সংযোগ বৃদ্ধিৰ লক্ষ্যৰে ৬খন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ
৩২,০০০ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (পিএমএৱাই-জি) হিতাধিকাৰীলৈ অনুমোদন পত্ৰ বিতৰণ কৰাৰ লগতে ৩২ কোটি টকাৰ প্ৰথম কিস্তিৰ সাহায্য মুকলি
৪৬,০০০ হিতাধিকাৰীৰ গৃহপ্ৰৱেশ উদযাপনত অংশগ্ৰহণ
“ঝাৰখণ্ড ভাৰতৰ আটাইতকৈ সমৃদ্ধিশালী ৰাজ্য হোৱাৰ সম্ভাৱনা আছে, আমাৰ চৰকাৰ উন্নত ঝাৰখণ্ড আৰু উন্নত ভাৰতৰ প্ৰতি দায়বদ্ধ”
“‘সবকা সাথ, সবকা বিকাশ’ৰ মন্ত্ৰই দেশৰ চিন্তাধাৰা আৰু অগ্ৰাধিকাৰ সলনি কৰিছে”
“পূব ভাৰতত ৰে’ল সংযোগ সম্প্ৰসাৰণে সমগ্ৰ অঞ্চলটোৰ অৰ্থনীতিত উত্থান ঘটাব”
“দেশজুৰি জনজাতীয় ভাই-ভনীৰ বাবে চলি আছে পিএম জনমান যোজনা”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ঝাৰখণ্ডৰ টাটানগৰত ৬৬০ কোটিৰো অধিক মূল্যৰ বিভিন্ন ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উৎসৰ্গা কৰে। তেওঁ লগতে ৩২ হাজাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (পিএমএৱাই-জি) হিতাধিকাৰীলৈ অনুমোদন পত্ৰ বিতৰণ কৰে। ইয়াৰ পূৰ্বে শ্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টাটানগৰ জংচন ৰে’লৱে ষ্টেচনত ৬খন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে বাবা বৈদ্যনাথ, বাবা বাসুকীনাথ আৰু ভগৱান বীৰছা মুণ্ডাৰ ভূমিক প্ৰণাম কৰি ভাষণ আৰম্ভ কৰে। তেওঁ ঝাৰখণ্ডৰ প্ৰকৃতি পূজাৰ বাবে উৎসৰ্গিত কৰম পৰ্বৰ শুভ অনুষ্ঠানৰ প্ৰতি লক্ষ্য কৰি আজি ৰাঁচী বিমানবন্দৰত তেওঁৰ আদৰণিৰ ওপৰত আলোকপাত কৰে য’ত তেওঁক এগৰাকী মহিলাই কৰম পৰ্বৰ প্ৰতীক উপহাৰ দিয়ে। তেওঁ কয় যে কৰ্ম পৰ্বৰ অংশ হিচাপে মহিলাসকলে নিজৰ ভাতৃৰ বাবে এক সমৃদ্ধিশালী জীৱন কামনা কৰে। শুভেচ্ছা জ্ঞাপন কৰি তেওঁ কয় যে আজি ঝাৰখণ্ডত ৬খন নতুন বন্দে ভাৰত ৰে’ল, ৬০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প আৰু পিএম আৱাস যোজনাৰ অধীনত ৰাজ্যবাসীৰ বাবে পকী ঘৰৰ আশীৰ্বাদ লাভ কৰা হৈছে। শ্ৰী মোদীয়ে আজি বন্দে ভাৰতৰ সংযোগ লাভ কৰা আজিৰ প্ৰকল্পসমূহৰ বাবে ঝাৰখণ্ডৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।

 

আধুনিক উন্নয়ন মাত্ৰ কেইখনমান ৰাজ্যত সীমাবদ্ধ হৈ থকা আৰু ঝাৰখণ্ডৰ দৰে চহৰ আৰু ৰাজ্য পিছ পৰি ৰৈ যোৱা সময়ছোৱাৰ কথা মনত পেলাই প্ৰধানমন্ত্ৰীয়ে ‘সবকা সাথ সবকা বিকাশ’ৰ মন্ত্ৰই জাতিৰ চিন্তাধাৰা আৰু অগ্ৰাধিকাৰক ৰূপান্তৰিত কৰা বুলি আলোকপাত কৰে। “দেশৰ অগ্ৰাধিকাৰ হৈছে ইয়াৰ দৰিদ্ৰ, জনজাতীয়, দলিত, বঞ্চিত, মহিলা, যুৱক-যুৱতী আৰু কৃষক”, প্ৰধানমন্ত্ৰীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি প্ৰতিখন চহৰ আৰু প্ৰতিখন ৰাজ্যই সংযোগ বৃদ্ধিৰ বাবে এখন বন্দে ভাৰত ৰে’ল বিচাৰে। কিছুদিন পূৰ্বে ভাৰতৰ উত্তৰ আৰু দক্ষিণৰ ৰাজ্যসমূহৰ বাবে তিনিখন নতুন বন্দে ভাৰত ৰে’ল ফ্লেগ অফ কৰাৰ কথা স্মৰণ কৰি আজি ইতিমধ্যে যাত্ৰা আৰম্ভ কৰা ছখন নতুন বন্দে ভাৰত ৰে’ল ফ্লেগ অফ কৰাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে পূব ভাৰতত ৰে’ল সংযোগ সম্প্ৰসাৰণে অঞ্চলটোৰ অৰ্থনীতি শক্তিশালী কৰিব আৰু ব্যৱসায়ী, পেছাদাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক ব্যাপকভাৱে উপকৃত কৰিব। ছয়খন নতুন বন্দে ভাৰত ৰে’লৰ ফলত সাংস্কৃতিক কাৰ্যকলাপৰ উত্থানৰ কথ সদৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰাণসী-দেওঘৰ বন্দে ভাৰতৰ জৰিয়তে ভাৰত আৰু বিশ্বৰ বৃহৎ সংখ্যক তীৰ্থযাত্ৰীয়ে এতিয়া কাশীৰ লগতে দেওঘৰৰ বাবা বৈদ্যনাথ ভ্ৰমণৰ সুযোগ পাব। তেওঁ কয় যে ই অঞ্চলটোৰ পৰ্যটনক উন্নীত কৰিব আৰু লগতে টাটানগৰৰ ঔদ্যোগিক উন্নয়নক উৎসাহিত কৰিব, যাৰ ফলত যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। আজিৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি শ্ৰী মোদীয়ে কয়, “আধুনিক ৰে’ল আন্তঃগাঁথনি দ্ৰুতগতিত উন্নয়নৰ বাবে অতি প্ৰয়োজনীয়”। তেওঁ দেওঘৰ জিলাৰ মধুপুৰ বাই পাছ লাইনৰ আধাৰশিলা স্থাপনৰ কথা উল্লেখ কৰে যিয়ে হাওৰা-দিল্লী মেইনলাইনত ৰে’ল বন্ধ হোৱাৰ পৰা হাত সৰাৰ লগতে গিৰিডিহ আৰু জাচিডিহৰ মাজত যাতায়তৰ সময় কমোৱাতো সহায় কৰিব। তেওঁ হাজৰিবাগ জিলাৰ হাজৰিবাগ টাউন কোচিং ডিপোৰ কথাও স্পৰ্শ কৰে যিয়ে এই ষ্টেচনত কোচিং ষ্টক ৰক্ষণাবেক্ষণত সহায় কৰিব। তেওঁ কয় যে কুৰকুৰা-কানাৰোয়ান লাইন দুগুণ কৰাৰ ফলত ঝাৰখণ্ডত ৰে’ল সংযোগ বৃদ্ধি পাব আৰু তীখা উদ্যোগসমূহৰ সৈতে সংযোগ শক্তিশালী হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰই ইয়াৰ সামগ্ৰিক অগ্ৰগতি আৰু উন্নয়ন নিশ্চিত কৰিবলৈ ঝাৰখণ্ডৰ উন্নয়নমূলক কামৰ গতি বৃদ্ধি কৰাৰ লগতে বিনিয়োগ বৃদ্ধি কৰাৰ লগতে উন্নয়নমূলক কামৰ গতি বৃদ্ধি কৰিছে। শ্ৰী মোদীয়ে লগতে কয় যে এইবাৰৰ বাজেটত ৰাজ্যখনৰ ৰে’ল আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ঝাৰখণ্ডক ৭ হাজাৰ কোটি টকাতকৈ অধিক ধন প্ৰদান কৰা হৈছে, যিটো ১০ বছৰ পূৰ্বে আবণ্টিত বাজেটৰ তুলনাত ১৬ গুণ বেছি। তেওঁ লগতে ৰাইজক ৰে’ল বাজেট বৃদ্ধিৰ লাভৰ বিষয়ে আঙুলিয়াই দিয়ে৷ নতুন লাইনৰ উন্নয়নেই হওক বা লাইনৰ বিদ্যুৎ সংযোগেই হওক বা দ্বৈত ৰে’ল পথেই হওক বা ষ্টেচনত নতুন আন্তঃগাঁথনিৰ উন্নয়নেই হওক ইত্যাদি সকলো কাম দ্ৰুত গতিত চলি আছে। শ্ৰী মোদীয়ে ঝাৰখণ্ডক প্ৰশংসা কৰে যে যিবোৰ ৰাজ্যত ৰে’লপথ ১০০% বিদ্যুৎচালিত হৈ আছে সেইবোৰৰ ভিতৰত ঝাৰখণ্ড অন্যতম। শ্ৰী মোদীয়ে আলোকপাত কৰে যে অমৃত ভাৰত ৰে’লৱে ষ্টেচন আঁচনিৰ অধীনত ঝাৰখণ্ডৰ ৫০টাতকৈও অধিক ৰে’ল ষ্টেচন সজীৱ কৰি তোলা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ প্ৰথম কিস্তি আজি আৰম্ভ কৰা হৈছে যাৰ ফলত হাজাৰ হাজাৰ হিতাধিকাৰীক পকী ঘৰ নিশ্চিত কৰা হ’ব। তেওঁ লগতে কয় যে পিএমএৱাই-জিৰ লগতে শৌচাগাৰ, খোৱাপানী, বিদ্যুৎ, গেছ সংযোগৰ অন্যান্য সুবিধাও প্ৰদান কৰা হৈছিল। শ্ৰী মোদীয়ে আঙুলিয়াই দিলে যে যেতিয়া এটা পৰিয়ালে নিজৰ ঘৰ পায়, তেতিয়া তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পায়। তেওঁ লগতে কয় যে তেওঁলোকৰ বৰ্তমানক সুস্থিৰ কৰাৰ লগতে তেওঁলোকে নিজৰ উন্নত ভৱিষ্যতৰ বাবে চিন্তা কৰিবলৈ আৰম্ভ কৰে। শ্ৰী মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে ঝাৰখণ্ডৰ জনসাধাৰণৰ বাবে পকী ঘৰৰ লগতে গাঁও-নগৰতো হাজাৰ হাজাৰ চাকৰিৰ সৃষ্টি কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ পৰা দেশৰ দৰিদ্ৰ, দলিত, বঞ্চিত আৰু জনজাতীয় পৰিয়ালসমূহক সবলীকৰণৰ বাবে বহু উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি আলোকপাত কৰে। এই আঁচনিৰ জৰিয়তে শ্ৰী মোদীয়ে কয় যে যিসকল জনজাতি অত্যন্ত পিছপৰা সেই জনগোষ্ঠীসমূহৰ কাষ চাপিবলৈ চেষ্টা কৰা হৈছে আৰু বিষয়াসকলে নিজেই এনে পৰিয়ালসমূহৰ ওচৰলৈ হাত আগবঢ়াই তেওঁলোকক ঘৰ, পথ, বিদ্যুৎ, পানী আৰু শিক্ষাৰ ব্যৱস্থা কৰিছে। তেওঁ কয় যে এনে প্ৰচেষ্টা এখন উন্নত ঝাৰখণ্ডৰ বাবে চৰকাৰৰ সংকল্পৰ এটা অংশ। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে এই সংকল্পসমূহ নিশ্চিতভাৱে পূৰণ হ’ব আৰু জনসাধাৰণৰ আশীৰ্বাদত ঝাৰখণ্ডৰ সপোন বাস্তৱত পৰিণত হ’ব। তেওঁ লগতে ঝাৰখণ্ডৰ ৰাইজৰ আগত বিনম্ৰ ক্ষমাপ্ৰাৰ্থনা জনায় কাৰণ বতৰৰ দুৰ্বল পৰিস্থিতিয়ে তেওঁৰ হেলিকপ্টাৰ চলাচলত বাধাৰ সৃষ্টি কৰাৰ বাবে আৰু ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আজিৰ প্ৰকল্পসমূহৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিবলৈ বাধ্য কৰাইছিল।

 

এই উপলক্ষে অনুষ্ঠানত ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী সন্তোষ গংগৱাৰ আৰু কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান উপস্থিত থাকে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”