প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ত গুৰু ৰবিদাসক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে সন্ত গুৰু ৰবিদাসৰ ওপৰত তেওঁৰ চিন্তাধাৰাৰ বিষয়ে এটা ভিডিঅ'ও শ্বেয়াৰ কৰে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
"শ্ৰদ্ধাৰ সন্ত গুৰু ৰবিদাসজীক তেওঁৰ জয়ন্তী উপলক্ষে আন্তৰিক শুভেচ্ছা আৰু অভিবাদন জনাইছো। তেওঁ সমাজৰ পৰা বৈষম্য নিৰ্মূলৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। সেৱা, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ মনোভাৱেৰে পৰিপূৰ্ণ, তেওঁৰ বাৰ্তা সদায় সমাজৰ দুৰ্বল আৰু বঞ্চিত শ্ৰেণীৰ কল্যাণৰ বাবে পথ প্ৰদৰ্শক হৈ ৰ’ব।"
पूज्य संत गुरु रविदास जी को उनकी जन्म-जयंती पर सादर नमन और वंदन। समाज से भेदभाव के उन्मूलन के लिए उन्होंने अपना जीवन समर्पित कर दिया। सेवा, सौहार्द और भाईचारे की भावना से भरे उनके संदेश समाज के कमजोर और वंचित वर्गों के कल्याण के लिए सदैव पथ-प्रदर्शक बने रहेंगे। pic.twitter.com/iP1nGEb2oo
— Narendra Modi (@narendramodi) February 12, 2025


