প্ৰায় ১০,০০০ কোটি টকা ব্যয়সাপেক্ষ কেবাটাও অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
"আমি স্বচ্ছ ভাৰতৰ দহ বছৰ উপলক্ষে পৰিষ্কাৰ-পৰিচ্ছন্নতাক 'জন আন্দোলন' হিচাপে গঢ়ি তোলাৰ বাবে ১৪০ কোটি ভাৰতীয়ৰ অটল মনোভাৱক অভিবাদন জনাইছোঁ"
"ক্লীন ইণ্ডিয়া’ হৈছে এই শতিকাত বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু সফল প্ৰাপ্ত গণ আন্দোলন"
"স্বচ্ছ ভারত মিছন’-য়ে দেশৰ সাধাৰণ লোকসকলৰ জীৱনত যি প্ৰভাৱ পেলাইছে সেয়া অমূল্য"
"স্বচ্ছ ভারত অভিযান’ৰ ফলত মহিলাসকলৰ মাজত সংক্ৰামক ৰোগৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে"
"পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বৰ্ধিত সন্মানৰ বাবে দেশত বৃহৎ মনঃস্তাত্বিক পৰিৱৰ্তন সাধিত হৈছে"
"এতিয়া পৰিষ্কাৰ-পৰিচ্ছন্নতা সমৃদ্ধিৰ এক নতুন পথ হৈ উঠিছে"
"স্বচ্ছ ভাৰত অভিযান’-য়ে ‘চক্ৰীয় অৰ্থনীতি’ক নতুন গতি প্ৰদান কৰিছে"

‘স্বচ্ছ ভাৰত অভিযান’ৰ শুভাৰম্ভৰ ১০ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত ১৫৫ সংখ্যক গান্ধী জয়ন্তীত উপলক্ষে আয়োজিত ‘স্বচ্ছ ভাৰত দিৱস ২০২৪’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে ‘অম্ৰুত’ আৰু ‘অম্ৰুত ২.০’, ‘ৰাষ্ট্ৰীয় পৰিষ্কাৰ গংগা আৰু গোবৰ্ধন আঁচনি’ৰ অধীনৰ প্ৰকল্পকে ধৰি ৯৬০০ কোটি টকাৰ কেবাটাও অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে আৰু আন কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ‘স্বচ্ছতা হী সেৱা ২০২৪’ৰ বিষয়বস্তু হৈছে 'স্বাভৱ স্বচ্ছতা, সংস্কাৰ স্বচ্ছতা'।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে পূজ্য বাপু আৰু লাল বাহাদুৰ শাস্ত্ৰীজীৰ জন্ম বাৰ্ষিকীৰ কথা উল্লেখ কৰে আৰু আই ভাৰতীৰ পুত্ৰসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজিৰ অনুষ্ঠানটো মহাত্মা গান্ধী আৰু অন্যান্য মহান ব্যক্তিসকলৰ সপোনবোৰ বাস্তৱায়িত কৰাৰ বাবে এক অনুপ্ৰেৰণাদায়ক অনুষ্ঠান।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ মন কৰ্তব্যবোধেৰে ভৰি আছে যদিও ২ অক্টোবৰত তেওঁ একে সময়তে আৱেগিক হৈয়ো উঠে। ‘স্বচ্ছ ভাৰত অভিযান’ৰ ১০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয়, "স্বচ্ছ ভাৰত অভিযান’ৰ যাত্ৰা কোটি কোটি ভাৰতীয়ৰ অটল প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতীক।" তেওঁ বিগত ১০টা বছৰত এই আন্দোলনে লাভ কৰা ব্যাপক জনসমৰ্থনৰ কথা উল্লেখ কৰি কয় যে দেশৰ প্ৰতিগৰাকী নাগৰিকে ইয়াক তেওঁলোকৰ নিজৰ লক্ষ্য কৰি লৈছে- তেওঁলোকৰ জীৱনৰ এটা অংগ কৰি লৈছে। স্বচ্ছ ভাৰতে ১০ বছৰীয়া মাইলৰ খুঁটি প্ৰতিষ্ঠা কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ‘স্বচ্ছ ভাৰত মিছন’ক এক বৃহৎ ৰাজহুৱা আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত ‘চাফাইমিত্ৰ’, ধৰ্মীয় নেতা, খেলুৱৈ, ‘চেলিব্ৰিটী’, বেচৰকাৰী সংগঠন আৰু সংবাদ মাধ্যমৰ প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ লগতে শ্ৰমদানৰ ৰূপত ‘স্বচ্ছ ভাৰত’ৰ প্ৰতি ভাৰতৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা অৱদানৰ কথাও উল্লেখ কৰে আৰু দেশবাসীক অনুপ্ৰেৰণা যোগোৱাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে আজি গাঁও, চহৰ আৰু কলনীসমূহত সম্পাদিত হোৱা অসংখ্য পৰিচ্ছন্নতামূলক কাৰ্যকলাপৰ কথা উল্লেখ কৰে আৰু ৰাজ্যৰ মন্ত্ৰী, নেতা আৰু প্ৰতিনিধিসকলৰ সক্ৰিয় অংশগ্ৰহণৰ কথাও উল্লেখ কৰে। তেওঁ জানিবলৈ দিয়ে যে ‘স্বচ্ছতা পখৱাড়া’-ৰ এই সংস্কৰণত ‘স্বচ্ছতা হী সেৱা’ কাৰ্যসূচীত কোটি কোটি লোকে অংশগ্ৰহণ কৰিছে, তেওঁ কয় যে ‘সেৱা পখৱাড়া’ৰ ১৫টা দিনত সমগ্ৰ দেশতে ২৮ কোটি লোকৰ অংশগ্ৰহণেৰে ২৭ লাখতকৈয়ো অধিক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। ভাৰতক পৰিষ্কাৰ কৰি ৰখাৰ বাবে নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰতিগৰাকী নাগৰিকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

আজিৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিটোৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিচ্ছন্নতা সম্পৰ্কীয় প্ৰায় ১০,০০০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে। তেওঁ লগতে কয় যে 'মিছন অমৃত'ৰ অংশ হিচাপে বহুতো চহৰত পানী আৰু নৰ্দমা শোধন প্ৰকল্প স্থাপন কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নমামী গঙ্গেই হওঁক বা জৈৱিক আৱৰ্জনাক জৈৱগেছলৈ ৰূপান্তৰ কৰা ‘গোবৰ্ধন প্ৰকল্প’ই হওঁক, এইসকলোবোৰ প্ৰকল্পই ‘স্বচ্ছ ভাৰত অভিযান’ক এক নতুন উচ্চতালৈ লৈ যাব। "স্বচ্ছ ভাৰত অভিযান যিমানেই সফল হ'ব আমাৰ দেশ সিমানেই উজ্জ্বল হ'ব", শ্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ১০০০ বছৰৰ পাছতো ‘স্বচ্ছ ভাৰত অভিযান’ স্মৰণীয় হৈ থাকিব যেতিয়া ভাৰত সন্দৰ্ভত অধ্যয়ন কৰা হ'ব। "স্বচ্ছ ভাৰত অভিযান’ হৈছে জনসাধাৰণৰ অংশগ্ৰহণ আৰু জননেতৃত্বৰ সৈতে এই শতিকাৰ আটাইতকৈ ডাঙৰ আৰু সফল জন আন্দোলন", শ্ৰী মোদীয়ে কয়। তেওঁ লগতে কয় যে এই অভিযানে তেওঁৰ সন্মুখত মানুহৰ প্ৰকৃত শক্তি আৰু সম্ভাৱনা প্ৰকাশিত কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা জনশক্তিৰ উপলব্ধিৰ উৎসৱ হৈ উঠিছে। প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে ‘স্বচ্ছতা অভিযান’ আৰম্ভ হোৱাৰ সময়ত লাখ লাখ লোকে কেনেকৈ হাত উজান দিছিল, সেয়া বিবাহেই হওঁক বা ৰাজহুৱা অনুষ্ঠানেই হওঁক বা আন কোনো ঠাইতেই হওঁক, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাৰ্তা কাৰ্যকৰীভাৱে বিয়পি পৰিছিল। তেওঁ কয় যে এনে কিছুমান উদাহৰণ আছে য'ত বৃদ্ধ মাতৃসকলে শৌচাগাৰ নিৰ্মাণৰ বাবে তেওঁলোকৰ গৰু বিক্ৰী কৰিছিল, কিছুমান মহিলাই তেওঁলোকৰ ‘মঙ্গলসূত্ৰ’ বিক্ৰী কৰিছিল, কিছুমানে আকৌ তেওঁলোকৰ মাটি বিক্ৰী কৰিছিল, কিছুমান অৱসৰপ্ৰাপ্ত শিক্ষকে তেওঁলোকৰ পেঞ্চন দান কৰিছিল, কিছুমান অৱসৰপ্ৰাপ্ত সেনাকৰ্মীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানৰ বাবে তেওঁলোকৰ অৱসৰৰ সুবিধা দান কৰিছিল। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে যদি মন্দিৰ বা যিকোনো অনুষ্ঠানত এই একেটা অনুদানকে দিয়া হল হয় তেন্তে বাতৰি কাকতৰ এক মুখ্য শিৰোনাম হ'লহেঁতেন। তেওঁ লগতে কয় যে লাখ লাখ লোক যে আছে, যাৰ মুখ কেতিয়াও টিভিত দেখুওৱা হোৱা নাছিল বা তেওঁলোকৰ নাম কেতিয়াও যে বাতৰি কাকতত প্ৰকাশ কৰা হোৱা নাছিল, যিসকলে এই অভিযান সফল কৰিবলৈ তেওঁলোকৰ ধন আৰু মূল্যৱান সময় দান কৰিছিল দেশে তেওঁলোকৰ বিষয়ে জানিব লাগিব। শ্ৰী মোদীয়ে কয় যে এই সকলোবোৰ উদাহৰণে ভাৰতৰ চৰিত্ৰকে প্ৰতিফলিত কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে যেতিয়া তেওঁ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ আহ্বান জনাইছিল বহুলোকে বজাৰ কৰিবলৈ যাওঁতে মৰাপাট আৰু কাপোৰৰ মোনা ব্যৱহাৰ কৰাৰ পৰম্পৰাক পুনৰুজ্জীৱিত কৰিছিল। তেওঁ একক ব্যৱহাৰযোগ্য প্লাষ্টিক উৎপাদনৰ সৈতে জড়িত উদ্যোগসমূহৰ লগতে হাতত হাত মিলাই এই পদক্ষেপক সমৰ্থন কৰাৰ বাবে জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ জ্ঞাপন কৰে। তেওঁ এই অভিযানলৈ সমৰ্থন আগবঢ়োৱা ৰাজনৈতিক দলসমূহকো ধন্যবাদ জনায়।

 

প্ৰধানমন্ত্ৰীয়ে চলচ্চিত্ৰৰ ৰূপত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত যোৱা ১০টা বছৰত ভাৰতৰ চলচ্চিত্ৰ উদ্যোগে আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে আৰু কয় যে এনে কাম কেৱল এবাৰেই নহয়, এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সম্পন্ন কৰিব লাগিব। তেওঁ তেওঁৰ মন কী বাত কাৰ্যসূচীত বিভিন্ন জনে গ্ৰহণ কৰা উদ্যোগৰ নিদৰ্শনেৰে প্ৰায় ৮০০ বাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰসংগ উত্থাপন কৰাৰ কথা উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে আজি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত জনসাধাৰণৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি কয়, "স্বাধীনতা সংগ্ৰামৰ সময়ত মহাত্মা গান্ধীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পথ দেখুৱাইছিল", প্ৰসংগক্ৰমে তেওঁ ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা পূৰ্বৰ চৰকাৰসমূহে স্বচ্ছতাৰ প্ৰতি অৱহেলা কৰাৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয় যিসকলে মহাত্মা গান্ধীক তেওঁলোকৰ ৰাজনৈতিক লাভালাভ আৰু ভোট বেংকৰ বাবে ব্যৱহাৰ কৰিছিল তেওঁলোকে এতিয়া তেওঁৰ আগ্ৰহৰ বিষয়টো পাহৰি গৈছে। তেওঁ কয় যে বিগত সময়ছোৱাত অপৰিচ্ছন্নতা আৰু শৌচালয়ৰ অভাৱক কেতিয়াও ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰা হোৱা নাছিল। প্ৰধানমন্ত্ৰীয়ে কয়, ইয়াৰ ফলতে সমাজত এই সন্দৰ্ভত কোনো আলোচনাই হোৱা নাছিল আৰু অপৰিচ্ছন্নতা জীৱনৰ এক অংগ হৈ উঠিছিল। তেওঁ লালকিল্লাৰ প্ৰাচীৰৰ পৰা এই বিষয়টো উত্থাপন কৰাৰ পিছত সমালোচনাৰ সন্মুখীন হোৱাৰ কথাও স্মৰণ কৰে। তেওঁ কয়, "প্ৰধানমন্ত্ৰীৰ প্ৰথম প্ৰাথমিকতা হৈছে সাধাৰণ নাগৰিকৰ জীৱন সহজসাধ্য কৰি তোলা", তেওঁ শৌচালয় আৰু ‘ছেনিটাৰী পেড’ৰ বিষয়ে কথা পতাটো তেওঁৰ দায়িত্ব বুলিয়েই গুৰুত্ব আৰোপ কৰিছিল। তেওঁ লগতে কয় যে ইয়াৰ ফলাফল আজি প্ৰত্যক্ষ কৰিব পৰা গৈছে।

 

দহ বছৰ আগলৈকে শৌচালয়ৰ অভাৱৰ বাবে ভাৰতৰ জনসংখ্যাৰ ৬০ শতাংশতকৈয়ো অধিক লোকে মুকলিস্থানত শৌচ কৰিবলৈ বাধ্য হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই মানৱীয় মৰ্যাদাৰ বিৰোধী আৰু দেশৰ দৰিদ্ৰ, দলিত, জনজাতীয় আৰু পিছপৰা সম্প্ৰদায়ৰ প্ৰতি অসন্মানজনক কথা যি এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ অব্যাহত আছিল। শ্ৰী মোদীয়ে শৌচালয়ৰ অভাৱৰ বাবে মাতৃ, ভগ্নী আৰু কন্যাসকলৰ দুখ-কষ্টৰ কথা উল্লেখ কৰে আৰু লগতে তেওঁলোকৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি থকা ভাবুকিৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে মুকলিত শৌচ কৰাৰ ফলত লেতেৰা পদাৰ্থই শিশুসকলৰ জীৱন বিপদাপন্ন কৰি তুলিছিল আৰু শিশু মৃত্যুৰ অন্যতম মুখ্য কাৰণ হৈ আহিছিল।

 

এনে অনাকাংক্ষিত পৰিস্থিতিত ৰাষ্ট্ৰৰ বাবে অব্যাহত ৰখাটো কঠিন বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে তেওঁলোকে সিদ্ধান্ত লৈছে যে বিষয়বোৰ আগৰ দৰে অব্যাহত নাথাকিব। তেওঁ লগতে কয় যে এই চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় আৰু মানৱীয় প্ৰত্যাহ্বান হিচাপে গণ্য কৰিছিল আৰু ইয়াৰ সমাধানৰ বাবে এক অভিযান আৰম্ভ কৰিছিল আৰু ইয়াতেই স্বচ্ছ ভাৰত মিছনৰ বীজ ৰোপণ কৰা হৈছিল। তেওঁ লগতে কয় যে মুহূৰ্তৰ ভিতৰতে কোটি কোটি ভাৰতীয়ই আশ্চৰ্যকৰ কাম কৰি দেখুৱাইছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশত ১২ কোটিতকৈয়ো অধিক শৌচালয় নিৰ্মাণ কৰা হৈছে আৰু শৌচাগাৰে সামৰা পৰিসৰ পূৰ্বৰ ৪০ শতাংশৰ ঠাইত এতিয়া ১০০ শতাংশত উপনীত হৈছেহি।

 

প্ৰধানমন্ত্ৰীয়ে দেশৰ সাধাৰণ জনসাধাৰণৰ জীৱনত ‘স্বচ্ছ ভাৰত অভিযান’ৰ প্ৰভাৱ অমূল্য বুলি উল্লেখ কৰে। ৱাশ্বিংটনৰ ‘আন্তৰ্জাতিক খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠান’, ‘কেলিফৰ্ণিয়া বিশ্ববিদ্যালয় আৰু ওহাইঅ' ষ্টেট ইউনিভাৰ্ছিটী’ৰ বিজ্ঞানীসকলে যুটীয়াভাৱে চলোৱা এখন বিখ্যাত আন্তঃৰাষ্ট্ৰীয় আলোচনীৰ শেহতীয়া অধ্যয়নৰ উদ্ধৃতি দি শ্ৰী মোদীয়ে কয় যে ‘স্বচ্ছ ভাৰত মিছন’-য়ে প্ৰতি বছৰে ৬০ ৰ পৰা ৭০ হাজাৰ শিশুৰ জীৱন ৰক্ষা কৰি অহাৰ কথা পোহৰলৈ আহিছে। তেওঁ লগতে কয় যে ‘বিশ্ব স্বাস্থ্য সংস্থা’-ৰ মতে, ২০১৪ ৰ পৰা ২০১৯ চনৰ ভিতৰত ৩ লাখ লোকৰ প্ৰাণ ৰক্ষা কৰা হৈছিল, যিবোৰ ডায়েৰিয়াৰ ফলত হেৰাই গ'লহেঁতেন। ‘ইউনিচেফ’-ৰ প্ৰতিবেদনৰ উদ্ধৃতি দি তেওঁ উল্লেখ কৰে যে ঘৰে ঘৰে শৌচালয় নিৰ্মাণৰ ফলত এতিয়া ৯০ শতাংশৰো অধিক মহিলাই সুৰক্ষিত অনুভৱ কৰিছে আৰু ‘স্বচ্ছ ভাৰত মিছন’-ৰ সুবাদত সংক্ৰমণৰ ফলত হোৱা মহিলাৰ ৰোগো যথেষ্ট হ্ৰাস পাইছে। শ্ৰী মোদীয়ে লগতে কয় যে লাখ লাখ বিদ্যালয়ত ছোৱালীৰ বাবে পৃথক শৌচালয় নিৰ্মাণৰ ফলত ‘ড্ৰপআউট’-ৰ হাৰ হ্ৰাস পাইছে। ‘ইউনিচেফ’-ৰ আন এক অধ্যয়নৰ উদ্ধৃতি দি তেওঁ উল্লেখ কৰে যে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে প্ৰতি বছৰে গাঁওসমূহৰ পৰিয়ালবোৰে গড়ে ৫০ হাজাৰ টকা ৰাহি কৰি আহিছে যিবোৰ আগতে ৰোগ নিৰাময়ৰ বাবে ব্যয় কৰিবলগীয়া হৈছিল।

‘স্বচ্ছ ভাৰত মিছন’-য়ে সম্ভৱ কৰা জনসজাগতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গোৰখপুৰত মগজুৰ জ্বৰৰ ফলত শিশু মৃত্যুৰ উদাহৰণ দাঙি ধৰে যাক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ জৰিয়তে গুৰুত্ব আৰোপ কৰি সেয়া নিৰাময় কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পৰিচ্ছন্নতাৰ প্ৰতি সন্মান বৃদ্ধিয়ে দেশলৈ এক বৃহৎ মনঃস্তাত্বিক পৰিৱৰ্তন আনিছে। তেওঁ ‘স্বচ্ছ ভাৰত মিছন’-য়ে অনা চিন্তাধাৰাৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰে আৰু পৰিষ্কাৰ কৰাৰ কামত জড়িত লোকসকলৰ উদাহৰণ দিয়ে যাক আগতে নিন্দা কৰা হৈছিল। "যেতিয়া পৰিষ্কাৰকৰোঁতাসকলে সন্মান লাভ কৰে, তেওঁলোকেও দেশ সলনি কৰাত তেওঁলোকৰ ভূমিকাৰ বাবে গৌৰৱান্বিত অনুভৱ কৰিবলৈ লৈছে। স্বচ্ছ ভাৰত অভিযানে লাখ লাখ ‘চাফাই মিত্ৰ’ৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে", ‘চাফাই মিত্ৰ’সকলৰ বাবে এক সন্মানীয় জীৱন আৰু সুৰক্ষাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰী মোদীয়ে ‘চেপ্টিক টেংক’ত ‘মেনুৱেল’ প্ৰৱেশৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰাৰ কথা কয় আৰু জনায় যে চৰকাৰে এই ক্ষেত্ৰত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সৈতে একেলগে কাম কৰি আছে। "আমি পেছাদাৰী আৰু ‘ষ্টাৰ্টআপ’সমূহকো উৎসাহিত কৰি আছো", তেওঁ লগতে কয়।

 

স্বচ্ছ ভাৰত অভিযানৰ ব্যাপক ভাৱে বিস্তাৰিত পৰিসৰৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে এয়া কেৱল এক পৰিচ্ছন্নতামূলক কাৰ্যসূচী নহয় আৰু আজি পৰিচ্ছন্নতাই সমৃদ্ধিৰ এক নতুন পথ সৃষ্টি কৰিছে।

 

তেওঁ লগতে কয় যে ‘স্বচ্ছ ভাৰত অভিযানে’ও দেশত বৃহৎ পৰিমাণে নিযুক্তিৰ সৃষ্টি কৰি আছে আৰু বিগত বছৰবোৰত কোটি কোটি শৌচালয় নিৰ্মাণৰ ফলত বহুতো খণ্ড লাভান্বিত হৈছে আৰু বহু লোক নিয়োজিত হৈছে। তেওঁ লগতে কয় যে মিস্ত্ৰী, ‘প্লাম্বাৰ’, শ্ৰমিকৰ দৰে বহুলোকে গাঁৱত নিযুক্তি লাভ কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ‘ইউনিচেফ’-য়ে অনুমান কৰিছে যে এই অভিযানৰ ফলত প্ৰায় ১.২৫ কোটি লোকে কিবা নহয় কিবা প্ৰকাৰে নিযুক্তি লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে নতুন প্ৰজন্মৰ মহিলা মিস্ত্ৰী ‘স্বচ্ছ ভাৰত অভিযান’-ৰ এক বৃহৎ সাফল্য আৰু আমাৰ যুৱপ্ৰজন্মই স্বচ্ছ-প্ৰযুক্তিৰ জৰিয়তে উন্নত চাকৰি আৰু উন্নত সুযোগ লাভ কৰিছে। তেওঁ লগতে কয় যে বৰ্তমান স্বচ্ছ-প্ৰযুক্তিৰ সৈতে সম্পৰ্কিত প্ৰায় ৫ হাজাৰ ষ্টাৰ্ট-আপ-ৰ পঞ্জীয়ন কৰা হৈছে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে পানী আৰু অনাময় খণ্ডত বহুতো নতুন সুযোগ সৃষ্টি কৰা হৈছে, সেয়া লাগিলে আৱৰ্জনাৰ পৰা সম্পদেই হওক, আৱৰ্জনা সংগ্ৰহেই হওক আৰু পৰিবহন, পানীৰ পুনৰ ব্যৱহাৰ আৰু পুনৰাবৃত্তিয়েই হওক। তেওঁ লগতে কয় যে এই দশকটোৰ শেহৰ ফালে এই ক্ষেত্ৰত ৬৫ লাখ নতুন চাকৰি সৃষ্টি হ'ব বুলি অনুমান কৰা হৈছে আৰু ‘স্বচ্ছ ভাৰত মিছন’-য়ে নিশ্চিতভাৱে ইয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

"স্বচ্ছ ভাৰত মিছন’-য়ে ভাৰতৰ চক্ৰীয় অৰ্থনীতিক এক গুৰুত্বপূৰ্ণ উৎসাহ প্ৰদান কৰিছে", প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিয়ালসমূহৰ পৰা উৎপন্ন হোৱা আৱৰ্জনা এতিয়া মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হৈছে। তেওঁ কয় যে ঘৰুৱা আৱৰ্জনাৰ পৰা পচন সাৰ, জৈৱ গেছ, বিদ্যুৎ আৰু পথ নিৰ্মাণত ব্যৱহৃত কাঠকয়লাৰ দৰে সামগ্ৰী উৎপাদন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘গোবৰ্ধন যোজনা’ৰ সফলতা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে, যি গ্ৰাম্য আৰু নগৰাঞ্চলত পৰিৱৰ্তনৰ এক গুৰুত্বপূৰ্ণ চালিকাশক্তি হৈ আহিছে আৰু ‘গোবৰ্ধন যোজনা’ৰ অধীনত গাঁওসমূহত শ শ জৈৱ গেছ প্ৰকল্প স্থাপন কৰা হৈছে বুলি জানিবলৈ দিয়ে, য'ত পশুৰ আৱৰ্জনা জৈৱ গেছলৈ ৰূপান্তৰিত কৰা হৈছে। তেওঁ আৰু কয় যে দেশজুৰি শ শ ‘কম্প্ৰেছড বায়োগেছ প্ৰকল্প’ও স্থাপন কৰা হৈছে। আজি কেবাটাও নতুন ‘চিবিজি’ প্ৰকল্প উদ্বোধন কৰা হয় আৰু এই পদক্ষেপক অধিক সম্প্ৰসাৰিত কৰাৰ বাবে নতুন প্ৰকল্পও স্থাপন কৰা হয়।

ভৱিষ্যতৰ প্ৰত্যাহ্বানৰে মোকাবিলা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অৰ্থনীতি আৰু নগৰায়নৰ দ্ৰুত গতিৰ পৰিৱৰ্তনৰ সৈতে খাপ খোৱাত গুৰুত্ব আৰোপ কৰে। তেওঁ দ্ৰুত নগৰায়ন আৰু আৱৰ্জনাৰ উৎপাদন প্ৰতিৰোধৰ বাবে দক্ষ আৱৰ্জনা ব্যৱস্থাপনা নিশ্চিত কৰাৰ বাবে ৰণনীতি প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ নিৰ্মাণক্ষেত্ৰত প্ৰযুক্তিৰ বিকাশৰ প্ৰয়োজনীয়তাতো গুৰুত্ব আৰোপ কৰে যিয়ে শূন্য বা ন্যূনতম আৱৰ্জনা নিষ্কাশন নিশ্চিত কৰা ‘হাউছিং কমপ্লেক্স’ৰ বাবে পুনৰ্ব্যৱহাৰযোগ্য সামগ্ৰী আৰু আৰ্হিৰ ব্যৱহাৰত সহায় কৰিব। শ্ৰী মোদীয়ে পানীৰ অপব্যৱহাৰ নকৰা আৰু ব্যৱহাৰৰ আগতে বৰ্জিত পানী শোধন কৰাটো নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণত গুৰুত্ব আৰোপ কৰে। ‘নমামী গঙ্গে মিছন’-ক নদী পৰিষ্কাৰণৰ আৰ্হি বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গংগা নদী আজি যথেষ্ট পৰিষ্কাৰ। তেওঁ ‘অমৃত মিছন’ আৰু ‘অমৃত সৰোবৰ’ৰ পদক্ষেপৰ কথা উল্লেখ কৰি এই পদক্ষেপে যথেষ্ট পৰিৱৰ্তন আনিছে বুলি মন্তব্য কৰাৰ লগতে পানী সংৰক্ষণ, শোধন আৰু নদীৰ পৰিচ্ছন্নতাৰ বাবে নতুন প্ৰযুক্তিত নিৰন্তৰ বিনিয়োগত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পৰ্যটনৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত আলোকপাত কৰি উল্লেখ কৰে যে পৰিষ্কাৰ পৰ্যটন স্থল আৰু ঐতিহ্যক্ষেত্ৰসমূহে দৰ্শনাৰ্থীৰ অভিজ্ঞতা বৃদ্ধি কৰিব পাৰে। তেওঁ কয় যে আমাৰ পৰ্যটন ক্ষেত্ৰ, বিশ্বাসৰ স্থান আৰু ঐতিহ্যক্ষেত্ৰসমূহ পৰিষ্কাৰ আৰু ভালদৰে ৰক্ষণাবেক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ। 

 

বিগত দশকটোত হোৱা অগ্ৰগতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "স্বচ্ছ ভাৰত’ৰ এই দহটা বছৰত আমি যথেষ্ট সফলতা অৰ্জন কৰিছোঁ, কিন্তু আমাৰ লক্ষ্য এতিয়াও সম্পূৰ্ণ হোৱা নাই। প্ৰকৃত পৰিৱৰ্তন তেতিয়াহে সম্ভৱ হয় যেতিয়া প্ৰতিগৰাকী নাগৰিকে পৰিষ্কাৰ-পৰিচ্ছন্নতাক তেওঁলোকৰ কৰ্তব্য আৰু দায়িত্ব হিচাপে গ্ৰহণ কৰে।" প্ৰধানমন্ত্ৰী মোদীয়ে ‘স্বচ্ছ ভাৰত অভিযান’ৰ প্ৰতি চৰকাৰৰ অটল প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা পুনৰ ব্যক্ত কৰে আৰু এক পৰিষ্কাৰ ভাৰত গঢ়াৰ বাবে প্ৰতিগৰাকী নাগৰিকৰ নিৰন্তৰ অংশগ্ৰহণৰ আহ্বান জনায়। তেওঁ কয় যে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লক্ষ্য এদিনীয়া কথা নহয়, বৰঞ্চ এক জীৱনজোৰা ৰীতি-নীতিহে আৰু ইয়াক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগবঢ়াই নিব লাগিব। পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰতিগৰাকী নাগৰিকৰ প্ৰবৃত্তি হ'ব লাগিব আৰু এই কাম প্ৰতিদিনে কৰা উচিত", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ পৰৱৰ্তী প্ৰজন্মৰ সন্তানসকলক ভাৰত সঁচাকৈয়ে পৰিষ্কাৰ নোহোৱালৈকে এই প্ৰয়াস বন্ধ নকৰিবলৈ আহ্বান জনায়। 

প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰসমূহক জিলা, খণ্ড, গাঁও আৰু স্থানীয় পৰ্যায়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পদক্ষেপ ৰূপায়ণ কৰি তেওঁলোকৰ প্ৰচেষ্টা তীব্ৰতৰ কৰিবলৈও আহ্বান জনায়। তেওঁ জিলা আৰু খণ্ডসমূহত আটাইতকৈ পৰিষ্কাৰ বিদ্যালয়, চিকিৎসালয় আৰু কাৰ্যালয়ৰ বাবে প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰো পৰামৰ্শ দিয়ে। তেওঁ কয় যে পৌৰসভাসমূহে সু-ৰক্ষণাবেক্ষণ কৰাৰ লগতে ৰাজহুৱা শৌচালয় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰণালীবোৰ যাতে পুৰণি প্ৰথালৈ ঘূৰি নাযায় সেয়া নিশ্চিত কৰিব লাগিব। তেওঁ স্থানীয় সংস্থাসমূহক অনাময় আন্তঃগাঁথনি আৰু ইয়াৰ ৰক্ষণাবেক্ষণক প্ৰাথমিকতা দিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে সকলো নাগৰিকক ঘৰত, তেওঁলোকৰ চুবুৰীয়া বা কৰ্মক্ষেত্ৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ সংকল্প ল'বলৈ উৎসাহিত কৰে। "আমি যিদৰে আমাৰ উপাসনাস্থলীসমূহ পৰিষ্কাৰ কৰোঁ, আমি আমাৰ চাৰিওফালৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি একেই ভক্তিৰ অনুভূতি জাগ্ৰত কৰিব লাগিব", তেওঁ বিকশিত ভাৰতৰ দিশত আগবঢ়া যাত্ৰাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ভূমিকাৰ সন্দৰ্ভত আলোকপাত কৰি কয়। ভাষণৰ সামৰণি মাৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে উদ্দেশ্যসমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আস্থা ব্যক্ত কৰে আৰু নাগৰিকসকলক নতুন শক্তি আৰু উৎসাহেৰে মহাত্মা গান্ধীৰ নীতি অনুসৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহ্বান জনায়।

 

কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী মনোহৰ লাল খট্টৰ, কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী চি আৰ পাটিল, কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী তোখন চাহু আৰু কেন্দ্ৰীয় জল শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ ৰাজভূষণ চৌধুৰী অনুষ্ঠানটোত উপস্থিত আছিল।

 

পটভূমি

 

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৯৬০০ কোটি টকাৰো অধিক মূল্যৰ অনাময় আৰু পৰিচ্ছন্নতা সম্পৰ্কীয় কেবাটাও প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে আৰু আন কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াত অন্তৰ্ভুক্ত আছে ৬,৮০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প, যাৰ উদ্দেশ্য হ'ল অম্ৰুত আৰু অম্ৰুত ২.০ ৰ অধীনত নগৰীয়া পানী আৰু নৰ্দমা প্ৰণালী সংখ্যা বৃদ্ধি কৰা, ১৫৫০ কোটি টকাৰো অধিক মূল্যৰ ১০টা প্ৰকল্প, ‘ৰাষ্ট্ৰীয় পৰিষ্কাৰ গংগা অভিযান’-ৰ অধীনত গংগা অৱবাহিকা অঞ্চলত পানীৰ মান উন্নত কৰা আৰু ১৩৩২ কোটি টকাৰো অধিক মূল্যৰ জৈৱগেছ (চিবিজি) প্ৰকল্প।

 

‘স্বচ্ছ ভাৰত দিৱস’ কাৰ্যসূচীত ভাৰতৰ দশকজোৰা অনাময় সাফল্য আৰু শেহতীয়াকৈ সমাপ্ত হোৱা ‘স্বচ্ছতা হী সেৱা অভিযান’ৰ সাফল্যসমূহ প্ৰদৰ্শন কৰা হৈছে। ই এই ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে মঞ্চও নিৰ্ধাৰণ কৰিব। ইয়াত স্থানীয় চৰকাৰী সংস্থা, মহিলা গোট, যুৱ সংগঠন আৰু সম্প্ৰদায়সমূহৰ নেতাসকলৰ দেশজুৰি অংশগ্ৰহণ অন্তৰ্ভুক্ত থাকিব যাতে সম্পূৰ্ণ স্বচ্ছতাৰ আত্মা ভাৰতৰ প্ৰতিটো কোণতে উপনীত হয়গৈ।

 

স্বচ্ছতা হী সেৱা ২০২৪ৰ বিষয়বস্তু, 'স্বাভৱ স্বচ্ছতা, সংস্কাৰ স্বচ্ছতা', পৰিষ্কাৰ পৰিচ্ছন্নতা, জনস্বাস্থ্য আৰু পাৰিপাৰ্শ্বিক স্থিৰতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাই দেশবাসীক পুনৰ একত্ৰিত কৰিছে। স্বচ্ছতা হী সেৱা ২০২৪-ৰ অধীনত ১৭ কোটিৰো অধিক লোকৰ ৰাজহুৱা অংশগ্ৰহণেৰে ১৯.৭০ লাখৰো অধিক কাৰ্যসূচী সম্পূৰ্ণ কৰা হৈছে। প্ৰায় ৬.৫ লাখ পৰিচ্ছন্নতা লক্ষ্য গোটৰ ৰূপান্তৰণৰ লক্ষ্য প্ৰাপ্ত কৰা হৈছে। প্ৰায় ১ লাখ ‘চাফাই মিত্ৰ’ সুৰক্ষা শিৱৰৰো আয়োজন কৰা হৈছে, যাৰ ফলত ৩০ লাখতকৈয়ো অধিক ‘চাফাই মিত্ৰ’ উপকৃত হৈছে। লগতে, ‘এক পেড় মা কে নাম অভিযান’ৰ অধীনত ৪৫ লাখৰো অধিক গছপুলি ৰোপণ কৰা হৈছে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
After two decades, tiger cheer for Arunachal’s D’Ering Memorial Wildlife Sanctuary

Media Coverage

After two decades, tiger cheer for Arunachal’s D’Ering Memorial Wildlife Sanctuary
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s speech during the 45th anniversary celebrations of The Art of Living in Bengaluru
May 10, 2026

श्रद्धेय श्री श्री रविशंकर जी, यहां उपस्थित अन्य सभी संतजन, भाइयों और बहनों, एल्लारिगू नमस्कारा।

आज की ये सुबह एक अलग अनुभूति लेकर आई है। बच्चों के वैदिक मंत्रों से स्वागत, भगवान श्री गणेश के दर्शन, श्री श्री रविशंकर जी के 70 वर्ष, और Art of Living के 45 वर्ष, ये ऐसे पल हैं, जो हमेशा मेरी स्मृतियों में रहेंगे। इस अद्भुत समारोह में आमंत्रित करने के लिए मैं आप सभी का आभारी हूं।

अभी गुरूदेव ने बहुत कुछ बताया, आपको लगता होगा वो मेरी तारीफ कर रहे थे, लेकिन मुझे लग रहा था कि वो मुझे काम बता रहे थे। आपने सही कहा कि मेरा धन्यवाद नहीं हो सकता, आप ही का हूँ, आप ही के बीच आया और आप ही के लिए आया हूँ, और जहां हूँ वहां भी आप ही के कारण हूं। आज गुरूदेव के 70 साल का ये कार्यक्रम है, लेकिन मैं चाहूंगा जब मैं घर का ही हूं तो सामने से कह देता हूं, कि जब आपका शताब्दी समारोह होगा तब मैं भी फिर से एक बार आऊंगा।

आज दिव्य और भव्य, ध्यान मंदिर का लोकार्पण हुआ है। जब संकल्प स्पष्ट हो और सेवा भाव से कार्य किया जाए, तो हर प्रयास का सुखद परिणाम मिलता है। बाकि कुछ हो या न हो, हम सब लोटस की छत्रछाया में हैं। जैसे जैसे समझ आता जाए, ताली बजाते जाइये। और गुरू देव के आशीर्वाद हैं, तो फिर लोटस की छत्रछाया ही देश को नई ऊंचाईयों पर ले जाएगी। मैं आर्ट ऑफ लिविंग परिवार को इस ध्यान मंदिर के लिए अनेक-अनेक शुभकामनाएं देता हूं।

साथियों,

बेंगलुरू का माहौल, यहां का वातावरण, कुछ अलग ही होता है। ये शहर software और services के लिए दुनिया भर में जाना जाता है। लेकिन भारत की सांस्कृतिक पहचान, Spirituality, आध्यात्मिक चेतना को भी इस शहर ने नई ऊंचाई दी है। योग, ध्यान, प्राणायाम, भारत के संस्कारों का अभिन्न हिस्सा रहे हैं। और जैसा गुरूजी ने कहा, आज दुनिया भर के लोग भारत के इन आध्यात्मिक संस्कारों से प्रभावित हैं, और इन्हीं पुरातन संस्कारों से भारत की भी अनेक संस्थाओं को प्रेरणा मिलती रही है।

साथियों,

इसी प्रेरणा से श्री श्री रविशंकर जी ने, 45 वर्ष पहले आर्ट ऑफ लिविंग के रूप में एक बीज बोया था। आज वो एक विशाल वटवृक्ष के रूप में हमारे सामने है। इस वटवृक्ष की हजारों शाखाएं दुनिया भर में अनगिनत लोगों के जीवन को स्पर्श कर रही हैं। और मुझे विदेश में जहां-जहां जाना पड़ता है सरकारी काम के लिए, तो कोई न कोई आप वाला मिल ही जाता है।

साथियों,

हमारा भारत विविधताओं से भरा देश है। इतनी भाषाएं, इतनी परंपराएं, अलग रीति-रिवाज, उपासना के अलग-अलग तरीके, जब हम इसे देखते हैं तो एक स्वाभाविक प्रश्न हम सबके मन में आता है। आखिर इन सभी सुंदर विविधताओं को जोड़ने वाला मूल तत्व क्या है? इसका उत्तर है- स्वयं के लिए नहीं बल्कि दूसरों के लिए जीना। हमारे यहां कहा गया है, अष्टादश पुराणेषु व्यासस्य वचनद्वयम्। परोपकारः पुण्याय पापाय परपीडनम्॥ अर्थात, दूसरों की सेवा करना पुण्य है, और पीड़ा देना पाप है। सेवा परमो धर्म है, ये हमारे समाज का स्वाभाविक चरित्र है। पीढ़ी दर पीढ़ी ये संस्कार सरिता हम सबको संस्कारित करती है, प्रेरित करती है, ऊर्जावान बनाती है। भारत के अनेक आध्यात्मिक आंदोलनों ने अंततः स्वयं को मानव सेवा के माध्यम से ही अभिव्यक्त किया है। मुझे खुशी है कि Art of Living के हर प्रयास में सेवा की इसी भावना का प्रतिबिंब नजर आता है। अभी जो वीडियो दिखाया गया, सेवा ही सेवा है उसमें, लोगों का ही कल्याण है। मैं आर्ट ऑफ लिविंग की यात्रा से जुड़े हर volunteer को अपनी हार्दिक शुभकामनाएं देता हूं।

साथियों,

कोई भी अभियान तब सफल होता है, जब उसके साथ समाज की शक्ति जुड़ जाती है। इसलिए, ऐसे हर महत्वपूर्ण मिशन के लिए समाज की शक्ति को जागृत करना बहुत आवश्यक है। मेरा हमेशा से ये विश्वास रहा है कि समाज, राजनीति और सरकारों से भी अधिक शक्तिशाली होता है। और कोई भी सरकार तभी सफल हो सकती है, जब समाज स्वयं राष्ट्र निर्माण में सक्रिय भागीदारी निभाता है। अब जैसे हमारा स्वच्छ भारत अभियान है। ये सिर्फ सरकारी कार्यक्रम नहीं है, बल्कि, ये लोगों के जीवन का स्वाभाविक हिस्सा बन चुका है। अब ये समाज की शक्ति से ही आगे बढ़ रहा है।

साथियों,

जब समाज सक्रिय हो जाता है, तब देश की सबसे बड़ी चुनौतियों का भी सामूहिक समाधान निकाला जा सकता है। ये देखना बहुत सुखद है कि आर्ट ऑफ लिविंग संस्था भी, हमेशा से, समाज की इस शक्ति को साथ लेकर चलती है। आप सभी ने विकास से जुड़े कार्यक्रमों में सोशल अप्रोच को बहुत महत्व दिया है। चाहे वृक्षारोपण अभियान हो, या rural smart village centres हों, महिलाओं और जनजातीय समाज को सशक्त बनाने वाले कार्यक्रम हों, या फिर कैदियों के मानसिक स्वास्थ्य को बेहतर बनाने वाला अभियान हो, ये सभी प्रयास देश और समाज की विकास यात्रा के, उसमें महत्वपूर्ण योगदान देने वाले होते हैं।

साथियों,

मैं एक और बात के लिए यहां उपस्थित हर व्यक्ति की प्रशंसा करूंगा, और वो है, युवा शक्ति पर फोकस। आज की दुनिया में बहुत तेजी से बड़े-बड़े परिवर्तन हो रहे हैं। हर दिन साइंस, नई संभावनाओं के द्वार खोल रही है। नए नए इनोवेशन, पूरी की पूरी इकॉनॉमीज को बदल रहे हैं। भारत इस बदलाव में केवल भागीदारी नहीं कर रहा, वो कई क्षेत्रों में नेतृत्व भी कर रहा है। हमारी डिजिटल क्रांति ने भारत को डिजिटल पेमेंट में ग्लोबल लीडर बनाया है। आज इंफ्रास्ट्रक्चर भी अभूतपूर्व गति से आगे बढ़ रहा है और futuristic विजन के साथ आगे बढ़ रहा है। स्टार्ट अप में भारत बहुत तेजी से दुनिया का तीसरा सबसे बड़ा इकोसिस्टम बना है। हमारे युवा आज स्पेस में अपनी सैटेलाइट्स भेज रहे हैं, देश की ऐसी सभी उपलब्धियों का सबसे बड़ा कारण है, हमारे युवा हैं, और आर्ट ऑफ लिविंग है। युवाओँ को, आज के आधुनिक युग की चुनौतियों के समाधान पाने में गुरूदेव और आर्ट ऑफ लिविंग बहुत सहायता कर रहा है।

साथियों,

आज टेक्नॉलॉजी की वजह से दूर बैठे लोग एक पल में एक-दूसरे से जुड़ रहे हैं। लेकिन जरूरी है, हम दुनिया से जुड़े या न जुड़े, स्वयं से तो जुड़ें। और ये स्वयं से जुड़ने की क्षमता को, चाहे बीजारोपण करना हो, उसको सिंचन करना हो, या उसको सक्षम बनाना हो, ये महान परंपरा से संभव होता है। विकसित भारत का निर्माण ऐसे युवाओं से ही होगा, जो युवा मानसिक रूप से शांत हों, जो सामाजिक रूप से जिम्मेदार हों, और जो समाज के प्रति संवेदनशील हों। इसीलिए, spiritual well being, मेंटल हेल्थ, योग, मेडिटेशन, इस पर काम करने वाली आपकी ये महत्वपूर्ण गतिविधि और इस प्रकार से काम करने वाली अन्य संस्थाएं भी, इन सबकी भूमिका बहुत-बहुत अहम है। ऐसी संस्थाएं लोगों में जुड़ाव, अपनापन और सामूहिक जिम्मेदारी का भाव मजबूत करती हैं। साथ ही, ऐसे संस्थानों में लोगों को अपनी संस्कृति को जानने और समझने का अवसर भी मिलता है। मुझे विश्वास है कि आज जिस ध्यान मंदिर का उद्घाटन हुआ है, वो आने वाली अनेक पीढ़ियों को, हजारों लोगों के लिए शांति और उपचार का केंद्र बनेगा।

साथियों,

आप सभी देश और समाज के प्रति अपने कर्तव्यों को बखूबी निभा रहे हैं। लेकिन मैं जब भी आपके बीच आता हूं, तो कुछ आग्रह करने से खुद को रोक नहीं पाता। अब ये मेरे बोलने से पहले ही गुरू जी ने कह दिया कि आपके नौ आग्रह हमें मंजूर हैं, तो बोलने के लिए कुछ बचा नहीं, लेकिन आदत जाती नहीं। भारत के होलिस्टिक डेवलपमेंट के लिए कई स्तरों पर सामूहिक प्रयास की आवश्यकता है। इनमें Art of Living जैसे संगठन महत्वपूर्ण भूमिका और ज्यादा शक्ति से इस परिवर्तन के प्रहरी बन सकते हैं। आपमें से बहुत से लोग किसानों और ग्रामीण समुदायों के साथ जुड़कर काम करते हैं। जैसा यहां फिल्म में भी बताया गया कि किसानों को नैचुरल फार्मिंग से जोड़ने की दिशा में और अधिक प्रयास करने की आवश्यकता है। आज बीमारी में भी इंसान नैचुरल हिलिंग के रास्ते खोज रहा है, तो ये हमारी धरती मां, उसे भी नैचुरल हिलिंग की जरूरत है। केमिकल फर्टिलाइजर ने हमारे खेत को, हमारी धरती मां को उजाड़ दिया है। इस हमारी धरती मां को केमिकल से बचाना, ये भी आर्ट ऑफ लिविंग है। एक पेड़ मां के नाम अभियान को और व्यापक बनाने में आप बहुत ताकत दे सकते हैं, उसको और विस्तार कर सकते हैं। क्योंकि पर्यावरण की रक्षा, ये भी आर्ट ऑफ लिविंग है। इकोलॉजी और इकोनॉमी हम अलग नहीं कर सकते हैं। पर ड्रॉप मोर क्रॉप के माध्यम से किसानों को पानी का बेहतर उपयोग बताया जा रहा है। इसमें आपके सहयोग से और बेहतर परिणाम मिलेंगे। क्योंकि पानी की हर बूंद बचाना, ये भी आर्ट ऑफ लिविंग तो है। कुछ ही हफ्ते में मानसून आने वाला है। ये सही समय है, जब जल संरक्षण को लेकर व्यापक जागरूकता फैलाई जाए। इसी तरह, बिजली बचाना, सिंगल यूज प्लास्टिक से दूरी बनाना, स्थानीय उत्पादों को बढ़ावा देना, ये सभी आर्ट ऑफ लिविंग ही है। आज देश Mission LiFE पर भी जोर दे रहा है। ये जीवन को अधिक जिम्मेदारी और जागरूकता के साथ जीने का एक जीवंत अभियान है। इसमें एक ऐसी जीवनशैली अपनाने का आग्रह है, जो प्रकृति के साथ संतुलन बनाकर चले। और मेरे हिसाब से मिशन लाईफ भी एक प्रकार से आर्ट ऑफ लिविंग का एक प्रकट रूप है। मुझे विश्वास है कि आने वाले दिनों में आप सभी, जो हमेशा आप करते आए हैं, आर्ट ऑफ लिविंग के भिन्न-भिन्न पहुलओं को आपने विस्तार भी दिया है, विकास भी किया है। समाज के एक बड़े वर्ग को जोड़ने के लिए आप ज्यादा प्राथमिकता देंगे, और गुरूजी की शताब्दी जब हम मनाएं तब इन सारे लक्ष्यों को हम पूरा करके रहें। मैं एक बार फिर श्री श्री रविशंकर जी को, गुरूदेव को अनेक-अनेक शुभकामनाएं देता हूं। मैं Art of Living परिवार के हर volunteer का, उनकी सेवा भावना और समर्पण के लिए हृदय से बहुत-बहुत अभिनंदन करता हूं। फिर एक बार आप सबने मुझे यहां आपके बीच आने का अवसर दिया, इस पवित्र वातावरण में कुछ पल बिताने का मौका दिया, लोटस की छत्रछाया में सोचने का मौका दिया, इसके लिए मैं फिर से आप सबका हृदय से बहुत-बहुत धन्यवाद करता हूं। जय गुरूदेव।