প্ৰধানমন্ত্ৰী দাতো ছেৰি আনৱাৰ ইব্ৰাহিম,

দুয়োটা প্ৰতিনিধিদলৰ সদস্যবৃন্দ,

সংবাদ মাধ্যমৰ আমাৰ বন্ধুসকল,

নমস্কাৰ!

 

প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আনৱাৰ ইব্ৰাহিমজীৰ এয়া হৈছে প্ৰথম ভাৰত ভ্ৰমণ। মই আনন্দিত যে মোৰ তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতে আপোনাক ভাৰতলৈ আদৰণি জনোৱাৰ সুযোগ পাইছো।

 

বন্ধুসকল,

ভাৰত আৰু মালয়েছিয়াৰ মাজত বৰ্ধিত কৌশলগত অংশীদাৰিত্বই এটা দশক সম্পূৰ্ণ কৰিছে। আৰু যোৱা দুবছৰত প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমৰ সমৰ্থনত আমাৰ অংশীদাৰিত্বই এক নতুন গতি আৰু শক্তি লাভ কৰিছে। আজি আমি পাৰস্পৰিক সহযোগিতাৰ সকলো ক্ষেত্ৰৰ বিষয়ে ব্যাপকভাৱে আলোচনা কৰিছো। আমি লক্ষ্য কৰিছো যে আমাৰ দ্বিপাক্ষিক বাণিজ্যই স্থিৰতাৰে অগ্ৰগতি লাভ কৰিছে। ভাৰত আৰু মালয়েছিয়াৰ মাজৰ বাণিজ্য এতিয়া ভাৰতীয় ‘টকা’ (আইএনআৰ) আৰু মালয়েছিয়াৰ ‘ৰিংগিটছ’ (এমৱাইআৰ)ৰ মাধ্যমেৰে সম্পাদিত কৰিব পাৰি। যোৱাটো বছৰত মালয়েছিয়াৰ পৰা ভাৰতলৈ ৫ বিলিয়ন ডলাৰ মূল্যমানৰ বিনিয়োগৰ কাম সম্পাদিত কৰা হৈছে। আজি আমি আমাৰ অংশীদাৰিত্বক "ব্যাপক কৌশলগত অংশীদাৰিত্ব"লৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছো। অৰ্থনৈতিক সহযোগিতাত এতিয়াও যথেষ্ট সম্ভাৱনা আছে বুলি আমি বিশ্বাস কৰোঁ। দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ সম্প্ৰসাৰিত কৰিব লাগে। আমি অৰ্ধপৰিবাহী, ‘ফিনটেক’, প্ৰতিৰক্ষা উদ্যোগ, ‘এআই’ আৰু ‘কোৱাণ্টাম’ৰ দৰে নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰা উচিত। আমি ভাৰত আৰু মালয়েছিয়াৰ মাজত ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তিৰ পৰ্যালোচনা বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছো। ডিজিটেল পৰিষদ স্থাপন আৰু ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক ষ্টাৰ্ট-আপ এলায়েন্স’ গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হৈছে। ভাৰতৰ ‘ইউপিআই’ আৰু মালয়েছিয়াৰ ‘পে’নেট’ক সংযোগ কৰাৰ ক্ষেত্ৰতো কাম কৰা হ'ব। ‘চিইঅ' ফ'ৰাম’-ৰ আজিৰ বৈঠকখনে নতুন সম্ভাৱনা কঢ়িয়াই আনিছে। আমি প্ৰতিৰক্ষা খণ্ডত পাৰস্পৰিক সহযোগিতাৰ নতুন সম্ভাৱনাৰ বিষয়েও আলোচনা কৰিছো। আমি সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজত ঐকমত্য প্ৰকাশ কৰিছো।

 

বন্ধুসকল,

ভাৰত আৰু মালয়েছিয়া বহু শতাব্দী ধৰি পৰস্পৰৰ সৈতে সংযুক্ত হৈ আহিছে। মালয়েছিয়াত বাস কৰা প্ৰায় ৩০ লাখ প্ৰবাসী ভাৰতীয় দুয়োখন দেশৰ মাজত এক জীৱন্ত সেতুস্বৰূপ। ভাৰতীয় সংগীত, খাদ্য আৰু উৎসৱৰ পৰা মালয়েছিয়াৰ "তোৰণ গেট"লৈকে আমাৰ লোকসকলে এই বন্ধুত্বক প্ৰতিপালন কৰি আহিছে। যোৱা বছৰ মালয়েছিয়াত উদযাপন কৰা 'পিআইঅ’ দিৱস' এক অতি সফল আৰু জনপ্ৰিয় অনুষ্ঠান আছিল। যেতিয়া আমাৰ নতুন সংসদ ভৱনত ‘চেঙ্গোল’ স্থাপন কৰা হৈছিল, সেই ঐতিহাসিক মুহূৰ্তটোৰ উত্তেজনা মালয়েছিয়াতো অনুভৱ কৰা হৈছিল। শ্ৰমিকসকলৰ নিযুক্তিৰ ক্ষেত্ৰত আজিৰ চুক্তিয়ে ভাৰতৰ পৰা শ্ৰমিক নিয়োগৰ লগতে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব। মানুহৰ যাতায়াৰ সুবিধাৰ বাবে আমি ‘ভিছা প্ৰক্ৰিয়া’বোৰ সৰল কৰিছো। শিক্ষাৰ্থীসকলৰ বাবে বৃত্তি আৰু চৰকাৰী বিষয়াসকলৰ প্ৰশিক্ষণত গুৰুত্ব আৰোপ কৰা হৈছে। এতিয়া ‘চাইবাৰ সুৰক্ষা’ আৰু ‘এআই’-ৰ দৰে অত্যাধুনিক পাঠ্যক্ৰমৰ বাবে ‘আইটিইচি বৃত্তি’ৰ অধীনত কেৱল মালয়েছিয়াৰ বাবেই ১০০ খন আসন আৱণ্টিত কৰা হ'ব।


মালয়েছিয়াৰ "বিশ্ববিদ্যালয় টুংকু আব্দুল ৰহমান"ত এখন ‘আয়ুৰ্বেদ আসন’ স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও, মালায়া বিশ্ববিদ্যালয়ত ‘তিৰুভাল্লুভাৰ আসন’ স্থাপনৰ সিদ্ধান্তও লোৱা হৈছে। এই সকলো বিশেষ পদক্ষেপত সহযোগিতাৰ বাবে মই প্ৰধানমন্ত্ৰী আনৱাৰ আৰু তেওঁৰ দলটোক আন্তৰিকতাৰে ধন্যবাদ জনাইছো।

 

বন্ধুসকল,

 

মালয়েছিয়া হৈছে ‘আছিয়ান আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল’ত ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ দেশ। ভাৰতে ‘আছিয়ান’ কেন্দ্ৰীয়তাক প্ৰাথমিকতা প্ৰদান কৰে। আমি সন্মত যে ভাৰত আৰু আছিয়ানৰ মাজত ‘এফটিএ’-ৰ পৰ্যালোচনা সময়মতে সম্পূৰ্ণ কৰা উচিত। ভাৰতে ২০২৫ চনত মালয়েছিয়াৰ সফল ‘আছিয়ান-ৰ অধ্যক্ষ’ পদলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়াব। আমি আন্তৰ্জাতিক আইন অনুসৰি নৌ-চলাচল আৰু অভাৰফ্লাইটৰ স্বাধীনতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আৰু, সকলো বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ পোষকতা কৰো।

 

মহামান্য,

আপোনাৰ বন্ধুত্ব আৰু ভাৰতৰ সৈতে সম্পৰ্কৰ প্ৰতি আপোনাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে আমি কৃতজ্ঞ। আপোনাৰ ভ্ৰমণে আগন্তুক দশকৰ বাবে আমাৰ সম্পৰ্কক এক নতুন দিশ প্ৰদান কৰিছে। আকৌ এবাৰ, আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Conferred With Uzbekistan's Highest Honour For Foreign Leaders

Media Coverage

PM Modi Conferred With Uzbekistan's Highest Honour For Foreign Leaders
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 আগষ্ট 2026
August 30, 2026

Tiranga in Tashkent, Relief in Nepal: Soft Power Meets First Responder

Vocal for Local, Nari Shakti, Real Heroes: Mann Ki Baat’s Atmanirbhar Hour