মই নিজকে ধন্য অনুভৱ কৰিছো যে আজি ৰামনাথস্বামী মন্দিৰত প্ৰাৰ্থনা কৰিব পাৰিলোঁ: প্ৰধানমন্ত্ৰী
ৰামেশ্বৰম সংযোগী নতুন পাম্বন দলংখনে প্ৰযুক্তি আৰু পৰম্পৰাক একত্ৰিত কৰিছে: প্ৰধানমন্ত্ৰী
আজি সমগ্ৰ দেশতে বিশাল প্ৰকল্পৰ কাম দ্ৰুতগতিত আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ বিকাশ আমাৰ নীলা অৰ্থনীতিৰ দ্বাৰা যথেষ্ট পৰিচালিত হ’ব আৰু বিশ্বই এই ক্ষেত্ৰত তামিলনাডুৰ শক্তি প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’বঃ প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে তামিল ভাষা আৰু ঐতিহ্য যাতে বিশ্বৰ প্ৰতিটো কোণলৈ যায় তাৰ বাবে অহৰহ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ ৰামেশ্বৰমত ৮৩০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন ৰে’ল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি জাতিলৈ উৎসৰ্গা কৰে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ প্ৰথমখন উলম্ব উত্তোলন সাগৰীয় দলং-নতুন পাম্বন ৰে’ল দলং উদ্বোধন কৰি পথ দলঙৰ পৰা এখন ৰে’ল আৰু এখন জাহাজৰ ফ্লেগ অফ কৰি দলংখনৰ পৰিচালনাৰ সাক্ষী হয়। তেওঁ লগতে ৰামেশ্বৰমৰ ৰামনাথস্বামী মন্দিৰত দৰ্শন আৰু পূজা কৰে। এই উপলক্ষে সভাত ভাষণ দি শ্ৰী মোদীয়ে কয় যে আজি শ্ৰী ৰাম নৱমীৰ শুভ অনুষ্ঠান। তেওঁ কয় যে আজিৰ পূৰ্বে অযোধ্যাৰ ভব্য ৰাম মন্দিৰত সূৰ্যৰ ঐশ্বৰিক ৰশ্মিয়ে ৰাম লাল্লাক এক ভব্য তিলকেৰে শোভা বৰ্ধন কৰে। “ভগৱান শ্ৰীৰামৰ জীৱন আৰু তেওঁৰ ৰাজত্বকালৰ পৰাই সুশাসনৰ প্ৰেৰণাই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এক উল্লেখযোগ্য ভেটি হিচাপে কাম কৰে”, তেওঁ কয়। তামিলনাডুৰ সংগম যুগৰ সাহিত্যতো ভগৱান শ্ৰীৰামৰ কথা উল্লেখ আছে বুলি উল্লেখ কৰি তেওঁ পবিত্ৰ ৰামেশ্বৰ ভূমিৰ পৰা শ্ৰীৰাম নৱমী উপলক্ষে সকলো নাগৰিকক আন্তৰিক শুভেচ্ছা জনায়।

“আজি ৰামনাথস্বামী মন্দিৰত প্ৰাৰ্থনা কৰি মই নিজকে ধন্য অনুভৱ কৰিছো”, শ্ৰী মোদীয়ে এই বিশেষ দিনটোত ৮,৩০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প গতাই দিয়াৰ সুযোগ পোৱা বুলিও কয়। তেওঁ দৃঢ়তাৰে কয় যে এই ৰে’ল আৰু পথ প্ৰকল্পসমূহে তামিলনাডুৰ সংযোগ ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব। তেওঁ এই পৰিৱৰ্তনশীল পদক্ষেপসমূহৰ বাবে তামিলনাডুৰ জনসাধাৰণক অভিনন্দন জনায়।

 

বিজ্ঞান আৰু আধ্যাত্মিকতাই ইটোৱে সিটোক কেনেদৰে পৰিপূৰক হিচাপে কাম কৰে তাৰ জীৱনে প্ৰদৰ্শন কৰা ভাৰতৰত্ন ড° কালামৰ ভূমি বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “ৰামেশ্বৰলৈ নতুন পাম্বন দলংখনে প্ৰযুক্তি আৰু পৰম্পৰাৰ মিলনৰ প্ৰতীক”। তেওঁ দৃঢ়তাৰে কয় যে হাজাৰ হাজাৰ বছৰ পুৰণি এখন চহৰ এতিয়া একবিংশ শতিকাৰ অভিযান্ত্ৰিক আশ্চৰ্য্যৰ দ্বাৰা সংযুক্ত হৈ আছে। তেওঁ অভিযন্তা আৰু শ্ৰমিকসকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই দলংখন ভাৰতৰ প্ৰথমখন উলম্ব উত্তোলন ৰে’লৱে সাগৰীয় দলং, যাৰ ফলত ডাঙৰ জাহাজসমূহে তলত চলাচল কৰাৰ লগতে দ্ৰুত ৰে’ল যাত্ৰা সম্ভৱ হয়। আজিৰ পূৰ্বে তেওঁ নতুন ৰে’ল সেৱা আৰু এখন জাহাজৰ ফ্লেগ অফ কৰাৰ কথা উল্লেখ কৰি এই উল্লেখযোগ্য প্ৰকল্পটোৰ বাবে তামিলনাডুৰ জনসাধাৰণক অভিনন্দন জনায়।

এই দলঙৰ চাহিদা বহু দশক ধৰি চলি থকা বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে ৰাইজৰ আশীৰ্বাদত এই কাম সম্পূৰ্ণ কৰাৰ সৌভাগ্য লাভ কৰা হৈছে। তেওঁ দৃঢ়তাৰে কয় যে পাম্বন দলঙে ব্যৱসায়ৰ সহজতা আৰু ভ্ৰমণৰ সহজতা দুয়োটাকে সমৰ্থন কৰে, যাৰ ফলত লাখ লাখ লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে নতুন ৰে’ল সেৱাই ৰামেশ্বৰমৰ পৰা চেন্নাই আৰু দেশৰ অন্যান্য প্ৰান্তলৈ সংযোগ বৃদ্ধি কৰিব। তেওঁ লগতে কয় যে এই উন্নয়নে তামিলনাডুৰ বাণিজ্য আৰু পৰ্যটনৰ লাভৱান হ’ব, লগতে যুৱক-যুৱতীসকলৰ বাবে নতুন চাকৰি আৰু ব্যৱসায়ৰ সুযোগো সৃষ্টি কৰিব।

“যোৱা ১০ বছৰত ভাৰতে নিজৰ অৰ্থনীতিৰ আকাৰ দুগুণ বৃদ্ধি কৰিছে”, এই দ্রুত বৃদ্ধিৰ অন্যতম মূল কাৰণ দেশৰ উল্লেখযোগ্য আধুনিক আন্তঃগাঁথনি বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে। তেওঁ দৃঢ়তাৰে কয় যে যোৱা দশকত ৰে’লৱে, পথ, বিমানবন্দৰ, বন্দৰ, বিদ্যুৎ, পানী, গেছ পাইপলাইনৰ দৰে আন্তঃগাঁথনিৰ বাজেট প্ৰায় ছয়গুণ বৃদ্ধি পাইছে। “আজি সমগ্ৰ দেশতে বৃহৎ প্ৰকল্প দ্ৰুতগতিত আগবাঢ়িছে”, উত্তৰত জম্মু-কাশ্মীৰত চেনাব নৈৰ ওপৰত বিশ্বৰ অন্যতম ওখ ৰে’ল দলং নিৰ্মাণ কৰা হৈছে বুলি কয়। তেওঁ লগতে কয় যে পশ্চিমত মুম্বাইত এতিয়া দেশৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং অটল সেঁতু আছে। তেওঁ লগতে কয় যে পূবত অসমৰ বগীবিল দলংখন অগ্ৰগতিৰ প্ৰমাণ হিচাপে থিয় দিছে, আনহাতে দক্ষিণত বিশ্বৰ কেইখনমান উলম্ব উত্তোনল দলঙৰ ভিতৰত অন্যতম পাম্বন দলং নিৰ্মাণ সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে আলোকপাত কৰে যে পূব আৰু পশ্চিম সমৰ্পিত মালবাহী কৰিডৰ সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে। তেওঁ দৃঢ়তাৰে কয় যে দেশৰ প্ৰথমখন বুলেট ট্ৰেইনৰ কাম দ্ৰুতগতিত আগবাঢ়িছে, আনহাতে বন্দে ভাৰত, অমৃত ভাৰত, নমো ভাৰতৰ দৰে আধুনিক ৰে’লে ৰে’ল নেটৱৰ্কক অধিক উন্নত কৰি তুলিছে।

 

ভাৰতৰ প্ৰতিটো অঞ্চল যেতিয়া ইটোৱে সিটোৰ লগত সংযোগ স্থাপন কৰে তেতিয়া উন্নত দেশ হোৱাৰ পথ শক্তিশালী হয় বুলি দৃঢ়তাৰে শ্ৰী মোদীয়ে কয় যে সমগ্ৰ বিশ্বৰ প্ৰতিটো উন্নত ৰাষ্ট্ৰ আৰু অঞ্চলত এনেকুৱাই হৈছে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতৰ প্ৰতিখন ৰাজ্যই সংযোগ স্থাপনৰ লগে লগে দেশৰ সম্পূৰ্ণ সম্ভাৱনা বাস্তৱায়িত হৈছে। তেওঁ উল্লেখ কৰে যে এই সংযোগে তামিলনাডুকে ধৰি দেশৰ প্ৰতিটো অঞ্চলকে উপকৃত কৰিছে।

“ভাৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত তামিলনাডুৱে উল্লেখযোগ্য ভূমিকা পালন কৰে”,বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় তামিলনাডুৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ লগে লগে ভাৰতৰ বৃদ্ধি আৰু অধিক ত্বৰান্বিত হ’ব। তেওঁ দৃঢ়তাৰে কয় যে ২০১৪ চনৰ আগৰ সময়ছোৱাৰ তুলনাত বিগত দশকত কেন্দ্ৰীয় চৰকাৰে তামিলনাডুৰ উন্নয়নৰ বাবে তিনিগুণ অধিক ধন আবণ্টন দিছে। তেওঁ উল্লেখ কৰে যে এই বৰ্ধিত পুঁজিয়ে তামিলনাডুৰ অৰ্থনৈতিক আৰু উদ্যোগিক বিকাশত যথেষ্ট অৰিহণা যোগাইছে।

তামিলনাডুৰ আন্তঃগাঁথনি উন্নয়ন ভাৰত চৰকাৰৰ বাবে অগ্ৰাধিকাৰৰ বিষয় বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে বিগত দশকত তামিলনাডুৰ ৰে’ল বাজেট সাতগুণতকৈও অধিক বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ২০১৪ চনৰ পূৰ্বে তামিলনাডুৰ ৰে’ল প্ৰকল্পসমূহে বছৰি মাত্ৰ ৯০০ কোটি টকাহে লাভ কৰিছিল, আনহাতে এই বছৰ তামিলনাডুৰ বাবে ৰে’ল বাজেট ৬,০০০ কোটি টকা অতিক্ৰম কৰিছে। তেওঁ লগতে আলোকপাত কৰে যে ভাৰত চৰকাৰে ৰামেশ্বৰম ষ্টেচনকে ধৰি ৰাজ্যখনৰ ৭৭টা ৰে’ল ষ্টেচন আধুনিকীকৰণ কৰি আছে।

 

যোৱা দহ বছৰত গ্ৰাম্য পথ আৰু ঘাইপথৰ উন্নয়নত যি উল্লেখযোগ্য অগ্ৰগতি হৈছে সেই কথা আঙুলিয়াই দিয়ে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ২০১৪ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ সহযোগত তামিলনাডুত ৪০০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে বুলি আলোকপাত কৰাৰ লগতে চেন্নাই বন্দৰ সংযোগী উচ্চ কৰিড’ৰটো উল্লেখযোগ্য আন্তঃগাঁথনিৰ আন এক উদাহৰণ হ’ব বুলিও উল্লেখ কৰে। তেওঁ লগতে উল্লেখ কৰে যে আজি প্ৰায় ৮,০০০ কোটি টকাৰ পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী কৰা হয়। তেওঁ কয় যে এই প্ৰকল্পসমূহে তামিলনাডুৰ বিভিন্ন জিলাৰ সংযোগ বৃদ্ধি কৰাৰ লগতে অন্ধ্ৰপ্ৰদেশৰ সৈতেও সংযোগ উন্নত কৰিব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চেন্নাই মেট্ৰ’ৰ দৰে আধুনিক ৰাজহুৱা পৰিবহণ ব্যৱস্থাই তামিলনাডুত যাতায়তৰ সহজতা বৃদ্ধি কৰিছে, এই কথাত গুৰুত্ব আৰোপ কৰি যে ব্যাপক আন্তঃগাঁথনি উন্নয়নৰ ফলত বিভিন্ন খণ্ডত নতুন চাকৰিৰ সৃষ্টি হয়।

যোৱা দশকত ভাৰতত সামাজিক আন্তঃগাঁথনিত অভিলেখ সৃষ্টি কৰা বিনিয়োগৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে এই পদক্ষেপসমূহৰ দ্বাৰা তামিলনাডুৰ কোটি কোটি পৰিয়াল উপকৃত হোৱাত সুখ প্ৰকাশ কৰে। তেওঁ আলোকপাত কৰে যে বিগত ১০ বছৰত সমগ্ৰ দেশতে দৰিদ্ৰ পৰিয়ালসমূহক ৪ কোটিতকৈ অধিক পুকা ঘৰৰ ব্যৱস্থা কৰা হৈছে, য’ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত তামিলনাডুত নিৰ্মাণ কৰা ১২ লাখৰো অধিক পকী ঘৰো আছে। তেওঁ লগতে দৃঢ়তাৰে কয় যে বিগত দশকত প্ৰায় ১২ কোটি গ্ৰাম্য পৰিয়ালে প্ৰথমবাৰৰ বাবে পাইপ পানী লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে ইয়াৰ ভিতৰত তামিলনাডুৰ ১ কোটি ১১ লাখ পৰিয়ালো আছে, যিসকলে এতিয়া প্ৰথমবাৰৰ বাবে ঘৰত টেপৰ পানীৰ সুবিধা লাভ কৰিছে।

“নাগৰিকসকলক গুণগত আৰু সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰাটো আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি”, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত তামিলনাডুত ১ কোটিৰো অধিক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যাৰ ফলত ৰাজ্যখনৰ পৰিয়ালসমূহৰ বাবে ৮,০০০ কোটি টকা ব্যয় ৰাহি হৈছে। তেওঁ দৃঢ়তাৰে কয় যে তামিলনাডুত ১৪০০ৰো অধিক জন ঔষধি কেন্দ্ৰ আছে, য’ত ৮০% পৰ্যন্ত ৰেহাইত ঔষধ উপলব্ধ। তেওঁ উল্লেখ কৰে যে এই সুলভ মূল্যৰ ঔষধৰ ফলত জনসাধাৰণৰ বাবে ৭০০ কোটি টকাৰ সঞ্চয় হৈছে।

 

শ্ৰী মোদীয়ে পুনৰ দৃঢ়তাৰে কয় যে ভাৰতীয় যুৱক-যুৱতীসকলে যাতে আৰু চিকিৎসক হ’বলৈ বহিঃৰাজ্যলৈ যাবলৈ বাধ্যতামূলক অনুভৱ নকৰে তাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ, তামিলনাডুৱে যোৱা কিছু বছৰত ১১খন নতুন চিকিৎসা মহাবিদ্যালয় লাভ কৰা বুলি আলোকপাত কৰে। তেওঁ তামিলনাডু চৰকাৰক তামিল ভাষাত চিকিৎসা শিক্ষাৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ আহ্বান জনায় যিয়ে দৰিদ্ৰ পৰিয়ালৰ বহু শিশুক সহায় কৰিব।

“সুশাসনে নিশ্চিত কৰে যে কৰদাতাই আগবঢ়োৱা প্ৰতিটো টকাই দৰিদ্ৰ নাগৰিককো উপকৃত কৰে”, প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত তামিলনাডুৰ ক্ষুদ্ৰ কৃষকে প্ৰায় ১২ হাজাৰ কোটি টকা লাভ কৰিছে। তেওঁ লগতে কয় যে তামিলনাডুৰ কৃষকসকলেও প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দ্বাৰা লাভৱান হৈছে, যাৰ দাবীৰ পৰিমাণ ১৪,৮০০ কোটি টকা।

“ভাৰতৰ নীলা অৰ্থনীতিয়ে দেশৰ বৃদ্ধিত উল্লেখযোগ্য ভূমিকা পালন কৰিব আৰু এই খণ্ডত তামিলনাডুৰ শক্তিক বিশ্বজুৰি স্বীকৃতি দিয়া হ’ব”, শ্ৰী মোদীয়ে উচ্চাৰণ কৰে। তেওঁ তামিলনাডুৰ মাছমৰীয়া সমাজৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত আলোকপাত কৰি ৰাজ্যখনৰ মীন আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে বিগত পাঁচ বছৰত তামিলনাডুৱে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত যথেষ্ট ধন লাভ কৰিছে,  য’ত সাগৰীয় শাক-পাচলি উদ্যান, মাছ ধৰা বন্দৰ আৰু অৱতৰণ কেন্দ্ৰত শ শ কোটি টকাৰ বিনিয়োগকে ধৰি চৰকাৰে মাছমৰীয়াসকলৰ বাবে আধুনিক সুবিধা প্ৰদানৰ প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে আৰু মাছমৰীয়াসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰি উল্লেখ কৰে যে বিগত দশকত শ্ৰীলংকাৰ পৰা ৩৭০০ৰো অধিক মাছমৰীয়াক ঘূৰাই অনা হৈছে, য’ত কেৱল বিগত এটা বছৰত ৬০০ৰো অধিক মাছমৰীয়াও আছে।

 

শ্ৰী মোদীয়ে ভাৰতৰ প্ৰতি ক্ৰমবৰ্ধমান বৈশ্বিক আগ্ৰহৰ কথা উল্লেখ কৰি, দেশখনৰ বিষয়ে জানিবলৈ আৰু বুজিবলৈ আগ্ৰহী লোকসকলৰ সৈতে এই আকৰ্ষণত ভাৰতৰ সংস্কৃতি আৰু ছফট পাৱাৰৰ উল্লেখযোগ্য ভূমিকাক আলোকপাত কৰে। “তামিল ভাষা আৰু ঐতিহ্য যাতে বিশ্বৰ প্ৰতিটো কোণত উপনীত হয় তাৰ বাবে চৰকাৰে অহৰহ কাম কৰি আছে”, তেওঁ লগতে কয়। একবিংশ শতিকাত এই মহান পৰম্পৰাক আৰু অধিক আগুৱাই নিব লাগিব বুলি বিশ্বাস প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। ৰামেশ্বৰ আৰু তামিলনাডুৰ পবিত্ৰ ভূমিয়ে জাতিটোক অনুপ্ৰাণিত আৰু শক্তিশালী কৰি ৰাখিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে এটা শক্তিশালী, সমৃদ্ধিশালী, আৰু উন্নত ভাৰত গঢ়াৰ লক্ষ্য প্ৰতিজন বিজেপি কৰ্মীৰ অদম্য প্ৰচেষ্টাৰ দ্বাৰা পৰিচালিত হোৱা বুলি আলোকপাত কৰে। তেওঁ দৃঢ়তাৰে কয় যে দেশৰ জনসাধাৰণে বিজেপি চৰকাৰসমূহৰ সুশাসন আৰু ৰাষ্ট্ৰীয় স্বাৰ্থত লোৱা সিদ্ধান্তসমূহ প্ৰত্যক্ষ কৰি আছে। দেশৰ প্ৰতিখন ৰাজ্য আৰু কোণত বিজেপি কৰ্মীসকলে যিদৰে তৃণমূল পৰ্যায়ত কাম কৰি দৰিদ্ৰ লোকক সেৱা আগবঢ়াইছে তাক লৈ তেওঁ গৌৰৱ প্ৰকাশ কৰে। ভাষণৰ সামৰণিত তেওঁ লাখ লাখ বিজেপি কৰ্মীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলোকৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে।

 

শ্ৰী মোদীয়ে ভাৰতৰ প্ৰতি ক্ৰমবৰ্ধমান বৈশ্বিক আগ্ৰহৰ কথা উল্লেখ কৰি, দেশখনৰ বিষয়ে জানিবলৈ আৰু বুজিবলৈ আগ্ৰহী লোকসকলৰ সৈতে এই আকৰ্ষণত ভাৰতৰ সংস্কৃতি আৰু ছফট পাৱাৰৰ উল্লেখযোগ্য ভূমিকাক আলোকপাত কৰে। “তামিল ভাষা আৰু ঐতিহ্য যাতে বিশ্বৰ প্ৰতিটো কোণত উপনীত হয় তাৰ বাবে চৰকাৰে অহৰহ কাম কৰি আছে”, তেওঁ লগতে কয়। একবিংশ শতিকাত এই মহান পৰম্পৰাক আৰু অধিক আগুৱাই নিব লাগিব বুলি বিশ্বাস প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। ৰামেশ্বৰ আৰু তামিলনাডুৰ পবিত্ৰ ভূমিয়ে জাতিটোক অনুপ্ৰাণিত আৰু শক্তিশালী কৰি ৰাখিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

 

আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে এটা শক্তিশালী, সমৃদ্ধিশালী, আৰু উন্নত ভাৰত গঢ়াৰ লক্ষ্য প্ৰতিজন বিজেপি কৰ্মীৰ অদম্য প্ৰচেষ্টাৰ দ্বাৰা পৰিচালিত হোৱা বুলি আলোকপাত কৰে। তেওঁ দৃঢ়তাৰে কয় যে দেশৰ জনসাধাৰণে বিজেপি চৰকাৰসমূহৰ সুশাসন আৰু ৰাষ্ট্ৰীয় স্বাৰ্থত লোৱা সিদ্ধান্তসমূহ প্ৰত্যক্ষ কৰি আছে। দেশৰ প্ৰতিখন ৰাজ্য আৰু কোণত বিজেপি কৰ্মীসকলে যিদৰে তৃণমূল পৰ্যায়ত কাম কৰি দৰিদ্ৰ লোকক সেৱা আগবঢ়াইছে তাক লৈ তেওঁ গৌৰৱ প্ৰকাশ কৰে। ভাষণৰ সামৰণিত তেওঁ লাখ লাখ বিজেপি কৰ্মীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলোকৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে।

অনুষ্ঠানত তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগান আদি উপস্থিত থাকে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan

Media Coverage

'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi's address to the nation
May 12, 2025
Today, every terrorist knows the consequences of wiping Sindoor from the foreheads of our sisters and daughters: PM
Operation Sindoor is an unwavering pledge for justice: PM
Terrorists dared to wipe the Sindoor from the foreheads of our sisters; that's why India destroyed the very headquarters of terror: PM
Pakistan had prepared to strike at our borders,but India hit them right at their core: PM
Operation Sindoor has redefined the fight against terror, setting a new benchmark, a new normal: PM
This is not an era of war, but it is not an era of terrorism either: PM
Zero tolerance against terrorism is the guarantee of a better world: PM
Any talks with Pakistan will focus on terrorism and PoK: PM

প্ৰিয় দেশবাসী,

নমস্কাৰ !

যোৱা কেইটামান দিনত দেশৰ শক্তি আৰু সংযম দুয়োটাই আমি সকলোৱে প্ৰত্যক্ষ কৰিছো।মই প্ৰথমে আমাৰ শক্তিশালী ভাৰতীয় সেনাবাহিনীক প্ৰণাম জনাইছো, সশস্ত্ৰ বাহিনী, আমাৰ চোৰাংচোৱা সংস্থা, আমাৰ বিজ্ঞানী, সকলোকে মই প্ৰতিজন ভাৰতীয়ৰ হৈ প্ৰণাম জনাইছো।

আমাৰ সাহসী জোৱানসকলে ‘অপাৰেচন সিন্দুৰ’ৰ লক্ষ্যত উপনীত হ’বলৈ গৈ অপৰিসীম সাহস প্ৰদৰ্শন কৰিলে। মই তেওঁলোকৰ বীৰত্বক, তেওঁলোকৰ সাহসক, তেওঁলোকৰ পৰাক্ৰমক সমৰ্পিত কৰিছো৷ মই তেওঁলোকৰ এই পৰাক্ৰমক , আমাৰ দেশৰ প্ৰতিগৰাকী মাতৃলৈ, দেশৰ প্ৰতিগৰাকী ভগ্নী আৰু প্ৰতিগৰাকী কন্যাৰ বাবে উৎসৰ্গা কৰিছো।

 

বন্ধুসকল,

যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্রাসবাদীয়ে প্রদর্শন কৰা বৰ্বৰতাই দেশ আৰু বিশ্বক স্তম্ভিত কৰি তুলিছিল৷

বন্ধৰ দিন উদযাপন কৰিবলৈ যোৱা নিৰ্দোষ নিৰীহ নাগৰিকক ধৰ্মৰ বিষয়ে সুধি পৰিয়ালৰ সন্মুখতে, শিশুসকলৰ সন্মুখতে...

নিৰ্দয়ভাবে হত্যা কৰা হৈছিল।

এয়া আছিল আতংকৰ এক বীভৎস ছবি, এয়া আছিল নিষ্ঠুৰতাৰ ভয়ংকৰ প্ৰকাশ৷ এয়া আছিল দেশৰ সমন্বয় বিনষ্ট কৰাৰ এক ঘৃণনীয় অপচেষ্টা। মোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে এই নাৰকীয় ঘটনাৰ বেদনা অসহনীয় আছিল।

এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশ, প্ৰতিগৰাকী নাগৰিক, সমাজ, প্ৰতিটো শ্ৰেণীৰ লোক, প্ৰতিটো ৰাজনৈতিক দল একত্ৰিত হৈ 'একেষাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থাৰ দাবীৰে থিয় দিলে।

সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ ভাৰতীয় নিৰাপত্তা বাহিনীক আমি পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিলো। আমি তেওঁলোকক এইক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিলো।

আৰু আজি প্ৰতিজন সন্ত্ৰাসবাদীয়ে, প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে উপলব্ধি কৰিবলৈ বাধ্য হৈছে আমাৰ ভগ্নী-কন্যাৰ কপালৰ সেন্দুৰ মচি পেলোৱাৰ পৰিণতি কি হ'ব পাৰে ।

 

বন্ধুসকল,

অপাৰেচন সিন্দুৰ ...এয়া কেৱল এটা নাম নহয়৷এয়া দেশৰ কোটি কোটি মানুহৰ আৱেগৰ প্ৰতিফলন।

অপাৰেচন 'সিন্দুৰ' ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। ৬ মে’ৰ গভীৰ নিশা.. ৭ মে’ৰ পুৱা.. সমগ্ৰ বিশ্বই এই প্ৰতিজ্ঞা ফলাফলত পৰিণত হোৱা দেখিবলৈ পাইছে। ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰিছে।

তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত নিখুঁতভাৱে আঘাত কৰিছে । সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনা কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। কিন্তু যেতিয়া দেশখন একত্ৰিত হয়, দেশ প্ৰথমৰ মনোভাৱেৰে মানুহৰ মনবোৰ ভৰি পৰে, তেতিয়া দেশেই সৰ্বোচ্চ হৈ পৰে। তেতিয়াই শক্তিশালী সিদ্ধান্ত লোৱা হয় আৰু তাৰ ফল লাভ কৰা হয়।

ভাৰতীয় ক্ষেপণাস্ত্ৰই যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল, ভাৰতীয় ড্ৰোনে যেতিয়া আক্ৰমণ চলাইছিল, তেতিয়া কেৱল সন্ত্ৰাসবাদী সংগঠনৰ ভৱনবোৰেই নহয়, তেওঁলোকৰ আত্মবিশ্বাসো কঁপি উঠিছিল।

 

বহাৱালপুৰ আৰু মুৰিদকেৰ দৰে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহ এককথাত বিশ্ব সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় স্বৰূপ হৈ পৰিছে।

বিশ্বৰ যিকোনো ঠাইত সংঘটিত হোৱা যিকোনো ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ- সেয়া ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক , লণ্ডন টিউব বোমা বিস্ফোৰণেই হওঁক বা ভাৰতত দশকজুৰি সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক, ক’ৰবাত নহয় ক’ৰবাত এই ঘটনাসমূহ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা এই স্থানসমূহৰ সৈতে সংযুক্ত হৈ পৰিছে। সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীহঁতৰ সেন্দুৰ মচি পেলাইছিল৷ সেইবাবেই ভাৰতে সন্ত্ৰাসবাদৰ এই মুখ্য কাৰ্যালয় ধ্বংস কৰিছে। ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে। ইমানবোৰ সন্ত্ৰাসবাদীয়ে যোৱা ডেৰৰ পৰা তিনি দশক ধৰি পাকিস্তানত মুক্তভাৱে ঘূৰি ফুৰিছিল৷ যিসকলে পূৰ্বে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকক ভাৰতে এটা আঘাততে ধ্বংস কৰি পেলালে।

 

বন্ধুসকল,

ভাৰতৰ এই কাৰ্য্যত পাকিস্তান গভীৰভাৱে হতাশগ্ৰস্ত হৈ পৰিছে৷ সকলোতে কেৱল হতাশাৰ কলীয়া ডাৱৰে ছানি ধৰিছিল৷ তেওঁলোক বিভ্ৰান্ত হৈ পৰিছিল৷এনে বিভ্ৰান্তিকৰ অৱস্থাৰ মাজতে তেওঁলোকে আৰু এটা বেয়া কাম কৰিলে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাক সমৰ্থন কৰাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতকহে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে।

পাকিস্তানে আমাৰ স্কুল আৰু কলেজসমূহ লক্ষ্য কৰি লৈছিল, গুৰুদ্বাৰ, মন্দিৰ, সাধাৰণ নাগৰিকৰ ঘৰ আদিও পাকিস্তানৰ আক্ৰণৰ লক্ষ্য হৈ পৰিছিল৷ এনে কাৰ্যৰ জড়িয়তে পাকিস্তানে নিজকে উদঙাই দিলে। বিশ্বই দেখিলে পাকিস্তানৰ ড্ৰোন আৰু মিছাইল কেনেকৈ ভাৰতৰ সন্মুখত খেৰৰ দৰে জ্বলি ছাই হৈ গল৷ ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সেইবোৰ আকাশতে ধ্বংস কৰি পেলালে। সীমান্তত আক্ৰমণ কৰিবলৈ সাজু হৈছিল পাকিস্তান৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতে পাকিস্তানৰ বুকুত আঘাত হানিলে। ভাৰতৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰই নিখুঁতভাৱে পাকিস্তানৰ লক্ষ্যস্থানত আঘাত কৰিছিল। ফলত পাকিস্তানী বায়ুসেনাৰ সেই বিমানঘাটিসমূহ ক্ষতিগ্ৰস্ত হৈছিল, যিবোৰকলৈ পাকিস্তানে গৌৰৱ কৰি আহিছিল৷ প্ৰথম তিনিদিনতে যে ভাৰতে পাকিস্তানক এনেদৰে ধ্বংস কৰিব সেয়া তেওঁলোকে কল্পনাও কৰা নাছিল । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আগ্ৰাসী কাৰ্য্য ব্যৱস্থাৰ পিছত পাকিস্তানে পলায়নৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে। পাকিস্তানে উত্তেজনা হ্ৰাস কৰিবলৈ বিশ্বক অনুৰোধ কৰিবলৈ ধৰিলে৷ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত বাধ্যবাধকতাত পৰি ১০ মে’ৰ দুপৰীয়া পাকিস্তানী সেনাই আমাৰ ডিজিএমঅ’ৰ সৈতে যোগাযোগ কৰিলে। তেতিয়ালৈকে আমি পাকিস্তানৰ সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি বৃহৎ পৰিসৰত ধ্বংস কৰি পেলাইছিলো৷ বহু সন্ত্ৰাসবাদী নিহত হৈছিল৷ আমি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিবোৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছিলোঁ৷ গতিকে, দিশহাৰা পাকিস্তানৰ পৰা এটা আবেদন কৰা হৈছিল৷ এই কথা পাকিস্তানৰ পৰা কোৱা হৈছিল যে তেওঁলোকৰ পক্ষৰ পৰা আৰু কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ তথা সামৰিক দুষ্কাৰ্য কৰা নহ’ব ৷গতিকে ভাৰতেও এই কথা বিবেচনা কৰিলে। আৰু মই আকৌ কওঁ...আমি মাত্ৰ পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সামৰিক ঘাটিৰ বিৰুদ্ধে আমাৰ ব্যৱস্থা স্থগিতহে ৰাখিছো৷

অনাগত দিনত আমি পাকিস্তানৰ প্ৰতিটো খোজৰ হিচাব লম৷ তেওঁলোকে কি মনোভাৱ গ্ৰহণ কৰে সেয়া লক্ষ্য কৰিম৷

 

বন্ধুসকল,

ভাৰতৰ তিনিটা সেনাবাহিনী-আমাৰ বায়ুসেনা, আমাৰ সেনাবাহিনী আৰু আমাৰ নৌসেনা, আমাৰ সীমান্ত সুৰক্ষা বাহিনী-বিএছএফ, ভাৰতৰ অৰ্ধসামৰিক বাহিনী নিৰন্তৰ সষ্টম হৈ আছে ।ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এক বলিষ্ঠ পদক্ষেপ হিচাবে পৰিগণিত হৈছে। ভাৰতে এয়া নীতিগতভাবে গ্ৰহণ কৰিছে৷ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ শক্তিশালী প্ৰমাণ হৈ পৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন ৰেখা টানিছে অপাৰেচন সিন্দুৰে। এটা নতুন মান, এটা নতুন ধৰণ নিৰ্ধাৰণ কৰা হৈছে।

প্ৰথম কথা - ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব।আমি নিজৰ ধৰণে, নিজৰ চৰ্তত সঁহাৰি জনাম।

সন্ত্ৰাসবাদৰ শিপা য’ৰ পৰা বিস্তাৰিত হৈছে তাতেই আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। দ্বিতীয়তে – ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে। পাৰমাণৱিক ব্লেকমেইলৰ আৱৰণেৰে ঘেৰি ৰখা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহত ভাৰতে এক নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ চলাব। তৃতীয়তে, সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰখন আৰু সন্ত্ৰাসবাদৰ মালিকসকলক আমি পৃথক সত্তা হিচাপে কেতিয়াও নাচাম।

'অপাৰেচন সিন্দুৰ'ৰ সময়ত বিশ্বই আকৌ দেখিছে পাকিস্তানৰ কুৎসিত মুখ।যেতিয়া মৃত সন্ত্ৰাসবাদীক বিদায় দিয়া হৈছিল।

পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়াৰ মাজত লৰাধপৰা লাগিছল। দেশ খনৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ এয়া এক ডাঙৰ প্ৰমাণ। ভাৰত আৰু আমাৰ নাগৰিকক যিকোনো ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ আমি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাম।

 

বন্ধুসকল,

আমি প্ৰতিবাৰেই যুদ্ধক্ষেত্ৰত পাকিস্তানক পৰাস্ত কৰিছো আৰু এইবাৰ অপাৰেচন সিন্দুৰে ইয়াত এক নতুন মাত্ৰা সংযোজন কৰিলে। আমি মৰুভূমি আৰু পৰ্বতমালাত আমাৰ সামৰ্থ্য উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছো৷ লগতে আধুনিক যুদ্ধত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছো।এই অপাৰেচনৰ সময়ত আমাৰ মেড ইন ইণ্ডিয়া অস্ত্ৰৰ সত্যতাও প্ৰমাণিত হ’ল। আজি বিশ্বই লক্ষ্য কৰিছে- একবিংশ শতিকাৰ যুদ্ধত মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা সঁজুলিৰ সময় আহি পৰিছে।

 

বন্ধুসকল,

আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ মাজত গঢ় লোৱা ঐক্য। এয়া নিশ্চিতভাৱে যুদ্ধৰ যুগ নহয়৷ কিন্তু এয়া সন্ত্ৰাসবাদৰো যুগ নহয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখন উন্নত পৃথিৱীৰ নিশ্চয়তা প্ৰদানৰ প্ৰথম চৰ্ত৷

 

বন্ধুসকল,

পাকিস্তানৰ সেনা, পাকিস্তান চৰকাৰে যি সন্ত্ৰাসবাদক লালন-পালন কৰি আহিছে এদিন সেই সন্ত্ৰাসবাদেই পাকিস্তানক ধ্বংস কৰিব। পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে তেন্তে নিজৰ দেশত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিব লাগিব। ইয়াৰ বাহিৰে শান্তিৰ কোনো বিকল্প পথ নাই। এইক্ষেত্ৰত ভাৰতৰ স্থিতি অতি স্পষ্ট৷ আতংক আৰু আলোচনা একেলগে আগবাঢ়িব নোৱাৰে৷

সন্ত্ৰাস আৰু বাণিজ্য একেলগে আগুৱাব নোৱাৰে। আনকি পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে। আজি বিশ্ব সমাজকো ক'ব বিচাৰিছো- আমাৰ ঘোষিত নীতি হৈছে- পাকিস্তানৰ সৈতে যদি আলোচনা হয়, সেয়া হ'ব সন্ত্ৰাসবাদৰ বিষয়ত, যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেন্তে সেয়া হ'ব পাক অধিকৃত কাশ্মীৰৰ বিষয়ত৷

 

প্ৰিয় দেশবাসী,

আজি বুদ্ধ পূৰ্ণিমা।

ভগৱান বুদ্ধই আমাক শান্তিৰ পথ দেখুৱাইছে। শান্তিৰ পথো শক্তিৰ মাজেৰেই পৰিচালিত হয়৷ মানৱতা শান্তি আৰু সমৃদ্ধিৰ পথেৰে আগবাঢ়ি যাওক৷ প্ৰতিজন ভাৰতীয়ই শান্তিৰে জীয়াই থাকিবলৈ সক্ষম হওক৷ যিয়ে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পাৰিব৷

ইয়াৰ বাবে ভাৰত শক্তিশালী হ'ব লাগিব আৰু প্ৰয়োজনৰ সময়ত শক্তি ব্যৱহাৰ কৰাটোও গুৰুত্বপূৰ্ণ কথা হৈ পৰিব। যোৱা কেইটামান দিনত ভাৰতে ঠিক এনে কামেই কৰিছে।ভাৰতীয় সেনা আৰু সশস্ত্ৰ বাহিনীক পুনৰবাৰ প্ৰণাম জনাইছো।

ভাৰতবাসীৰ সাহস আৰু ঐক্যক প্ৰণাম জনাইছো।

ধন্যবাদ...

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!