মহামহিম প্ৰধানমন্ত্ৰী ৱং,

দুয়োখন দেশৰ প্ৰতিনিধিসকল,

সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ!

 

কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী ৱঙক প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণলৈ আন্তৰিকতাৰে আদৰণি জনাবলৈ পোৱাৰ কথাই  মোক অতি আনন্দিত কৰিছে। এই ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো আমি এই বছৰ আমাৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন কৰিছো।

 

বন্ধুসকল,

 

যোৱা বছৰ ছিংগাপুৰ ভ্ৰমণৰ সময়ত আমি আমাৰ সম্পৰ্কক ব্যাপক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰিলোঁ। এই বছৰজোৰা কালছোৱাত আমাৰ আলোচনা আৰু সহযোগিতাই গতি তথা গভীৰতা দুয়োটাই লাভ কৰিছে।

 

আজি দক্ষিণ-পূব এছিয়া অঞ্চলত ছিংগাপুৰ আমাৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হিচাপে থিয় দিছে। ছিংগাপুৰে ভাৰতত যথেষ্ট বিনিয়োগ কৰিছে। আমাৰ প্ৰতিৰক্ষাৰ সম্পৰ্ক অধিক শক্তিশালী হৈয়েই আছে, আৰু আমাৰ জনসাধাৰণৰ সম্পৰ্ক গভীৰ তথা সজীৱ হৈ ৰৈছে।

 

আজি আমি আমাৰ অংশীদাৰিত্বৰ ভৱিষ্যতৰ বাবে এক বিশদ ৰোডমেপ তৈয়াৰ কৰিছো। আমাৰ সহযোগিতা কেৱল পৰম্পৰাগত ক্ষেত্ৰতে সীমাবদ্ধ নাথাকিব। পৰিৱৰ্তিত সময়ৰ প্ৰয়োজনীয়তা অনুসৰি উন্নত উৎপাদন, সেউজ জাহাজ প্ৰৱৰ্তন,  দক্ষতা, অসামৰিক পাৰমাণৱিক শক্তি আৰু নগৰীয়া পানী ব্যৱস্থাপনা আদিৰ ক্ষেত্ৰসমূহো  আমাৰ সহযোগিতাৰ কেন্দ্ৰবিন্দু হিচাপে আত্মপ্ৰকাশ কৰিব।

 

আমি সংকল্প লৈছো যে, আমাৰ দ্বিপাক্ষিক বাণিজ্যক আৰু অধিক ত্বৰান্বিত কৰিবলৈ আমাৰ বিস্তৃত অৰ্থনৈতিক সহযোগিতা চুক্তিৰ লগতে আছিয়ানৰ সৈতে আমাৰ মুক্ত বাণিজ্য চুক্তিৰ সময়সীমাবদ্ধ পৰ্যালোচনা কৰা হ’ব।

 

ভাৰত আৰু ছিংগাপুৰৰ মাজৰ বন্ধন সুদৃঢ় কৰাৰ ক্ষেত্ৰতো আমাৰ ৰাজ্যসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। জানুৱাৰী মাহত ৰাষ্ট্ৰপতি থাৰ্মানৰ ভাৰত ভ্ৰমণৰ সময়ত তেওঁ ওড়িশালৈও যাত্ৰা কৰিছিল। বিগত এটা বছৰত ওড়িশা, তেলেংগানা, অসম, আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰ ভ্ৰমণ কৰিছে। গুজৰাটৰ জিআইএফটি চিটিয়ে এতিয়া আমাৰ শ্বেয়াৰ বজাৰসমূহক সংযোগ কৰি আন এক যোগাযোগৰ মাধ্যম  হিচাপে আত্মপ্ৰকাশ কৰিছে।

 

বন্ধুসকল,

 

যোৱা বছৰ সমাপ্ত হোৱা অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰ সম্পৰ্কীয়  অংশীদাৰিত্ব চুক্তিয়ে গৱেষণা আৰু উন্নয়নক এক নতুন গতি প্ৰদান কৰিছে। ‘ছেমিকন ইণ্ডিয়া’ সন্মিলনত ছিংগাপুৰৰ কোম্পানীসমূহৰ উৎসাহী অংশগ্ৰহণ এক বৃহৎ তাৎপৰ্যপূৰ্ণ  বিষয়।

 

চেন্নাইত ছিংগাপুৰে নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্স ফৰ স্কিলিং স্থাপনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। এই কেন্দ্ৰটোৱে উন্নত উৎপাদনৰ ক্ষেত্ৰত এক দক্ষ কৰ্মশক্তি সৃষ্টিৰ বিষয়তো গুৰুত্ব আৰোপ কৰিব।

 

বন্ধুসকল,

প্ৰযুক্তি আৰু উদ্ভাৱন আমাৰ অংশীদাৰিত্বৰ শক্তিশালী স্তম্ভ। আমি এআই, কোৱাণ্টাম, আৰু অন্যান্য ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ সহযোগিতা সম্প্ৰসাৰণ কৰিবলৈ সন্মত হৈছো। মহাকাশ খণ্ডত আজি স্বাক্ষৰিত এই চুক্তিখনে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত আমাৰ সহযোগিতাৰ এক নতুন অধ্যায় হিচাপে চিহ্নিত কৰিছে। আমিও এই বছৰৰ শেষৰ ফালে ভাৰত-চিংগাপুৰ হেকাথনৰ পৰৱৰ্তী ৰাউণ্ড অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছো, যাতে আমাৰ যুৱক-যুৱতীসকলৰ প্ৰতিভাক সংযোগ আৰু ব্যৱহাৰ কৰিব পাৰো।

‘ইউপিআই’ আৰু ‘পেনাউ’ আমাৰ সফল ডিজিটেল সংযোগৰ উজ্জ্বল উদাহৰণ। সঁচাকৈয়ে সন্তুষ্টিৰ বিষয় যে এতিয়া ১৩টা নতুন ভাৰতীয় বেংকে এই পদক্ষেপত যোগদান কৰিছে।

আজিৰ গ্ৰীণ এণ্ড ডিজিটেল শ্বিপিং কৰিডৰৰ চুক্তিয়ে সামুদ্ৰিক খণ্ডত সেউজ ইন্ধন যোগান শৃংখল আৰু ডিজিটেল বন্দৰ নিষ্কাশনক যথেষ্ট গতি প্ৰদান কৰিব। ভাৰতে নিজৰ বন্দৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে অতি দ্ৰুতগতিত কাম কৰি আছে, আৰু এই ক্ষেত্ৰত ছিংগাপুৰৰ বিশেষজ্ঞতাৰ মূল্য অপৰিসীম। আজি আমি ছিংগাপুৰৰ এছ পি এ ইণ্টাৰনেশ্যনেলে নিৰ্মাণ কৰা ভাৰত মুম্বাই কণ্টেইনাৰ টাৰ্মিনেল ফেজ-২ উদ্বোধন কৰিলোঁ। এই মাইলৰ খুঁটিটোৱে আমাৰ কণ্টেইনাৰ পৰিচালনা ক্ষমতা আৰু অধিক বৃদ্ধি কৰিব।

 

বন্ধুসকল,

 

ছিংগাপুৰ আমাৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। আমি একেলগে আছিয়ানৰ সৈতে সহযোগিতা আগবঢ়াই যাম আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু স্থিতিশীলতাৰ বাবে আমাৰ যুটীয়া দৃষ্টিভংগীক আগুৱাই লৈ যাম।

 

সন্ত্ৰাসবাদ সন্দৰ্ভত আমাৰ উভয়ৰে  একেই উদ্বেগ আছে। আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ যে এই বিপদৰ বিৰুদ্ধে যুঁজত একত্ৰিত হোৱাটো মানৱতাক মূল্য দিয়া সকলো জাতিৰ কৰ্তব্য। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ক্ষেত্ৰত  ভাৰতবাসীৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত অটল সহায় আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী ৱং আৰু ছিংগাপুৰ চৰকাৰলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

 

মহামহিম,

 

আমাৰ সম্পৰ্ক কূটনীতিৰ বহু ওপৰলৈ গৈছে।

 

এয়া উদ্দেশ্যৰ সৈতে অংশীদাৰিত্বৰ কথা হৈ পৰিছে,

 

অংশীদাৰিত্ব প্ৰমূল্যত শিপাই আছে,

 

পাৰস্পৰিক স্বাৰ্থৰ দ্বাৰা পৰিচালিত হৈ আছে,

 

আৰু, শান্তি, প্ৰগতি তথা  সমৃদ্ধিৰ বাবে এক উমৈহতীয়া দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ আছো।

 

এই অংশীদাৰিত্বৰ প্ৰতি আপোনালোকৰ ব্যক্তিগত দায়বদ্ধতাৰ বাবে মই কৃতজ্ঞতা প্ৰকাশ কৰিছো।

 

আপোনালোকক অশেষ ধন্যবাদ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity

Media Coverage

From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 এপ্ৰিল 2026
April 27, 2026

Sabka Saath, Sabka Vikas 2.0: PM Modi Delivers Self-Reliance, Global Trade & National Pride