ভগৱান বিৰছা মুণ্ডালৈ সন্মানাৰ্থে এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট উন্মোচন
বিহাৰত ৬৬৪০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন
জনজাতীয় সমাজেই ৰাজকুমাৰ ৰামক ভগৱান ৰাম কৰি তুলিছিল, জনজাতীয় সমাজেই ভাৰতৰ সংস্কৃতি আৰু স্বাধীনতাৰ সুৰক্ষাৰ বাবে যুগ-যুগ ধৰি যুঁজৰ নেতৃত্ব প্ৰদান কৰিছিলঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী জনমান যোজনাৰ জৰিয়তে দেশৰ অতিশয় পিছপৰা জনজাতিসমূহৰ বসতিৰ উন্নয়ন সুনিশ্চিত হৈছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ প্ৰাচীন চিকিৎসা ব্যৱস্থাত জনজাতীয় সমাজে বৃহৎ অৱদান আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে জনজাতীয় সমাজৰ শিক্ষা, আয় আৰু চিকিৎসা-স্বাস্থ্যত যথেষ্ট গুৰুত্ব আৰোপ কৰিছেঃ প্ৰধানমন্ত্ৰী
ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে দেশৰ জনজাতি অধ্যুষিত জিলাসমূহত বিৰছা মুণ্ডা জনজাতীয় গৌৰৱ উপবন স্থাপন কৰা হ’বঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জমুইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি প্ৰায় ৬,৬৪০ কোটি টকা মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ ভিন্ন জিলাত জনজাতীয় দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা ভিন্ন ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীসকলক আদৰণি জনায়। লগতে সমগ্ৰ ভাৰতৰ ভিন্ন প্ৰান্তৰপৰা ভাৰ্চুৱেল মাধ্যমেৰে এই কাৰ্য্যসূচীত যোগদান কৰা অগণন জনজাতীয় ভ্ৰাতৃ-ভগ্নীসকলক আদৰণি জনায়। আজিৰ দিনটোক অতিশয় পবিত্ৰ দিন বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে কয় যে আজি হৈছে কাতিৰ পূৰ্ণিমা, দেৱ দীপাৱলী তথা আজিৰ দিনটোতে শ্ৰী গুৰু নানক দেৱ জীৰ ৫৫০ সংখ্যক জন্ম বাৰ্ষিকী পালন কৰা হৈছে আৰু তেখেতে ইয়াৰ বাবে ভাৰতৰ সকলো নাগৰিককে শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ দিনটো ভগৱান বিৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী হোৱাৰ বাবে ইয়াক জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপনৰ পৰিপ্ৰেক্ষিতত এয়া নাগৰিকসকলৰ বাবে এক ঐতিহাসিক দিন। তেখেতে ভাৰতৰ নাগৰিক বিশেষকৈ জনজাতীয় ভ্ৰাতৃ-ভগ্নীসকলক সম্ভাষণ জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আজিৰ জনজাতীয় গৌৰৱ দিৱসৰ প্ৰাকক্ষণত বিগত ৩ দিনত জমুইত স্বচ্ছতা অভিযান হাতত লোৱা হৈছিল। তেখেতে এই স্বচ্ছতা অভিযানৰ বাবে প্ৰশাসন, জমুইৰ নাগৰিক আৰু বিশেষকৈ মহিলাসকলক অভিনন্দন জনায়।

 

যোৱা বৰ্ষৰ জনজাতীয় গৌৰৱ দিৱসত ধৰতী আবা বিৰছা মুণ্ডাৰ জন্ম গাঁও উলিহাতুলৈ যোৱাৰ কথা স্মৰণেৰে শ্ৰী মোদীয়ে এইবাৰ শ্বহীদ তিলকা মাঞ্জীৰ বীৰত্বৰ সাক্ষী হোৱা স্থানত আছে বুলি উল্লেখেৰে কয় যে এই অনুষ্ঠানটো অতিশয় বিশেষ কিয়নো দেশে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপনৰ আৰম্ভণি কৰিছে। তেখেতে লগতে কয় যে অহা এবছৰ ধৰি এই উদযাপন অব্যাহত থাকিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰৰ জমুইত অনুষ্ঠিত আজিৰ অনুষ্ঠানত ভাৰ্চুৱেল মাধ্যমেৰে যোগদান কৰা ভিন্ন গাঁৱৰ এক কোটি লোকক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে আজি বিৰছা মুণ্ডাৰ বংশধৰ শ্ৰী বুধৰাম মুণ্ডা আৰু সিদ্ধু কানহুৰ বংশধৰ শ্ৰী মণ্ডল মূৰ্মুক আদৰণি জনাই সন্তোষ লাভ কৰিছে বুলি কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি ৬৬৪০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। তেখেতে লগতে কয় যে এই প্ৰকল্পসমূহত জনজাতীয় লোকসকলৰ বাবে পকী ঘৰৰ অৰ্থে প্ৰায় ১.৫ লাখ অনুমোদন পত্ৰ, জনজাতীয় শিশুৰ এটি উন্নত ভৱিষ্যতৰ বাবে বিদ্যালয় আৰু হোষ্টেল, জনজাতীয় মহিলাসকলৰ বাবে স্বাস্থ্য সুবিধা, জনজাতীয় অঞ্চলসমূহক সংযোগ কৰা পথ প্ৰকল্প, জনজাতীয় সংগ্ৰহালয় আৰু জনজাতীয় সংস্কৃতি সংৰক্ষণৰ অৰ্থে গৱেষণা কেন্দ্ৰ অন্তৰ্ভুক্ত হৈছে। শ্ৰী মোদীয়ে কয় যে দেৱ দীপাৱলীৰ শুভ উপলক্ষত জনজাতীয় লোকসকলৰ বাবে নিৰ্মাণ কৰা ১১,০০০ আৱাসৰ গৃহপ্ৰৱেশ সম্পন্ন হৈছে। এই উপলক্ষে তেখেতে সকলো জনজাতীয় লোকলৈ অভিনন্দন জ্ঞাপন কৰে।

আজি জনজাতীয় গৌৰৱ দিৱস উদযাপন আৰু জনজাতীয় গৌৰৱ বৰ্ষৰ আৰম্ভণি সন্দৰ্ভত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে এই উদযাপনসমূহে এক বৃহৎ ঐতিহাসিক অন্যায় শুধৰণিৰ এক সৎ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে। তেখেতে লগতে কয় যে স্বাধীনোত্তৰ কালত জনজাতীয় লোকসকলে সমাজত উপযুক্ত স্বীকৃতি লাভ কৰা নাছিল। জনজাতীয় সমাজৰ অৱদানৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জনজাতীয় সমাজেই ৰাজকুমাৰ ৰামক ভগৱান ৰামলৈ ৰূপান্তৰিতকৰণৰ লগতে ভাৰতৰ সংস্কৃতি আৰু স্বাধীনতা ৰক্ষাৰ বাবে যুগ-যুগ ধৰি যুঁজৰ নেতৃত্ব প্ৰদান কৰিছিল। কিন্তু, তেখেতে লগতে কয় যে স্বাৰ্থপৰ ৰাজনীতিৰ বাবে স্বাধীনতাৰ পিছৰ দশক কেইটাত জনজাতীয় সমাজৰ এনে গুৰুত্বপূৰ্ণ অৱদানসমূহ মচি পেলোৱাৰ অপচেষ্টা কৰা হৈছিল। ভাৰতৰ স্বাধীনতাৰ বাবে জনজাতীয় লোকসকলৰ ভিন্ন অৱদান যেনেঃ উলগুলান আন্দোলন, কল বিদ্ৰোহ, চাঁওতাল বিদ্ৰোহ, ভীল আন্দোলন আদিৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই ক্ষেত্ৰত জনজাতীয় লোকসকলৰ অৱদান অপৰিসীম। তেখেতে লগতে কয় যে সমগ্ৰ ভাৰতৰ একাধিক জনজাতীয় নেতা যেনেঃ অল্লুৰী সীতাৰাম ৰাজু, তিলকা মাঞ্জী, সিদ্ধু কানহু, বুধু ভগত, তেলেং খাৰিয়া, গোবিন্দ গুৰু, তেলেংগানাৰ ৰামজী গণ্ড, মধ্যপ্ৰদেশৰ বাদল ভয়, ৰাজা শংকৰ শ্বাহ, কুৱৰ ৰঘুনাথ শ্বাহ, তন্ত্য ভীল, যাত্ৰা ভগত, লক্ষ্মণ নাইক, মিজোৰামৰ ৰ’পুইলিয়ানী, ৰাজ মোহিনী দেৱী, ৰাণী গাইডিনলিউ, কালিবাঈ, গণ্ডৱানাৰ ৰাণী ৰাণী দুৰ্গাৱতী দেৱী আদিক কেতিয়াও পাহৰিব নোৱাৰি। শ্ৰী মোদীয়ে লগতে কয় যে ব্ৰিটিছে হাজাৰ-হাজাৰ জনজাতীয় লোকক হত্যা কৰা মংগড় নৰমেধৰ কথা কেতিয়াও পাহৰিব নোৱাৰি।

 

সংস্কৃতিৰ ক্ষেত্ৰতেই হওঁক বা সামাজিক ন্যায়ৰ ক্ষেত্ৰতেই হওঁক, তেখেতৰ চৰকাৰৰ মানসিকতা পৃথক বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে শ্ৰীমতী দ্ৰৌপদী মূৰ্মুক ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা কাৰ্য্য তেওঁলোকৰেই সৌভাগ্য। তেখেতে লগতে কয় যে তেওঁ ভাৰতৰ প্ৰথমগৰাকী আদিবাসী ৰাষ্ট্ৰপতি আৰু পিএম-জনমান (PM-JANMAN) যোজনাৰ অধীনত হাতত লোৱা সকলো কামৰ কৃতিত্ব ৰাষ্ট্ৰপতিৰ। বিশেষভাৱে দুৰ্বল জনজাতি গোট (PVTG) সমূহৰ সবলীকৰণৰ বাবে ২৪,০০০ কোটি টকাৰ পিএম জনমান যোজনাৰ শুভাৰম্ভ কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই আঁচনিৰ অধীনত দেশৰ অতিশয় পিছপৰা জনজাতিসমূহৰ বসতিস্থলৰ উন্নয়ন নিশ্চিত কৰা হৈছে। তেখেতে উল্লেখ কৰে যে আজি এই আঁচনিখন এবছৰ সম্পূৰ্ণ হৈছে আৰু আঁচনিখনৰ অধীনত পিভিটিজিসমূহক হাজাৰ-হাজাৰ পকী ঘৰ প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে পিভিটিজিসমূহৰ বসতিস্থলৰ মাজত সংযোগ সুনিশ্চিতকৰণৰ বাবে পথ উন্নয়ন প্ৰকল্পসমূহ আগবাঢ়িছে আৰু পিভিটিজিৰ বহু ঘৰত হৰ ঘৰ জল আঁচনিৰ অধীনত খোৱাপানীৰ যোগান নিশ্চিত কৰা হৈছে।

শ্ৰী মোদীয়ে পূৰ্বে যিসকলক সম্পূৰ্ণৰূপে আওকাণ কৰা হৈছিল, তেওঁলোকক তেখেতে পূজা কৰা বুলি উল্লেখেৰে কয় যে পূৰ্বৰ চৰকাৰসমূহৰ মনোভাৱৰ বাবে জনজাতীয় সমাজসমূহত দশক-দশক ধৰি মৌলিক আন্তঃগাঁথনিৰ অভাৱ আছিল। তেখেতে লগতে কয় যে দেশৰ কেইবা ডজনো জনজাতি অধ্যুষিত জিলা উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি ৰৈছিল। শ্ৰী মোদীয়ে কয় যে তেখেতৰ চৰকাৰে চিন্তা-চৰ্চাৰে সেই জিলাসমূহক ‘আকাংক্ষী জিলা’ হিচাপে ঘোষণা কৰিছে আৰু এইসমূহৰ উন্নয়নৰ বাবে দক্ষ বিষয়াক নিযুক্তি প্ৰদান কৰিছে। তেখেতে সন্তোষ প্ৰকাশেৰে কয় যে আজি এনে বহু আকাংক্ষী জিলাই ভিন্ন উন্নয়নমূলক পৰিমাপত বহু উন্নত জিলাতকৈ ভাল ফলাফল দেখুৱাইছে। তেখেতে লগতে কয় যে ইয়াৰ সুবিধা জনজাতীয় লোকসকলে লাভ কৰিছে।

 

“আমাৰ চৰকাৰে জনজাতীয় কল্যাণত সদায়েই অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে লগতে কয় যে অটল জীৰ চৰকাৰেই জনজাতীয় পৰিক্ৰমাৰ বাবে এটা সুকীয়া মন্ত্ৰালয় গঠন কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে যোৱা ১০ বছৰত বাজেট আবন্টন ২৫,০০০ কোটি টকাৰপৰা ১.২৫ লাখ কোটি টকালৈ ৫ গুণ বৃদ্ধি কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে শেহতীয়াকৈ ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান (DAJGUA) নামৰ এক বিশেষ আঁচনি আৰম্ভ কৰা হৈছে, যিয়ে ৬০,০০০ ৰো অধিক জনজাতীয় গাঁৱক উপকৃত কৰিছে। তেখেতে লগতে কয় যে জনজাতীয় যুৱক-যুৱতীসকললৈ নিয়োগৰ সুযোগ সৃষ্টি আৰু প্ৰশিক্ষণ প্ৰদানৰ লগতে জনজাতীয় গাঁওসমূহত মৌলিক সা-সুবিধাৰ উপলব্ধতা নিশ্চিতকৰণৰ লক্ষ্যৰে এই আঁচনিৰ জৰিয়তে ৮০,০০০ কোটি টকা বিনিয়োগ কৰা হৈছে। তেখেতে লগতে কয় যে এই আঁচনিৰ অংশ হিচাপে হোমষ্টে স্থাপনৰ বাবে প্ৰশিক্ষণ আৰু সহায়ৰ লগতে ট্ৰাইবেল মাৰ্কেটিং চেন্টাৰ স্থাপন কৰা হ’ব। ইয়াৰ ফলত জনজাতীয় অধ্যুষিত অঞ্চলসমূহত পৰ্যটনৰ বৰ্ধনৰ লগতে ইক’-টুৰিজিমক সম্ভাৱনা হিচাপে গঢ়ি তোলা হ’ব, যিয়ে জনজাতীয় লোকসকলৰ প্ৰব্ৰজন ৰোধ কৰিব বুলিও তেখেতে কয়।

চৰকাৰে জনজাতীয় ঐতিহ্য সংৰক্ষণৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ ওপৰত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে বহু জনজাতীয় শিল্পীক পদ্ম বঁটা প্ৰদান কৰা হৈছে। তেখেতে লগতে কয় যে ৰাঁচীত ভগৱান বিৰছা মুণ্ডাৰ নামেৰে এটা জনজাতীয় সংগ্ৰহালয় আৰম্ভ কৰা হৈছে আৰু তেখেতে সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে সংগ্ৰহালয়টো দৰ্শন কৰিবলৈ আহ্বান জনায়। তদুপৰি আজি মধ্যপ্ৰদেশৰ চিন্দোৱাৰাত বাদল ভইৰ নামেৰে এটি জনজাতীয় সংগ্ৰহালয় আৰু মধ্যপ্ৰদেশৰ জবলপুৰত ৰাজা শংকৰ শ্বাহ আৰু কুৱৰ ৰঘুনাথ শ্বাহৰ নামেৰে জনজাতীয় সংগ্ৰহালয় উদ্বোধন হোৱাত তেখেতে সন্তোষ প্ৰকাশ কৰে। তেখেতে লগতে উল্লেখ কৰে যে আজি ভগৱান বিৰছা মুণ্ডালৈ সন্মানাৰ্থে এটি স্মাৰক মুদ্ৰা আৰু ডাক টিকট উন্মোচনৰ লগতে শ্ৰীনগৰ আৰু ছিকিমত দুটা জনজাতি গৱেষণা কেন্দ্ৰ উদ্বোধন কৰা হয়। শ্ৰী মোদীয়ে কয় যে এই সকলো প্ৰচেষ্টাই ভাৰতবাসীক জনজাতিসকলৰ বীৰত্ব আৰু তেওঁলোকক সন্মান কৰিবলৈ নিৰন্তৰভাৱে সোঁৱৰাই থাকিব।

ভাৰতৰ প্ৰাচীন চিকিৎসা ব্যৱস্থাত জনজাতীয় সমাজৰ মহান অৱদানৰ ওপৰত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে ভৱিষ্যৎ প্ৰজন্মৰ বাবে নতুন মাত্ৰাৰ সংযোজনৰ লগতে এই ঐতিহ্যক সুৰক্ষিতও কৰা হৈছে। তেখেতে লগতে কয় যে চৰকাৰে লেহত নেচনেল ইনষ্টিটিউট অৱ সোৱা-ৰিগপা স্থাপন কৰিছে, অৰুণাচল প্ৰদেশৰ উত্তৰ-পূব আয়ুৰ্বেদ আৰু লোক চিকিৎসা গৱেষণা প্ৰতিষ্ঠানখনি উন্নীত কৰিছে। শ্ৰী মোদীয়ে কয় যে চৰকাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) তত্বাৱধানত পৰম্পৰাগত চিকিৎসাৰ বাবে আগন্তুক গ্ল’বেল চেন্টাৰো স্থাপন কৰিছে, যিয়ে সমগ্ৰ বিশ্বতে জনজাতিসকলৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ অধিক প্ৰচাৰত সহায় কৰিব।

 

“আমাৰ চৰকাৰে জনজাতীয় সমাজৰ শিক্ষা, আয় আৰু চিকিৎসাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে সন্তোষ প্ৰকাশেৰে কয় যে জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলে চিকিৎসা, অভিযান্ত্ৰিক, সশস্ত্ৰ বাহিনী বা বিমান পৰিবহণ আদি ভিন্ন ক্ষেত্ৰত আগবাঢ়ি আহিছে। এয়া জনজাতীয় অঞ্চলসমূহত যোৱা দশকত বিদ্যালয়ৰপৰা উচ্চ শিক্ষানুষ্ঠানলৈকে উন্নত সম্ভাৱনা সৃষ্টিৰ ফলশ্ৰুতি বুলি তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেখেতৰ চৰকাৰে স্বাধীনতাৰ পিছৰ ছয় দশকত কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়খনৰ বিপৰীতে যোৱা দশকত দুখন নতুন জনজাতীয় বিশ্ববিদ্যালয় সংযোজন কৰিছে। তেখেতে লগতে কয় যে যোৱা দশকত জনজাতি প্ৰধান অঞ্চলত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (IIT)ৰ লগতে একাধিক ডিগ্ৰী আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় আৰম্ভ হৈছে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে বিগত দশকত বিহাৰৰ জমুইত এখনকে প্ৰমুখ্য কৰি বহু নতুন চিকিৎসা মহাবিদ্যালয়ৰ কাম অব্যাহত থকাৰ লগতে জনজাতীয় অঞ্চলত ৩০ খন নতুন মেডিকেল কলেজ আৰম্ভ কৰা হৈছে। তেখেতে লগতে কয় যে সমগ্ৰ দেশতে ৭০০০ একলব্য বিদ্যালয়ৰ এক শক্তিশালী নেটৱৰ্কো গঢ়ি তোলা হৈছে।

চিকিৎসা, অভিযান্ত্ৰিক আৰু কাৰিকৰী শিক্ষাত জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাষাই বাধাৰ সৃষ্টি নকৰে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে চৰকাৰে মাতৃভাষাত পৰীক্ষা লোৱাৰ বিকল্প প্ৰদান কৰিছে। তেখেতে লগতে কয় যে এই সিদ্ধান্তসমূহে জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।

বিগত দশকত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত জনজাতীয় যুৱক-যুৱতীসকলৰ পদক লাভৰ কৃতিত্বৰ ওপৰত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে জনজাতীয় অঞ্চলসমূহৰ ক্ৰীড়া আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনৰ বাবে চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। তেখেতে লগতে কয় যে জনজাতীয় প্ৰধান অঞ্চলত খেলো ইণ্ডিয়া অভিযানৰ অংশ হিচাপে আধুনিক খেলপথাৰ, ক্ৰীড়া প্ৰকল্প গঢ়ি তোলা হৈছে। তেখেতে লগতে উল্লেখ কৰে যে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় মণিপুৰত স্থাপন কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতাৰ ৭০ বছৰৰ পাছতো বাঁহৰ সৈতে জড়িত আইনসমূহ অতি কঠোৰ আছিল, যাৰ বাবে জনজাতীয় সমাজখনৰ বিৰাট অসুবিধাৰ সৃষ্টি হৈছিল। তেখেতে লগতে কয় যে তেখেতৰ চৰকাৰে বাঁহ খেতিৰে জড়িত আইনসমূহ সহজ কৰি তুলিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে পূৰ্বে ৮-১০ বনজ সামগ্ৰীৰ বিপৰীতে এতিয়া প্ৰায় ৯০ টা বনজ সামগ্ৰীক ন্যূনতম সমৰ্থন মূল্য (MSP)ৰ অধীনলৈ অনা হৈছে। তেখেতে লগতে কয় যে ভাৰতত আজি ৪,০০০ ৰো অধিক বন ধন কেন্দ্ৰ কাৰ্য্যক্ষম হৈ আছে, যিয়ে প্ৰায় ১২ লাখ জনজাতীয় কৃষকক সহায় কৰিছে।

“আঁচনিৰ আৰম্ভণিৰেপৰাই প্ৰায় ২০ লাখ জনজাতীয় মহিলা লাখপতি দিদি হৈ পৰিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে লগতে কয় যে জনজাতীয় সামগ্ৰী যেনেঃ বাস্কেট, খেলনা আৰু আন-আন হস্তশিল্পৰ বাবে প্ৰধান চহৰসমূহত ট্ৰাইবেল হাট স্থাপন কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে জনজাতীয় হস্তশিল্প সামগ্ৰীৰ বাবে ইন্টাৰনেটত গ্ল’বেল মাৰ্কেটপ্লেচ সৃষ্টি কৰা হৈছে। তেখেতে লগতে কয় যে তেওঁ আন্তঃৰাষ্ট্ৰীয় নেতা আৰু গণ্যমান্য ব্যক্তিক লগ পালে সোহৰাই পেইন্টিং, ৱাৰলী পেইন্টিং, গণ্ড পেইন্টিং আদিৰ দৰে জনজাতীয় সামগ্ৰী আৰু শিল্পকৰ্ম প্ৰদান কৰাটোও নিশ্চিত কৰিছে।

জনজাতীয় সমাজসমূহৰ বাবে ছিকল চেল এনিমিয়া এক বৃহৎ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে চৰকাৰে ৰাষ্ট্ৰীয় ছিকল চেল এনিমিয়া অভিযান আৰম্ভ কৰিছে। তেখেতে লগতে কয় যে এই অভিযানৰ এবছৰতে ৪.৫ কোটি জনজাতীয় লোকৰ পৰীক্ষা কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আয়ুষ্মান আৰোগ্য মন্দিৰসমূহ এনেদৰে স্থাপন কৰা হৈছে যাতে জনজাতীয় লোকসকলে স্ক্ৰিনিং কৰিবলৈ বেছি দূৰলৈ যাব নালাগে। তেখেতে লগতে কয় যে দুৰ্গম জনজাতীয় অঞ্চলসমূহত ম’বাইল মেডিকেল ইউনিটৰ ব্যৱস্থা কৰা হৈছে।

 

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজত বিশ্বত ভাৰতে মুখ্য ভূমিকা পালনৰ ওপৰত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে ইয়াৰ কাৰণ হৈছে জনজাতীয় সমাজসমূহে শিকোৱা প্ৰমূল্যবোধ, যিসমূহ আমাৰ চিন্তাৰ আধাৰ। জনজাতীয় সমাজে প্ৰকৃতিক পূজা কৰা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী আৰম্ভ হোৱাৰ উপলক্ষে জনজাতীয় প্ৰধান অঞ্চলসমূহত বিৰছা মুণ্ডা জনজাতীয় উপবন স্থাপনৰ কথা ঘোষণা কৰে। তেখেতে লগতে কয় যে এনে উপবনসমূহত ৫ লাখ গছপুলি ৰোপণ কৰা হ’ব।

ভাষণৰ সামৰণিত শ্ৰী মোদীয়ে কয় যে ভগৱান বিৰছা মুণ্ডাৰ জয়ন্তীয়ে আমাক গুৰুত্বপূৰ্ণ সংকল্প গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে। তেখেতে জনসাধাৰণক এখনি শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়া সুনিশ্চিতকৰণৰ অৰ্থে জনজাতীয় ধাৰণাক এখনি নব্য ভাৰত গঢ়াৰ আধাৰ কৰিবলৈ, জনজাতীয় ঐতিহ্য সংৰক্ষণ কৰিবলৈ, জনজাতীয় সমাজে যুগ-যুগ ধৰি কি সংৰক্ষণ কৰি ৰাখিছে, সেই বিষয়ে জানিবলৈ আহ্বান জনায়।

এই কাৰ্য্যসূচীত বিহাৰৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ, বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী জুৱেল ওৰাম, কেন্দ্ৰীয় এমএছএমই দপ্তৰৰ মন্ত্ৰী শ্ৰী জিতন ৰাম মাঞ্জী, কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং, কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী শ্ৰী চিৰাগ পাছৱান, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী দুৰ্গা দাস উইকেকে প্ৰমুখ্য কৰি বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে।

পটভূমি

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় গৌৰৱ দিৱসৰ দিনা ধৰতী আবা ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপনৰ আৰম্ভণি উপলক্ষে বিহাৰৰ জমুই ভ্ৰমণ কৰে। তেখেতে ভগৱান বিৰছা মুণ্ডালৈ সন্মানাৰ্থে এটি স্মাৰক মুদ্ৰা আৰু ডাকটিকটো উন্মোচন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয় লগতে অঞ্চলটোৰ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলৰ জনজাতীয় সমাজসমূহক উন্নীতকৰণ আৰু অঞ্চলসমূহৰ আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনৰ লক্ষ্যৰে ৬,৬৪০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে জনজাতি আদিবাসী ন্যায় মহা অভিযান (PM-JANMAN)ৰ অধীনত নিৰ্মিত ১১,০০০ আৱাসৰ গৃহপ্ৰৱেশৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। তেখেতে লগতে জনজাতীয় অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ সুবিধাৰ বৰ্ধনৰ বাবে পিএম-জনমানৰ অধীনত আৰম্ভ কৰা ২৩ টা ম’বাইল মেডিকেল ইউনিট (MMU) আৰু ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ (DAJGUA) অধীনত অতিৰিক্ত ৩০ টা এমএমইউ উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে জনজাতীয় উদ্যমিতাক প্ৰোৎসাহনৰ বাবে ৩০০ টা বন ধন বিকাশ কেন্দ্ৰ (VDVK) আৰু জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উৎসৰ্গিত প্ৰায় ৪৫০ কোটি টকা ব্যয় সাপেক্ষে স্থাপিত ১০ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে জনজাতীয় অঞ্চলসমূহৰ যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ বাবে ৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন পথৰ আধাৰশিলা স্থাপন কৰে আৰু পিএম জনমানৰ অধীনত কমিউনিটি হাব হিচাপে কাম কৰিবলৈ ১০০ টা বহুমুখী কেন্দ্ৰ (MPC)ৰ আধাৰশিলা স্থাপন কৰে। লগতে জনজাতীয় শিশুসকলৰ বাবে গুণগত শিক্ষাৰ অংগীকাৰক অধিক আগুৱাই নি ১,১১০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে ২৫ খন অতিৰিক্ত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিন্ন উন্নয়নমূলক প্ৰকল্পত অনুমোদনো জনায়। ইয়াৰ ভিতৰত আছে পিএম জনমানৰ অধীনত প্ৰায় ৫০০ কোটি টকা মূল্যৰ ২৫,০০০ নতুন আৱাস আৰু ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান (DAJGUA)ৰ অধীনত ১৯৬০ কোটিৰো অধিক টকা মূল্যৰ ১.১৬ লাখ আৱাস; পিএম জনমানৰ অধীনত ৬৬ টা হোষ্টেল আৰু ডিএজেজিইউএ ৰ অধীনত ৩০৪ টা হোষ্টেল; পিএম জনমানৰ অধীনত ৫০ টা নতুন বহু-মুখী কেন্দ্ৰ, ৫৫ টা ভ্ৰাম্যমাণ চিকিৎসা ইউনিট আৰু ৬৫ টা অংগনৱাড়ী কেন্দ্ৰ; ৬ টা চেন্টাৰ অৱ কম্পিটেন্সি ফৰ ছিকল চেল এনিমিয়া এলিমিনেচনৰ লগতে ডিএজেজিইউএ ৰ অধীনত আশ্ৰম বিদ্যালয়, হোষ্টেল, চৰকাৰী আৱাসিক বিদ্যালয় আদিৰ উন্নীতকৰণৰ বাবে ৩৩০ টা প্ৰকল্প, যাৰ মূল্য প্ৰায় ৫০০ কোটি টকা।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress

Media Coverage

Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
This is the New India that leaves no stone unturned for development: PM Modi
March 23, 2026
Today, India is moving forward with a new confidence; Now India faces challenges head-on: PM
From the Gulf to the Global West and from the Global South to neighbouring countries, India is a trusted partner for all: PM
What gets measured gets improved and ultimately gets transformed: PM
This is the new India, It is leaving no stone unturned for development: PM

नमस्कार!

पिछले कुछ समय में मुझे एक-दो बार टीवी9 भारतवर्ष देखने का मौका मिला है। नॉर्मली भी युद्धों और मिसाइलों पर आपका बहुत फोकस होता है और आजकल तो आपको कंटेंट की ओवरफीडिंग हो रही है। बड़े-बड़े देश टीवी9 को इतना सारा कंटेंट देने पर तुले हुए हैं, लेकिन On a Serious Note, आज विश्व जिन गंभीर परिस्थितियों से गुजर रहा है, वो अभूतपूर्व है और बेहद गंभीर है। और इन स्थितियों के बीच, आज टीवी-9 नेटवर्क ने विचारों का एक बेहद महत्वपूर्ण मंच बनाया है। आज इस समिट में आप सभी India and the world, इस विषय पर चर्चा कर रहे हैं। मैं आप सबको बधाई देता हूं। इस समिट के लिए अपनी शुभकामनाएं देता हूं। सभी अतिथियों का अभिनंदन करता हूं।

साथियों,

आज जब दुनिया, conflicts के कारण उलझी हुई है, जब इन conflicts के दुष्प्रभाव पूरी दुनिया पर दिख रहे हैं, तब India and the world की बात करना बहुत ही प्रासंगिक है। भारत आज वो देश है, जिसकी अर्थव्यवस्था तेजी से आगे बढ़ रही है। 2014 के पहले की स्थितियों को पीछे छोड़कर के आज भारत एक नए आत्मविश्वास के साथ आगे बढ़ रहा है। अब भारत चुनौतियों को टालता नहीं है बल्कि चुनौतियों से टकराता है। आप बीते 5-6 साल में देखिए, कोरोना की महामारी के बाद चुनौतियां एक के बाद एक बढ़ती ही गई हैं। ऐसा कोई साल नहीं है, जिसने भारत की, भारतीयों की परीक्षा न ली हो। लेकिन 140 करोड़ देशवासियों के एकजुट प्रयास से भारत हर आपदा का सामना करते हुए आगे बढ़ रहा है। इस समय युद्ध की परिस्थितियों में भी भारत की नीति और रणनीति देखकर, भारत का सामर्थ्य देखकर दुनिया के अनेकों देश हैरान हैं। हमारे यहां कहावत है, सांच को आंच नहीं। 28 फरवरी से दुनिया में जो उथल-पुथल मची है, इन कठोर विपरीत परिस्थितियों में भी भारत प्रगति के, विकास के, विश्वास के संकल्प के साथ आगे बढ़ रहा है। इन 23 दिनों में भारत ने अपनी Relationship Building Capacity दिखाई है, Decision Making Capacity दिखाई है और Crisis Management Capacity दिखाई है।

साथियों,

आज जब दुनिया इतने सारे खेमों में बंटी हुई है, भारत ने अभूतपूर्व और अकल्पनीय bridges बनाए हैं। Gulf से लेकर Global West तक, Global South से लेकर पड़ोसी देशों तक भारत सभी का trusted partner है। कुछ लोग पूछते हैं, हम किसके साथ हैं? तो उनको मेरा जवाब यही है कि हम भारत के साथ हैं, हम भारत के हितों के साथ हैं, शांति के साथ हैं, संवाद के साथ हैं।

साथियों,

संकट के इसी समय में जब global supply chains डगमगा रही हैं, भारत ने diversification और resilience का मॉडल पेश किया है। Energy हो, fertilizers हों या essential goods अपने नागरिकों को कम से कम परेशानी हो, इसके लिए भारत ने निरंतर प्रयास किया है और आज भी कर रहे है।

साथियों,

जब राष्ट्रनीति ही राजनीति का मुख्य आधार हो, तब देश का भविष्य सर्वोपरि होता है। लेकिन जब राजनीति में व्यक्तिगत स्वार्थ हावी हो जाता है, तब लोग देश के फ्यूचर के बजाय अपने फ्यूचर के बारे में सोचते हैं। आप ज़रा याद कीजिए 2004 से 2010 के बीच क्या हुआ था? तब कांग्रेस सरकार के समय पेट्रोल-डीजल और गैस की कीमतों का संकट आया था और तब कांग्रेस ने देश की नहीं बल्कि अपनी सत्ता की चिंता की। उस वक्त कांग्रेस ने एक लाख अड़तालीस हज़ार करोड़ रुपए के ऑयल बॉन्ड जारी किए थे और प्रधानमंत्री मनमोहन सिंह जी ने खुद कहा था कि वो आने वाली पीढ़ी पर कर्ज का बोझ डाल रहे हैं। यह जानते हुए भी कि ऑयल बॉन्ड का फैसला गलत है, जो रिमोट कंट्रोल से सरकार चला रहे थे, उन लोगों ने अपनी सत्ता बचाने के लिए यह गलत निर्णय किया क्योंकि जवाबदेही उस समय नहीं होनी थी, उस बॉन्ड पर री-पेमेंट 2020 के बाद होनी थी।

साथियों,

बीते 5-6 वर्षों में हमारी सरकार ने कांग्रेस सरकार के उस पाप को धोने का काम किया है, और इस धुलाई का खर्चा कम नहीं आया है, ऐसी लाँड्री आपने देखी नहीं होगी। 1 लाख 48 हज़ार करोड़ रुपए की जगह, देश को 3 लाख करोड़ रुपए से अधिक की पेमेंट करनी पड़ी क्योंकि इसमें ब्याज भी जुड़ गया था। यानी हमने करीब-करीब दोगुनी राशि चुकाने के लिए मजबूर हुए। आजकल कांग्रेस के जो नेता बयानों की मिसाइलें दाग रहे हैं, मिसाइल आई तो टीवी9 को मजा आएगा, उनकी इस विषय का जिक्र आते ही बोलती बंद हो जाती है।

साथियों,

पश्चिम एशिया में बनी परिस्थितियों पर मैंने आज लोकसभा में अपना वक्तव्य दिया है। दुनिया में जहां भी युद्ध हो रहे हैं, वो भारत की सीमा से दूर हैं। लेकिन आज की व्यवस्थाओं में कोई भी देश युद्धों से दुष्प्रभाव से दूर रहे, ऐसा संभव नहीं होता। अनेक देशों में तो स्थिति बहुत गंभीर हो चुकी है। और इन हालातों में हम देख रहे हैं कि राजनीतिक स्वार्थ से भरे कुछ लोग, कुछ दल, संकट के इस समय में भी अपने लिए राजनीतिक अवसर खोज रहे हैं। इसलिए मैं टीवी9 के मंच से फिर कहूंगा, यह समय संयम का है, संवेदनशीलता का है। हमने कोरोना महासंकट के दौरान भी देखा है, जब देशवासी एकजुट होकर संकट का सामना करते हैं, तो कितने सार्थक परिणाम आते हैं। इसी भाव के साथ हमें इस युद्ध से बनी परिस्थितियों का सामना करना है।

साथियों,

दुनिया की हर उथल-पुथल के बीच, भारत ने अपनी प्रगति की गति को भी बनाए रखा है। अगर मैं 28 फरवरी को युद्ध शुरू होने के बाद, बीते 23 दिनों का ही ब्यौरा दूं, तो पूरब से पश्चिम तक, उत्तर से दक्षिण तक देश में हजारों करोड़ के डेवलपमेंट प्रोजेक्ट्स का काम हुआ है। दिल्ली मेट्रो रेल के महत्वपूर्ण कॉरिडोर्स का लोकार्पण, सिलचर का हाई स्पीड कॉरिडोर का शिलान्यास, कोटा में नए एयरपोर्ट का शिलान्यास, मदुरै एयरपोर्ट को इंटरनेशनल एयरपोर्ट का दर्जा देना, ऐसे अनेक काम बीते 23 दिनों में ही हुए हैं। बीते एक महीने के दौरान ही औद्योगिक विकास को गति देने के लिए भव्य स्कीम को मंजूरी दी गई है। इसके तहत देशभर में 100 plug-and-play industrial parks विकसित किए जाएंगे। देश में Small Hydro Power Development Scheme को भी हरी झंडी दी गई है। इससे आने वाले वर्षों में 1,500 मेगावाट नई hydro power capacity जोड़ी जाएगी। इसी दौरान जल जीवन मिशन को साल 2028 तक बढ़ाने का निर्णय लिया गया है। किसानों के हित में भी अनेक बड़े निर्णय लिए गए हैं। बीते एक महीने में ही पीएम किसान सम्मान निधि के तहत 18 हजार करोड़ रुपए से अधिक सीधे किसानों के खातों में ट्रांसफर किए गए हैं। और जो हमारे MSMEs हैं, जो हमारे निर्यातक हैं, उनके लिए भी करीब 500 करोड़ रुपए के राहत पैकेज की भी घोषणा की गई है। यह सारे कदम इस बात का प्रमाण हैं कि विकसित भारत बनाने के लिए देश कितनी तेज गति से काम कर रहा है।

साथियों,

Management की दुनिया में एक सिद्धांत कहा जाता है - What gets measured, gets managed. लेकिन मैं इसमें एक बात और जोड़ना चाहता हूं, What gets measured, gets improved और ultimately, gets transformed. क्योंकि आकलन जागरूकता पैदा करता है। आकलन जवाबदेही तय करता है और सबसे महत्वपूर्ण आकलन संभावनाओं को जन्म देता है।

साथियों,

अगर आप 2014 से पहले के 10-11 साल और 2014 के बाद के 10-11 साल का आप आकलन करेंगे, तो यही पाएंगे कि कैसे इसी सिद्धांत पर चलते हुए, भारत ने हर सेक्टर को Transform किया है। जैसे पहले हाईवे बनते थे, करीब 11-12 किलोमीटर प्रति दिन की रफ्तार से, आज भारत करीब 30 किलोमीटर प्रतिदिन की स्पीड से हाईवे बना रहा है। पहले पोर्ट्स पर शिप का Turnaround Time, 5-6 दिन का होता था। आज वही काम, करीब-करीब 2 दिन से भी कम समय में पूरा हो रहा है। पहले Startup Culture के बारे में चर्चा ही नहीं होती थी। 2014 से पहले, हमारे देश में 400-500 स्टार्ट अप्स ही थे। आज भारत में 2 लाख से ज्यादा रजिस्ट्रर्ड स्टार्ट अप्स हैं। पहले मेडिकल education में सीटें भी सीमित थीं, करीब 50-55 हजार MBBS seats थीं, आज यह बढ़कर सवा लाख से ज्यादा हो चुकी हैं। पहले देश के Banking system से भी करोड़ों लोग बाहर थे। देश में सिर्फ 25 करोड़ के आसपास ही बैंक account थे। वहीं जनधन योजना के माध्यम से 55 करोड़ से ज्यादा बैंक अकाउंट खुले हैं। पहले हमारे देश में airports की संख्या भी 70 से कम थी। आज एयरपोर्ट्स की संख्या भी बढ़कर 160 से ज्यादा हो चुकी है।

साथियों,

पहले भी योजनाएं तो बनती थीं, लेकिन आज फर्क है, आज परिणाम दिखते हैं। पहले गति धीमी थी, आज भारत fastrack पर है। पहले संभावनाएं भी अंधकार में थीं, आज संकल्प सिद्धियों में बदल रहे हैं। इसलिए दुनिया को भी यह संदेश मिल रहा है कि यह नया भारत है। यह अपने विकास के लिए कोई कोर-कसर बाकी नहीं छोड़ रहा है।

साथियों,

आज हमारा प्रयास है कि अतीत में विकास का जो असंतुलन पैदा हो गया था, उसको अवसरों में बदला जाए। अब जैसे हमारा पूर्वी भारत है। हमारा पूर्वी भारत संसाधनों से समृद्ध है, दशकों तक वहां जिन्होंने सरकारें चलाई हैं, उनकी उपेक्षा ने पूर्वी भारत के विकास पर ब्रेक लगा दी थी। अब हालात बदल रहे हैं। जिस असम में कभी गोलियों की आवाज सुनाई देती थी, आज वहां सेमीकंडक्टर यूनिट बन रही है। ओडिशा में सेमीकंडक्टर से लेकर पेट्रोकेमिकल्स तक अनेक नए-नए सेक्टर का विकास हो रहा है। जिस बिहार में 6-7 दशक में गंगा जी पर एक बड़ा पुल बन पाया था एक, उस बिहार में पिछले एक दशक में 5 से ज्यादा नए पुल बनाए गए हैं। यूपी में कभी कट्टा मैन्युफैक्चरिंग की कहानियां कही जाती थीं, आज यूपी, मोबाइल फोन मैन्युफैक्चरिंग में दुनिया में अपनी पहचान बना रहा है।

साथियों,

पूर्वी भारत का एक और बड़ा राज्य पश्चिम बंगाल है। पश्चिम बंगाल, एक समय में भारत के कल्चर, एजुकेशन, इंडस्ट्री और ट्रेड का हब होता था। बीते 11 वर्षों में केंद्र सरकार ने पश्चिम बंगाल के विकास के लिए बड़ी मात्रा में निवेश किया है। लेकिन दुर्भाग्य से, आज वहां एक ऐसी निर्मम सरकार है, जो विकास पर ब्रेक लगाकर बैठी है। TV9 बांग्ला के जो दर्शक हैं, वो जानते हैं कि बंगाल में आयुष्मान योजना पर निर्मम सरकार ने ब्रेक लगाया हुआ है। पीएम सूर्यघर मुफ्त बिजली योजना पर ब्रेक लगाया हुआ है। पीएम आवास योजना पर ब्रेक लगाया हुआ है। चाय बागान श्रमिकों के लिए शुरू हुई योजना के लिए ब्रेक लगाया हुआ है। यानी विकास और जनकल्याण से ज्यादा प्राथमिकता निर्मम सरकार अपने राजनीतिक स्वार्थ को दे रही है।

साथियों,

देश में इस तरह की राजनीति की शुरुआत जिस दल ने की है, वो अपने गुनाहों से बच नहीं सकती और वो पार्टी है - कांग्रेस। कांग्रेस पार्टी की राजनीति का एक ही लक्ष्य रहा है, किसी भी तरह विकास का विरोध और कांग्रेस यह तब से कर रही है, जब मैं गुजरात में था। गुजरात में वर्षों तक जनता ने हमें आशीर्वाद दिया, तो कांग्रेस ने उस जनादेश को स्वीकार नहीं किया। उन्होंने गुजरात की छवि पर सवाल उठाए, उसकी प्रगति को कटघरे में खड़ा किया और जब यही विश्वास पूरे देश में दिखाई दिया, तो कांग्रेस का विरोध भी रीजनल से नेशनल हो गया।

साथियों,

जब राजनीति में विरोध, विकास के विरोध में बदल जाए, जब आलोचना देश की उपलब्धियों पर सवाल उठाने लगे, तब यह सिर्फ सरकार का विरोध नहीं रह जाता, यह देश की प्रगति से असहज होने की मानसिकता बन जाती है। आज कांग्रेस इसी मानसिकता की गुलाम बन चुकी है। आज स्थिति यह है कि देश की हर सफलता पर प्रश्न उठाया जाता है, हर उपलब्धि में कमी खोजी जाती है और हर प्रयास के असफल होने की कामना की जाती है। कोविड के समय, देश ने अपनी वैक्सीन बनाई, तो कांग्रेस ने उस पर भी संदेह जताया। Make in India की बात हुई, तो कहा गया कि यह सफल नहीं होगा, बब्बर शेर कहकर इसका मजाक उड़ाया गया। जब देश में डिजिटल इंडिया अभियान शुरू हुआ, तो उसका मजाक उड़ाया गया। लेकिन हर बार यह कांग्रेस का दुर्भाग्य और देश का सौभाग्य रहा कि भारत ने हर चुनौती को सफलता में बदला। आज भारत दुनिया की सबसे बड़ी वैक्सीनेशन ड्राइव का उदाहरण है। भारत डिजिटल पेमेंट्स में दुनिया का अग्रणी देश है। भारत मैन्युफैक्चरिंग और स्टार्टअप्स में नई ऊंचाइयों को छू रहा है।

साथियों,

लोकतंत्र में विरोध जरूरी होता है। लेकिन विरोध और विद्वेष के बीच एक रेखा होती है। सरकार का विरोध करना लोकतांत्रिक अधिकार है। लेकिन देश को बदनाम करना, यह कांग्रेस की नीयत पर सवाल खड़ा करता है। जब विरोध इस स्तर तक पहुंच जाए कि देश की उपलब्धियां भी असहज करने लगें, तो यह राजनीति नहीं, यह दृष्टिकोण की समस्या है। अभी हमने ग्लोबल AI समिट में भी देखा है। जब पूरी दुनिया भारत में जुटी हुई थी, तो कांग्रेस के लोग कपड़े फाड़ने वहां पहुंच गए थे। इन लोगों को देश की इज्जत की कितनी परवाह है, यह इसी से पता चलता है। इसलिए आज आवश्यकता है कि देशहित को, दलहित से ऊपर रखा जाए क्योंकि अंत में राजनीति से ऊपर, राष्ट्र होता है, राष्ट्र का विकास होता है।

साथियों,

आज का यह दिन भी हमें यही प्रेरणा देता है। आज के ही दिन शहीद भगत सिंह, शहीद राजगुरु और शहीद सुखदेव ने देश के लिए सर्वोच्च बलिदान दिया था। आज ही, समाजवादी आंदोलन के प्रखर आदर्श डॉ. राम मनोहर लोहिया जी की जयंती भी है। यह वो प्रेरणाएं हैं, जिन्होंने देश को हमेशा स्व से ऊपर रखा है। देशहित को सबसे ऊपर रखने की यही प्रेरणा, भारत को विकसित भारत बनाएगी। यही प्रेरणा भारत को आत्मनिर्भर बनाएगी। मुझे पूरा विश्वास है कि टीवी9 की यह समिट भी भारत के आत्मविश्वास और दुनिया के भरोसे पर, भारतीयों पर जो भरोसा है, उस भरोसे को और सशक्त करेगी। आप सभी को मेरी तरफ से बहुत-बहुत शुभकामनाएं हैं और आपके बीच आने का अवसर दिया, आप सबसे मिलने का मौका लिया, इसलिए बहुत-बहुत धन्यवाद!

नमस्‍कार!