প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰক সাক্ষাৎ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত এয়া প্ৰথম বৈঠক। প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক কাৰ্যভাৰ গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী ষ্টাৰমাৰেও প্ৰধানমন্ত্ৰীৰ ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ বাবে তেওঁক উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।

দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি সন্দৰ্ভত সন্তুষ্টি ব্যক্ত কৰি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে অৰ্থনীতি, বাণিজ্য, নতুন তথা উদীয়মান প্ৰযুক্তি, গৱেষণা আৰু উদ্ভাৱন, সেউজ বিত্তৰ লগতে জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰত-ব্ৰিটেইনৰ ব্যাপক কৌশলগত অংশীদাৰীত্ব শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ সুনিশ্চিত কৰে। তেওঁলোকে আন্তৰ্জাতিক আৰু আঞ্চলিক গুৰুত্বপূৰ্ণ বিষয়সমূহকে ধৰি পাৰস্পৰিক স্বাৰ্থ জড়িত বিভিন্ন দিশ সন্দৰ্ভত মত বিনিময় কৰে।

দুয়োগৰাকী নেতাই শীঘ্ৰে মুক্ত বাণিজ্য চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰাৰ লগতে আলোচনাত মিলিত দলসমূহৰ উমৈহতীয়া সন্তুষ্টিৰ জৰিয়তে সন্তুলিত, পাৰস্পৰিক লাভজনক আৰু ভৱিষ্যমুখী মুক্ত বাণিজ্য চুক্তিৰ দিশে আগুৱাই যাব পৰাকৈ বাকী থকা সমস্যা সমাধানাৰ সামৰ্থ্যৰ ওপৰত আস্থা প্ৰকাশ কৰে।

ব্ৰিটেইনত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ বাণিজ্যিক দূতাবাসৰ প্ৰয়োজনীয়তা ভালদৰে পূৰণ কৰাৰ লক্ষ্যৰ উপৰি বৰ্ধিত দ্বিপাক্ষিক অৰ্থনৈতিক তথা ব্যৱসায়িক সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত দুয়োপক্ষৰ মাজত ত্বৰান্বিত সম্পৰ্ক স্থাপনৰ পৰ্যাপ্ত সুযোগৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিটেইনৰ বেলফাষ্ট আৰু মানচেষ্টাৰত ভাৰতৰ দুটা নতুন বাণিজ্যিক দূতাবাসৰ কাৰ্যালয়ৰ স্থাপনৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে এই ঘোষণাক আদৰণি জনায়।

প্ৰধানমন্ত্ৰীয়ে ব্ৰিটেইনত ভাৰতৰ পৰা অহা অৰ্থনৈতিক অপৰাধীৰ সমস্যা সমাধানৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। দুয়োগৰাকী নেতাই প্ৰব্ৰজন আৰু আহ-যাহ সম্পৰ্কীয় বিষয়ত অগ্ৰগতিৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো একে মতত উপনীত হয়।

দুয়োগৰাকী নেতাই তেওঁলোকৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলক ভাৰত-ব্ৰিটেইনত ব্যাপক কৌশলগত অংশ হিচাপে পৰিগণিত হোৱা বিভিন্ন বুজাবুজিৰ দ্ৰুত ৰূপায়ণৰ দিশত কাম কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁলোকে আলোচনা সমূহ সঘনাই অনুষ্ঠিত হোৱাৰ পোষকতা কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Cheese from India makes its mark globally’: PM Modi lauds Indian winners at Mundial do Queijo

Media Coverage

‘Cheese from India makes its mark globally’: PM Modi lauds Indian winners at Mundial do Queijo
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 এপ্ৰিল 2026
April 23, 2026

Inclusive Innovation: Empowering Every Citizen in the New India Under the Leadership of PM Modi