজাবুজিৰ ভাৱনাক প্ৰতিফলিত কৰে।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Chamba, Himachal Pradesh
August 08, 2026

The Prime Minister, Shri Narendra Modi, condoled loss of lives due to a mishap in Chamba, Himachal Pradesh. "My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest", Shri Modi stated.

The Prime Minister posted on X:

The loss of lives due to a mishap in Chamba, Himachal Pradesh, is deeply saddening. My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest: PM @narendramodi