প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিম্ফুত ভূটানৰ চতুৰ্থ ৰজা মহামান্য জিগমে সিংগিয়ে ৱাংচুকৰ সৈতে জনতাক আদৰণি জনায়।
প্ৰধানমন্ত্ৰীয়ে মহামান্য চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে তেওঁক অভিনন্দন জ্ঞাপন কৰে আৰু মহামান্য ৰজাৰ সুস্বাস্থ্য আৰু কল্যাণৰ বাবে ভাৰত চৰকাৰ আৰু জনসাধাৰণৰ হৈ শুভেচ্ছা আৰু প্ৰাৰ্থনা জনায়। প্ৰধানমন্ত্ৰীয়ে ভাৰত-ভূটানৰ বন্ধুত্ব অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত চতুৰ্থ ৰজাক তেওঁৰ নেতৃত্ব, পৰামৰ্শ আৰু নিৰ্দেশনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহ লৈ আলোচনা কৰে। এই সন্দৰ্ভত তেওঁলোকে উভয় দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে আধ্যাত্মিক আৰু সাংস্কৃতিক সম্পৰ্ক সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে।

থিম্ফুত চলি থকা বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱৰ অংশ হিচাপে চাংলিমিথাং ষ্টেডিয়ামত কালচক্ৰ দীক্ষা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা, ভূটানৰ চতুৰ্থ ৰজা আৰু ভূটানৰ প্ৰধানমন্ত্ৰীৰ সৈতে অংশগ্ৰহণ কৰে। ভূটানৰ মুখ্য মঠাধীশ মহামতি জে খেনপোৱে প্ৰাৰ্থনা উৎসৱৰ অধ্যক্ষতা কৰে।
Had a wonderful meeting with His Majesty the Fourth Druk Gyalpo. Appreciated his extensive efforts over the years towards further cementing India-Bhutan ties. Discussed cooperation in energy, trade, technology and connectivity. Lauded the progress in the Gelephu Mindfulness City… pic.twitter.com/It8O8TTYbi
— Narendra Modi (@narendramodi) November 12, 2025
མི་དབང་ མངའ་དང་རྒྱལཔོ་ འབྲུག་རྒྱལ་བཞི་པ་དང་གཅིག་ཁར་ ཞལ་འཛོམས་ལེགས་ཤོམ་ཅིག་འཚོགས་ཡི།ལོ་ངོ་མང་རབས་ཅིག་གི་རིང་ལུ་ རྒྱ་གར་དང་ འབྲུག་གི་བར་ན་ མཐུན་ལམ་སྒྲིང་སྒྲི་བཟོ་ནི་ལུ་ ཁོ་གིས་ བརྩོན་ཤུགས་སྦོམ་བསྐྱེདཔ་ད་ བསྟན་རྒྱས་བློན་པོ་ལུ་ བཀའ་དྲིན་ཆེ་ཟེར་ཞུ་ཡི། ནུས་ཤུགས་དང་ ཚོང་འབྲེལ་དང་… pic.twitter.com/UInjzuaRBQ
— Narendra Modi (@narendramodi) November 12, 2025


