চীনৰ টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিনৰ সৈতে মিলিত হয়।

 

ইয়াত নেতাদ্বয়ে অৰ্থনৈতিক, বিত্তীয় আৰু শক্তি খণ্ডকে প্ৰমুখ্য কৰি দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত আলোচনা কৰে আৰু এই ক্ষেত্ৰসমূহত দ্বিপাক্ষিক সম্পৰ্কৰ স্থায়ী বৰ্ধনত সন্তোষ প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই ইউক্ৰেইন সম্পৰ্কীয় শেহতীয়া পৰিঘটনাকে প্ৰমুখ্য কৰি আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহতো আলোচনা কৰে। ইউক্ৰেইনৰ সংঘাতৰ সমাধানৰ বাবে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে সমৰ্থনৰ কথা দোহাৰে আৰু ক্ষীপ্ৰতাৰে সংঘাতৰ অৱসান তথা স্থায়ী শান্তিৰ অৰ্থে সমাধান সূত্ৰ নিৰূপণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

 

নেতাদ্বয়ে দুয়োখন দেশৰ মাজৰ বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক অধিক সুদৃঢ়কৰণৰ বাবে পুনৰবাৰ সমৰ্থনৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিনক চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিতব্য ২৩ সংখ্যক বাৰ্ষিক সন্মিলনত ভাগ ল’বলৈ তেওঁক ভাৰতলৈ আদৰণি জনাবলৈ আগ্ৰহী হৈ উঠিছে বুলি কয়।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India