গণতান্ত্ৰিক, সুস্থিৰ, শান্তিপূৰ্ণ আৰু প্ৰগতিশীল বাংলাদেশৰ প্ৰতি ভাৰতৰ সমৰ্থন পুনৰ দোঁহাৰিলে প্ৰধানমন্ত্ৰীয়ে
হিন্দু আৰু অন্যান্য সংখ্যালঘু জনগোষ্ঠীৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন চৰকাৰক গুৰুত্ব দিয়াত জোৰ দিলে প্ৰধানমন্ত্ৰীয়ে
বাংলাদেশৰ হিন্দু আৰু সকলো সংখ্যালঘুৰ সুৰক্ষা আৰু নিৰাপত্তাৰ আশ্বাস দিলে অধ্যাপক ইউনুছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।

ফোনযোগে কৰা বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে গণতান্ত্ৰিক, সুস্থিৰ, শান্তিপূৰ্ণ আৰু প্ৰগতিশীল বাংলাদেশৰ প্ৰতি ভাৰতৰ সমৰ্থন পুনৰ দোঁহাৰে। তেওঁ বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ জৰিয়তে বাংলাদেশৰ জনসাধাৰণক সহায় কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘু জনগোষ্ঠীৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।

অধ্যাপক ইউনুছেও আশ্বাস দিয়ে যে অন্তৱৰ্তীকালীন চৰকাৰে বাংলাদেশৰ হিন্দু আৰু সকলো সংখ্যালঘু গোটৰ সুৰক্ষা আৰু নিৰাপত্তাক অগ্ৰাধিকাৰ দিব।

দুয়োগৰাকী নেতাই নিজ নিজ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ লগত সংগতি ৰাখি দ্বিপাক্ষিক সম্পৰ্কক আগুৱাই নিয়াৰ দিশতো আলোচনা কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi