প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ঘানাৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ জন ড্ৰামানী মহামাৰ সৈতে বৈঠকত মিলিত হয়। জুবিলী হাউচত উপস্থিত হোৱাৰ লগে-লগে তেখেতক ৰাষ্ট্ৰপতি মহামাই আদৰণি জনায়। প্ৰধানমন্ত্ৰীৰ ঘানালৈ এই চৰকাৰী ভ্ৰমণ হৈছে তিনিটা দশকৰ পিছত প্ৰথমটো এনে ভ্ৰমণ।

 

দুয়োগৰাকী নেতাই সীমিত আৰু প্ৰতিনিধি পৰ্য্যায়ৰ ফৰ্মেটত বৈঠকত মিলিত হৈ বিস্তৃত-বিষয়ত আলোচনা কৰে। তেওঁলোকে এই সম্পৰ্কক এক বিস্তৃত অংশীদাৰিত্বলৈ উন্নীতকৰণত সন্মতি প্ৰকাশ কৰে। দুয়োজন নেতাই ভাৰত আৰু ঘানাৰ মাজৰ উষ্ণ আৰু সময়-পৰীক্ষিত সম্পৰ্কৰ কথা দোহাৰে তথা বাণিজ্য আৰু বিনিয়োগ, কৃষি, সামৰ্থ্য বিকাশ, ডিজিটেল প্ৰযুক্তি, আন্তঃগাঁথনি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে প্ৰমুখ্য কৰি মূল-মূল ক্ষেত্ৰসমূহত সহযোগিতা সম্প্ৰসাৰণৰ উপায় সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে ক্ৰমবৰ্ধমান দ্বিপাক্ষিক বাণিজ্য আৰু ঘানাত ভাৰতীয় বিনিয়োগ কাৰ্য্যক আদৰণি জনায়। নেতাদ্বয়ে প্ৰতিৰক্ষা আৰু নিৰাপত্তা অংশীদাৰিত্ব সুদৃঢ়কৰণৰ প্ৰসংগতো আলোচনা কৰে। তেওঁলোকে বিশেষকৈ ভাৰত-সমৰ্থিত আন্তঃগাঁথনি আৰু সামৰ্থ্য-বিকাশ প্ৰকল্পৰ জৰিয়তে উন্নয়ন সহযোগিতা অংশীদাৰিত্বক অধিক সুদৃঢ়কৰণৰ অংগীকাৰ কৰে। ভাৰতে স্বাস্থ্য, ফাৰ্মা, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ইউপিআই আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত স্বকীয় অভিজ্ঞতা আদান-প্ৰদানৰ প্ৰস্তাৱ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে গ্ল’বেল চাউথৰ উদ্বেগ প্ৰকাশৰ বাবে ভাৰতৰ গভীৰ অংগীকাৰৰ কথা ব্যক্ত কৰে আৰু এই ক্ষেত্ৰত ঘানাই সংহতিৰে থিয় দিয়াৰ বাবে ৰাষ্ট্ৰখনক ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে ঘানাৰ ১৫,০০০ ভাৰতীয় সমাজৰ যত্ন লোৱাৰ বাবে ৰাষ্ট্ৰপতি মহামাক ধন্যবাদ জ্ঞাপন কৰে।

 

দুয়োগৰাকী নেতাই ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সাধনকে প্ৰমুখ্য কৰি পাৰস্পৰিক স্বাৰ্থজড়িত বৈশ্বিক বিষয়সমূহত আলোচনা কৰে। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি মহামাক ভাৰতলৈ সমৰ্থন আগবঢ়োৱা আৰু সংহতিৰে থিয় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে বৈশ্বিক যুঁজখনক সুদৃঢ়কৰণৰ বাবে দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত কাৰ্য্যকাল আৰু ঘানাৰ বৈদেশিক মন্ত্ৰী কমনৱেলথ সচিব প্ৰধান হিচাপে নিৰ্বাচিত হোৱাকে প্ৰমুখ্য কৰি ঘানাৰ বৰ্ধমান আন্তঃৰাষ্ট্ৰীয় প্ৰফাইলৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেশখনক অভিনন্দন জনায়। দুয়োজন নেতাই বহনক্ষম উন্নয়ন তথা বিশ্ব শান্তিৰ বাবে গণতান্ত্ৰিক প্ৰমূল্যবোধ, দক্ষিণ-দক্ষিণ সহযোগিতা আৰু এক সহভাজিত দৃষ্টিভংগীৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখ কৰে।

 

প্ৰতিনিধি পৰ্য্যায়ৰ আলোচনাৰ অন্তত সংস্কৃতি, মানদণ্ড, আয়ুৰ্বেদ তথা পৰম্পৰাগত চিকিৎসা আৰু বৈদেশিক মন্ত্ৰালয়সমূহৰ মাজত সংযোগৰ বাবে যুটীয়া আয়োগ ব্যৱস্থাৰ ক্ষেত্ৰত চাৰিখন বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হয়। প্ৰধানমন্ত্ৰীলৈ সন্মানাৰ্থে ৰাষ্ট্ৰপতি মহামাই এক ভোজমেলৰ আয়োজন কৰে। ৰাষ্ট্ৰপতি মহামাক এনে আতিথ্যৰ বাবে ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীয়ে তেওঁক পাৰস্পৰিকভাৱে সুবিধাজনক সময়ত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi