দুয়োজন নেতাই দ্বিপাক্ষিক সম্পৰ্ক আগলৈও শক্তিশালী কৰি ৰখাৰ সংকল্পৰ কথা দোহাৰে
ইউক্ৰেইনত সংঘাতৰ আগতীয়া অন্ত পেলোৱাৰ সমৰ্থনত ভাৰতৰ ভূমিকাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী ফ্ৰাইডেনে
গ্ৰেণ্ড ডিউক হেনৰী আৰু প্ৰধানমন্ত্ৰী ফ্ৰাইডেনক ভাৰতলৈ আমন্ত্ৰণ জনায় প্ৰধানমন্ত্ৰীয়ে

তৃতীয়বাৰৰ বাবে পুনর্নির্বাচিত হোৱাত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীলৈ আজি অভিনন্দনবার্তা প্ৰেৰণ কৰে লুক্সেমবার্গৰ প্রধানমন্ত্রী লুক ফ্রাইডেনে।

লুক্সেমবার্গৰ প্রধানমন্ত্রীক ইয়াৰ বাবে ধন্যবাদ জনাই দুয়োখন দেশৰ মাজত বহুমুখী সহযোগিতাৰ ক্ষেত্র প্রসাৰিত হ’ব বুলি আশা প্রকাশ কৰিছে প্রধানমন্ত্রীয়ে।

শিল্প, বিনিয়োগ, দীৰ্ঘস্থায়ী অর্থনীতি, শিল্প নির্মাণ, স্বাস্থ্য, মহাকাশ আৰু মানুহৰ মাজত সংযোগৰ ক্ষেত্রসহ নানা ক্ষেত্রত দ্বিপাক্ষিক সহযোগিতাৰ সম্পর্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যত কাম কৰিবলৈ উভয় নেতাই দৃঢ় প্রত্যয় ব্যক্ত কৰিছে। ইউক্রেইন সংঘর্ষসহ আঞ্চলিক আৰু বিশ্বৰ নানা বিষয় সন্দৰ্ভত উভয় নেতাৰ মাজত আলোচনা হয়। প্রধানমন্ত্রী ফ্রাইডেনে সংঘর্ষ নিৰাময়ৰ ক্ষেত্ৰত আৰু দ্রুত শান্তি তথা স্থিতাৱস্থা ঘূৰাই আনিবলৈ ভাৰতে লোৱা ভূমিকাৰ প্রশংসা কৰে।

প্রধানমন্ত্রী ফ্রাইডেন আৰু গ্রেণ্ড ডিউক হেনৰীক ভাৰত ভ্ৰমণলৈ আমন্ত্রণো জনাইছে প্রধানমন্ত্রীয়ে।

উভয় নেতাই পাৰস্পৰিক সংযোগ অব্যাহত ৰাখিবলৈ একমত হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design

Media Coverage

India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ছেপ্টেম্বৰ 2026
September 08, 2026

Viksit Bharat, Many Engines: Defence, Diplomacy, Growth & Green Power Under PM Modi