‘মহাবীৰ জয়ন্তী’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভগৱান’ মহাবীৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে ‘ভগৱান’ মহাবীৰে সদায় অহিংসা, সত্য আৰু সহানুভূতিত গুৰুত্ব আৰোপ কৰিছিল আৰু তেওঁৰ আদৰ্শই সমগ্ৰ বিশ্বৰ অগণন লোকক শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে যোৱা বছৰ চৰকাৰে ‘প্ৰাকৃত ভাষা’ক ‘ধ্ৰুপদী ভাষা’ৰ মৰ্যাদা প্ৰদান কৰিছিল, যি সিদ্ধান্তই যথেষ্ট প্ৰশংসা লাভ কৰিছিল।

‘এক্স’-ৰ এটা ‘পোষ্ট’-ত প্ৰধানমন্ত্ৰীয়ে কয়;

"আমি সকলোৱে ভগৱান মহাবীৰৰ ওচৰত প্ৰণিপাত জনাইছো, যিয়ে সদায় অহিংসা, সত্য আৰু সহানুভূতিত গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ আদৰ্শই সমগ্ৰ বিশ্বৰ অগণন লোকক শক্তি প্ৰদান কৰে। জৈন সম্প্ৰদায়ৰ দ্বাৰা তেওঁৰ শিক্ষাসমূহ সুন্দৰভাৱে সংৰক্ষণ আৰু জনপ্ৰিয় কৰা হৈছে। ভগৱান মহাবীৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁলোকে জীৱনৰ বিভিন্ন ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰিছে আৰু সামাজিক কল্যাণত অৰিহণা যোগাইছে।

আমাৰ চৰকাৰে ভগৱান মহাবীৰৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ সদায় কাম কৰি যাব। যোৱা বছৰ আমি প্ৰাকৃতক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছিলোঁ, যি সিদ্ধান্তই যথেষ্ট প্ৰশংসা লাভ কৰিছিল।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Startup India recognises 2.07 lakh ventures, 21.9 lakh jobs created

Media Coverage

Startup India recognises 2.07 lakh ventures, 21.9 lakh jobs created
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 ফেব্ৰুৱাৰী 2026
February 14, 2026

Fragile Five to Global Powerhouse: PM Modi's Reforms Power Healthcare Freedom, Startup Surge, and National Rebirth