প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিচাছ গণৰাজ্যৰ ৫৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

উদযাপনৰ সময়ত মৰিচাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ধৰমবীৰ গোখুলে প্ৰধানমন্ত্ৰী মোদীক মৰিচাছৰ সৰ্বোচ্চ অসামৰিক বঁটা অৰ্ডাৰ অৱ দ্য ষ্টাৰ এণ্ড কী অৱ দ্য ইণ্ডিয়ান অ’চেন (জি চি এছ কে) প্ৰদান কৰে। এই সন্মান প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় নেতাই লাভ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে এই বঁটা ভাৰত আৰু মৰিচাছৰ মাজৰ বিশেষ বন্ধুত্বৰ লগতে ভাৰতৰ ১৪ কোটি জনসাধাৰণৰ লগতে মৰিচাছত থকা তেওঁলোকৰ ১৩ লাখ ভাই-ভনীৰ প্ৰতি উৎসৰ্গা কৰে।

ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ সময়ত ভাৰতীয় নৌসেনাৰ এটা দলে পেৰেডত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ লগত সংগতি ৰাখি ভাৰতীয় নৌসেনাৰ এখন জাহাজেও প’ৰ্ট কল কৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক
Honoured to be conferred the Grand Commander of the Order of the Star and Key of the Indian Ocean, and that too on Mauritius’ National Day. pic.twitter.com/LaaurcKbzx
— Narendra Modi (@narendramodi) March 12, 2025


