১৪০ কোটি দেশবাসীক পৰিয়ালৰ সদস্য বুলি অভিহিত প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ভাষণ প্ৰদান কৰি তেওঁৰ ১৪০ কোটি ‘পৰিয়াল’ক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে এই সময়ত দেশৰ ওপৰত আস্থা শীৰ্ষত আছে। 

ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী মহান সংগ্ৰামীক প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰু সত্যাগ্ৰহ আন্দোলন আৰু ভগত সিং, সুখদেৱ, ৰাজগুৰু আৰু অসংখ্য নায়কৰ বলিদানৰ কথা স্মৰণ কৰি তেওঁ কয় যে সেই প্ৰজন্মৰ প্ৰায় সকলো লোকেই স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল।

এই স্মৰণীয় বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মুখ্য বাৰ্ষিকীসমূহৰ কথাও উল্লেখ কৰে তেওঁ। মহান বিপ্লৱী আৰু আধ্যাত্মিক ব্যক্তি শ্ৰীঅৰবিন্দৰ ১৫০ তম জন্মজয়ন্তী বৰ্ষৰ আজি সমাপ্তি ঘটে। তেওঁ স্বামী দয়ানন্দৰ জন্মজয়ন্তীৰ ১৫০ তম বৰ্ষ, ৰাণী দুৰ্গাৱতীৰ ৫০০ তম জন্ম জয়ন্তীৰ কথাও উল্লেখ কৰে আৰু এই আটাইবোৰেই যিটো অতি উলহমালহেৰে উদযাপন কৰা হ’ব বুলিও উল্লেখ কৰে। তেওঁ ভক্তি যোগ সাধ্বী মীৰাবাঈৰ ৫২৫ বছৰ পুৰণি কাহিনীৰ কথাও উল্লেখ কৰে। “পৰৱৰ্তী গণতন্ত্ৰ দিৱস হ’ব ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস।” – তেওঁ কয়। তেওঁ লগতে কয়, “বহুক্ষেত্ৰত বহুতো সুযোগ, বহুতো সম্ভাৱনা, প্ৰতিমুহূৰ্তত নতুন অনুপ্ৰেৰণা, প্ৰতিমুহূৰ্তত নতুন চেতনা, প্ৰতিটো মুহূৰ্তত সপোন দেখা, প্ৰতিটো মুহূৰ্তৰ সমাধান, ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হোৱাৰ এনে কোনো ডাঙৰ সুযোগ জীৱনলৈ আৰু কেতিয়াও নাহিবও পাৰে।” 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How ODOP is helping Pratapgarh turn its amla into a bigger business

Media Coverage

How ODOP is helping Pratapgarh turn its amla into a bigger business
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 ছেপ্টেম্বৰ 2026
September 01, 2026

#ModiHaiTohMumkinHai: Economy, Diplomacy and Atmanirbhar Milestones in One Social-Media Sweep