Bundelkhand Expressway will create many employment opportunities and will also connect the people with the facilities available in big cities: PM Modi
Bundelkhand Expressway will prove to be development expressway of region: PM Modi in Chitrakoot
UP Defense Corridor will be getting momentum from Bundelkhand Expressway: PM Modi
PM Modi lays the foundation stone of 296 km-long Bundelkhand Expressway in Chitrakoot, to be built at a cost of Rs 14,849 crore

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চিত্ৰকুটত উত্তৰপ্ৰদেশৰ প্ৰতিৰক্ষা ঔদ্যোগিক কৰিড’ৰৰ প্ৰতি লক্ষ্য ৰাখি ২০১৮ৰ ফেব্ৰুৱাৰীত ঘোষণা কৰা ২৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰে৷ প্ৰায় ১৪,৮৪৯ কোটি টকা ব্যয়সাপেক্ষ এই এক্সপ্ৰেছৱেৰ জৰিয়তে চিত্ৰকুট, বাণ্ডা, মাহোবা, হামিৰপুৰ, জালৌন, অৰৌয়া আৰু এটাৱাহ জিলাৰ লোকসকল উপকৃত হ’ব৷ এই অনুষ্ঠানৰ সমান্তৰালভাৱে দেশজুৰি ১০,০০০ কৃষক উৎপাদিত সংস্থা(এফপিঅ’ও) শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰীয়ে পিএম-কিষাণ আঁচনিৰ অধীনত একাংশ হিতাধিকাৰীক কিষাণ ক্ৰেডিট কাৰ্ডো(কেচিচি) বিতৰণ কৰে৷

দেশত নিৱনুৱাকলৰ সংস্থাপনৰ বাবে চৰকাৰে গ্ৰহণ কৰা কেতবোৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে, পূৰ্বাঞ্চল এক্সপ্ৰেছৱে অথবা প্ৰস্তাৱিত গংগা এক্সপ্ৰেছৱেই কেৱল উত্তৰপ্ৰদেশৰ যোগাযোগ ব্যৱস্থাই উন্নত নকৰে বৰঞ্চ সংস্থাপনৰো যথেষ্ট সূযোগ সৃষ্টি কৰাৰ লগতে বৃহৎ নগৰসমূহৰ সৈতে জনসাধাৰণে যোগসুত্ৰ ৰক্ষা কৰাৰ সুবিধা পাব৷

ভূমি, জাহাজ আৰু ছাবমেৰিনৰ পৰা যুঁজাৰু বিমান, হেলিকপ্টাৰ, অস্ত্ৰ-শস্ত্ৰ আৰু চেন্সৰকে ধৰি প্ৰতিৰক্ষাৰ বাবে বৃহৎ সা-সৰঞ্জামৰ প্ৰয়োজন বুলি সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চলিত বৰ্ষৰ বাজেটত উত্তৰপ্ৰদেশৰ প্ৰতিৰক্ষা কৰিড’ৰৰ বাবে ৩,৭০০ কোটি টকা ধাৰ্য কৰা বুলি কয়৷ উত্তৰপ্ৰদেশৰ প্ৰতিৰক্ষা কৰিড’ৰে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেৰ পৰা যথেষ্ট পৰিমাণে লাভাৱান হ’ব৷

দেশৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ লগতে তেওঁলোকৰ সবল কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ১০,০০০ কৃষক উৎপাদিত সংস্থা(এফপিঅ’) স্থাপন কৰিছে৷ যিসকল বৰ্তমানলৈকে উৎপাদক আছিল, তেওঁলোকে এতিয়া ব্যৱসায়ো কৰিব পাৰিব বুলি তেওঁ লগতে কয়৷ কৃষকসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা কেতবোৰ প্ৰচেষ্টাৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় চৰকাৰে কৃষকসকলক প্ৰতিটো ক্ষেত্ৰতো অগ্ৰাধিকাৰ দি আহিছে, সেয়া লাগিলে ন্যূনতম সমৰ্থিত মুল্যই হওক, ভূমি স্বাস্থ্য কাৰ্ডেই হওক, ১০০% নীম প্ৰলেপযুক্ত ইউৰিয়াই হওক, দশক দশক ধৰি পৰি ৰোৱা জলসিঞ্চন প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাই হওক৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এফপিঅ’সমূহে কৃষকসকলৰ প্ৰচেষ্টাৱলীক একত্ৰিকৰণ কৰাত সহায় কৰিব, যাতে তেওঁলোকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ উচিত মুল্যত বিক্ৰী কৰিব পাৰে৷ একেদৰে প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ১০০খনতকৈ অধিক অভিলাষী জিলাত অতি কমেও এটাকৈ এফপিঅ’ স্থাপনৰ ক্ষেত্ৰত উদ্গনি যোগাইছে, যাতে দেশত প্ৰতিটো ব্লকত এফপিঅ’ স্থাপন নিশ্চিত হয়৷

তেওঁ সজোৰে কয় যে চিত্ৰকুটকে ধৰি উত্তৰপ্ৰদেশৰ প্ৰায় ২ কোটি কৃষক পৰিয়ালে এবছৰত তেওঁলোকৰ পাবলগীয়া ১২ হাজাৰ কোটিতকৈ অধিক ধন লাভ কৰিছে আৰু এই সমষ্ট ধন কোনো ধৰণৰ মধ্যস্থতাকাৰী অবিহনে পোনপটীয়াকৈ বেংকত জমা কৰা হৈছে৷ তেওঁ পূৰ্বৰ চৰকাৰে বুণ্ডেলখণ্ডৰ কৃষকৰ বাবে ঘোষণা কৰা হাজাৰ কোটিৰ প্ৰসংগ উল্লেখ কৰে, য’ৰ এটকাও কৃষকসকলৰ জেপলৈ অহা নাছিল৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে পিএম কিষাণ যোজনা বৰ্তমান পিএম জীৱনজ্যোতি বীমা আৰু পিএম জীৱন সুৰক্ষা বীমা আঁচনিৰ সৈতে সংপৃক্ত কৰা হৈছে৷ তেওঁ কয়, “এই ব্যৱস্থাই জটিল ক্ষণত কৃষকসকলক ২লাখ টকা বীমাৰ সুবিধা নিশ্চিত কৰিব৷”

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে ১৬টা পইণ্টৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ তেওঁ কয় যে কৃষকসকলে তেওঁলোকৰ কৃষিপথাৰৰ কেইকিলোমিটাৰমান দুৰত্বৰ ভিতৰতে এখনকৈ গ্ৰাম্য বজাৰ লাভ কৰাটো সুনিশ্চত কৰাৰ বাবে চৰকাৰে প্ৰচেষ্টা হাতত লৈছে, যাৰদ্বাৰা তেওঁলোকে দেশৰ যিকোনো বজাৰৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব৷ অনাগত সময়ত এই গ্ৰাম্য বজাৰসমূহ কৃষি অৰ্থনীতিৰ নতুন কেন্দ্ৰত পৰিণত হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's banking sector resilient; 11-13% credit growth for January-June likely: Survey

Media Coverage

India's banking sector resilient; 11-13% credit growth for January-June likely: Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 এপ্ৰিল 2026
April 20, 2026

Honouring Saints, Powering Futures: PM Modi’s Leadership That Blends Heritage, Highways and High Growth