অভিযন্তা দিৱসত অভিযন্তাসকললৈও শুভেচ্ছা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিৱস উপলক্ষে ছাৰ এম বিশ্বেশ্বৰায়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

শ্ৰীমোদীয়ে এই উপলক্ষে সকলো পৰিশ্ৰমী অভিযন্তালৈও শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ছাৰ এম বিশ্বেশ্বৰায়ে সকলো প্ৰজন্মক উদ্ভাৱন তথা দেশ সেৱাৰ বাবে অবিৰতভাৱে উৎসাহিত কৰি থাকিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে চলিত বছৰত তেওঁৰ চিক্কাবল্লপুৰা ভ্ৰমণৰ সময়চোৱাত ছাৰ এম বিশ্বেশ্বৰায়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ কিছু মুহূৰ্তও সহভাগ কৰে।

এক্সৰ জৰিয়তে বিনিময় কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "অভিযন্তা দিৱস উপলক্ষে আমি  সৃষ্টিশীল তথা অভিজ্ঞ অভিযন্তা ছাৰ এম বিশ্বেশ্বৰায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ সকলো প্ৰজন্মক উদ্ভাৱন আৰু দেশ সেৱাৰ বাবে অবিৰতভাৱে উৎসাহিত কৰিছে। চলিত বছৰৰ আৰম্ভণিতে মোৰ চিক্কাবল্লপুৰা ভ্ৰমণৰ সময়চোৱাত তেওঁৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰাৰ কিছু মুহূৰ্ত ইয়াত সহভাগ কৰিলোঁ।"

"অভিযন্তা দিৱস উপলক্ষে সকলো পৰিশ্ৰমী অভিযন্তালৈ শুভেচ্ছা। তেওঁলোকৰ উদ্ভাৱনী চিন্তাধাৰা আৰু নিৰলস নিষ্ঠা আমাৰ দেশৰ প্ৰগতিৰ মেৰুদণ্ড হিচাপে পৰিগণিত হৈছে। আন্তঃগাঁথনিমূলক বিস্ময়সমূহৰ পৰা আৰম্ভ কৰি প্ৰযুক্তিগত সাফল্যসমূহলৈ তেওঁলোকৰ বৰঙণিয়ে আমাৰ জীৱনৰ প্ৰতিটো দিশ স্পৰ্শ কৰিছে।" 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুলাই 2026
July 21, 2026

Self-Reliance Is No Longer a Slogan — It’s Happening Across Engines, UPI, Vaccines & FDI Under the Leadership of PM Modi