শান্ত-সৌম্য পৰিবেশ আৰু উদ্যমৰ বাবে পৰিচিত ছিকিমত দ্ৰুত অগ্ৰগতি দেখা গৈছে : প্ৰধানমন্ত্ৰী
গোটেই বাটটোত মই লক্ষ্য কৰা এটা ভাল কথা হৈছে ছিকিমৰ ৰাস্তা-ঘাটৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা: প্ৰধানমন্ত্ৰী
চকুৱে নেদেখালৈকে কোনো জাবৰ নাই,বতাহতো পৰিষ্কাৰ-পৰিচ্ছন্নতা, ৰাস্তাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, ছিকিমৰ জনসাধাৰণ, প্ৰকৃতিৰ প্ৰকৃত ৰক্ষক, ইয়াৰ ব্ৰেণ্ড এম্বেছাদৰ: প্ৰধানমন্ত্ৰী
আমি ছিকিমত সংযোগ আৰু আন্তঃগাঁথনিৰ বিষয়ত সৰ্বাধিক গুৰুত্ব দিছো; শেহতীয়া বছৰবোৰত ইয়াত শ শ কিলোমিটাৰ ঘাইপথ নিৰ্মাণ কৰা হৈছে, প্ৰতিখন গাঁওক পথৰ সৈতে সংযোগ কৰাৰ কাম দ্ৰুতগতিত আগবাঢ়িছে: প্ৰধানমন্ত্ৰী
ছিকিমৰ বাবে সম্ভাৱনাৰ আন এক বিশাল দিগন্ত ক্ৰীড়াত নিহিত হৈ আছে;ইয়াৰ যুৱক-যুৱতীসকলে বিশাল মঞ্চত নিজৰ সামৰ্থ্য আৰু প্ৰতিভা প্ৰদৰ্শন কৰিছে: প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে এয়া নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ যে শক্তিশালী স্বাস্থ্য আন্তঃগাঁথনিৰ সমান্তৰালভাৱে মানুহে যাতে সুলভ মূল্যৰ চিকিৎসাও লাভ কৰে: প্ৰধানমন্ত্ৰী
ইয়াৰ পূৰ্বে আমি দৰিদ্ৰ লোকৰ বাবে বিনামূলীয়া স্বাস্থ্যসেৱা নিশ্চিত কৰিবলৈ আয়ুষ্মান কাৰ্ড প্ৰদান কৰিছিলোঁ; এতিয়া এই সুবিধা ৭০ বছৰ আৰু ততোধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ সম্প্ৰসাৰিত কৰা হৈছে, ঔষধ অতি সুলভ মূল্যত জন ঔষধি কেন্দ্ৰত পোৱা যায় : প্ৰধানমন্ত্ৰী
ছিকিমৰ জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ আৰ্হিয়ে সমগ্ৰ দেশৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিছে : প্ৰধানমন্ত্ৰী
ছিকিমৰ জীৱনশৈলী আৰু ছিকিমৰ সংকল্প আজি দেশৰ দৃষ্টিভংগীৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে  সহস্ৰাধিক কোটি টকাৰ ৩০ টাৰো অধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ তথা  উদ্বোধন কৰে। 

পালজোৰ ষ্টেডিয়ামত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ সৈতে থকা তেওঁৰ গভীৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰে। অৰ্কিড বাগিচা ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰকৃতিৰ স্পন্দনশীল ৰং আৰু উচ্ছলতাই তেওঁক মোহিত কৰিছে। ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ বিষয়ত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে অৰ্কিড বাগিচা নামেৰে পৰিচিত ছিকিমৰ অতুলনীয় সৌন্দৰ্য্যই শান্তি আৰু আধ্যাত্মিক আনন্দ প্ৰদান কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে, "এই অভিজ্ঞতা কেৱল মহান সৌভাগ্যৰ বাবেহে  সম্ভৱ । মোৰ মন এতিয়াও সেই ৰংবোৰ আৰু ইয়াৰ উদযাপনত নিমগ্ন হৈ আছে।"

প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ ৫০ বছৰীয়া যাত্ৰাক অনন্য পৰিৱেশত উদযাপন কৰাৰ তাৎপৰ্যৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। যেতিয়া কোনো অনুষ্ঠান ইমান ঐতিহাসিক হয় আৰু ইমান ঐশ্বৰিক পৰিৱেশত সংঘটিত হয়, তেতিয়া ইয়াৰ ভৱিষ্যৎ বহুগুণে বৃদ্ধি পায়। তেওঁ মন্তব্য কৰে যে সাংস্কৃতিক অনুষ্ঠান, শিল্পীসকলৰ মন্ত্ৰমুগ্ধকৰ অভিনয়, জনসাধাৰণৰ উৎসাহ, পাহাৰ আৰু আকাশৰ মনোমোহা দৃশ্যই পালজৰ ষ্টেডিয়ামত এক যাদুকৰী পৰিৱেশৰ সৃষ্টি কৰিছিল। "প্ৰকৃতি আৰু সংস্কৃতি যেন একেলগে সজীৱ হৈ উঠিছে। এই স্মৃতিবোৰ মোৰ হৃদয়ত চিৰদিনৰ বাবে ৰৈ যাব।"- শ্ৰী মোদীয়ে কয় ।

 

 ছিকিমত উপস্থিত হৈ   সুখ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ ভ্ৰমণৰ কথা মনত পেলায়,  যেতিয়া বেয়া বতৰৰ বাবে তেওঁ গেংটকত  উপস্থিত হোৱাত  বাধাৰ সৃষ্টি হৈছিল  আৰু বাগডোগ্ৰাৰ পৰা অনলাইন সংযোগ স্থাপন কৰিবলগীয়া হৈছিল। সেইসময়ত মানুহক  ব্যক্তিগতভাৱে লগ নোপোৱাৰ দুখ তেওঁৰ লগত থাকি গ’ল আৰু তেওঁ এই সুযোগৰ বাবে অপেক্ষা কৰি আছিল। শ্ৰী মোদীয়ে কয় যে সেই অপেক্ষাৰ  আজি এই অনুষ্ঠানৰ জৰিয়তে অন্ত পৰিছে। ।

প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ জনসাধাৰণক লগ পোৱাৰ অনন্য অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে, যিসকলৰ   সৰলতা, হাঁহিমুখীয়া মুখবোৰে তেওঁৰ মনলৈ সদায় শান্তি কঢ়িয়াই আনে। মূল অনুষ্ঠানৰ পূৰ্বে তেওঁ ছিকিমৰ বিশিষ্ট নাগৰিক, পদ্ম বঁটা বিজয়ী, শিল্পী, ফুটবলাৰকে ধৰি কেইবাজনো প্ৰতিভাৱান লোকক লগ পায় আৰু তেওঁলোকৰ সৈতে  বিভিন্ন বিষয়ত আলোচনা কৰে । শ্ৰী মোদীয়ে মন্তব্য কৰে যে ছিকিমৰ জনসাধাৰণক লগ পোৱাৰ কথাই তেওঁক  সদায় এক বেলেগ ধৰণৰ সন্তুষ্টি দিয়ে।

পূর্বৰ সন্ধিয়াৰ ৰ’ডশ্ব’ৰ কথা   স্মৰণ কৰি প্রধানমন্ত্রীয়ে ইয়াক এক অবিস্মৰণীয় অভিজ্ঞতা বুলি অভিহিত কৰে৷ গঞ্জু লামা দ্বাৰৰ পৰা লোক ভৱনলৈকে ছিকিমৰ জনসাধাৰণে বিশাল সংখ্যাত মৰম ঢালি দিছিল, ইয়াত ২১টা জনগোষ্ঠীৰ লোকে  অংশগ্ৰহণ কৰিছিল, প্ৰত্যেকে নিজস্ব সাজ-পোছাক পৰিধান কৰিছিল, সংগীত, পৰম্পৰা সকলো উদ্ভাসিত হৈ উঠিছিল। সমগ্ৰ পৰিৱেশটো এক বৃহৎ উৎসৱলৈ ৰূপান্তৰিত হৈছিল। "দৃষ্টিভংগীটো আছিল প্ৰকৃতিৰ কোলাত উদ্ভাসিত হৈ উঠা বিভিন্ন ৰঙৰ দৰে, মানুহৰ হাতে হাতে  প্ৰিয় ত্ৰিৰংগা আৰু ভাৰত মাতা কি জয় তথা  বন্দে মাতৰমৰ ধ্বনি  প্ৰতিধ্বনিত হৈছিল ; সমগ্ৰ পৰিৱেশত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱ প্ৰতিফলিত হৈছিল।" শ্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে বৃহৎ সংখ্যক মহিলা, শিশু, আৰু বৃদ্ধ নাগৰিকৰ উপস্থিতিৰ কথাও  লক্ষ্য কৰে। আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল গোটেই পথটোত তেওঁৰ মন যিটো বিষয়ে  আকৰ্ষণ কৰিছিল সেয়া আছিল ছিকিমৰ ৰাস্তা-ঘাটৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, ক’তো আৱৰ্জনা দেখা নগ’ল আৰু বতাহ তথা  পথ উভয়তে কেৱল  বিশুদ্ধতাই বিৰাজ কৰিছিল।  শ্ৰী মোদীয়ে  এইবুলি প্ৰশংসা  কৰে- আপোনালোকেই  প্ৰকৃতিৰ অটল ৰক্ষক আৰু ব্ৰেণ্ড এম্বেছাদৰ।

ৰোডশ্ব’ আৰু  শেহতীয়া  উদযাপনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে সকলো নাগৰিক আৰু শিল্পীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ছিকিমৰ জনসাধাৰণ তথা দেশবাসীক এই উৎসৱৰ বাবে  অভিনন্দন জনায়। সমাৱেশত শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে, "মই আপোনালোকক আশ্বস্ত কৰিছো যে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ এই ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত মই কোনো য'তি পৰিবলৈ নিদিও "

ছিকিমৰ এই যাত্ৰাক ঐতিহ্যৰ সমান্তৰালকৈ মানৱীয় মূল্যবোধ আৰু উন্নয়নৰ যাত্ৰা বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে এই যাত্ৰাক আগুৱাই নিয়াৰ ক্ষেত্ৰত একাধিক প্ৰজন্মৰ প্ৰচেষ্টাক স্বীকাৰ কৰে। ছিকিমৰ ঐতিহ্য সংৰক্ষণ আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰে সম্পূৰ্ণ সততাৰে কাম কৰি আছে। চৰকাৰৰ বাবে ছিকিম আৰু উত্তৰ-পূব কেৱল দেশৰ গুৰুত্বপূৰ্ণ অংশ নহয় , বৰঞ্চ ই  ভাৰতৰ ‘অষ্ট লক্ষ্মী’ক প্ৰতিনিধিত্ব কৰে। শ্ৰী মোদীয়ে কয় যে, "সেইবাবেই 'এক্ট ইষ্ট' নীতিৰ বিষয়ত কাম কৰাৰ সময়ত আমি উত্তৰ-পূবৰ বাবে 'এক্ট ফাষ্ট'ৰ সংকল্পও গ্ৰহণ কৰিছো।"

 

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে আজি  ইয়াত  হাজাৰ হাজাৰ কোটিৰ ৩০টাতকৈও অধিক প্ৰকল্প উদ্বোধন কৰা হৈছে  আৰু আধাৰশিলা স্থাপন কৰা হৈছে। য’ত পথ, বিদ্যুৎ, পৰ্যটন, স্বাস্থ্য, আৰু শিক্ষা খণ্ড সামৰি লোৱা হৈছে। ২০২৩ চনৰ পিছত উত্তৰ ছিকিম অঞ্চলসমূহত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে, বিশেষকৈ  সংযোগ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত। শ্ৰী মোদীয়ে কয় যে য’তেই ইয়াৰ প্ৰভাৱ পৰিছে তাতেই সংযোগ শক্তিশালী কৰাত মনোনিৱেশ কৰিছো।

পৰ্যটন অৰ্থনীতিক ছিকিমৰ সৰ্বোচ্চ শক্তি হিচাপে চিহ্নিত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ ভৌগোলিক অঞ্চলৰ এক শতাংশতকৈও কম অঞ্চল  সামৰি থকাৰ পিছতো ছিকিমত দেশৰ ২৫ শতাংশতকৈও অধিক ফুলৰ বৈচিত্ৰ্য, প্ৰায় ৫০০ বিধ  চৰাইৰ প্ৰজাতি, প্ৰায় ৭০০ পখিলাৰ প্ৰজাতি, সুন্দৰ বনাঞ্চলৰ আৱৰণ আৰু সুন্দৰ কাঞ্চনজংঘা  আছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ইমানবোৰ উপাদান থকাৰ বাবেই সকলোৱে বাৰে বাৰে ছিকিম ভ্ৰমণ কৰিব বিচাৰে।

প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ছিকিমৰ পৰ্যটনে বৃহৎ সংখ্যক লোকক আয়ৰ সুবিধা প্ৰদান কৰিছে আৰু পৰ্যটন তেতিয়াহে বিকশিত হয় যেতিয়া এখন ৰাজ্যৰ আন্তঃগাঁথনি উৎকৃষ্ট হয়। শেহতীয়া বছৰবোৰত ইয়াত শ শ কিলোমিটাৰ পথ  নিৰ্মাণ কৰা হৈছে  আৰু প্ৰতিখন গাঁৱলৈ পথ সম্প্ৰসাৰণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। এসময়ত কল্পনা কৰিব নোৱাৰা আধুনিক আন্তঃগাঁথনি এতিয়া বাস্তৱত পৰিণত হৈছে। শ্ৰী মোদীয়ে কয় যে সেইবাবেই আমি ছিকিমৰ সংযোগ আৰু আন্তঃগাঁথনিৰ বিষয়ত অধিক গুৰুত্ব দিছো।

বৃহৎ সংযোগ প্ৰকল্পসমূহৰ বিষয়ত  আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে বাগডোগ্ৰা-গেংটক এক্সপ্ৰেছৱে আৰু ছেভোক-ৰংপো ৰে’ল লাইনে  ছিকিমক সমগ্ৰ দেশৰ সৈতে সংযোগ কৰা গুৰুত্বপূৰ্ণ মাধ্যম  হিচাপে উল্লেখ কৰে। নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে আৰু গেংটকৰ দৰে চহৰত ৰিং ৰোডৰ দৰে ভৱিষ্যতৰ অত্যাৱশ্যকীয় প্ৰকল্পসমূহো আগবাঢ়িছে। শ্ৰী মোদীয়ে কয় যে এইবোৰ দিশত  কাম আগবাঢ়িছে।

২০০৮-০৯ চনত অনুমোদন লাভ কৰা যদিও কোনো  কাম নোহোৱাকৈ ফাইলতে  আবদ্ধ হৈ থকা ছেভোক-ৰংপো ৰে’ল লাইনৰ উদাহৰণ  উল্লেখ কৰি  তেওঁ  কয় যে বৰ্তমানৰ চৰকাৰখন কেন্দ্ৰত ক্ষমতালৈ অহাৰ পিছত উন্নয়নে পুনৰ গতি লাভ কৰিছে। শ্ৰী মোদীয়ে  কয় যে প্ৰথমবাৰৰ বাবে ৰে’লৱে ছিকিমত উপস্থিত হৈছে।

পৰ্যটনক প্ৰসাৰিত কৰাৰ বাবে নতুন ধাৰণাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ভলেধুংগা, য়েন-য়েং  আৰু পেলিঙত ৰ’পৱে নিৰ্মাণৰ লগতে ভলেডুংগাত নিৰ্মাণ হৈ থকা স্কাইৱাক আৰু চিংশ্ব’ৰ দলঙত গ্লাছ ডেক স্কাইৱাকৰ প্ৰস্তুতিৰ বিষয়ক  উদ্ভাৱনী চিন্তাৰ উদাহৰণ হিচাপে আলোকপাত কৰে। নাথুলা আৰু নামলীৰ দৰে ঠাইত সীমান্তৰ সুবিধা  বৃদ্ধিৰ বাবেও কাম  চলিছে । শ্ৰী মোদীয়ে আশ্বাস দিয়ে যে এই প্ৰচেষ্টাসমূহে আপোনালোকৰ জীৱন সহজ কৰি তুলিব, পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিব, আপোনালোকৰ আয় বৃদ্ধি কৰিব  আৰু অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে ছিকিমত ইক’-ৱেলনেছ পৰ্যটনৰ বিশাল পৰিসৰৰ কথাও উল্লেখ কৰে।  যি কথা  চৰকাৰে সক্ৰিয়ভাৱে প্ৰচাৰ কৰি আছে। স্থানীয় লোকসকলৰ বাবে সৰ্বোচ্চ পৰ্যটন আয় নিশ্চিত কৰিবলৈ ১০০০টা হোমষ্টে নিৰ্মাণ কৰা হৈছে আৰু দুঃসাহসিক পৰ্যটনৰ বাবে আন্তঃগাঁথনি সমৰ্থন কৰা হৈছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আমি স্থানীয় জনগোষ্ঠীসমূহৰ বাবে পৰ্যটনৰ পৰা পোনপটীয়াকৈ লাভান্বিত  হোৱাৰ সুযোগ সৃষ্টি কৰিছো।

ছিকিমৰ বাবে অপৰিসীম সম্ভাৱনাৰ আন এক পথ হিচাপে ক্ৰীড়াৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ফুটবল, বক্সিং আৰু ধনুৰ্বিদৰ বিশাল মঞ্চত নিজৰ সামৰ্থ্য আৰু প্ৰতিভা প্ৰমাণ কৰি ৰাজ্য আৰু দেশ উভয়ৰে বাবে গৌৰৱ কঢ়িয়াই অনা যুৱক-যুৱতীসকলক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে আপোনালোকৰ যুৱ প্ৰতিভাই ছিকিম আৰু ভাৰতক গৌৰৱান্বিত কৰিছে।

ইতিমধ্যে ৰাজ্য আৰু দেশলৈ গৌৰৱ কঢ়িয়াই অনা ছিকিমৰ ব্যতিক্ৰমী ক্ৰীড়া প্ৰতিভাক লালন-পালন কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ‘খেলো ইণ্ডিয়া’ আৰু ‘ফিট ইণ্ডিয়া’ আন্দোলনৰ জৰিয়তে চৰকাৰৰ বহুমুখী পন্থাৰ বিষয়ত  আলোকপাত কৰে। ৰাজ্যিক ক্ৰীড়া একাডেমীৰ সক্ৰিয়তা  আৰু ছিকিম প্ৰিমিয়াৰ লীগৰ দৰে অনুষ্ঠানৰ প্ৰচাৰৰ সমান্তৰালভাৱে যশ  লাল প্ৰধানৰ নামেৰে এখন অত্যাধুনিক বক্সিং একাডেমী আৰু সংহত ক্ৰীড়া আৰু সাংস্কৃতিক গাঁওকে ধৰি আগন্তুক প্ৰকল্পসমূহৰ সৈতে ৰাজ্যখনে বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনি প্ৰদান কৰিবলৈ সাজু হৈছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এইবোৰে ছিকিমৰ যুৱক-যুৱতীসকলক উন্নত সুবিধা প্ৰদান কৰিব আৰু তেওঁলোকৰ ক্ৰীড়াত আৰু অধিক উজ্জ্বল হোৱাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি উদ্বোধন কৰা প্ৰকল্পসমূহত স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কেইবাটাও ডাঙৰ কাম অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ এনে এটা সময়ৰ কথা মনত পেলায়,  যেতিয়া স্বাস্থ্য সেৱা অতি সীমিত আছিল, যি কথাই আনকি পৰ্যটককো  ভ্ৰমণৰ ক্ষেত্ৰত  বাধা দিছিল। কিন্তু এতিয়া   যি পৰিৱৰ্তন হৈছে  সেই বিষয়ত তেওঁ আলোকপাত কৰে। শ্ৰী মোদীয়ে কয় যে আজি সেই প্ৰত্যাহ্বানৰো অন্ত পৰিছে।

স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ বিশদ বিৱৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমান ছিকিমত প্ৰায় ২০০টা আয়ুষ্মান  আৰোগ্য মন্দিৰৰ লগতে চাৰিখন জিলা চিকিৎসালয়, তৃতীয় পৰ্যায়ৰ যত্ন ল'ব পৰা চিকিৎসালয়, আৰু সুস্থতা কেন্দ্ৰ য’ত হাজাৰ হাজাৰ লোক আয়ুষৰ সুবিধাৰ দ্বাৰা উপকৃত হৈছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘ড্ৰেজং নামগ্যাল সোৱা ৰিগপা হাস্পতাল উদ্বোধনৰ লগে লগে ছিকিমৰ স্বাস্থ্যসেৱা ব্যৱস্থাই অতিৰিক্ত গতি  লাভ কৰিব।

 

স্বাস্থ্য আন্তঃগাঁথনিৰ সমান্তৰালকৈ সুলভ মূল্যৰ চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে বিভিন্ন পদক্ষেপ সম্পৰ্কে  আলোকপাত কৰে। প্ৰথম অৱস্থাত দৰিদ্ৰ লোকসকলক বিনামূলীয়া চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছিল  আৰু এতিয়া এই সুবিধা ৭০ বছৰ আৰু ততোধিক  বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে, আনহাতে জন ঔষধী কেন্দ্ৰত অতি সুলভ মূল্যত ঔষধ উপলব্ধ হৈছে । শ্ৰী মোদীয়ে কয় যে এই প্ৰচেষ্টাসমূহে আপোনালোকৰ জীৱন সহজ কৰি তোলাই নহয়, চিকিৎসাৰ খৰচো হ্ৰাস কৰিছে।

প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে অৰ্থনৈতিক প্ৰগতি আৰু সম্পদৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী দ্ৰুতগতিত সলনি হৈছে, এতিয়া বিশ্বজুৰি বহনক্ষম জীৱনশৈলী, স্বচ্ছ শক্তি আৰু জৈৱিক খাদ্যৰ বিষয়ত  গুৰুত্ব দিয়া হৈছে। তেওঁ উত্তৰ-পূব আৰু ছিকিম এই ভৱিষ্যতৰ বৃদ্ধিৰ প্ৰধান কেন্দ্ৰ হিচাবে পৰিগণিত হোৱা বুলি  সুখ প্ৰকাশ কৰি ছিকিমে সমগ্ৰ দেশক দিশ দেখুৱাইছে বুলিও উল্লেখ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ২০১৬ চনত ছিকিমে নিজকে সম্পূৰ্ণ জৈৱিক ৰাজ্য হিচাপে ঘোষণা কৰিছিল, যি কথাই  দেশৰ বাবে এক আদৰ্শ দাঙি ধৰিছিল।

জৈৱিক কৃষিৰ ক্ষেত্ৰত ছিকিমৰ অগ্ৰণী প্ৰচেষ্টাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ডেমাজং এতিয়া কেৱল ধান উৎপাদনৰ বাবেই নহয়, জৈৱিক ধানৰ বাবেও পৰিচিত।  ইয়াৰ  ইলাচি, আদা, হালধি , এভোকেডো, কিৱিয়ে ৰাষ্ট্ৰীয় তথা  আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰাৰ বিপৰীতে শ শ প্ৰজাতিৰ ঔষধি উদ্ভিদ স্থানীয় লোকৰ বাবে আয়ৰ উৎস হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে প্ৰাকৃতিক কৃষিক প্ৰসাৰিত কৰাৰ বাবে এটা জৈৱিক প্ৰক্ৰিয়াকৰণ প্ৰকল্প স্থাপন কৰা হৈছে, যাৰ ফলত কৃষকসকলে প্ৰত্যক্ষভাৱে বজাৰত প্ৰৱেশৰ সুবিধা লাভ কৰিছে। শ্ৰী মোদীয়ে কয়, "ছিকিমৰ জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ আৰ্হি সমগ্ৰ দেশৰ বাবে এক প্ৰেৰণা। আপোনালোকৰ জীৱনশৈলী আৰু সংকল্প দেশৰ দৃষ্টিভংগীৰ অংশ হৈ পৰিছে।"

ছিকিমৰ অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত আত্মসহায়ক গোট আৰু মহিলাৰ উল্লেখযোগ্য ভূমিকাৰ কথা  স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সামগ্ৰীসমূহ বৃহৎ বজাৰত প্ৰৱেশৰ ক্ষেত্ৰত সহায় কৰাত ডিজিটেল ইণ্ডিয়াই কেনেদৰে মুখ্য ভূমিকা পালন কৰি আহিছে সেই বিষয়ে আলোকপাত কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে 'স্বয়ম ছিকিম'ৰ দৰে মঞ্চই আজি এই মহিলাসকলক সবল কৰি তুলিছে।

 

প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ শক্তিৰ ক্ষেত্ৰত ছিকিমৰ বিশাল সম্ভাৱনাৰ কথাও উল্লেখ কৰে, যিটো পৰিৱেশ সংৰক্ষণৰ বাবে  ব্যৱহাৰ কৰিব লাগিব। পৰিৱেশ সংৰক্ষণ ছিকিমৰ মানুহৰ স্বভাৱত আছে বুলি স্বীকাৰ কৰি তেওঁ ‘এক পেড় মা কে নাম’ ৰ পদক্ষেপ আৰু স্থানীয়ভাৱে পৰিচালিত ‘মেৰো ৰুখ মেৰো সন্ততি’ পদক্ষেপত তেওঁলোকৰ অংশগ্ৰহণক প্ৰশংসা কৰে।  যাৰ অধীনত প্ৰতিটো শিশুৰ জন্মৰ সময়ত ১০৮টা গছপুলি  ৰোপণ কৰা হয়। শ্ৰী মোদীয়ে কয় যে এই পদক্ষেপ সমগ্ৰ বিশ্বৰ বাবে এক প্ৰেৰণা বুলি মই বিশ্বাস কৰোঁ।

সকলোকে একে নিষ্ঠাৰে পৰিৱেশ সংৰক্ষণৰ  প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে ইয়াক পৰৱৰ্তী প্ৰজন্মৰ বাবে সংৰক্ষণ কৰিব লাগিব আৰু ই  এক ঐতিহ্য বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে  কয় যে এয়া আমাৰ উত্তৰাধিকাৰ যিটো আমি ভৱিষ্যত প্ৰজন্মৰ বাবে ৰক্ষা কৰিব লাগিব।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে বিকশিত  ভাৰতৰ সপোনত অৰিহণা যোগোৱাৰ বাবে সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়। এই সংকল্পৰে ছিকিমক নতুন উচ্চতালৈ লৈ যোৱাৰ দায়বদ্ধতাৰ কথা  প্ৰকাশ কৰি তেওঁ এই উপলক্ষ্যে  পুনৰবাৰ সকলোকে অভিনন্দন জনায়। শ্ৰী মোদীয়ে তেওঁৰ ভাষণৰ এনেদৰে সামৰণি মাৰে, "আপোনালোক সকলোৰে উজ্জ্বল ভৱিষ্যত আৰু অবিৰত সমৃদ্ধি কামনা কৰিলোঁ।"

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Zojila Tunnel achieves final breakthrough at 11,578 feet, bringing Kashmir-Ladakh link closer

Media Coverage

Zojila Tunnel achieves final breakthrough at 11,578 feet, bringing Kashmir-Ladakh link closer
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses gratitude to Deputy Chairman of Rajya Sabha Shri. Harivansh Ji for his wishes
June 10, 2026

Prime Minister Shri Narendra Modi today expressed heartfelt gratitude to Deputy Chairman of Rajya Sabha, Shri. Harivansh Ji for his wishes. The Prime Minister stated that this occasion gives the inspiration to work for the country with even greater dedication, loyalty, and commitment.

Shri Modi emphasized that with the mantra of 'Sabka Saath, Sabka Vikas', the government is committed to the all-round development of India.

The Prime Minister posted on X:

"शुभकामनाओं के लिए आपका हृदय से आभार माननीय हरिवंश जी। यह अवसर देश के लिए और अधिक समर्पण, निष्ठा एवं प्रतिबद्धता के साथ कार्य करने की प्रेरणा देता है। 'सबका साथ, सबका विकास' के मंत्र के साथ हम भारतवर्ष के चौतरफा विकास के लिए प्रतिबद्ध हैं।

@harivansh1956"