মই নিজকে ধন্য অনুভৱ কৰিছো যে আজি ৰামনাথস্বামী মন্দিৰত প্ৰাৰ্থনা কৰিব পাৰিলোঁ: প্ৰধানমন্ত্ৰী
ৰামেশ্বৰম সংযোগী নতুন পাম্বন দলংখনে প্ৰযুক্তি আৰু পৰম্পৰাক একত্ৰিত কৰিছে: প্ৰধানমন্ত্ৰী
আজি সমগ্ৰ দেশতে বিশাল প্ৰকল্পৰ কাম দ্ৰুতগতিত আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ বিকাশ আমাৰ নীলা অৰ্থনীতিৰ দ্বাৰা যথেষ্ট পৰিচালিত হ’ব আৰু বিশ্বই এই ক্ষেত্ৰত তামিলনাডুৰ শক্তি প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’বঃ প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে তামিল ভাষা আৰু ঐতিহ্য যাতে বিশ্বৰ প্ৰতিটো কোণলৈ যায় তাৰ বাবে অহৰহ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ ৰামেশ্বৰমত ৮৩০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন ৰে’ল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি জাতিলৈ উৎসৰ্গা কৰে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ প্ৰথমখন উলম্ব উত্তোলন সাগৰীয় দলং-নতুন পাম্বন ৰে’ল দলং উদ্বোধন কৰি পথ দলঙৰ পৰা এখন ৰে’ল আৰু এখন জাহাজৰ ফ্লেগ অফ কৰি দলংখনৰ পৰিচালনাৰ সাক্ষী হয়। তেওঁ লগতে ৰামেশ্বৰমৰ ৰামনাথস্বামী মন্দিৰত দৰ্শন আৰু পূজা কৰে। এই উপলক্ষে সভাত ভাষণ দি শ্ৰী মোদীয়ে কয় যে আজি শ্ৰী ৰাম নৱমীৰ শুভ অনুষ্ঠান। তেওঁ কয় যে আজিৰ পূৰ্বে অযোধ্যাৰ ভব্য ৰাম মন্দিৰত সূৰ্যৰ ঐশ্বৰিক ৰশ্মিয়ে ৰাম লাল্লাক এক ভব্য তিলকেৰে শোভা বৰ্ধন কৰে। “ভগৱান শ্ৰীৰামৰ জীৱন আৰু তেওঁৰ ৰাজত্বকালৰ পৰাই সুশাসনৰ প্ৰেৰণাই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এক উল্লেখযোগ্য ভেটি হিচাপে কাম কৰে”, তেওঁ কয়। তামিলনাডুৰ সংগম যুগৰ সাহিত্যতো ভগৱান শ্ৰীৰামৰ কথা উল্লেখ আছে বুলি উল্লেখ কৰি তেওঁ পবিত্ৰ ৰামেশ্বৰ ভূমিৰ পৰা শ্ৰীৰাম নৱমী উপলক্ষে সকলো নাগৰিকক আন্তৰিক শুভেচ্ছা জনায়।

“আজি ৰামনাথস্বামী মন্দিৰত প্ৰাৰ্থনা কৰি মই নিজকে ধন্য অনুভৱ কৰিছো”, শ্ৰী মোদীয়ে এই বিশেষ দিনটোত ৮,৩০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প গতাই দিয়াৰ সুযোগ পোৱা বুলিও কয়। তেওঁ দৃঢ়তাৰে কয় যে এই ৰে’ল আৰু পথ প্ৰকল্পসমূহে তামিলনাডুৰ সংযোগ ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব। তেওঁ এই পৰিৱৰ্তনশীল পদক্ষেপসমূহৰ বাবে তামিলনাডুৰ জনসাধাৰণক অভিনন্দন জনায়।

 

বিজ্ঞান আৰু আধ্যাত্মিকতাই ইটোৱে সিটোক কেনেদৰে পৰিপূৰক হিচাপে কাম কৰে তাৰ জীৱনে প্ৰদৰ্শন কৰা ভাৰতৰত্ন ড° কালামৰ ভূমি বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “ৰামেশ্বৰলৈ নতুন পাম্বন দলংখনে প্ৰযুক্তি আৰু পৰম্পৰাৰ মিলনৰ প্ৰতীক”। তেওঁ দৃঢ়তাৰে কয় যে হাজাৰ হাজাৰ বছৰ পুৰণি এখন চহৰ এতিয়া একবিংশ শতিকাৰ অভিযান্ত্ৰিক আশ্চৰ্য্যৰ দ্বাৰা সংযুক্ত হৈ আছে। তেওঁ অভিযন্তা আৰু শ্ৰমিকসকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই দলংখন ভাৰতৰ প্ৰথমখন উলম্ব উত্তোলন ৰে’লৱে সাগৰীয় দলং, যাৰ ফলত ডাঙৰ জাহাজসমূহে তলত চলাচল কৰাৰ লগতে দ্ৰুত ৰে’ল যাত্ৰা সম্ভৱ হয়। আজিৰ পূৰ্বে তেওঁ নতুন ৰে’ল সেৱা আৰু এখন জাহাজৰ ফ্লেগ অফ কৰাৰ কথা উল্লেখ কৰি এই উল্লেখযোগ্য প্ৰকল্পটোৰ বাবে তামিলনাডুৰ জনসাধাৰণক অভিনন্দন জনায়।

এই দলঙৰ চাহিদা বহু দশক ধৰি চলি থকা বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে ৰাইজৰ আশীৰ্বাদত এই কাম সম্পূৰ্ণ কৰাৰ সৌভাগ্য লাভ কৰা হৈছে। তেওঁ দৃঢ়তাৰে কয় যে পাম্বন দলঙে ব্যৱসায়ৰ সহজতা আৰু ভ্ৰমণৰ সহজতা দুয়োটাকে সমৰ্থন কৰে, যাৰ ফলত লাখ লাখ লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে নতুন ৰে’ল সেৱাই ৰামেশ্বৰমৰ পৰা চেন্নাই আৰু দেশৰ অন্যান্য প্ৰান্তলৈ সংযোগ বৃদ্ধি কৰিব। তেওঁ লগতে কয় যে এই উন্নয়নে তামিলনাডুৰ বাণিজ্য আৰু পৰ্যটনৰ লাভৱান হ’ব, লগতে যুৱক-যুৱতীসকলৰ বাবে নতুন চাকৰি আৰু ব্যৱসায়ৰ সুযোগো সৃষ্টি কৰিব।

“যোৱা ১০ বছৰত ভাৰতে নিজৰ অৰ্থনীতিৰ আকাৰ দুগুণ বৃদ্ধি কৰিছে”, এই দ্রুত বৃদ্ধিৰ অন্যতম মূল কাৰণ দেশৰ উল্লেখযোগ্য আধুনিক আন্তঃগাঁথনি বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে। তেওঁ দৃঢ়তাৰে কয় যে যোৱা দশকত ৰে’লৱে, পথ, বিমানবন্দৰ, বন্দৰ, বিদ্যুৎ, পানী, গেছ পাইপলাইনৰ দৰে আন্তঃগাঁথনিৰ বাজেট প্ৰায় ছয়গুণ বৃদ্ধি পাইছে। “আজি সমগ্ৰ দেশতে বৃহৎ প্ৰকল্প দ্ৰুতগতিত আগবাঢ়িছে”, উত্তৰত জম্মু-কাশ্মীৰত চেনাব নৈৰ ওপৰত বিশ্বৰ অন্যতম ওখ ৰে’ল দলং নিৰ্মাণ কৰা হৈছে বুলি কয়। তেওঁ লগতে কয় যে পশ্চিমত মুম্বাইত এতিয়া দেশৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং অটল সেঁতু আছে। তেওঁ লগতে কয় যে পূবত অসমৰ বগীবিল দলংখন অগ্ৰগতিৰ প্ৰমাণ হিচাপে থিয় দিছে, আনহাতে দক্ষিণত বিশ্বৰ কেইখনমান উলম্ব উত্তোনল দলঙৰ ভিতৰত অন্যতম পাম্বন দলং নিৰ্মাণ সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে আলোকপাত কৰে যে পূব আৰু পশ্চিম সমৰ্পিত মালবাহী কৰিডৰ সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে। তেওঁ দৃঢ়তাৰে কয় যে দেশৰ প্ৰথমখন বুলেট ট্ৰেইনৰ কাম দ্ৰুতগতিত আগবাঢ়িছে, আনহাতে বন্দে ভাৰত, অমৃত ভাৰত, নমো ভাৰতৰ দৰে আধুনিক ৰে’লে ৰে’ল নেটৱৰ্কক অধিক উন্নত কৰি তুলিছে।

 

ভাৰতৰ প্ৰতিটো অঞ্চল যেতিয়া ইটোৱে সিটোৰ লগত সংযোগ স্থাপন কৰে তেতিয়া উন্নত দেশ হোৱাৰ পথ শক্তিশালী হয় বুলি দৃঢ়তাৰে শ্ৰী মোদীয়ে কয় যে সমগ্ৰ বিশ্বৰ প্ৰতিটো উন্নত ৰাষ্ট্ৰ আৰু অঞ্চলত এনেকুৱাই হৈছে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতৰ প্ৰতিখন ৰাজ্যই সংযোগ স্থাপনৰ লগে লগে দেশৰ সম্পূৰ্ণ সম্ভাৱনা বাস্তৱায়িত হৈছে। তেওঁ উল্লেখ কৰে যে এই সংযোগে তামিলনাডুকে ধৰি দেশৰ প্ৰতিটো অঞ্চলকে উপকৃত কৰিছে।

“ভাৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত তামিলনাডুৱে উল্লেখযোগ্য ভূমিকা পালন কৰে”,বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় তামিলনাডুৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ লগে লগে ভাৰতৰ বৃদ্ধি আৰু অধিক ত্বৰান্বিত হ’ব। তেওঁ দৃঢ়তাৰে কয় যে ২০১৪ চনৰ আগৰ সময়ছোৱাৰ তুলনাত বিগত দশকত কেন্দ্ৰীয় চৰকাৰে তামিলনাডুৰ উন্নয়নৰ বাবে তিনিগুণ অধিক ধন আবণ্টন দিছে। তেওঁ উল্লেখ কৰে যে এই বৰ্ধিত পুঁজিয়ে তামিলনাডুৰ অৰ্থনৈতিক আৰু উদ্যোগিক বিকাশত যথেষ্ট অৰিহণা যোগাইছে।

তামিলনাডুৰ আন্তঃগাঁথনি উন্নয়ন ভাৰত চৰকাৰৰ বাবে অগ্ৰাধিকাৰৰ বিষয় বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে বিগত দশকত তামিলনাডুৰ ৰে’ল বাজেট সাতগুণতকৈও অধিক বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ২০১৪ চনৰ পূৰ্বে তামিলনাডুৰ ৰে’ল প্ৰকল্পসমূহে বছৰি মাত্ৰ ৯০০ কোটি টকাহে লাভ কৰিছিল, আনহাতে এই বছৰ তামিলনাডুৰ বাবে ৰে’ল বাজেট ৬,০০০ কোটি টকা অতিক্ৰম কৰিছে। তেওঁ লগতে আলোকপাত কৰে যে ভাৰত চৰকাৰে ৰামেশ্বৰম ষ্টেচনকে ধৰি ৰাজ্যখনৰ ৭৭টা ৰে’ল ষ্টেচন আধুনিকীকৰণ কৰি আছে।

 

যোৱা দহ বছৰত গ্ৰাম্য পথ আৰু ঘাইপথৰ উন্নয়নত যি উল্লেখযোগ্য অগ্ৰগতি হৈছে সেই কথা আঙুলিয়াই দিয়ে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ২০১৪ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ সহযোগত তামিলনাডুত ৪০০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে বুলি আলোকপাত কৰাৰ লগতে চেন্নাই বন্দৰ সংযোগী উচ্চ কৰিড’ৰটো উল্লেখযোগ্য আন্তঃগাঁথনিৰ আন এক উদাহৰণ হ’ব বুলিও উল্লেখ কৰে। তেওঁ লগতে উল্লেখ কৰে যে আজি প্ৰায় ৮,০০০ কোটি টকাৰ পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী কৰা হয়। তেওঁ কয় যে এই প্ৰকল্পসমূহে তামিলনাডুৰ বিভিন্ন জিলাৰ সংযোগ বৃদ্ধি কৰাৰ লগতে অন্ধ্ৰপ্ৰদেশৰ সৈতেও সংযোগ উন্নত কৰিব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চেন্নাই মেট্ৰ’ৰ দৰে আধুনিক ৰাজহুৱা পৰিবহণ ব্যৱস্থাই তামিলনাডুত যাতায়তৰ সহজতা বৃদ্ধি কৰিছে, এই কথাত গুৰুত্ব আৰোপ কৰি যে ব্যাপক আন্তঃগাঁথনি উন্নয়নৰ ফলত বিভিন্ন খণ্ডত নতুন চাকৰিৰ সৃষ্টি হয়।

যোৱা দশকত ভাৰতত সামাজিক আন্তঃগাঁথনিত অভিলেখ সৃষ্টি কৰা বিনিয়োগৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে এই পদক্ষেপসমূহৰ দ্বাৰা তামিলনাডুৰ কোটি কোটি পৰিয়াল উপকৃত হোৱাত সুখ প্ৰকাশ কৰে। তেওঁ আলোকপাত কৰে যে বিগত ১০ বছৰত সমগ্ৰ দেশতে দৰিদ্ৰ পৰিয়ালসমূহক ৪ কোটিতকৈ অধিক পুকা ঘৰৰ ব্যৱস্থা কৰা হৈছে, য’ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত তামিলনাডুত নিৰ্মাণ কৰা ১২ লাখৰো অধিক পকী ঘৰো আছে। তেওঁ লগতে দৃঢ়তাৰে কয় যে বিগত দশকত প্ৰায় ১২ কোটি গ্ৰাম্য পৰিয়ালে প্ৰথমবাৰৰ বাবে পাইপ পানী লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে ইয়াৰ ভিতৰত তামিলনাডুৰ ১ কোটি ১১ লাখ পৰিয়ালো আছে, যিসকলে এতিয়া প্ৰথমবাৰৰ বাবে ঘৰত টেপৰ পানীৰ সুবিধা লাভ কৰিছে।

“নাগৰিকসকলক গুণগত আৰু সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰাটো আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি”, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত তামিলনাডুত ১ কোটিৰো অধিক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যাৰ ফলত ৰাজ্যখনৰ পৰিয়ালসমূহৰ বাবে ৮,০০০ কোটি টকা ব্যয় ৰাহি হৈছে। তেওঁ দৃঢ়তাৰে কয় যে তামিলনাডুত ১৪০০ৰো অধিক জন ঔষধি কেন্দ্ৰ আছে, য’ত ৮০% পৰ্যন্ত ৰেহাইত ঔষধ উপলব্ধ। তেওঁ উল্লেখ কৰে যে এই সুলভ মূল্যৰ ঔষধৰ ফলত জনসাধাৰণৰ বাবে ৭০০ কোটি টকাৰ সঞ্চয় হৈছে।

 

শ্ৰী মোদীয়ে পুনৰ দৃঢ়তাৰে কয় যে ভাৰতীয় যুৱক-যুৱতীসকলে যাতে আৰু চিকিৎসক হ’বলৈ বহিঃৰাজ্যলৈ যাবলৈ বাধ্যতামূলক অনুভৱ নকৰে তাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ, তামিলনাডুৱে যোৱা কিছু বছৰত ১১খন নতুন চিকিৎসা মহাবিদ্যালয় লাভ কৰা বুলি আলোকপাত কৰে। তেওঁ তামিলনাডু চৰকাৰক তামিল ভাষাত চিকিৎসা শিক্ষাৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ আহ্বান জনায় যিয়ে দৰিদ্ৰ পৰিয়ালৰ বহু শিশুক সহায় কৰিব।

“সুশাসনে নিশ্চিত কৰে যে কৰদাতাই আগবঢ়োৱা প্ৰতিটো টকাই দৰিদ্ৰ নাগৰিককো উপকৃত কৰে”, প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত তামিলনাডুৰ ক্ষুদ্ৰ কৃষকে প্ৰায় ১২ হাজাৰ কোটি টকা লাভ কৰিছে। তেওঁ লগতে কয় যে তামিলনাডুৰ কৃষকসকলেও প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দ্বাৰা লাভৱান হৈছে, যাৰ দাবীৰ পৰিমাণ ১৪,৮০০ কোটি টকা।

“ভাৰতৰ নীলা অৰ্থনীতিয়ে দেশৰ বৃদ্ধিত উল্লেখযোগ্য ভূমিকা পালন কৰিব আৰু এই খণ্ডত তামিলনাডুৰ শক্তিক বিশ্বজুৰি স্বীকৃতি দিয়া হ’ব”, শ্ৰী মোদীয়ে উচ্চাৰণ কৰে। তেওঁ তামিলনাডুৰ মাছমৰীয়া সমাজৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত আলোকপাত কৰি ৰাজ্যখনৰ মীন আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে বিগত পাঁচ বছৰত তামিলনাডুৱে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত যথেষ্ট ধন লাভ কৰিছে,  য’ত সাগৰীয় শাক-পাচলি উদ্যান, মাছ ধৰা বন্দৰ আৰু অৱতৰণ কেন্দ্ৰত শ শ কোটি টকাৰ বিনিয়োগকে ধৰি চৰকাৰে মাছমৰীয়াসকলৰ বাবে আধুনিক সুবিধা প্ৰদানৰ প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে আৰু মাছমৰীয়াসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰি উল্লেখ কৰে যে বিগত দশকত শ্ৰীলংকাৰ পৰা ৩৭০০ৰো অধিক মাছমৰীয়াক ঘূৰাই অনা হৈছে, য’ত কেৱল বিগত এটা বছৰত ৬০০ৰো অধিক মাছমৰীয়াও আছে।

 

শ্ৰী মোদীয়ে ভাৰতৰ প্ৰতি ক্ৰমবৰ্ধমান বৈশ্বিক আগ্ৰহৰ কথা উল্লেখ কৰি, দেশখনৰ বিষয়ে জানিবলৈ আৰু বুজিবলৈ আগ্ৰহী লোকসকলৰ সৈতে এই আকৰ্ষণত ভাৰতৰ সংস্কৃতি আৰু ছফট পাৱাৰৰ উল্লেখযোগ্য ভূমিকাক আলোকপাত কৰে। “তামিল ভাষা আৰু ঐতিহ্য যাতে বিশ্বৰ প্ৰতিটো কোণত উপনীত হয় তাৰ বাবে চৰকাৰে অহৰহ কাম কৰি আছে”, তেওঁ লগতে কয়। একবিংশ শতিকাত এই মহান পৰম্পৰাক আৰু অধিক আগুৱাই নিব লাগিব বুলি বিশ্বাস প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। ৰামেশ্বৰ আৰু তামিলনাডুৰ পবিত্ৰ ভূমিয়ে জাতিটোক অনুপ্ৰাণিত আৰু শক্তিশালী কৰি ৰাখিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে এটা শক্তিশালী, সমৃদ্ধিশালী, আৰু উন্নত ভাৰত গঢ়াৰ লক্ষ্য প্ৰতিজন বিজেপি কৰ্মীৰ অদম্য প্ৰচেষ্টাৰ দ্বাৰা পৰিচালিত হোৱা বুলি আলোকপাত কৰে। তেওঁ দৃঢ়তাৰে কয় যে দেশৰ জনসাধাৰণে বিজেপি চৰকাৰসমূহৰ সুশাসন আৰু ৰাষ্ট্ৰীয় স্বাৰ্থত লোৱা সিদ্ধান্তসমূহ প্ৰত্যক্ষ কৰি আছে। দেশৰ প্ৰতিখন ৰাজ্য আৰু কোণত বিজেপি কৰ্মীসকলে যিদৰে তৃণমূল পৰ্যায়ত কাম কৰি দৰিদ্ৰ লোকক সেৱা আগবঢ়াইছে তাক লৈ তেওঁ গৌৰৱ প্ৰকাশ কৰে। ভাষণৰ সামৰণিত তেওঁ লাখ লাখ বিজেপি কৰ্মীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলোকৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে।

 

শ্ৰী মোদীয়ে ভাৰতৰ প্ৰতি ক্ৰমবৰ্ধমান বৈশ্বিক আগ্ৰহৰ কথা উল্লেখ কৰি, দেশখনৰ বিষয়ে জানিবলৈ আৰু বুজিবলৈ আগ্ৰহী লোকসকলৰ সৈতে এই আকৰ্ষণত ভাৰতৰ সংস্কৃতি আৰু ছফট পাৱাৰৰ উল্লেখযোগ্য ভূমিকাক আলোকপাত কৰে। “তামিল ভাষা আৰু ঐতিহ্য যাতে বিশ্বৰ প্ৰতিটো কোণত উপনীত হয় তাৰ বাবে চৰকাৰে অহৰহ কাম কৰি আছে”, তেওঁ লগতে কয়। একবিংশ শতিকাত এই মহান পৰম্পৰাক আৰু অধিক আগুৱাই নিব লাগিব বুলি বিশ্বাস প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। ৰামেশ্বৰ আৰু তামিলনাডুৰ পবিত্ৰ ভূমিয়ে জাতিটোক অনুপ্ৰাণিত আৰু শক্তিশালী কৰি ৰাখিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

 

আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে এটা শক্তিশালী, সমৃদ্ধিশালী, আৰু উন্নত ভাৰত গঢ়াৰ লক্ষ্য প্ৰতিজন বিজেপি কৰ্মীৰ অদম্য প্ৰচেষ্টাৰ দ্বাৰা পৰিচালিত হোৱা বুলি আলোকপাত কৰে। তেওঁ দৃঢ়তাৰে কয় যে দেশৰ জনসাধাৰণে বিজেপি চৰকাৰসমূহৰ সুশাসন আৰু ৰাষ্ট্ৰীয় স্বাৰ্থত লোৱা সিদ্ধান্তসমূহ প্ৰত্যক্ষ কৰি আছে। দেশৰ প্ৰতিখন ৰাজ্য আৰু কোণত বিজেপি কৰ্মীসকলে যিদৰে তৃণমূল পৰ্যায়ত কাম কৰি দৰিদ্ৰ লোকক সেৱা আগবঢ়াইছে তাক লৈ তেওঁ গৌৰৱ প্ৰকাশ কৰে। ভাষণৰ সামৰণিত তেওঁ লাখ লাখ বিজেপি কৰ্মীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলোকৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে।

অনুষ্ঠানত তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগান আদি উপস্থিত থাকে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Aadhaar App crosses 5 crore downloads as digital services gain wider adoption

Media Coverage

Aadhaar App crosses 5 crore downloads as digital services gain wider adoption
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the spirit of selfless service and dedication
August 21, 2026

The Prime Minister, Shri Narendra Modi has said that the continuous flow of rivers teaches us how we can utilise our capabilities for the welfare of humanity. He noted that the spirit of selfless service, dedication and benevolence gives a new direction to the nation.

The Prime Minister shared a Sanskrit Subhashitam-

“जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः।

इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः॥”

The Subhashitam conveys that human beings, dedicate your lives to the service and welfare of others. Just as rivers flow ceaselessly and selflessly, sustaining countless lives with their waters before ultimately merging into the ocean, so should we devote our time, abilities and resources to the well-being of others. The true purpose and fulfilment of human life lie in selfless service, compassion and the welfare of all.

The Prime Minister wrote on X;

“नदियों का अविरल प्रवाह सिखाता है कि हम किस प्रकार अपने सामर्थ्य का उपयोग मानवता की भलाई के लिए कर सकते हैं। निःस्वार्थ सेवा, समर्पण और परोपकार की यही भावना राष्ट्र को नई दिशा देती है।

जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः।

इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः॥”