বেংগালুৰু-মহীশূৰ এক্সপ্ৰেছৱে দেশৰ নামত উৎসৰ্গা কৰে
মহীশূৰ-কুশলনগৰ চাৰিলেনযুক্ত ঘাইপথৰ আধাৰশিলা স্থাপন
“আজি কৰ্ণাটকত আৰম্ভ হোৱা অত্যাধুনিক পথ আন্তঃগাঁথনি প্ৰকল্পই সমগ্ৰ ৰাজ্যৰে যোগাযোগ ব্যৱস্থাক সমৃদ্ধ কৰাৰ লগতে অৰ্থনৈতিক বিকাশ শক্তিশালী কৰিব”
“ভাৰতমালা আৰু সাগৰমালাৰ দৰে পদক্ষেপে ভাৰতৰ ভূ-প্ৰকৃতিৰ পৰিৱৰ্তন ঘটাইছে”
“এইবাৰৰ বাজেটত দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ লাখ কোটিতকৈ অধিক ধন আবণ্টন দিয়া হৈছে”
“উন্নত আন্তঃগাঁথনিয়ে ‘ইজ অৱ লিভিং’ বৃদ্ধি কৰে। ই প্ৰগতিৰ নতুন সুযোগ সৃষ্টি কৰে”
“মন্দ্য অঞ্চলৰ ২.৭৫ লাখতকৈ অধিক কৃষকক কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ৬০০ কোটি টকা আগবঢ়াইছে”
“দেশত দশক দশক ধৰি বাকী থকা জলসিঞ্চন প্ৰকল্পসমূহ দ্ৰুত গতিত সম্পূৰ্ণ হৈ উঠিছে”
“ইথানলৰ ওপৰত গুৰুত্ব দিলে কুহিয়াৰ খেতিয়কসকল উপকৃত হ’ব”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মাণ্ডিয়াত কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে বেংগালুৰু-মহীশূৰ এক্সপ্ৰেছৱে দেশৰ বাবে উৎসৰ্গা কৰা আৰু মহীশূৰ-কুশলনগৰ চাৰিলেনযুক্ত ঘাইপথৰ আধাৰশিলা স্থাপন।

প্ৰধানমন্ত্ৰীয়ে দেৱী ভুৱনেশ্বৰী আৰু আদিচুঞ্চনাগিৰি আৰু মেলুকোটেৰ গুৰুসকলক প্ৰণাম কৰি ভাষণ আৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ মাজত উপস্থিত থকাৰ সুযোগ লাভ কৰি সুখ প্ৰকাশ কৰি তেওঁক সকলোৱে আশীৰ্বাদ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে মাণ্ড্যাবাসীয়ে আগবঢ়োৱা মৰম-চেনেহ আৰু আদৰণি সন্দৰ্ভত মন্তব্য কৰি কয় যে তেওঁলোকৰ আশীৰ্বাদে তেওঁ আপ্লুত কৰিছে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখনে প্ৰতিজন নাগৰিকৰ দাবীসমূহ দ্ৰুতগতিত পূৰণ কৰিবলৈ চেষ্টা কৰিছে। তেওঁ আলোকপাত কৰে যে আজিৰ হাজাৰ হাজাৰ কোটিৰ আন্তঃগাঁথনি প্ৰকল্প কৰ্ণাটকৰ জনসাধাৰণৰ প্ৰতি ডাবল ইঞ্জিন চৰকাৰৰ এনে প্ৰচেষ্টাৰ অংশ।

বেংগালুৰু-মহীশূৰ এক্সপ্ৰেছৱেক কেন্দ্ৰ কৰি দেশত চলি থকা চৰ্চাক লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ যুৱক-যুৱতীসকলে এনে আধুনিক আৰু উচ্চমানৰ এক্সপ্ৰেছৱেক লৈ গৌৰৱ অনুভৱ কৰিছে। তেওঁ জনায় যে এই এক্সপ্ৰেছৱেই মহীশূৰ আৰু বেংগালুৰুৰ মাজত যাত্ৰাৰ সময় আধালৈ হ্ৰাস কৰিছে। তেওঁ মহীশূৰ-কুশলনগৰ চাৰিলেনযুক্ত ঘাইপথৰ আধাৰশিলা স্থাপনৰ ওপৰত আলোকপাত কৰি কয় যে এই প্ৰকল্পসমূহে ‘সবকা বিকাশ’ৰ মনোভাৱক আগুৱাই নিব আৰু সমৃদ্ধিৰ দুৱাৰ মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে এই প্ৰকল্পসমূহৰ বাবে কৰ্ণাটকবাসীক অভিনন্দন জ্ঞাপন কৰে।

ভাৰতৰ আন্তঃগাঁথনি উন্নয়নৰ প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰীয়ে দুগৰাকী মহান ব্যক্তিক স্মৰণ কৰে। “কৰ্ণাটকৰ মহান পুত্ৰ কৃষ্ণৰাজ ৱাডিয়াৰ আৰু ছাৰ এম বিশ্বেশ্বৰায়ে দেশখনক এক নতুন দৃষ্টিভংগী আৰু শক্তি প্ৰদান কৰিলে। এই গণ্যমান্য ব্যক্তিসকলে দুৰ্যোগক সুযোগলৈ ৰূপান্তৰিত কৰি আন্তঃগাঁথনিৰ গুৰুত্ব বুজি পাইছিল আৰু বৰ্তমানৰ প্ৰজন্মই তেওঁলোকৰ প্ৰচেষ্টাৰ সুফল লাভ কৰাৰ সৌভাগ্য হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁলোকৰ পদাংক অনুসৰণ কৰি দেশৰ উন্নত আন্তঃগাঁথনি প্ৰকল্পৰ উন্নয়ন চলি থকা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। “ভাৰতমালা আৰু সাগৰমালা যোজনাই আজি ভাৰত আৰু কৰ্ণাটকৰ পৰিৱেশ সলনি কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। সমগ্ৰ বিশ্বই কৰ’না মহামাৰীৰ সৈতে যুঁজি থকাৰ সময়তো দেশৰ আন্তঃগাঁথনিৰ বাজেট বহুগুণে বৃদ্ধি কৰা বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ অৱগত কৰে যে এইবাৰৰ বাজেটত দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ লাখ কোটিৰো অধিক ধন আবণ্টন দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃগাঁথনিয়ে চাকৰি, বিনিয়োগ আৰু উপাৰ্জনৰ সুযোগ কঢ়িয়াই আনে। তেওঁ অৱগত কৰে যে কেৱল কৰ্ণাটকতে যোৱা কিছু বছৰত চৰকাৰে ঘাইপথ সম্পৰ্কীয় প্ৰকল্পত এক লাখ কোটিৰো অধিক বিনিয়োগ কৰিছে।

কৰ্ণাটকৰ মূল চহৰ হিচাপে বেংগালুৰু আৰু মহীশূৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তি আৰু পৰম্পৰাৰ এই দুটা কেন্দ্ৰৰ মাজত সংযোগ বহু দিশৰ পৰা গুৰুত্বপূৰ্ণ। তেওঁ কয় যে দুয়োখন চহৰৰ মাজত যাত্ৰা কৰাৰ সময়ত মানুহে প্ৰায়ে তীব্ৰ যান-জঁটৰ অভিযোগ কৰিছিল আৰু এক্সপ্ৰেছৱেই দুয়োখন চহৰৰ মাজৰ সময় ডেৰ ঘণ্টালৈ হ্ৰাস কৰি অঞ্চলটোৰ অৰ্থনৈতিক কাৰ্যকলাপক গতি প্ৰদান কৰিব।

বেংগালুৰু-মহীশূৰ এক্সপ্ৰেছৱেই ঐতিহ্যমণ্ডিত চহৰ ৰামনগৰ আৰু মাণ্ড্যাৰ মাজেৰে পাৰ হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে পৰ্যটনৰ সম্ভাৱনাই কেৱল গতি লাভ কৰাই নহয়, মা কাবেৰীৰ জন্মস্থানলৈও সুলভতা সম্ভৱপৰ কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে বাৰিষাৰ সময়ত ভূমিস্খলনে সদায় প্ৰভাৱিত কৰি অহা বেংগালুৰু-মংগালুৰু ঘাইপথটোৱে অঞ্চলটোৰ বন্দৰ সংযোগত প্ৰভাৱ পেলোৱাটো বেংগালুৰু-মংগালুৰু ঘাইপথ বহল কৰি সমাধান কৰা হ’ব। তেওঁ কয় যে বৰ্ধিত সংযোগৰ লগে লগে অঞ্চলটোৰ উদ্যোগসমূহো বিকশিত হ’বলৈ আৰম্ভ কৰিব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Suryapet, Telangana
August 26, 2026

The Prime Minister, Shri Narendra Modi expressed grief over the loss of lives due to a mishap at Suryapet, Telangana. Shri Modi also prayed for the speedy recovery of the injured.

The Prime Minister posted on X:

Distressed to learn about the mishap in Suryapet, Telangana. My thoughts are with those who have lost their loved ones. Praying for the speedy recovery of the injured: PM @narendramodi