আমি এখনি আধুনিক আৰু বিকশিত দিল্লী গঢ়িবলৈ অংগীকাৰবদ্ধ; আজি শুভাৰম্ভ কৰা প্ৰকল্পসমূহে আন্তঃগাঁথনি সুদৃঢ়, যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰিব আৰু মহানগৰখনৰ জনসাধাৰণৰ ইজ অৱ লিভিঙৰ বৰ্ধন ঘটাবঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ ‘নাৰী শক্তি’ প্ৰতিটো ক্ষেত্ৰতে এক নতুন শক্তিৰে আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
দিল্লীৰ উন্নয়ন কেৱল এখন মহানগৰৰ উন্নয়ন নহয়; এয়া সমগ্ৰ দেশৰ ভাবমূৰ্তিৰ সৈতে সম্পৰ্কীয়ঃ প্ৰধানমন্ত্ৰী
আজিৰে পৰা আৰম্ভ হোৱা নতুন মেট্ৰ’ শাখাই ৰাজধানীৰ লাখ-লাখ লোক বিশেষভাৱে পূব আৰু উত্তৰ-পূব দিল্লীৰ জনসাধাৰণৰ বাবে ব্যাপক সুবিধা প্ৰশস্ত কৰিব, দৈনিক যাতায়াত এতিয়া পূৰ্বতকৈ অধিক সহজ হৈ পৰিবঃ প্ৰধানমন্ত্ৰী
চৰকাৰে আমাৰ পথ বিক্ৰেতা বন্ধুসকলক পিএম স্বনিধি ক্ৰেডিট কাৰ্ড প্ৰদানৰ অভিযানৰ শুভাৰম্ভ কৰিছে; এতিয়া তেওঁলোকৰ পকেটতে ক্ৰেডিট কাৰ্ড থাকিব, তেওঁলোকে নিজৰ প্ৰয়োজন অনুসৰি ইয়াক ব্যৱহাৰ কৰিব পাৰিবঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াত সমবেতসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে “আজি আমি সকলো ইয়াত একত্ৰিত হৈ দিল্লীৰ উন্নয়নক এক নতুন গতি প্ৰদান কৰিছো” বুলি কয়।

তেওঁ কয় যে এই প্ৰকল্পসমূহৰ পৰিসৰ মেট্ৰ’ নেটৱৰ্কৰ সম্প্ৰসাৰণৰ পৰা আৰম্ভ কৰি কেইবা হাজাৰ চৰকাৰী কৰ্মচাৰীৰ বাবে আধুনিক আৱাসিক কমপ্লেক্স স্থাপন কৰালৈকে বিস্তৃত। “দিল্লীৰ জনসাধাৰণে এক নতুন আশা আৰু নতুন সংকল্প গ্ৰহণেৰে এবছৰ পূৰ্বে ইয়াত ডাবল ইঞ্জিনৰ চৰকাৰ গঠন কৰিছিল। ইয়াৰ ফল আজি এই উন্নয়নমূলক কামসমূহত দেখা গৈছে”, শ্ৰী মোদীয়ে কয়।

এই কাৰ্য্যসূচীত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াত মহিলাসকলৰ ব্যাপক উপস্থিতিক প্ৰশংসা কৰে আৰু ৰাজ্য চৰকাৰৰ সফল নেতৃত্বত তেওঁলোকৰ শক্তি তথা আত্মবিশ্বাসে ৰাজনীতি, বিজ্ঞান আৰু ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ সবলীকৰণৰ কাহিনীক কেনেদৰে আগুৱাই নিছে সেই সম্পৰ্কে আলোকপাত কৰে। “ৰাজনীতি, প্ৰশাসন, বিজ্ঞান, ক্ৰীড়া বা সমাজসেৱা আদিত ভাৰতৰ নাৰী শক্তি প্ৰতিটো ক্ষেত্ৰতে এক নতুন শক্তিৰে আগবাঢ়িছে”, শ্ৰী মোদীয়ে কয়।

 

দিল্লীক ভাৰতীয় গণতন্ত্ৰৰ বিশ্বজনীন পৰিচয় আৰু শক্তিৰ প্ৰতীক বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজধানীখনৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থাৰ আধুনিকীকৰণ, যেনেঃ নমো ভাৰত ৰেল আৰু ৩৭৫ কিমিলৈ মেট্ৰ’ নেটৱৰ্কৰ ঐতিহাসিক সম্প্ৰসাৰণ কাৰ্য্য বিশ্বৰ আগত ভাৰতৰ বিশ্বাস প্ৰদৰ্শনৰ বাবে অতিশয় প্ৰয়োজনীয় আছিল। “দিল্লী যিমানেই আধুনিক, সুবিধাজনক আৰু উন্নতভাৱে সংযুক্ত হ’ব, সিমানেই ভাৰতৰ আত্মবিশ্বাস বিশ্ববাসীৰ দৃষ্টিগোচৰ হ’ব”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ডাবল ইঞ্জিন শাসন আৰ্হিৰ অধীনত ৰাষ্ট্ৰীয় ৰাজধানীৰ প্ৰতিটো পৰিবহণ সুবিধাক পদ্ধতিগতভাৱে উন্নীত কৰি দৈনিক বাছ সেৱাৰ ওপৰত নিৰ্ভৰশীল লাখ-লাখ নাগৰিকৰ বাবে স্বচ্ছ, আৰামদায়ক আৰু আধুনিক ভ্ৰমণ নিশ্চিত কৰা হৈছে। “কেন্দ্ৰই আগবঢ়োৱা চাৰি হাজাৰৰো অধিক ইলেক্ট্ৰিক বাছ ইতিমধ্যে কাৰ্য্যক্ষম হৈ থকাৰ সমান্তৰালকৈ কেৱল যোৱা এটা বছৰতে অতিৰিক্ত ১,৮০০ নতুন বাছ প্ৰৱৰ্তন কৰা হৈছে। ইয়াত দিল্লীৰ অন্তিম প্ৰান্তসমূহলৈ যোগাযোগ ব্যৱস্থাক সম্প্ৰসাৰণৰ অৰ্থে ডিজাইন কৰা শ-শ ‘দেৱী বাছো’ আছে”, শ্ৰী মোদীয়ে এইদৰে কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰে বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানীখনে সন্মুখীন হোৱা বিবিধ প্ৰত্যাহ্বানসমূহেৰে মোকাবিলা কৰিবলৈ মিছন ম’ডত কাম কৰি আছে। তেওঁ কয় যে পেৰিফেৰেল এক্সপ্ৰেছৱে’য়ে চহৰখনত প্ৰৱেশ কৰিবলগীয়া লাখ-লাখ বাহন সফলতাৰে ডাইভাৰ্ট কৰিছে। “যমুনা নদীৰ পুনৰুজ্জীৱনৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে, ইয়াৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰিবলৈ ইতিমধ্যে কোটি-কোটি টকা মূল্যৰ প্ৰকল্পৰ কাম অব্যাহত আছে”, শ্ৰী মোদীয়ে কয়।

 

বিগত এবছৰত একাধিক আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপনৰ কথা বিশেষভাৱে উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে ৰাজধানীখনৰ জীৱনৰ মানদণ্ডৰ নিৰন্তৰ অগ্ৰগতি সাধনৰ বাবে চৰকাৰ সমৰ্পিত বুলি কয়। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে দিল্লীত আয়ুষ্মান আঁচনি ৰূপায়ণৰ লগে-লগে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণী উভয়েই এতিয়া বিনামূলীয়া চিকিৎসা আৰু উল্লেখযোগ্য স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিছে। দক্ষতাৰ নতুন যুগৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয়, “বৰ্তমানৰ উন্নয়ন আৰ্হিয়ে তাৎক্ষণিক কাৰ্য্য আৰু স্পষ্ট ফলাফলৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই আৰ্হিয়ে প্ৰকল্পসমূহ পৰিকল্পনাৰ পৰা তৃণমূল-পৰ্য্যায়ৰ নিষ্পাদনলৈ দ্ৰুতগতিত ৰূপান্তৰিত হোৱাটো নিশ্চিত কৰে।”

এই কাৰ্য্যসূচীৰ পূৰ্বে সৰোজিনী নগৰ ভ্ৰমণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে চৰকাৰী কৰ্মচাৰী সকলৰ বাবে বিশেষভাৱে নিৰ্মিত আধুনিক আৱাসিক কমপ্লেক্সৰ উদ্বোধনী অনুষ্ঠানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “যিসকলে ৰাষ্ট্ৰৰ সংকল্প পূৰণৰ বাবে অক্লান্তভাৱে কাম কৰে তেওঁলোক এটি নিৰাপদ, পৰিষ্কাৰ আৰু সুবিধাজনক জীৱন-যাপনৰ অৱস্থাৰ যোগ্য, তেওঁলোকেই এই নতুন আন্তঃগাঁথনি প্ৰকল্পসমূহৰ চালিকা শক্তি।” আজি কেইবা হাজাৰ ফ্লেট হিতাধিকাৰীক গতাই দি শ্ৰী মোদীয়ে এই আধুনিক গৃহসমূহে ৰাষ্ট্ৰৰ "কৰ্মযোগী"সকলৰ বাবে সুখ আৰু আকাংক্ষাৰ নতুন যুগৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে গাঁৱৰ পৰা চহৰ কেন্দ্ৰলৈকে প্ৰতিঘৰ গৃহস্থীকে কল্যাণমূলক আঁচনিসমূহে বিশেষভাৱে দৰিদ্ৰ পৰিয়াল, কৃষক, শ্ৰমিকসকলক উপকৃত কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ‘পিএম স্বনিধি আঁচনি’ৰ ৰূপান্তৰশীল প্ৰভাৱৰ ওপৰত আলোকপাত কৰি কয় যে কেৱল দিল্লীৰে প্ৰায় ২ লাখ পথ বিক্ৰেতাই ৩৫০ কোটি টকাৰো অধিক আৰ্থিক সাহায্য লাভ কৰিছে, ইয়াৰ ফলশ্ৰুতিত তেওঁলোক অধিক-সুতৰ অনানুষ্ঠানিক ঋণৰ পৰা আঁতৰি আনুষ্ঠানিক বেংকিংৰ দিশে আগবাঢ়িছে। বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত এক ঐতিহাসিক পৰিৱৰ্তনৰ কথা সদৰী কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এসময়ত ধনী লোকৰ বাবে সংৰক্ষিত ক্ৰেডিট কাৰ্ডৰ সুবিধাসমূহক এতিয়া ক্ষুদ্ৰ ব্যৱসায়ক সবলীকৰণৰ বাবে পথ বিক্ৰেতাসকললৈ সম্প্ৰসাৰিত কৰা হৈছে। শ্ৰী মোদীয়ে কয়, “স্বনিধি ক্ৰেডিট কাৰ্ড দৰিদ্ৰ লোকৰ আত্মসন্মানৰ এক নতুন মাধ্যম হৈ পৰিছে, ইয়াৰ জৰিয়তে তেওঁলোকক এতিয়া আধুনিক বিত্তীয় আহিলাৰে সবলীকৰণ কৰাটো নিশ্চিত কৰা হৈছে।”

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৩ কোটি "লাখপতি দিদি" গঢ়াৰ ৰাষ্ট্ৰীয় সংকল্প পূৰণৰ উল্লেখযোগ্য কৃতিত্বৰ কথা সদৰী কৰে। তেওঁ কয় যে এতিয়া ১০ কোটিৰো অধিক মহিলাক আত্ম-সহায়ক গোটৰ (SHG) জৰিয়তে সবলীকৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে এই মহিলাসকলক মূলধন, বেংকিং ব্যৱস্থা আৰু বিশেষ প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰি চৰকাৰে তেওঁলোকক আৰ্থিক স্বাধীনতা লাভ কৰিবলৈ আৰু গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰিবলৈ সক্ষম কৰি তুলিছে। “আমাৰ ভগ্নীসকলৰ সফলতাই আৰু ৩ কোটি লাখপতি দিদি গঢ়াৰ নতুন সংকল্প গ্ৰহণৰ প্ৰেৰণা যোগাইছে। মোৰ বিশ্বাস যে আমাৰ নাৰী শক্তিৰ আশীৰ্বাদত এই লক্ষ্যত উপনীত হ’ব পাৰিম”, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

 

পশ্চিম বংগৰ শেহতীয়া পৰিঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে পৰম্পৰাগত চাঁওতাল জনজাতীয় উৎসৱত ভাগ লোৱাৰ সময়তে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৰ প্ৰতি ৰাজ্য চৰকাৰে কৰা অসন্মান সন্দৰ্ভত ব্যক্ত কৰে। অহংকাৰী মনোবৃত্তিৰ ওপৰত প্ৰাচীন প্ৰজ্ঞাই জয় লাভ কৰি আহিছে বুলি উল্লেখেৰে তেওঁ দৃঢ়তাৰে কয় যে এনে অহংকাৰৰ ৰাজনীতিক ৰাষ্ট্ৰৰ নাগৰিকে নাকচ কৰিব। শ্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰপতিৰ কাৰ্য্যসূচী বৰ্জন আৰু অপব্যৱস্থাপনা সংবিধান আৰু এই ৰাষ্ট্ৰৰ প্ৰতিগৰাকী কন্যাৰ প্ৰতি অপমান স্বৰূপ। ক্ষমতাৰ এই অহংকাৰক জনসাধাৰণে কেতিয়াও ক্ষমা নকৰে।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে দিল্লীক এখন ঐতিহাসিক চহৰ বুলি অভিহিত কৰে। তেওঁ কয় যে বৰ্তমান দিল্লী এখন "নব্য ভাৰত"ৰ আত্মবিশ্বাসেৰে সংজ্ঞায়িত এক ৰূপান্তৰশীল যুগৰ সাক্ষী হৈছে। এই যুগে উন্নত ভৱিষ্যতৰ ভেটি হিচাপে কাম কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে সকলো নাগৰিককে ৰাষ্ট্ৰীয় সংকল্প পূৰণৰ দিশত সামূহিকভাৱে কাম কৰিবলৈ আহ্বান জনায়। নতুনকৈ আৰম্ভ কৰা প্ৰকল্পসমূহৰ বাবে ৰাইজলৈ অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে সম্প্ৰীতি আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ মনোভাৱৰ আহ্বান জনায়। “নব্য ভাৰতৰ আত্মবিশ্বাসে আমাক উন্নত ভৱিষ্যতৰ দিশে ধাৱমান কৰিব আৰু দিল্লীৰ প্ৰতিটো পৰিয়ালে উন্নত তথা অধিক সমৃদ্ধিশালী জীৱন লাভ কৰিব বুলি মই নিশ্চিত”, শ্ৰী মোদীয়ে কয়।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Rs 20,804-crore push to expand railway capacity across major corridors

Media Coverage

India's Rs 20,804-crore push to expand railway capacity across major corridors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings for well-being, wisdom and prosperity
September 10, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam invoking blessings for the well-being, auspiciousness, protection, peace, wisdom and prosperity of all. The Subhashitam seeks the blessings of Lord Indra, Lord Surya, Lord Garuda and Lord Brihaspati.

The Prime Minister shared a Sanskrit Subhashitam-

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”

The Subhashitam conveys that May the glorious Lord Indra bless us with well-being. May Lord Surya, the knower of the entire universe and the sustainer of all, bring auspiciousness to us. May Lord Garuda, the destroyer of obstacles, protect us all. May Lord Brihaspati, the lord of knowledge, bless us with peace, wisdom and prosperity.

The Prime Minister wrote on X;

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”