প্ৰধানমন্ত্ৰীয়ে লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ প্ৰতি নানাজী দেশমুখৰ শ্ৰদ্ধা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগীৰ কথা স্মৰণ কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নানাজী দেশমুখলৈ তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক এগৰাকী দূৰদৰ্শী সমাজ সংস্কাৰক, ৰাষ্ট্ৰ নিৰ্মাতা আৰু আত্ম-নিৰ্ভৰতা তথা গ্ৰাম্য সবলীকৰণৰ আজীৱন সমৰ্থক বুলি অভিহিত কৰে। তেখেতে কয় যে নানাজী দেশমুখৰ জীৱন পৰিক্ৰমা আছিল সমৰ্পণ, অনুশাসন আৰু সমাজ সেৱাৰ মূৰ্ত প্ৰকাশ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ পৰা নানাজী দেশমুখে গভীৰ প্ৰেৰণা লাভ কৰা সন্দৰ্ভতো আলোকপাত কৰে। তেখেতে কয় যে জেপিৰ প্ৰতি নানাজীৰ শ্ৰদ্ধা আৰু যুৱ উন্নয়ন, সেৱা তথা ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী জনতা পাৰ্টিৰ মহামন্ত্ৰী হিচাপে তেওঁৰ কাৰ্য্যকালত প্ৰদান কৰা এটা বাৰ্তাত প্ৰতিফলিত হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এলানি এক্স প’ষ্টত কয়;

“নানাজী দেশমুখলৈ তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ এগৰাকী দূৰদৰ্শী সমাজ সংস্কাৰক, ৰাষ্ট্ৰ নিৰ্মাতা আৰু আত্ম-নিৰ্ভৰতা তথা গ্ৰাম্য সবলীকৰণৰ আজীৱন সমৰ্থক আছিল। নানাজী দেশমুখৰ জীৱন পৰিক্ৰমা আছিল সমৰ্পণ, অনুশাসন আৰু সমাজ সেৱাৰ মূৰ্ত প্ৰকাশ।”

“জয়প্ৰকাশ নাৰায়ণৰ পৰা নানাজী দেশমুখে গভীৰ প্ৰেৰণা লাভ কৰিছিল। জেপিৰ প্ৰতি নানাজীৰ শ্ৰদ্ধা আৰু যুৱ উন্নয়ন, সেৱা তথা ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী জনতা পাৰ্টিৰ মহামন্ত্ৰী হিচাপে তেওঁৰ কাৰ্য্যকালত প্ৰদান কৰা এটা বাৰ্তাত প্ৰতিফলিত হৈছে।”

 

 

“Nanaji Deshmukh was deeply inspired by Loknayak JP. His reverence to JP and his vision for youth development, service and nation building can be seen in this message he shared when he was the Mahamantri of the Janata Party.”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.