প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ৭৫সংখ্যক মৃত্যুবাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে চৰ্দাৰ পেটেলে তেওঁৰ গোটেই জীৱনটো ৰাষ্ট্ৰক একত্ৰিত কৰা আৰু একেডাল সুতাতে ভাৰতক গথাঁৰ বাবে উৎসৰ্গা কৰিছিল।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে এক সংহত আৰু শক্তিশালী ভাৰতৰ নিৰ্মাণত চৰ্দাৰ পেটেলৰ অতুলনীয় অৱদান দেশৰ সামূহিক স্মৃতিত চিৰদিনৰ বাবে খোদিত হৈ থাকিব।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে চৰ্দাৰ পেটেলৰ জীৱনে এক আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ বাবে অনুপ্ৰেৰণা অব্যাহত ৰাখিছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ লৌহ মানৱগৰাকীয়ে প্ৰদান কৰা ৰাষ্ট্ৰীয় একতাৰ ভাৱনা বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ এক শক্তিশালী উৎস হৈ আছে।

প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ৰাষ্ট্ৰ নিৰ্মাণত চৰ্দাৰ পেটেলৰ অতুলনীয় অৱদান, তেওঁৰ নিৰ্ণায়ক নেতৃত্ব আৰু ভাৰতৰ অখণ্ডতাক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিয়ে সদায় এক শক্তিশালী আৰু সক্ষম ৰাষ্ট্ৰৰ বাবে পথ প্ৰদৰ্শক শক্তি হিচাপে কাম কৰিব।

এক্সত পৃথক পোষ্টত শ্ৰী মোদীয়ে কৈছেঃ

 

 

"লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলক তেওঁৰ ৭৫সংখ্যক মৃত্যুবাৰ্ষিকীত মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। দেশখনক একত্ৰিত কৰাৰ বাবে তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। এক ঐক্যবদ্ধ আৰু শক্তিশালী ভাৰত গঢ়ি তোলাত তেওঁৰ অপৰিসীম অৱদান কৃতজ্ঞ ৰাষ্ট্ৰই কেতিয়াও পাহৰিব নোৱাৰে।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Water conservation in India: The community as custodian

Media Coverage

Water conservation in India: The community as custodian
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 মাৰ্চ 2026
March 21, 2026

Empowering Bharat Holistically: Health, Finance, Heritage & Export Growth Under the Leadership of PM Modi