"কৃষ্ণগুৰুজীয়ে জ্ঞান, সেৱা আৰু মানৱতাৰ প্ৰাচীন ভাৰতীয় পৰম্পৰা প্ৰচাৰ কৰিছিল"
"একনাম অখণ্ড কীৰ্ত্তনে বিশ্বক উত্তৰ-পূবৰ ঐতিহ্য আৰু আধ্যাত্মিক চেতনাৰ সৈতে পৰিচিত কৰি তুলিছে"
"১২ বছৰৰ মূৰে মূৰে এনে অনুষ্ঠান আয়োজন কৰাৰ এক প্ৰাচীন পৰম্পৰা আছে"
"বঞ্চিতসকলক অগ্ৰাধিকাৰ প্ৰদান কৰাই হৈছে আজি আমাৰ বাবে মুখ্য পথপ্ৰদৰ্শক শক্তি"
"বিশেষ অভিযানৰ জৰিয়তে ৫০ টা পৰ্যটনস্থল বিকশিত কৰা হ'ব"
"যোৱা ৮-৯ বছৰত দেশত গামোচাৰ আকৰ্ষণ আৰু চাহিদা বৃদ্ধি পাইছে"
"মহিলাসকলৰ উপাৰ্জনক তেওঁলোকৰ সৱলীকৰণৰ মাধ্যম হিচাপে গঢ়ি তুলিবলৈ, 'মহিলা সন্মান সঞ্চয় প্ৰমাণপত্ৰ' আঁচনিও আৰম্ভ কৰা হৈছে"
"মোটা শস্যক এতিয়া শ্ৰী অন্ন নামেৰে এক নতুন পৰিচয় প্ৰদান কৰা হৈছে
বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন হৈছে কৃষ্ণগুৰু সেৱাশ্ৰমত ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত কৰা এক মাহজোৰা কীৰ্তন কাৰ্যসূচী।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চযোগে অসমৰ বৰপেটাস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত অনুষ্ঠিত বিশ্ব শান্তিৰ উদ্দেশ্য আয়োজন কৰা কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত ভাষণ প্ৰদান কৰে। বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন হৈছে কৃষ্ণগুৰু সেৱাশ্ৰমত ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত কৰা এক মাহজোৰা কীৰ্তন কাৰ্যসূচী।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন বিগত এমাহ ধৰি চলি আছে। এই প্ৰসংগত তেওঁ প্ৰাচীন ভাৰতত কৃষ্ণগুৰুজীয়ে প্ৰচাৰ কৰা জ্ঞান, সেৱা আৰু মানৱতাৰ পৰম্পৰা আজিও যে চিৰস্থায়ী গতিত চলি আছে সেয়া উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে এই মহৎ অনুষ্ঠানত গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুজীৰ অৱদান আৰু তেওঁৰ শিষ্যসকলৰ প্ৰচেষ্টা স্পষ্টভাৱে দৃশ্যমান হোৱা বুলি মন্তব্য কৰে। ব্যক্তিগতভাৱে আগষ্টৰ সমাৱেশত যোগদান কৰাৰ ইচ্ছা ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে কৃষ্ণ গুৰুৰ আশীৰ্বাদ বিচাৰে যাতে তেওঁ অদূৰ ভৱিষ্যতে সেৱাশ্ৰম পৰিদৰ্শন কৰাৰ সুযোগ পায়।

কৃষ্ণগুৰুজীৰ প্ৰতি বাৰ বছৰৰ মূৰে মূৰে অখণ্ড একনাম জপৰ পৰম্পৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কৰ্তব্যৰ সৈতে আধ্যাত্মিক অনুষ্ঠান আয়োজনৰ ভাৰতীয় পৰম্পৰাৰ মূলধাৰা হিচাপে অভিহিত কৰে। "এই ঘটনাবোৰে ব্যক্তি আৰু সমাজত কৰ্তব্যবোধ পুনৰ জাগ্ৰত কৰে। বিগত বাৰ বছৰৰ ঘটনাৰ বিষয়ে আলোচনা আৰু বিশ্লেষণ কৰিবলৈ, বৰ্তমানৰ মূল্যাংকন কৰিবলৈ আৰু ভৱিষ্যতৰ বাবে এক ব্লুপ্ৰিণ্ট সৃষ্টি কৰিবলৈ লোকসকল একত্ৰিত হৈছে", প্ৰধানমন্ত্ৰীয়ে এইবুলি কয়। প্ৰধানমন্ত্ৰীয়ে কুম্ভ, ব্ৰহ্মপুত্ৰ নদীত উদযাপন কৰা পুষ্কৰম, তামিলনাডুৰ কুম্বাকোনামত মহামহম, ভগৱান বাহুবলীৰ মহামস্তকভিষেক, নীলাকুৰিঞ্জি ফুল ফুলি উঠা আদিকে ধৰি বাৰ বছৰত এবাৰ সংঘটিত হোৱা মুখ্য ঘটনাসমূহৰ উদাহৰণ দাঙি ধৰে।  একনাম অখণ্ড কীৰ্ত্তনে একেধৰণৰ শক্তিশালী পৰম্পৰা প্ৰস্তুত কৰি আছে আৰু বিশ্বক উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্য আৰু আধ্যাত্মিক চেতনাৰ সৈতে পৰিচিত কৰি তুলিছে, তেওঁ লগতে এইবুলি কয়। 

প্ৰধানমন্ত্ৰীয়ে কৃষ্ণগুৰুৰ জীৱনৰ সৈতে সম্পৰ্কিত ব্যতিক্ৰমী প্ৰতিভা, আধ্যাত্মিক উপলব্ধি আৰু অসাধাৰণ ঘটনাই আমাৰ প্ৰত্যেকজনৰ বাবে অনুপ্ৰেৰণাৰ উৎস হিচাপে কাম কৰে বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে কোনো কাম বা ব্যক্তি ডাঙৰ বা সৰু নহয়। আকৌ তেওঁ কয় যে সকলোৰে উন্নয়নৰ সৈতে (সবকা সাথ) সকলোকে (সবকা সাথ) পৰম নিষ্ঠাৰে লগত লৈ যোৱাৰ একেই মনোভাৱৰে দেশে ইয়াৰ জনসাধাৰণৰ উন্নতিৰ দিশত কাম কৰিছে। এই পৰ্যন্ত বঞ্চিত আৰু অৱহেলিত লোকসকলক দেশে সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় ৷

চলিত বৰ্ষৰ বাজেটৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বঞ্চিতসকলক অগ্ৰাধিকাৰ দিয়াৰ এই একেই উদ্দেশ্য ইয়াত পৰিলক্ষিত হৈ উঠিছে বুলি কয় ৷ উত্তৰ-পূবৰ অৰ্থনীতিত পৰ্যটনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ ৫০ টা পৰ্যটনস্থলীৰ বিকাশ আৰু উন্নীতকৰণৰ বাজেট ব্যৱস্থাৰ কথা উল্লেখ কৰে যিয়ে অঞ্চলটোক যথেষ্ট লাভান্বিত কৰিব। প্ৰধানমন্ত্ৰীয়ে গংগা বিলাস ক্ৰুজৰ বিষয়েও উল্লেখ কৰে যি অতি সোনকালেই অসমত উপস্থিত হ'ব। তেওঁ উল্লেখ কৰে যে ভাৰতীয় ঐতিহ্যৰ আটাইতকৈ মূল্যৱান সম্পদ নদীৰ পাৰত অৱস্থিত। 

প্ৰধানমন্ত্ৰীয়ে পৰম্পৰাগত দক্ষতাৰে শিল্পীসকলে কৰা কৃষ্ণগুৰু সেৱাশ্ৰমৰ কামৰ কথা উল্লেখ কৰে আৰু দেশখনে যোৱা কেইবছৰমানত পৰম্পৰাগত দক্ষতা বিকাশ আৰু শিল্পীসকলক বিশ্ববজাৰৰ সৈতে সংযুক্ত কৰাৰ ক্ষেত্ৰত ঐতিহাসিক কাম কৰিছে বুলি জানিবলৈ দিয়ে। তেওঁ বাঁহ সম্পৰ্কীয় আইন সলনি কৰা আৰু গছৰ পৰা ঘাঁহলৈ ইয়াৰ শ্ৰেণী সলনি কৰাৰ বিষয়েও অৱগত কৰে, যাৰ দ্বাৰা বাঁহৰ ব্যৱসায়ৰ পথ মুকলি হৈছে। তেওঁ কয় যে বাজেটত প্ৰস্তাৱিত 'ইউনিটী মল'বোৰে অসমৰ কৃষক, শিল্পী আৰু যুৱসকলক তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন কৰাত সহায় কৰিব। এই সামগ্ৰীবোৰ আন ৰাজ্য আৰু ডাঙৰ পৰ্যটনস্থলীৰ ইউনিটী মলত প্ৰদৰ্শন কৰা হ'ব।  প্ৰধানমন্ত্ৰীয়ে গামোচাৰ প্ৰতি থকা তেওঁৰ অনুৰাগৰ বিষয়েও কয় আৰু ই অসমৰ মহিলাসকলৰ কঠোৰ পৰিশ্ৰম আৰু দক্ষতাক অন্তৰ্ভুক্ত কৰে বুলি মন্তব্য কৰে। তেওঁ লগতে গামোচাৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে আত্মসহায়ক গোটসমূহৰ বৰ্ধিত চাহিদাৰ কথাও উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে বাজেটে এই আত্মসহায়ক গোটসমূহৰ বাবে বিশেষ ব্যৱস্থা কৰিছে। "মহিলাসকলৰ উপাৰ্জনক তেওঁলোকৰ সৱলীকৰণৰ মাধ্যম হিচাপে গঢ়ি তুলিবলৈ 'মহিলা সন্মান সঞ্চয় প্ৰমাণপত্ৰ' আঁচনিও আৰম্ভ কৰা হৈছে। মহিলাসকলে বিশেষকৈ সঞ্চয়ৰ ওপৰত অধিক সূতৰ সুবিধা লাভ কৰিব", তেওঁ এইবুলি জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱণ্টন ৭০ হাজাৰ কোটিলৈ বৃদ্ধি কৰা হৈছে আৰু আঁচনিখনৰ অধীনত নিৰ্মাণ কৰা বেছিভাগ ঘৰ পৰিয়ালৰ মহিলাৰ নামত আছে। "এই বাজেটত এনে বহুতো ব্যৱস্থা আছে, যাৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য যেনে অসম, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয়ৰ মহিলাসকল ব্যাপকভাৱে লাভান্বিত হ'ব, তেওঁলোকৰ বাবে নতুন সুযোগ সৃষ্টি কৰা হ'ব', তেওঁ লগতে কয়।

কৃষ্ণগুৰুৰ শিক্ষাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে দৈনন্দিন ভক্তিমূলক কাৰ্য্যত বিশ্বাস ৰাখি সদায় নিজৰ আত্মাৰ সেৱা কৰা উচিত। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি এই সেৱা যজ্ঞও দেশৰ এক বৃহৎ শক্তি হৈ পৰিছে। জনসাধাৰণৰ অংশগ্ৰহণৰ দ্বাৰা সফল হোৱা স্বচ্ছ ভাৰত, ডিজিটেল ইণ্ডিয়া আৰু অন্যান্য বিভিন্ন আঁচনিৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে বেটি বচাও বেটি পঢ়াও, পোষণ অভিযান, খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া, যোগ আৰু আয়ুৰ্বেদৰ দৰে আঁচনিসমূহক আগবঢ়াই লৈ যোৱাত কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু  ই দেশক অধিক শক্তিশালী কৰি তুলিব।

দেশখনে পৰম্পৰাগত শিল্পীসকলৰ বাবে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কৌশল যোজনা আৰম্ভ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। "দেশখনে এতিয়া প্ৰথমবাৰৰ বাবে এই পৰম্পৰাগত শিল্পীসকলৰ দক্ষতা বৃদ্ধিৰ সংকল্প গ্ৰহণ কৰিছে", প্ৰধানমন্ত্ৰীয়ে কৃষ্ণগুৰু সেৱাশ্ৰমক আঁচনিখনৰ বিষয়ে সজাগতা বিয়পোৱাৰ কাম কৰিবলৈ অনুৰোধ জনায়। প্ৰধানমন্ত্ৰীয়ে সেৱাশ্ৰমক মোটা শস্যৰ বিষয়েও প্ৰচাৰ কৰিবলৈ অনুৰোধ জনায় ৷ শেহতীয়াকৈ শ্ৰী অন্নৰ সৈতে 'প্ৰসাদ' প্ৰস্তুত কৰা হয় আৰু ইয়াত শ্ৰী অন্ন বুলি চিহ্নিত কৰা হয়। তেওঁ সেৱাশ্ৰম প্ৰকাশনৰ জৰিয়তে স্বাধীনতা সংগ্ৰামীসকলৰ ইতিহাস যুৱচামৰ মাজলৈ লৈ যাবলৈও আহ্বান জনায়। ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ১২ বছৰৰ পিছত পুনৰ এই অখণ্ড কীৰ্তন অনুষ্ঠিত হোৱাৰ সময়ত আমি অধিক ক্ষমতাশালী ভাৰত প্ৰত্যক্ষ কৰিম।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament on verge of history, says PM Modi, as it readies to take up women's bills

Media Coverage

Parliament on verge of history, says PM Modi, as it readies to take up women's bills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to visit Karnataka on 15th April
April 14, 2026
PM to inaugurate Sri Guru Bhairavaikya Mandira at Sri Kshetra Adichunchanagiri in Mandya
Sri Guru Bhairavaikya Mandira is a memorial dedicated to Sri Sri Sri Dr. Balagangadharanatha Mahaswamiji, the 71st Pontiff of Sri Adichunchanagiri Mahasamsthana Math
PM to also jointly release the book titled “Saundarya Lahari and Shiva Mahimna Stotram” along with former Prime Minister Shri H. D. Deve Gowda ji

Prime Minister, Shri Narendra Modi will visit Karnataka on 15th April 2026. At around 11 AM, Prime Minister will inaugurate the Sri Guru Bhairavaikya Mandira at Sri Kshetra Adichunchanagiri in Mandya district. He will also address the gathering on the occasion.

During the visit, Prime Minister will also jointly release the book titled “Saundarya Lahari and Shiva Mahimna Stotram” along with former Prime Minister Shri H. D. Deve Gowda ji.

Sri Guru Bhairavaikya Mandira is a memorial dedicated to the revered seer, Sri Sri Sri Dr. Balagangadharanatha Mahaswamiji, the 71st Pontiff of Sri Adichunchanagiri Mahasamsthana Math. Constructed in the traditional Dravidian architectural style, the Mandira stands as a tribute to the life and legacy of the late seer. The Mandira is envisioned not only as a place of reverence but also as a source of inspiration for future generations.

Sri Sri Sri Dr. Balagangadharanatha Mahaswamiji was widely respected for his lifelong commitment to social service, having established numerous educational institutions and healthcare facilities. He firmly believed that service to society is the highest form of worship, and his teachings transcended barriers of caste, creed, and region, inspiring millions.