প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ উদয়পুৰৰ মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত প্ৰাৰ্থনা কৰে। শ্ৰী মোদীয়ে কয় যে মোৰ প্ৰিয় ভাৰতবাসীৰ মংগল আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰ কমপ্লেক্সৰ চলি থকা কাম-কাজৰ পৰ্যালোচনা কৰে। শ্ৰী মোদীয়ে কয় যে অধিক তীৰ্থযাত্ৰী আৰু পৰ্যটকে মন্দিৰত প্ৰাৰ্থনা কৰাটো নিশ্চিত কৰাৰ লগতে ত্ৰিপুৰাৰ সৌন্দৰ্য্যও আৱিষ্কাৰ কৰাত গুৰুত্ব দিয়া হৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়ঃ
"নৱৰাত্ৰীৰ প্ৰথম দিনটোত আৰু যিসময়ত ঐশ্বৰিক দুৰ্গা পূজাৰ বতৰ চলি আছে, সেই সময়ত ত্ৰিপুৰাৰ উদয়পুৰৰ মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত প্ৰাৰ্থনা কৰাৰ সুযোগ পাইছিলোঁ। মোৰ প্ৰিয় ভাৰতবাসীৰ মংগল আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।"
On the first day of Navratri and when the divine Durga Puja season is underway, had the opportunity to pray at the Mata Tripura Sundari Temple in Udaipur, Tripura. Prayed for the well-being and prosperity of my fellow Indians. pic.twitter.com/BERCU24usZ
— Narendra Modi (@narendramodi) September 22, 2025
"মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰ কমপ্লেক্সত চলি থকা কামৰ পৰ্যালোচনা কৰিলোঁ। অধিক তীৰ্থযাত্ৰী আৰু পৰ্যটকে মন্দিৰত প্ৰাৰ্থনা কৰাটো নিশ্চিত কৰাত আমাৰ গুৰুত্ব আৰু লগতে ত্ৰিপুৰাৰ সৌন্দৰ্য্য আৱিষ্কাৰ কৰা।"


Reviewed the works at the Mata Tripura Sundari Temple Complex. Our emphasis is on ensuring more pilgrims and tourists pray at the Temple and also discover the beauty of Tripura. pic.twitter.com/MuYjKXopAD
— Narendra Modi (@narendramodi) September 22, 2025


