PM greets the citizens on the occasion of Igas festival

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইগাছ উৎসৱ উপলক্ষে সকলো নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে ভাৰত উন্নয়ন আৰু ঐতিহ্যৰ সৈতে একেলগে আগবাঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ। বিশেষকৈ উত্তৰাখণ্ডৰ নাগৰিকসকলক শুভেচ্ছা জনাই তেওঁ এই বিশ্বাস ব্যক্ত কৰে যে দেৱভূমিৰ ইগাছ উৎসৱৰ ঐতিহ্য আৰু অধিক উন্নত হ'ব।

 

এক্স-ৰ এটা পোষ্টত তেওঁ এনেদৰে লিখিছে:

"উত্তৰাখণ্ডৰ মোৰ পৰিয়ালৰ সদস্যসহ সকলো দেশবাসীক ইগাছ উৎসৱৰ বাবে বহুত অভিনন্দন! আজি দিল্লীত উত্তৰাখণ্ডৰ লোকসভাৰ সাংসদ অনিল বালুনীজীৰ ঠাইতো মই এই উৎসৱত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিছো। মোৰ কামনা এই উৎসৱে সকলোৰে বাবে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক @anil_baluni "

 

"আমি উন্নয়ন আৰু ঐতিহ্যক একেলগে লৈ আগবাঢ়ি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই কথাই মোক সন্তুষ্টি দিছে যে লোপ পাবলৈ ধৰা লোক সংস্কৃতি ইগাছ উৎসৱ আকৌ এবাৰ উত্তৰাখণ্ডৰ মোৰ পৰিয়ালৰ সদস্যসকলৰ বাবে বিশ্বাসৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।”

 

"উত্তৰাখণ্ডৰ মোৰ ভাই-ভনীসকলে যিদৰে ইগাছৰ পৰম্পৰাক জীৱন্ত কৰি তুলিছে সেয়া অতি উৎসাহজনক। সমগ্ৰ দেশতে যেনেদৰে এই পবিত্ৰ উৎসৱ উদযাপন কৰা হৈছে সেয়া ইয়াৰ পোনপটীয়া প্ৰমাণ। মই নিশ্চিত যে দেৱভূমিৰ এই ঐতিহ্য আৰু অধিক বিকশিত হ'ব। ”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains among best-performing major economies: S&P Global

Media Coverage

India remains among best-performing major economies: S&P Global
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 এপ্ৰিল 2026
April 19, 2026

Building a Stronger Bharat: Infrastructure Revolution, Economic Resilience & Inclusive Welfare Under PM Modi