এই কাৰ্যক্ৰমৰ জৰিয়তে আগন্তুক ২-৩মাহত একলাখ যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ’ব : প্ৰধানমন্ত্ৰী
২৬খন ৰাজ্যৰ ১১১টা কেন্দ্ৰত ৬টা অনুকূলিত প্ৰশিক্ষণৰ পাঠ্যক্ৰম মুকলি কৰা হৈছে
ভাইৰাছ আছেই, তদুপৰি চাৰিত্ৰিক পৰিৱৰ্তনৰ সম্ভাৱনাও বিদ্যমান, সেয়ে আমি প্ৰস্তুত হৈ থাকিবই লাগিব : প্ৰধানমন্ত্ৰী
ক’ৰোনা-কালে দক্ষতাৰ, পুনৰ দক্ষ হোৱাৰ তথা দক্ষতাৰ উত্তৰণ সাধনৰ গুৰুত্বক প্ৰত্যায়িত কৰিলে : প্ৰধানমন্ত্ৰী
মহামাৰীয়ে পৃথিৱীৰ প্ৰতিখন দেশ, সংস্থা, সমাজ, পৰিয়াল আৰু ব্যক্তিৰ সামৰ্থ্যৰ পৰীক্ষা ল’লে : প্ৰধানমন্ত্ৰী
প্ৰতিষেধকৰ ক্ষেত্ৰত ২১জুনৰ পৰা ৪৫বছৰৰ তলৰ ব্যক্তিসকলেও ৪৫বছৰৰ ওপৰৰ ব্যক্তিসকলে লাভ কৰা ধৰণৰ তত্পৰতাই লাভ কৰিব : প্ৰধানমন্ত্ৰী
গাঁও অঞ্চলৰ চিকিত্সালয়সমূহত নিয়োজিত আশা, এএনএম, অংগণৱাড়ী আৰু অন্যন্য স্বাস্থ্যকৰ্মীসকলক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

ক’ভিড-১৯ৰ চিকিত্সাৰে জড়িত আগশাৰীৰ কৰ্মচাৰীসকলকৰ বাবে আয়োজিত এক হ্ৰস্বকালীন অনুকূলিত প্ৰশিক্ষণ পাঠ্যক্ৰম আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আনুষ্ঠানিক ভাবে মুকলি কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ ২৬খন ৰাজ্যত স্থাপিত ১১১টা প্ৰশিক্ষণ কেন্দ্ৰত এই কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষিত কৰা হয়। এই কাৰ্যক্ৰমৰ জৰিয়তে আগন্তুক ২-৩মাহত একলাখ যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ’ব। শুভাৰম্ভ অনুষ্ঠানত ‘দক্ষতা বিকাশ আৰু উদ্যশীলতা বিভাগ’ৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ মহেন্দ্ৰনাথ পাণ্ডেকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, বহুকেইখন ৰাজ্যৰ মন্ত্ৰী, বিশেষজ্ঞ, অন্যান্য বিশিষ্ট ব্যক্তি তথা অভিভাৱকসকল উপস্থিত থাকে।

অনুষ্ঠানত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যক্ৰমক ক’ভিড-১৯ বিৰোধী যুঁজখনৰ আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে সতৰ্ক কৰি দি কয় যে “ভাইৰাছবিধ আছেই আৰু ইয়াৰ চাৰিত্ৰিক পৰিৱৰ্তন সাধনৰ পূৰ্ণ সম্ভাৱনাও আছে। ইতিমধ্যে ক’ৰোণাৰ দ্বিতীয়টো লহৰে ই কেনেধৰণৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে তাৰ নমুনা প্ৰদৰ্শন কৰিছেই। সেয়ে, যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ দেশক সাজু কৰি ৰাখিবই লাগিব” বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই উদ্দেশ্যেই “একলাখৰো অধিক আগশাৰীৰ ক’ৰোনা-যোদ্ধাক প্ৰশিক্ষণ প্ৰদানৰ দিহা কৰা হৈছে” বুলি মন্তব্য কৰে।

ক’ৰোনা-কালে দক্ষতাৰ, পুনৰ দক্ষ হোৱাৰ তথা দক্ষতাৰ উত্তৰণ সাধনৰ গুৰুত্বক প্ৰত্যায়িত কৰিলে বুলিও অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

 

ইফালে, মহামাৰীয়ে পৃথিৱীৰ প্ৰতিখন দেশ, সংস্থা, সমাজ, পৰিয়াল আৰু ব্যক্তিৰ সামৰ্থ্যৰো পৰীক্ষা ল’লে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। একে সময়তে ই আমাক বিজ্ঞান, চৰকাৰ, সমাজ, সংস্থা বা ব্যক্তিসমূহৰ সামৰ্থ্য বৃদ্ধিৰ বাবেও সকীয়নি দিলে তেওঁ উল্লেখ কৰে।

 

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে গাঁও অঞ্চলৰ চিকিত্সালয়সমূহত নিয়োজিত আশা, এএনএম, অংগণৱাড়ী আৰু অন্যন্য স্বাস্থ্যকৰ্মীসকলক ভূয়সী প্ৰশংসা কৰি তেওঁলোকক দেশৰ স্বাস্থ্যখণ্ডৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ বুলি অভিহিত কৰে। স্বাস্থ্য সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা স্বত্বেও এইসকল কৰ্মীৰ কথাই আলোচনাসমূহত বিশেষ গুৰুত্ব নাপায় বুলি আক্ষেপ প্ৰকাশ কৰা প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ সৰ্ববৃহত টীকাকৰণ অভিযানত এইসকল স্বাস্থ্যকৰ্মীয়ে বহণ কৰা ভূমিকাৰ ভূয়সী শলাগ লয়।

আনহাতে, প্ৰতিষেধকৰ ক্ষেত্ৰত অহা ২১জুনৰ পৰা ৪৫বছৰৰ তলৰ ব্যক্তিসকলেও ৪৫বছৰৰ ওপৰৰ ব্যক্তিসকলে লাভ কৰা ধৰণৰ তত্পৰতাই লাভ কৰিব বুলি স্পষ্ট কৰি দিয়ে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, ক’ৰোনাৰ বিধি-নিৰ্দেশনা সাৰোগত কৰি দেশৰ প্ৰতিগৰাকী নাগৰিককে বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

 

প্ৰশিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দেশবাসীৰ জীৱন ৰক্ষাৰ বাবে তেওঁলোকে আহৰণ কৰিব লগা নতুন দক্ষতাৰ সদপ্ৰয়োগ হ’ব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In a first, NCERT adds Emergency to Class 9 textbooks; chapter details rights suspension and press censorship

Media Coverage

In a first, NCERT adds Emergency to Class 9 textbooks; chapter details rights suspension and press censorship
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Gujarat meets the Prime Minister
June 25, 2026

Governor of Gujarat, Shri Acharya Devvrat met with the Prime Minister Shri Narendra Modi, today.

The Prime Minister posted on X;

Governor of Gujarat, Shri @ADevvrat met Prime Minister @narendramodi today.