“উন্নত ভাৰতৰ এই ৰোডমেপত আধুনিক আন্তঃগাঁথনিৰ ডাঙৰ ভূমিকা আছে”
‘আমি ভাৰতীয় ৰে’লৱেক সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিছো। আজি, দেশৰ ৰে’লৱে ষ্টেচনসমূহো বিমানবন্দৰৰ দৰে উন্নয়ন সাধন কৰা হৈছে”
“কৃষিৰ পৰা উদ্যোগলৈ, এই আধুনিক আন্তঃগাঁথনিয়ে কেৰালাত নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব”
“অমৃত কালত পৰ্যটনৰ বিকাশে দেশৰ উন্নয়নত বহুখিনি সহায় কৰিব”
​​​​​​​“কেৰালাত মুদ্ৰা ঋণ আঁচনিৰ অংশ হিচাপে ৭০ হাজাৰ কোটিৰো অধিক টকা ক্ষুদ্ৰ উদ্যোগীক দিয়া হৈছে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আধাৰশিলা স্থাপন কৰি কোচিত প্ৰায় ৪৫০০ কোটি টকাৰ কোচি মেট্ৰ’ আৰু ভাৰতীয় ৰে’লৱেৰ বিভিন্ন প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা কৰে। ইয়াৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰীয়ে কোচিৰ কালাদী গাঁৱত শ্ৰী আদি শংকৰ জন্মভূমি ক্ষেত্ৰ পৰিদৰ্শন কৰে।

এই উপলক্ষে উপস্থিত ৰাইজৰ সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেৰালাৰ প্ৰতিটো চুকে কোণে পবিত্ৰ উৎসৱ অ’নামৰ আনন্দৰে ভৰি আছে। সহজ জীৱন ধাৰণ আৰু সহজ ব্যৱসায়ৰ পৰিৱেশ বৃদ্ধি কৰা এই প্ৰকল্পসমূহৰ বাবে তেওঁ সকলোকে অভিনন্দন জনায়। “এই শুভক্ষণত কেৰালাক ৪,৬০০ কোটিতকৈ অধিক মূল্যৰ সংযোগ প্ৰকল্প উপহাৰ দিয়া হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়।

আজাদী কা অমৃত কাল সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অহা ২৫ বছৰত এখন উন্নত ভাৰত গঢ়াৰ বাবে ভাৰতীয়সকলে এক বিশাল সংকল্প গ্ৰহণ কৰিছে।  তেওঁ লগতে কয়, “উন্নত ভাৰতৰ এই ৰোডমেপত আধুনিক আন্তঃগাঁথনিৰ ডাঙৰ ভূমিকা আছে”। প্ৰধানমন্ত্ৰীয়ে ২০১৭ চনত তেওঁ কোচি মেট্ৰ’ উদ্বোধন কৰাৰ সৌভাগ্য হোৱাৰ কথা স্মৰণ কৰে। আজি কোচি মেট্ৰ’ৰ প্ৰথম পৰ্যায়ৰ সম্প্ৰসাৰণ উদ্বোধন কৰাৰ লগতে কোচি মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলাও স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে কোচি মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ত যুৱক-যুৱতী আৰু পেছাদাৰীসকলৰ বাবে আশীৰ্বাদ হোৱাৰ দিশে অগ্ৰসৰ হৈছে। “পৰিবহন আৰু নগৰ উন্নয়নৰ ক্ষেত্ৰত সমগ্ৰ দেশতে গতিভিত্তিক উন্নয়ন সম্ভৱ হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়।

কোচিত সংহত মহানগৰ পৰিবহণ প্ৰাধিকৰণ ৰূপায়ণৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰাধিকৰণে সকলো পৰিবহণ পদ্ধতি, যেনে-মেট্ৰ’, বাছ, জলপথ আদিক একত্ৰিত কৰাৰ বাবে কাম কৰিব, যাৰ জৰিয়তে কোচিৰ তিনিটা প্ৰত্যক্ষ সুবিধা হ’ব। ইয়াৰ ফলত মহানগৰীৰ জনসাধাৰণৰ যাতায়তৰ সময় কমি যাব, পথত যান-জঁট হ্ৰাস পাব আৰু মহানগৰীত প্ৰদূষণ হ্ৰাস পাব। পৰিৱেশ সুৰক্ষাৰ বাবে ভাৰতে কাৰ্বন নিৰ্গমনৰ হাৰ শূন্য কৰাৰ বিশাল প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে, সেই ক্ষেত্ৰতো ই সহায় কৰিব। ইয়াৰ ফলত কাৰ্বন নিৰ্গমণ হ্ৰাস পাব”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে পুনৰ দোঁহাৰে যে বিগত ৮ বছৰত কেন্দ্ৰীয় চৰকাৰে মেট্ৰ’ক নগৰীয়া পৰিবহণৰ আটাইতকৈ বিশিষ্ট মাধ্যম হিচাপে গঢ়ি তুলিবলৈ অবিৰতভাৱে কাম কৰি আহিছে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে মেট্ৰ’ ব্যৱস্থাক ৰাজ্যৰ কেৱল ৰাজধানীতে সীমাবদ্ধ নাৰাখি আন আন ডাঙৰ চহৰলৈ সম্প্ৰসাৰণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ দেশৰ প্ৰথমখন মেট্ৰ’ প্ৰায় ৪০ বছৰ পূৰ্বে চলিছিল আৰু পৰৱৰ্তী ৩০ বছৰত মাত্ৰ ২৫০ কিলোমিটাৰ মেট্ৰ’ পথ সংযোজন কৰা হৈছিল। বিগত ৮ বছৰত কৰা কামৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত এই সময়ছোৱাত ৫০০ কিলোমিটাৰতকৈ অধিক মেট্ৰ’ পথ স্থাপন কৰা হৈছে আৰু ১০০০ কিলোমিটাৰতকৈ অধিক নতুন পথটোৰ কাম দ্ৰুতগতিত চলি আছে। তেওঁ কয়, ‘আমি ভাৰতীয় ৰে’লৱেক সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিছো। আজি দেশৰ ৰে’লৱে ষ্টেচনসমূহো বিমানবন্দৰৰ দৰে উন্নয়ন কৰা হৈছে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

লক্ষাধিক ভক্তৰ দীৰ্ঘদিনীয়া দাবীৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সবৰীমালাৰ ভক্তসকলৰ বাবে এয়া এক আনন্দৰ মুহূৰ্ত যিসকলে মন্দিৰ দৰ্শন কৰিব বিচাৰে। “এট্টুমানূৰ-চিংগাৱনম-কোট্টায়াম ট্ৰেক দ্বৈত পথলৈ উন্নীত কৰিলে ভগৱান আয়াপ্পাৰ দৰ্শনত বহুখিনি সুবিধা হ’ব”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

কেৰালাত চলি থকা কামৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমি কথা পাতি থকাৰ সময়ত ১ লাখ কোটি টকাৰ বিভিন্ন আন্তঃগাঁথনি প্ৰকল্প চলি আছে। “কৃষিৰ পৰা উদ্যোগলৈ, এই আধুনিক আন্তঃগাঁথনিয়ে কেৰালাত নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব। কেৰালাৰ সংযোগৰ ওপৰত কেন্দ্রীয় চৰকাৰে যথেষ্ট গুৰুত্ব দিছে৷ কেৰালাৰ আয়ুস ৰেখা বুলি কোৱা ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথটোও আমাৰ চৰকাৰে ৬ লেনলৈ ৰূপান্তৰিত কৰিছে। ইয়াৰ বাবে ৫৫ হাজাৰ কোটিৰো অধিক টকা ব্যয় কৰা হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়।

ইয়াৰ সুবিধাসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৰ্যটন আৰু বাণিজ্যই আধুনিক আৰু উন্নত সংযোগৰ সৰ্বোত্তম ব্যৱহাৰ কৰে। পৰ্যটন এনেকুৱা এটা উদ্যোগ, য’ত দৰিদ্ৰ, মধ্যবিত্ত, গাঁও, চহৰ, সকলোৱে যোগদান কৰে, সকলোৱে উপাৰ্জন কৰে। “অমৃত কালত পৰ্যটনৰ বিকাশে দেশৰ উন্নয়নত বহুখিনি সহায় কৰিব”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৰ্যটন খণ্ডত উদ্যোগীকৰণৰ বাবে বিভিন্ন উদ্গনি প্ৰদান কৰা হৈছে। তেওঁ কয় যে মুদ্ৰা আঁচনিয়ে নিশ্চয়তা অবিহনে ১০ লাখ টকা পৰ্যন্ত ঋণ দি আৰ্তজনক সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয়, “কেৰালাত এই আঁচনিৰ অধীনত লাখ লাখ ক্ষুদ্ৰ উদ্যোগীক সহায়ৰ হাত হিচাপে ৭০ হাজাৰ কোটিৰো অধিক টকা দিয়া হৈছে।”

কেৰালাৰ বিশেষত্ব সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ যত্ন আৰু চিন্তা সমাজ জীৱনৰ অংশ। তেওঁ কয়, ‘কিছুদিন পূৰ্বে মই হাৰিয়ানাৰ মা অমৃতানন্দময়ী জীৰ অমৃতা হাস্পতাল উদ্বোধন কৰাৰ সুযোগ পাইছিলো। কৰুণাৰে ভৰা অমৃতানন্দময়ী আম্মাৰ আশীৰ্বাদ পাই মইও ধন্য হৈছিলো। আজি আকৌ এবাৰ কেৰালাৰ ভূমিৰ পৰা মই পুনৰবাৰ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।”

প্ৰধানমন্ত্ৰীয়ে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ মৌলিক মন্ত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰে এই নীতিসমূহৰ ওপৰত ভিত্তি কৰি দেশৰ উন্নয়ন কৰি থকা উল্লেখ কৰি ভাষণ সামৰে। প্ৰধানমন্ত্ৰীয়ে অমৃত কালত উন্নত ভাৰতৰ পথ শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

এই উপলক্ষে অনুষ্ঠানত কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰায়ী বিজয়ন, ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ভি মুৰালীধৰণ, ৰাজ্যিক মন্ত্ৰী, শ্ৰী পি ৰাজীৱ আৰু এডিভি এন্থনী ৰাজু, সাংসদ শ্ৰী হিবি ইডেন আৰু কোচি নিগমৰ মেয়ৰ এডিভি এম অনিলকুমাৰ উপস্থিত থাকে।

প্ৰকল্পৰ সবিশেষ

প্ৰধানমন্ত্ৰীয়ে পেট্টাৰ পৰা এছএন জংচনলৈ কোচি মেট্ৰ’ ৰে’ল প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ সম্প্ৰসাৰণৰ কাম উদ্বোধন কৰে। এই প্ৰকল্পৰ বাবে ৭০০ কোটিতকৈ অধিক টকা ব্যয় হ’ব। কোচি মেট্ৰ’ ৰে’ল প্ৰকল্প দেশৰ আটাইতকৈ বহনক্ষম মেট্ৰ’ প্ৰকল্পত পৰিণত হ’ব, য’ত প্ৰয়োজনীয় ইন্ধনৰ ৫৫% সৌৰ শক্তিৰ পৰা আহৰণ কৰা হ‘ব। প্ৰধানমন্ত্ৰীয়ে জেএলএনৰ ষ্টেডিয়ামৰ পৰা ইনফ’পাৰ্কলৈ ১১.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ কোচি মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰে, যিটোৱে ১১টা ষ্টেচন সামৰি ল’ব। এই প্ৰকল্পৰ বাবে আনুমানিক প্ৰায় ১,৯৫০ কোটি টকা ব্যয় হ’ব। কোচি মেট্ৰ’ ৰে’ল প্ৰকল্পৰ প্ৰস্তাৱিত দ্বিতীয় পৰ্যায়ৰ কৰিড’ৰটো কোচি চহৰৰ ক্ৰমৱৰ্ধমান পৰিবহণ প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্যৰে কৰা হৈছে আৰু ইয়াৰ পৰিকল্পনা এনেদৰে কৰা হৈছে যাতে ই চহৰখনৰ জিলা মুখ্য কাৰ্যালয়, বিশেষ অৰ্থনৈতিক মণ্ডল আৰু আই টি হাবক বৰ্তমানৰ মেট্ৰ’ৰ সৈতে সংযোগ কৰে ৰে’ল নেটৱৰ্ক। সম্পূৰ্ণ হোৱাৰ পিছত সংযুক্ত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মেট্ৰ’ নেটৱৰ্কে চহৰখনৰ প্ৰধান আৱাসিক আৰু বাণিজ্যিক হাবসমূহক ৰে’লৱে ষ্টেচন আৰু বাছ ষ্টেণ্ডৰ দৰে প্ৰধান ট্ৰেনজিট হাবসমূহৰ সৈতে সংযোগ কৰিব, যাৰ ফলত বহু-ম’ডেল সংহতি আৰু শেষ মাইল সংযোগৰ ধাৰণাটোক শক্তিশালী কৰা হ’ব।

প্ৰায় ৭৫০ কোটি টকা ব্যয় সাপেক্ষে সম্পূৰ্ণ হোৱা কুৰুপ্পান্তৰা-কোট্টায়ম-চিংগাৱনম ৰে’ল পথ অংশৰ দ্বৈতকৰণৰ কামো প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ নামত উৎসৰ্গা কৰে। ইয়াৰ জৰিয়তে তিৰুৱনন্তপুৰমৰ পৰা মাংগালুৰুলৈকে সমগ্ৰ অংশটো সম্পূৰ্ণৰূপে দ্বৈতপথযুক্ত কৰা হৈছে, যিটোৱে দ্ৰুত আৰু নিৰৱচ্ছিন্ন সংযোগৰ প্ৰতিশ্ৰুতি দিছে। তাৎপৰ্যপূৰ্ণভাৱে সবৰীমালা ভগৱান আয়াপ্পা মন্দিৰলৈ যোৱা লাখ লাখ ভক্তই সুবিধাজনকভাৱে দ্বৈত পথৰ কোট্টায়াম বা চেংগাননুৰ ৰে’লৱে ষ্টেচনত নামি পথেৰে পাম্বালৈ যাব পাৰে। প্ৰধানমন্ত্ৰীয়ে কোল্লাম–পুনালুৰৰ মাজৰ নতুনকৈ বৈদ্যুতিক ৰে’ল অংশও দেশবাসীন নামত উৎসৰ্গা কৰে।

প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ তিনিটা ৰে’লৱে ষ্টেচন–এৰ্নাকুলাম জংচন, এৰ্নাকুলাম টাউন আৰু কোল্লামৰ পুনৰ উন্নয়নৰ কামৰো আধাৰশিলা স্থাপন কৰে। এই ষ্টেচন পুনৰ উন্নয়ন প্ৰকল্পসমূহৰ মুঠ আনুমানিক ব্যয় প্ৰায় ১,০৫০ কোটি টকা। এই ৰে’লৱে ষ্টেচনসমূহত অত্যাধুনিক আৰু বিশ্বমানৰ সুবিধা যেনে-নিৰ্দিষ্ট আগমন/প্ৰস্থান কৰিড’ৰ, স্কাইৱাক, সৌৰ পেনেল, নলা-নৰ্দমা নিষ্কাষণ প্লাণ্ট, শক্তিসক্ষম পোহৰ, বৰষুণ-পানী সংগ্ৰহ আৰু আন্তঃমডেল পৰিবহণৰ সুবিধা আদিৰে সজ্জিত কৰা হ’ব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govts proposed Rs 277 crore MSME investment set to boost Indias economy: Industry officials

Media Coverage

Govts proposed Rs 277 crore MSME investment set to boost Indias economy: Industry officials
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reviews flood situation in Arunachal Pradesh and Nagaland with MPs from the two states
July 30, 2026

The Prime Minister, Shri Narendra Modi, met Members of Parliament from Arunachal Pradesh and Nagaland and discussed the situation in the two states in the wake of the floods.

Shri Modi said that the Central Government will continue working with the respective state Governments to address the challenges arising from the floods.

The Prime Minister prayed for everyone’s well-being and safety.

In a post on X, Shri Modi said;

“Had a meeting with MPs from Arunachal Pradesh and Nagaland. We talked about the situation in these states in the wake of floods there. The Central Government will keep working with the respective state Governments to address the challenges. Praying for everyone’s wellbeing and safety.”