প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত ৰত্ন মহামনা পণ্ডিত মদন মোহন মালব্যজীৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মালব্যজী জীৱনজুৰি মাতৃভূমিৰ সেৱাৰ প্ৰতি সমৰ্পিত হৈ আছিল। ‘দাসত্বৰ শিকলি ভাঙিবলৈ সামাজিক সংস্কাৰৰ লগতে ৰাষ্ট্ৰীয় চেতনা জাগ্ৰত কৰাত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দেশৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদান কেতিয়াও পাহৰিব নোৱাৰি’, শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰেঃ
‘ভাৰত ৰত্ন মহামনা পণ্ডিত মদন মোহন মালব্যজীলৈ তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। দাসত্বৰ শিকলি ভাঙিবলৈ সামাজিক সংস্কাৰৰ জৰিয়তে ৰাষ্ট্ৰীয় চেতনা জাগ্ৰত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দেশৰ শিক্ষা খণ্ডত তেওঁৰ অতুলনীয় অৱদান কেতিয়াও পাহৰিব নোৱাৰি’।
मातृभूमि की सेवा में आजीवन समर्पित रहे भारत रत्न महामना पंडित मदन मोहन मालवीय जी को उनकी जयंती पर आदरपूर्ण श्रद्धांजलि। उन्होंने गुलामी की जंजीरों को तोड़ने के लिए समाज सुधार के साथ राष्ट्रीय चेतना को जागृत करने में महत्वपूर्ण भूमिका निभाई। देश के शिक्षा जगत में उनका अतुलनीय… pic.twitter.com/BLtZBj7lOh
— Narendra Modi (@narendramodi) December 25, 2025


