প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰ ইউএই ভ্ৰমণৰ কথা স্মৰণ কৰে য'ত তেওঁ ডুবাইত অনুষ্ঠিত বিশ্ব চৰকাৰ সন্মিলনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল
ইউএই নেতৃত্বলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰে প্ৰধানমন্ত্ৰীয়ে
তেওঁৰ ভ্ৰমণে ভাৰত আৰু ইউএইৰ মাজৰ শক্তিশালী আৰু ঐতিহাসিক সম্পৰ্কৰ প্ৰজন্মগত ধাৰাবাহিকতাকে সূচিত কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে
তেওঁলোকে বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, শক্তি, প্ৰযুক্তি, শিক্ষা, ক্ৰীড়া আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কত ভাৰত-ইউএইৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰে
ইউএই-ত বাস কৰা ৪.৩ নিযুত ভাৰতীয়ৰ কল্যাণ নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ইউএই নেতৃত্বক ধন্যবাদ জনায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউএইৰ উপ-প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী তথা ডুবাইৰ যুৱৰাজ শ্বেখ হামদান বিন মহম্মদ বিন ৰছিদ অল মাকতুমক আদৰণি জনায়।

 


যোৱা বছৰ ইউএই ভ্ৰমণৰ কথা স্মৰণ কৰি ডুবাইত অনুষ্ঠিত ‘বিশ্ব চৰকাৰ সন্মিলন’ত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে, প্ৰধানমন্ত্ৰীয়ে ইউএই-ৰ ৰাষ্ট্ৰপতি মহামান্য মহম্মদ বিন জায়েদ অল নাহিয়ান; আৰু ইউএই-ৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ডুবাইৰ প্ৰশাসক মহামান্য মহম্মদ বিন ৰছিদ অল মাকতুমলৈ তেওঁৰ আন্তৰিক শ্ৰদ্ধা  নিবেদন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ এই ভ্ৰমণে ভাৰত আৰু ইউএইৰ মাজৰ শক্তিশালী আৰু ঐতিহাসিক সম্পৰ্কৰ প্ৰজন্মগত ধাৰাবাহিকতাকে সূচিত কৰিছে, তেওঁ পাৰস্পৰিক বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল অংশীদাৰিত্ব আৰু ভৱিষ্যতৰ বাবে এক অংশীদাৰী দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰে।

তেওঁলোকে ভাৰত-ইউএই-ৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব, বিশেষকৈ বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, শক্তি, প্ৰযুক্তি, শিক্ষা, ক্ৰীড়া আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উপায় সন্দৰ্ভত আলোচন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ইউএইত বাস কৰা প্ৰায় ৪.৩ নিযুত ভাৰতীয়ৰ কল্যাণ নিশ্চিত কৰাৰ বাবে ইউএইৰ নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজত উদ্দীপক সম্পৰ্কত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা স্বীকাৰ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence

Media Coverage

India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুন 2026
June 27, 2026

Appreciation for PM Modi's Development-Focused and People-Centric Governance