দেশৰ বিমান পৰিবহণৰ মানচিত্ৰত এতিয়া স্থান লাভ কৰিলে পুৰ্ণিয়াইঃ প্ৰধানমন্ত্ৰী
মই বিহাৰৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে এখন ৰাষ্ট্ৰীয় মখানা ব’ৰ্ড গঠন কৰা হ’ব, কালি কেন্দ্ৰীয় চৰকাৰে ইয়াৰ প্ৰতিষ্ঠাৰ বাবে আনুষ্ঠানিক অধিসূচনা জাৰি কৰিলে: প্ৰধানমন্ত্ৰী
ভাৰতত ভাৰতৰ আইনহে বাহাল থাকিব—অনুপ্ৰৱেশকাৰীৰ আদেশ নহয় আৰু এয়াই মোদীৰ নিশ্চয়তা: অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু দেশখনে ইতিবাচক ফলাফলৰ সাক্ষী হ’ব: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ পুৰ্ণিয়াত প্ৰায় ৪০ হাজাৰ কোটি টকাৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে পূৰ্ণিয়া হৈছে মা পুৰাণ দেৱী, ভক্ত প্ৰহ্লাদ, আৰু মহৰ্ষি মেহি বাবাৰ ভূমি। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই ভূমিয়ে  ফণীশ্বৰনাথ ৰেণু আৰু সতীনাথ ভাদুৰীৰ দৰে সাহিত্যিকৰ জন্ম দিছে। তেওঁ লগতে উল্লেখ কৰে যে ই বিনোৱা ভাৱেৰ দৰে নিষ্ঠাবান কৰ্মযোগীসকলৰ কৰ্মভূমি হৈ আহিছে আৰু এই ভূমিৰ প্ৰতি তেওঁ তেওঁৰ  গভীৰ শ্ৰদ্ধাৰ কথা  পুনৰবাৰ উল্লেখ কৰে।

 

বিহাৰৰ বাবে প্ৰায় ৪০,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা  স্থাপনৰ কথা ঘোষণা কৰি শ্ৰী মোদীয়ে কয় যে এই প্ৰকল্পসমূহে—ৰে’লৱে, বিমানবন্দৰ, বিদ্যুৎ আৰু পানীক সামৰি লৈছে আৰু এইবোৰে সীমাঞ্চলৰ আকাংক্ষা পূৰণৰ মাধ্যম হিচাপে কাম কৰিব। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৪০ হাজাৰৰো অধিক হিতাধিকাৰীয়ে স্থায়ী গৃহ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি এই ৪০ হাজাৰ পৰিয়ালৰ জীৱনত এক নতুন আৰম্ভণি ঘটিছে। ধনেতেৰাছ, দীপাৱলী  আৰু ষঠ পূজাৰ পূৰ্বে স্থায়ী ঘৰত প্ৰৱেশ কৰাটো অতি সৌভাগ্যৰ কথা হ'ব বুলি তেওঁ উল্লেখ কৰে। এই সকলো পৰিয়াললৈ তেওঁ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

 

আজিৰ এই অনুষ্ঠানটোৱে তেওঁৰ গৃহহীন ভাই-ভনীসকলকো এদিন স্থায়ী ঘৰ লাভ কৰিব বুলি আশ্বস্ত কৰাৰ কাম কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে বিগত ১১ বছৰত চৰকাৰে দৰিদ্ৰ লোকসকলক ৪ কোটিতকৈও অধিক স্থায়ী ঘৰ নিৰ্মাণ কৰি যোগান ধৰিছে। তেওঁ লগতে কয় যে চৰকাৰে এতিয়া ৩ কোটি নতুন ঘৰ নিৰ্মাণৰ কাম কৰি আছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে প্ৰতিজন দৰিদ্ৰ নাগৰিকে স্থায়ী ঘৰ নোপোৱালৈকে মোদীয়ে ৰৈ নাথাকিব, থমকি নৰ’ব। সমাজৰ প্ৰান্তীয় লোকক অগ্ৰাধিকাৰ দিয়া আৰু দুখীয়াক সেৱা আগবঢ়োৱাটোৱেই তেওঁৰ শাসন ব্যৱস্থাৰ মূল উদ্দেশ্য বুলি তেওঁ উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে   আজি অভিযন্তা দিৱস উপলক্ষে এখন উন্নত ভাৰত আৰু উন্নত বিহাৰ গঢ়াত অভিযন্তাসকলে গ্ৰহণ কৰা  উল্লেখযোগ্য ভূমিকাৰ কথা উল্লেখ কৰে। এই বিষয়ত গুৰুত্ব আৰোপ কৰি তেওঁ  ছাৰ এম বিশ্বেশ্বৰায়ক দেশে  শ্ৰদ্ধাঞ্জলি জনাইছে বুলিও উল্লেখ কৰে । সমগ্ৰ দেশৰ সকলো অভিযন্তালৈ তেওঁ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে অভিযন্তাসকলৰ নিষ্ঠা আৰু দক্ষতা আজিৰ অনুষ্ঠানতো স্পষ্ট হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে পুৰ্ণিয়া বিমানবন্দৰৰ টাৰ্মিনেল ভৱনটো পাঁচ মাহতকৈও কম সময়ৰ ভিতৰতে নিৰ্মাণ কৰি  অভিলেখ সৃষ্টি কৰা হৈছে। তেওঁ টাৰ্মিনেল উদ্বোধনৰ কথা ঘোষণা কৰি প্ৰথমখন বাণিজ্যিক বিমানখনৰ ফ্লেগ অফ কৰে। “নতুন বিমানবন্দৰটো মুকলি কৰাৰ লগে লগে এতিয়া পুৰ্ণিয়াক দেশৰ বিমান পৰিবহণৰ মানচিত্ৰত স্থান দিয়া হৈছে”, প্ৰধানমন্ত্ৰীয়ে  কয় যে ইয়াৰ ফলত সমগ্ৰ দেশৰ প্ৰধান চহৰসমূহ আৰু মূল বাণিজ্যিক কেন্দ্ৰসমূহৰ সৈতে পুৰ্ণিয়া আৰু সীমাঞ্চলৰ মাজত প্ৰত্যক্ষ সংযোগ সম্ভৱ হ’ব।

 

“আমাৰ চৰকাৰে সমগ্ৰ অঞ্চলটোক আধুনিক, উচ্চ প্ৰযুক্তিৰ ৰে’ল সেৱাৰ সৈতে সংযোগ কৰিছে”, শ্ৰী মোদীয়ে কয় । আজি তেওঁ এখন বন্দে ভাৰত, দুখন অমৃত ভাৰত আৰু এখন যাত্ৰীবাহী ৰে’লৰ ফ্লেগ অফ কৰে। তেওঁ নতুন আৰাৰিয়া–গালগালিয়া ৰে’লপথ উদ্বোধন কৰাৰ কথা ঘোষণা কৰাৰ লগতে বিক্ৰমশিলা–কাটাৰিয়া ৰে’লপথৰ আধাৰশিলাও স্থাপন কৰে।

 

শেহতীয়াকৈ ভাৰত চৰকাৰে বক্সাৰ–ভাগলপুৰ তীব্ৰবেগী কৰিডৰৰ মকামা–মুংগেৰ অংশত অনুমোদন দি আন এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ইয়াৰ দ্বাৰা মুংগেৰ, জামালপুৰ আৰু ভাগলপুৰৰ দৰে ঔদ্যোগিক কেন্দ্ৰসমূহে যথেষ্ট লাভাৱান্বিত হ’ব। তেওঁ লগতে ঘোষণা কৰে যে চৰকাৰে ভাগলপুৰ–ডুমকা–ৰামপুৰহাট ৰে’ল লাইন দুগুণ কৰাৰ বাবেও অনুমোদন জনাইছে৷

 

শ্ৰী মোদীয়ে মন্তব্য কৰে যে দেশৰ উন্নয়নৰ বাবে বিহাৰৰ উন্নয়ন অতি প্ৰয়োজনীয়। তেওঁ লগতে আলোকপাত কৰে যে বিহাৰৰ অগ্ৰগতিৰ বাবে পুৰ্ণিয়া আৰু সীমাঞ্চল অঞ্চলৰ উন্নয়ন অতি গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে পূৰ্বৰ চৰকাৰসমূহৰ অপশাসনৰ বাবে অঞ্চলটোৱে যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল। তেওঁ উল্লেখ কৰে যে তেওঁলোকৰ চৰকাৰে এতিয়া পৰিস্থিতি সলনি কৰিছে । প্ৰধানমন্ত্ৰীয়ে কয় যে এই অঞ্চলটো এতিয়া উন্নয়নৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

 

বিহাৰক বিদ্যুৎ খণ্ডত স্বাৱলম্বী কৰি তোলাৰ প্ৰচেষ্টা চলি থকা বুলি উল্লেখ  কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাগলপুৰৰ পিৰপাইন্টিত ২৪০০ মেগাৱাট শক্তিৰ তাপ শক্তি প্ৰকল্প উদ্বোধন কৰা হৈছে। তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্যত তেওঁলোকৰ চৰকাৰসমূহে কৃষক তথা পশুপালকসকলৰ আয় বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰী মোদীয়ে কোচি-মেচি আন্তঃৰাজ্যিক নদী সংযোগ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপনৰ কথাও ঘোষণা কৰে, যিয়ে পূব কোচি মূল খালৰ সম্প্ৰসাৰণ কৰিব। এই সম্প্ৰসাৰণে লাখ লাখ হেক্টৰ ভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰিব আৰু বানপানীৰ প্ৰত্যাহ্বান মোকাবিলা কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মাখানা খেতি বিহাৰৰ কৃষকৰ বাবে উপাৰ্জনৰ উৎস হৈ আহিছে যদিও পূৰ্বৰ চৰকাৰসমূহে শস্য আৰু কৃষক উভয়কে  অৱহেলা কৰিছিল। তেওঁ দৃঢ়তাৰে কয় যে বৰ্তমানৰ চৰকাৰখনেই মাখানাক প্ৰাপ্য অগ্ৰাধিকাৰ দিছে।

 

'মই বিহাৰৰ জনসাধাৰণক ৰাষ্ট্ৰীয় মাখানা ব'ৰ্ড গঠনৰ প্ৰতিশ্ৰুতি দিছিলোঁ।তেওঁ ঘোষণা কৰিছিল যে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ প্ৰতিষ্ঠাৰ বাবে অধিসূচনা  কালি জাৰি কৰিছে।' তেওঁ লগতে আলোকপাত কৰে যে চৰকাৰে মাখানা খণ্ডৰ উন্নয়নৰ বাবে প্ৰায় ৪৭৫ কোটি টকাৰ পৰিকল্পনাত অনুমোদন জনাইছে।

 

বিহাৰৰ বৰ্তমানৰ উন্নয়ন আৰু প্ৰগতিৰ গতিয়ে  একাংশক অস্থিৰ  কৰি তোলা বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে যিসকলে বিহাৰক দশক দশক ধৰি শোষণ কৰি ইয়াৰ মাটিক প্ৰতাৰণা কৰিছিল, তেওঁলোকে এই কথা মানি ল’বলৈ অনিচ্ছুক যে বিহাৰে এতিয়া নতুন মাপকাঠী নিৰ্ধাৰণ কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে বিহাৰৰ প্ৰতিটো খণ্ডতে হাজাৰ হাজাৰ কোটিৰ উন্নয়নমূলক প্ৰকল্প চলি আছে। তেওঁ ৰাজগীৰত হকী এছিয়া কাপৰ আয়োজন, আউন্টা-চিমাৰিয়া দলঙৰ  নিৰ্মাণ, মেড-ইন-বিহাৰ ৰে'ল ইঞ্জিন আফ্ৰিকালৈ ৰপ্তানি আদি ডাঙৰ কৃতিত্বৰ উল্লেখ কৰে। তেওঁ দৃঢ়তাৰে কয় যে এই সাফল্যসমূহ বিৰোধী নেতাসকলৰ বাবে হজম কৰাটো কঠিন হৈ পৰিছে। যেতিয়াই বিহাৰ আগবাঢ়ি যায় তেতিয়াই বিৰোধী দলসমূহে ৰাজ্যক অপমান কৰাৰ আশ্ৰয় লয় বুলি মোদীয়ে কয় । তেওঁ শেহতীয়াকৈ এটা দৃষ্টান্তৰ কথা উল্লেখ কৰে য’ত বিৰোধী দলৰ এজনে বিহাৰক ছ’চিয়েল মিডিয়াত বিড়িৰ সৈতে তুলনা কৰিছিল, যি কথাই  গভীৰ অৱজ্ঞাৰ প্ৰতিফলন ঘটাইছিল। তেওঁ অভিযোগ কৰে যে এই দলসমূহে কেলেংকাৰী আৰু দুৰ্নীতিৰ জৰিয়তে বিহাৰৰ সুনাম ক্ষতিগ্ৰস্ত কৰিছে  আৰু এতিয়া ৰাজ্যখন আগবাঢ়ি যোৱাৰ লগে লগে পুনৰ বদনাম কৰাৰ চেষ্টা কৰিছে। তেওঁ  কয় যে এনে মানসিকতাৰ ব্যক্তিয়ে কেতিয়াও বিহাৰৰ কল্যাণৰ বাবে কাম কৰিব নোৱাৰে। কেৱল নিজৰ তহবিল ভৰোৱাৰ বাবে চিন্তিতসকলে দুখীয়াৰ ঘৰৰ কথা চিন্তা কৰিব নোৱাৰে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে এজন প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰিছিল যে চৰকাৰে প্ৰেৰণ কৰা প্ৰতি ১ টকাৰ ভিতৰত ০.৮৫ টকা  দুৰ্নীতিৰ বাবে হেৰাই যায়। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে বিৰোধীৰ শাসনৰ অধীনত কেতিয়াবা ধন পোনপটীয়াকৈ দুখীয়াৰ ওচৰলৈ  গৈছিল নেকি? শ্ৰী মোদীয়ে আলোকপাত কৰে যে ক’ভিড-১৯ মহামাৰীৰ পিছৰে পৰা প্ৰতিজন দৰিদ্ৰ নাগৰিকে বিনামূলীয়া ৰেচন লাভ কৰি আহিছে। বিৰোধীৰ চৰকাৰৰ অধীনত কেতিয়াবা এনে সুবিধা প্ৰদান কৰা হৈছিল নেকি বুলি তেওঁ প্ৰশ্ন কৰে। প্ৰধানমন্ত্ৰীয়ে আৰু উল্লেখ কৰে যে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত এতিয়া প্ৰতিজন দৰিদ্ৰ লোকে ৫ লাখ টকা  পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে। চিকিৎসালয় নিৰ্মাণত ব্যৰ্থ হোৱাসকলে কেতিয়াবা এনে স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰিব পাৰিলেহেঁতেন নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিৰোধী দলসমূহে কেৱল বিহাৰৰ মৰ্যাদাৰ বাবেই নহয়, ইয়াৰ পৰিচয়ৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। তেওঁ সীমাঞ্চল আৰু পূব ভাৰতত অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে উদ্ভৱ হোৱা ভয়াৱহ জনগাঁথনি সংকটৰ বিষয়ত  আলোকপাত কৰে। শ্ৰী মোদীয়ে উদ্বেগ প্ৰকাশ কৰে যে বিহাৰ, বংগ, অসমৰ মানুহে নিজৰ ভগ্নী-কন্যাৰ সুৰক্ষাৰ বাবে ক্ৰমান্বয়ে চিন্তিত হৈ পৰিছে। এই সমস্যাৰ সমাধানৰ বাবে লালকিল্লাৰ পৰা জনগাঁথনি অভিযান ঘোষণা কৰাৰ কথা তেওঁ স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে বিৰোধী মিত্ৰজোঁট আৰু ইয়াৰ পৰিৱেশ তন্ত্ৰক সমালোচনা কৰে আৰু কয় যে তেওঁলোকে অনুপ্ৰৱেশকাৰীক ভোট-বেংকৰ ৰাজনীতিৰ বাবে ৰক্ষা কৰাৰ চেষ্টা কৰিছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এই গোটসমূহে বিহাৰ আৰু জাতিৰ সম্পদ আৰু নিৰাপত্তা দুয়োটাকে বিপদত পেলাবলৈ ইচ্ছুক। পুৰ্ণিয়াৰ মাটিৰ পৰা  তেওঁ ঘোষণা কৰে যে প্ৰতিজন অনুপ্ৰৱেশকাৰীক আঁতৰাই পঠিয়াব লাগিব। তেওঁ দৃঢ়তাৰে কয় যে অনুপ্ৰৱেশক ছীল কৰাটো তেওঁলোকৰ চৰকাৰৰ এক দৃঢ় দায়িত্ব। প্ৰত্যক্ষ প্ৰত্যাহ্বান ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে অনুপ্ৰৱেশকাৰীক ৰক্ষা কৰা নেতাসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে তেওঁলোকে অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিবলৈ যিমানেই চেষ্টা নকৰক কিয়, চৰকাৰে তেওঁলোকক আঁতৰোৱাৰ বাবে সংকল্পৰে কাম কৰি যাব। অনুপ্ৰৱেশকাৰীৰ বাবে ঢাল হিচাপে কাম কৰাসকলক তেওঁ সকীয়াই দিয়ে  যে ভাৰতীয় আইনেই বাহাল থাকিব —অবৈধ প্ৰৱেশকাৰীৰ আদেশ  নহয়। তেওঁ দেশ খনক  আশ্বাস দিয়ে যে এয়াই তেওঁৰ নিশ্চয়তা: অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু দেশখনে ইয়াৰ ফলাফলৰ সাক্ষী হ’ব। শ্ৰী মোদীয়ে বিৰোধী মিত্ৰজোঁটে অনুপ্ৰৱেশৰ সমৰ্থনত  প্ৰচাৰ কৰাৰ বাবে সমালোচনা কৰি ঘোষণা কৰে যে বিহাৰ আৰু ভাৰতৰ জনসাধাৰণে তেওঁলোকক শক্তিশালী আৰু নিৰ্ণায়ক সঁহাৰি দিবলৈ সাজু হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিহাৰত বিগত দুটা দশক ধৰি বিৰোধী দল ক্ষমতাৰ বাহিৰত আছে আৰু এই পৰিৱৰ্তনৰ চালিকা শক্তি হিচাপে  তেওঁ বিহাৰৰ মহিলাসকলক— ইয়াৰ মাতৃ-ভগ্নীসকলক—কৃতিত্ব দিয়ে। তেওঁ মন্তব্য কৰে যে বিৰোধী দলৰ শাসনৰ সময়ত হত্যা, ধৰ্ষণ, ধন দাবী আদি অবাধ অপৰাধৰ প্ৰধান বলি হৈছিল মহিলাসকল । শ্ৰী মোদীয়ে আলোকপাত কৰে যে কেন্দ্ৰ আৰু ৰাজ্যত আমাৰ চৰকাৰৰ অধীনত এই একেখিনি মহিলাই এতিয়া “লাখপতি দিদি” আৰু “ড্ৰ’ন দিদি” হিচাপে আত্মসহায়ক গোটৰ জৰিয়তে এক পৰিৱৰ্তনশীল বিপ্লৱৰ নেতৃত্ব দিছে। শ্ৰী নীতিশ কুমাৰৰ নেতৃত্বত জীৱিকা দিদি অভিযানৰ অভূতপূৰ্ব সফলতাৰো তেওঁ প্ৰশংসা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে মহিলাসকলৰ বাবে প্ৰায় ৫০০ কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি মুকলি কৰা হৈছে। তেওঁ কয়  যে এই ধনৰাশি ক্লাষ্টাৰ পৰ্যায়ৰ ফেডাৰেচনসমূহত উপনীত হ’ব, যিয়ে গাঁৱে-ভূঞে আত্মসহায়ক গোটসমূহক শক্তিশালী কৰিব। তেওঁ জোৰ দি কয় যে এই পদক্ষেপে মহিলাসকলক তেওঁলোকৰ সামৰ্থ্য আৰু অৰ্থনৈতিক শক্তি বৃদ্ধিৰ নতুন সুযোগ প্ৰদান কৰিব।

 

শ্ৰী মোদীয়ে কয় যে বিৰোধীৰ বাবে নিজৰ পৰিয়ালৰ কল্যাণ সদায়  শীৰ্ষ অগ্ৰাধিকাৰ হৈ আহিছে আৰু তেওঁলোকে কেতিয়াও জনসাধাৰণৰ পৰিয়ালৰ যত্ন লোৱা নাই। তেওঁ  কয় যে তেওঁৰ বাবে প্ৰতিজন নাগৰিক তেওঁৰ পৰিয়ালৰ অংশ। সেয়েহে জনসাধাৰণৰ খৰচ আৰু তেওঁলোকৰ সঞ্চয়ক লৈ তেওঁ চিন্তিত বুলিও কয়৷ দীপাৱলী, ষঠকে ধৰি কেইবাটাও উৎসৱৰ দিন ওচৰ চাপি অহাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে চৰকাৰৰ পৰা এক বৃহৎ উপহাৰৰ কথা ঘোষণা কৰে। তেওঁ উল্লেখ কৰে যে আজি ১৫ ছেপ্টেম্বৰ আৰু ঠিক এসপ্তাহৰ পিছত নৱৰাত্ৰি আৰম্ভ হ’ব। সেইদিনা অৰ্থাৎ ২২ ছেপ্টেম্বৰত সমগ্ৰ দেশতে জি এছ টি হ্ৰাস কৰা হ’ব। শ্ৰী মোদীয়ে আলোকপাত কৰে যে দৈনন্দিন ব্যৱহাৰৰ অধিকাংশ সামগ্ৰীৰ ওপৰত জি এছ টি যথেষ্ট হ্ৰাস কৰা হৈছে। উপস্থিত মহিলাসকলক সম্বোধন কৰি তেওঁ কয় যে জি এছ টি হ্ৰাসে পাকঘৰৰ খৰচ যথেষ্ট হ্ৰাস  কৰিব। টুথপেষ্ট, চাবোন, শ্বেম্পু, ঘি, বিভিন্ন খাদ্য সামগ্ৰী আদি অধিক সুলভ হ’ব। তেওঁ লগতে কয় যে শিশুৰ শিক্ষাত ব্যৱহৃত ষ্টেচনাৰীৰ খৰচো হ্ৰাস পাব। এই উৎসৱৰ বতৰত শিশুৰ বাবে নতুন কাপোৰ আৰু জোতা কিনাটো সহজ হ’ব, কিয়নো এইবোৰো সস্তা হ’ব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যেতিয়া চৰকাৰ এখনে দৰিদ্ৰ লোকৰ প্ৰতি সঁচা অৰ্থত যত্ন লয়, তেতিয়া ই এনে প্ৰভাৱশালী ব্যৱস্থা আগবঢ়ায়।

 

স্বাধীনতা সংগ্ৰামৰ সময়ত পুৰ্ণিয়াৰ পুত্ৰসকলে ব্ৰিটিছৰ আগত ভাৰতৰ শক্তি প্ৰদৰ্শন কৰা বুলি স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে পুনৰবাৰ অপাৰেচন সিন্দূৰৰ জৰিয়তে দেশখনে নিজৰ বিৰোধীসকলৰ আগত সেই একে শক্তি দেখুৱাইছে। শ্ৰী মোদীয়ে অভিযানৰ কৌশলগত সম্পাদনত পূৰ্ণিয়াৰ এজন সাহসী পুত্ৰই লোৱা উল্লেখযোগ্য ভূমিকাৰ বিষয়ে  আলোকপাত কৰে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে সেয়া ৰাষ্ট্ৰীয় নিৰাপত্তাই হওক বা জাতীয় উন্নয়নেই হওক, দেশৰ প্ৰগতিৰ ক্ষেত্ৰত বিহাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ বিহাৰৰ উন্নয়ন অভিযানৰ গতি পূৰ্ণ শক্তিৰে অব্যাহত ৰাখিব লাগিব বুলি আহ্বান জনায়।

 

অনুষ্ঠানত বিহাৰৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰীযুত নীতিশ কুমাৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামমোহন নাইডু, শ্ৰী ৰাজীৱ ৰঞ্জন সিং, শ্ৰী জিতন ৰাম মাঝি, শ্ৰী গিৰিৰাজ সিং, শ্ৰী চিৰাগ পাছোৱান, শ্ৰী নিত্যানন্দ ৰায়, শ্ৰী ৰাম নাথ ঠাকুৰ, ড° ৰাজ ভূষণ চৌধুৰী, শ্ৰী সতীশ চন্দ্ৰ ডুবেকে ধৰি  অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

 

পৃষ্ঠভূমি

 

বিহাৰত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে  ৰাষ্ট্ৰীয় মাখানা ব’ৰ্ড। ব’ৰ্ডে উৎপাদন আৰু নতুন প্ৰযুক্তিৰ বিকাশৰ প্ৰসাৰ ঘটাব, চপোৱাৰ পিছৰ ব্যৱস্থাপনাক শক্তিশালী কৰিব, মূল্য সংযোজন আৰু প্ৰক্ৰিয়াকৰণক প্ৰসাৰিত কৰিব আৰু মাখানাত বজাৰ, ৰপ্তানি আৰু ব্ৰেণ্ড বিকাশৰ সুবিধা প্ৰদান কৰিব।  যাৰ ফলত বিহাৰ আৰু দেশৰ মাখানা কৃষকসকল উপকৃত হ’ব।

 

দেশৰ মুঠ মাখানা উৎপাদনৰ প্ৰায় ৯০% বিহাৰত হয়। মধুবনী, দাৰভংগা, সীতামৰ্হি, সহৰছা, কাটিহাৰ, পুৰ্ণিয়া , সুপৌল, কিষাণগঞ্জ আৰু আৰিয়াৰ দৰে মূল জিলাসমূহে ইয়াৰ উৎপাদনৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। কাৰণ  ইয়াত  পৰিবেশ জলবায়ু  অনুকূল আৰু উৰ্বৰ মাটি আছে যিয়ে মাখানাৰ উন্নত মানত অৰিহণা যোগায়। বিহাৰত মাখানা ব’ৰ্ড স্থাপনে ৰাজ্য তথা দেশৰ মখানা উৎপাদনত এক বৃহৎ উত্থান দিব আৰু এই খণ্ডত বিশ্ব মানচিত্ৰত বিহাৰৰ উপস্থিতিক শক্তিশালী কৰিব।

প্ৰধানমন্ত্ৰীয়ে পূৰ্ণিয়া বিমানবন্দৰৰ নিউ চিভিল এনক্লেভত অন্তৱৰ্তীকালীন টাৰ্মিনেল ভৱন উদ্বোধন কৰে , যিয়ে অঞ্চলটোত যাত্ৰী পৰিচালনাৰ ক্ষমতা বৃদ্ধি কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে পূৰ্ণিয়াত আধাৰশিলা স্থাপন কৰাৰ লগতে প্ৰায় ৪০ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে ।

প্ৰধানমন্ত্ৰীয়ে ভাগলপুৰৰ পিৰপাইন্টিত ৩x৮০০ মেগাৱাট তাপ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ই হ’ব বিহাৰৰ ২৫ হাজাৰ কোটি টকাৰ ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বিনিয়োগ। ইয়াক আল্ট্ৰা-ছুপাৰ ক্ৰিটিকেল, কম নিৰ্গমন প্ৰযুক্তিৰ ওপৰত ডিজাইন কৰা হৈছে। এই প্ৰকল্পই নিবেদিত শক্তি প্ৰদান কৰাৰ লগতে বিহাৰৰ শক্তি সুৰক্ষা শক্তিশালী কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে ২৬৮০ কোটিৰো অধিক মূল্যৰ কোচি-মেচি আন্তঃৰাজ্যিক নদী সংযোগ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ দ্বাৰা খালটোৰ উন্নীতিকৰণকে ধৰি ডিচিল্টিং, ক্ষতিগ্ৰস্ত অংশসমূহ পুনৰ নিৰ্মাণ আৰু চেটেলিং বেচিনৰ সংস্কাৰ আদিৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হ’ব, লগতে ইয়াৰ নিৰ্গমন ক্ষমতা ১৫,০০০ৰ পৰা ২০,০০০ কিউচেকলৈ বৃদ্ধি কৰা হ’ব। জলসিঞ্চন সম্প্ৰসাৰণ, বান নিয়ন্ত্ৰণ, আৰু কৃষি স্থিতিস্থাপকতাৰে ই উত্তৰ-পূব বিহাৰৰ একাধিক জিলাক উপকৃত কৰিব।

 

ৰে’ল সংযোগ উন্নত কৰাৰ প্ৰতিশ্ৰুতি অনুসৰি প্ৰধানমন্ত্ৰীয়ে বিহাৰত ৰে’ল প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে একাধিক ৰে’লৰ ফ্লেগ অফ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে বিক্ৰমশিলা – কাটাৰেয়াৰ মাজত ২,১৭০ কোটিৰো অধিক মূল্যৰ ৰে’ল লাইনৰ আধাৰশিলা স্থাপন কৰি গংগা নদীৰ সিপাৰে প্ৰত্যক্ষ ৰে’ল সংযোগ প্ৰদান কৰে। ইয়াৰ জৰিয়তে গংগা নদীৰ সিপাৰে পোনপটীয়া ৰে’ল সংযোগৰ ব্যৱস্থা কৰা হ’ব যাৰ ফলত অঞ্চলটোৰ লোকসকল যথেষ্ট উপকৃত হ’ব।

প্ৰধানমন্ত্ৰীয়ে আৰাৰিয়া - গালগলিয়া (ঠাকুৰগঞ্জ)ৰ মাজত ৪৪১০ কোটিৰো অধিক মূল্যৰ নতুন ৰেল লাইন উদ্বোধন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে আৰৰিয়া – গালগলিয়া (ঠাকুৰগঞ্জ) ছেকচনত ৰে’লৰ পৰা ফ্লেগ অফ কৰে যিয়ে আৰিয়া আৰু কিছানগঞ্জ জিলাৰ মাজত প্ৰত্যক্ষ ৰে’ল সংযোগ স্থাপন কৰে, যাৰ ফলত সমগ্ৰ উত্তৰ-পূব বিহাৰত যাতায়াতৰ যথেষ্ট উন্নতি হয়। তেওঁ যোগবাণী আৰু দনাপুৰৰ মাজত ভাণ্ডে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰি আৰৰিয়া, পূৰ্ণেয়া, মধেপুৰা, চাহাৰছা, খগড়িয়া, বেগুছৰাই, সমস্তিপুৰ, মুজাফ্ফৰপুৰ, বৈশালী আৰু পাটনাৰ দৰে জিলাসমূহক প্ৰত্যক্ষভাৱে উপকৃত কৰে। ইয়াৰ উপৰিও তেওঁ সাহাৰছা আৰু ছেহৰ্তা (অমৃতসৰ) আৰু যোগবাণী আৰু ইৰোডৰ মাজত অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰিব। এই ৰে'লসমূহে আধুনিক অভ্যন্তৰীণ অংশ, উন্নত সুবিধা, আৰু দ্ৰুত ভ্ৰমণ ক্ষমতা প্ৰদান কৰিব, লগতে অঞ্চলসমূহৰ মাজত অৰ্থনৈতিক, সাংস্কৃতিক, আৰু সামাজিক সংহতি বৃদ্ধি কৰিব।

 

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে পুৰ্ণিয়াত  ছেক্স ছৰ্টেড ছিমেন ফেচিলিটি  উদ্বোধন কৰে। ই ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত অত্যাধুনিক বীৰ্য ষ্টেচন, বছৰি ৫ লাখ লিংগ বিভাজিত বীৰ্যৰ মাত্ৰা উৎপাদন কৰিবলৈ সক্ষম। পূব আৰু উত্তৰ-পূব ভাৰতত এই ধৰণৰ প্ৰথমটো সুবিধাই মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে মিল ৰাখি ২০২৪ চনৰ অক্টোবৰ মাহত মুকলি কৰা থলুৱাভাৱে বিকশিত প্ৰযুক্তি ব্যৱহাৰ কৰে। মাইকী পোৱালি জন্মৰ অধিক সম্ভাৱনা সক্ষম কৰি এই প্ৰযুক্তিয়ে ক্ষুদ্ৰ, প্ৰান্তীয় কৃষক আৰু ভূমিহীন শ্ৰমিকসকলক গৰু পোৱালিৰে অধিক  লাভাৱান্বিত কৰাটো নিশ্চিত কৰাত সহায় কৰিব, অৰ্থনৈতিক চাপ হ্ৰাস কৰিব আৰু উন্নত দুগ্ধ উৎপাদনশীলতাৰ জৰিয়তে আয় বৃদ্ধি কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে পিএমএৱাই (আৰ)ৰ অধীনত ৩৫ হাজাৰ গ্ৰাম্য হিতাধিকাৰী আৰু পিএমএৱাই (ইউ)ৰ অধীনত ৫,৯২০ নগৰীয়া হিতাধিকাৰীৰ বাবে অনুষ্ঠিত হৈ থকা গৃহপ্ৰৱেশ অনুষ্ঠানতো অংশগ্ৰহণ কৰি কিছুসংখ্যক হিতাধিকাৰীক ঘৰৰ চাবি অৰ্পণ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ ডে -এনআৰএলএম ৰ অধীনত ক্লাষ্টাৰ লেভেল ফেডাৰেচনলৈ প্ৰায় ৫০০ কোটি টকাৰ কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড বিতৰণ কৰাৰ লগতে চিএলএফৰ একাঁস সভাপতিক চেক প্ৰদান কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auto industry contributes over ₹22.75 lakh crore to Indian economy: SIAM

Media Coverage

Auto industry contributes over ₹22.75 lakh crore to Indian economy: SIAM
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"