প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ দুগৰাকী আগশাৰীৰ সংগ্ৰামী তিৰুপুৰ কুমাৰন আৰু সুব্ৰমণ্য শিৱালৈ তেওঁলোকৰ স্মৃতি দিৱস উপলক্ষে আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে এক্স-ৰ পৃথক-পৃথক প’ষ্টত কয়ঃ

“আজিৰ দিনটোত ভাৰত মাতাৰ দুগৰাকী সু পুত্ৰ তিৰুপুৰ কুমাৰন আৰু সুব্ৰমণ্য শিৱাক আমি স্মৰণেৰে তেওঁলোকলৈ প্ৰণাম জনাইছোঁ। তামিলনাডুৰ দুয়োগৰাকী সংগ্ৰামীয়ে ভাৰতৰ স্বাধীনতা আৰু ৰাষ্ট্ৰীয়তাবাদৰ মনোভাৱ জাগ্ৰতকৰণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

তিৰুপুৰ কুমাৰনে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনি হাতত লৈ শ্বহীদ বৰণ কৰিছিল আৰু অদম্য সাহস তথা নিস্বাৰ্থ ত্যাগৰ নিদৰ্শন দাঙি ধৰিছিল। সুব্ৰমণ্য শিৱাই স্বকীয় নিৰ্ভীক লেখা আৰু অগ্নি বৰষা ভাষণেৰে অগণন যুৱক-যুৱতীৰ মাজত সাংস্কৃতিক গৌৰৱ আৰু দেশপ্ৰেমৰ মনোভাৱৰ বীজ সিঁচিছিল।

এই দুগৰাকী মহান ব্যক্তিয়ে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ কথা আমাৰ সামূহিক স্মৃতিত সজল হৈ আছে। এই স্মৃতিয়ে ঔপনিৱেশিক শাসনৰ পৰা আমাৰ স্বাধীনতা নিশ্চিত কৰা অগণন লোকৰ সংগ্ৰাম আৰু দুখ-কষ্টৰ কথা মনত পেলাই দিয়ে। তেওঁলোকৰ এনে অৱদানে আমাক সকলোকে ৰাষ্ট্ৰীয় উন্নয়ন আৰু ঐক্যৰ দিশত কাম কৰিব যাবলৈ অনুপ্ৰাণিত কৰি আহিছে।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tariff cut to open door wider for exports, lift rupee, fund inflows: Nirmala Sitharaman

Media Coverage

Tariff cut to open door wider for exports, lift rupee, fund inflows: Nirmala Sitharaman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ফেব্ৰুৱাৰী 2026
February 04, 2026

Under PM Modi's Leadership: Digital Revolution, Trade Victories, and Economic Powerhouse Moments Redefining India