পুৰী আৰু হাওৰাৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ
ওড়িশাত ৰে’ল নেটৱৰ্কৰ ১০০% বিদ্যুতীকৰণ ৰাষ্ট্ৰৰ নামত উচৰ্গা
পুৰী আৰু কটক ৰে’ল ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন
“ভাৰতৰ গতি আৰু প্ৰগতি তেতিয়া দেখিবলৈ পোৱা যায় যেতিয়া এখন বন্দে ভাৰত ৰে’ল চলে”
“ভাৰতীয় ৰে’লৱেই সকলোকে এডাল সূতাৰে সংযোগ কৰে আৰু বয়”
“চৰম প্ৰতিকূল বিশ্ব পৰিস্থিতিৰ মাজতো ভাৰতে নিজৰ বিকাশৰ গতি বজাই ৰাখিছে”
“নতুন ভাৰতে থলুৱাভাৱে প্ৰযুক্তি সৃষ্টি কৰিছে আৰু লগতে সেইটো দেশৰ প্ৰতিটো কোণলৈ লৈ গৈছে”
“দেশৰ সেই ৰাজ্যসমূহৰ ভিতৰত ওড়িশা অন্যতম য’ত ৰে’ল লাইনৰ ১০০ শতাংশ বিদ্যুতীকৰণ সম্ভৱ হৈছে”
“আন্তঃগাঁথনিয়ে মানুহৰ জীৱন সহজ কৰি তোলাই নহয় সমাজকো সবল কৰি তোলে”
“‘জন সেৱা হী প্ৰভূ সেৱা“—জনতাৰ সেৱাই হৈছে ভগৱানৰ সেৱাৰ মনোভাৱেৰে দেশ গতি কৰিছে
“ভাৰতৰ দ্ৰুত বিকাশৰ বাবে ৰাজ্যসমূহৰ বহনক্ষম উন্নয়নৰ প্ৰয়োজন”
“ওড়িশাই যাতে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে সফলতাৰে যুঁজিব পাৰে তাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ মনোযোগ দিছে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ওড়িশাত ৮,০০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত পুৰী আৰু হাওৰাৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ, পুৰী আৰু কটক ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন, ওড়িশাৰ ৰে’ল নেটৱৰ্কৰ ১০০% বিদ্যুতীকৰণৰ উচৰ্গা, সম্বলপুৰ-তিতলাঘৰ ৰে’ল লাইন দ্বৈত পথলৈ উন্নীতকৰণ, আংগুল-সুকিন্দাৰ মাজত নতুন ব্ৰড গজৰ ৰে’ল লাইন; মনোহৰপুৰ-ৰুৰকেলা-ঝাৰছুগুডা-জামগা সংযোগ কৰা তৃতীয় লাইন আৰু বিচুপলী-ঝাৰতৰভাৰ মাজত নতুন ব্ৰড-গজ লাইন উল্লেখযোগ্য৷

 

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ওড়িশা আৰু পশ্চিমবংগৰ জনসাধাৰণক আধুনিক আৰু আকাংক্ষিত ভাৰতৰ প্ৰতীক বন্দে ভাৰত এক্সপ্ৰেছ উপহাৰ দিয়া হৈছে। “ভাৰতৰ গতি আৰু প্ৰগতি তেতিয়া পৰিলক্ষিত হয়, যেতিয়া এঠাইৰ পৰা আন এঠাইলৈ বন্দে ভাৰত ৰে’ল চলে”, প্ৰধানমন্ত্ৰীয়ে কয় যে এই গতি এতিয়া ওড়িশা আৰু পশ্চিমবংগত পৰিলক্ষিত হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা যাত্ৰীসকলৰ বাবে ভ্ৰমণৰ অভিজ্ঞতাৰ লগতে উন্নয়নৰ অৰ্থও সম্পূৰ্ণৰূপে সলনি হ’ব। কলকাতাৰ পৰা পুৰীলৈ দৰ্শনৰ বাবে যাত্ৰা কৰাই হওক বা অন্যান্য কাৰণতে হওক এতিয়া ভ্ৰমণৰ সময় মাত্ৰ চাৰে ছয় ঘণ্টালৈ হ্ৰাস হ’ব, যাৰ ফলত সময় ৰাহি হ’ব, ব্যৱসায়িক সুযোগৰ জন্ম হ’ব আৰু যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হ’ব বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যিসকল নাগৰিকে দূৰ ভ্ৰমণ কৰিব বিচাৰে তেওঁলোকৰ প্ৰথম পচন্দ আৰু অগ্ৰাধিকাৰ ৰে’ল৷ তেওঁ লগতে আজি পুৰী আৰু কটক ৰে’ল ষ্টেচনৰ পুনৰ উন্নয়ন আৰু আধুনিকীকৰণকে ধৰি অন্যান্য ৰে’ল উন্নয়ন প্ৰকল্প আৰু অঞ্চলটোৰ ৰে’লপথ দ্বৈত পথলৈ উন্নীতকৰণৰ আৰু ওড়িশাত ৰে’লপথৰ ১০০শতাংশ বিদ্যুতীকৰণো ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে৷

আজাদী কা অমৃত কালৰ যুগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ ঐক্য আৰু অখণ্ডতাক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে দেশখন সম্পূৰ্ণ একত্ৰিত হৈ থাকিলে দেশৰ সামূহিক সামৰ্থ্যই শিখৰত উপনীত হ’ব পাৰে। তেওঁ কয় যে বন্দে ভাৰত এক্সপ্ৰেছ এনে বিশ্বাসৰ প্ৰতিফলন য’ত ই ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱ আগবঢ়াই নিয়াৰ লগতে দেশৰ বাবে উন্নয়নৰ ইঞ্জিন হৈ পৰিছে। “ভাৰতীয় ৰে’লৱেই সকলোকে এডাল সূতাৰে সংযোগ কৰিছে আৰু বন্দে ভাৰত এক্সপ্ৰেছেও একে ধাৰণা আৰু চিন্তাৰে আগবাঢ়ি যাব”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে এই ৰে’লখনে পুৰী আৰু হাওৰাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক সংযোগ সুদৃঢ় কৰিব। প্ৰধানমন্ত্ৰীয়ে জনাইছে যে দেশৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে পোন্ধৰখন বন্দে ভাৰত ৰে’ল চলি আছে যি দেশৰ অৰ্থনীতিক এক উদ্গনি প্ৰদান কৰিছে৷

 

প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়া সময়ত ভাৰতে অত্যন্ত প্ৰতিকূল পৰিস্থিতিৰ মাজতো নিজৰ বিকাশৰ গতি বজাই ৰাখিছে। শ্ৰী মোদীয়ে এই যাত্ৰাত প্ৰতিখন ৰাজ্যৰ অংশগ্ৰহণৰ কৃতিত্ব দি কয় যে প্ৰতিখন ৰাজ্যকে লগত লৈ দেশখন আগবাঢ়িছে। প্ৰধানমন্ত্ৰীয়ে কয় যে, পূৰ্বৰ সময়ৰ দৰে নহয়, নিউ ইণ্ডিয়াই থলুৱাভাৱে প্ৰযুক্তি সৃষ্টি কৰিছে আৰু লগতে সেইটো দেশৰ প্ৰতিটো কোণলৈ লৈ গৈছে। বন্দে ভাৰত ৰেলৰ থলুৱা উৎপত্তিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে মহামাৰীৰ সময়ত ৫জি আৰু ভেকচিনৰ দৰে প্ৰযুক্তি বিকশিত কৰিছে। তেওঁ আলোকপাত কৰে যে এই উদ্ভাৱনসমূহ কেতিয়াও এখন ৰাজ্য বা চহৰত সীমাবদ্ধ নাথাকিল বৰঞ্চ সমগ্ৰ দেশতে সমানে লোৱা হয়। একেদৰে তেওঁ কয় যে বন্দে ভাৰতে দেশৰ চুক-কোণ স্পৰ্শ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সবকা সাথ, সবকা বিকাশৰ এই নীতিয়ে উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি থকা সেই ৰাজ্যসমূহক লাভান্বিত কৰিছে। তেওঁ কয় যে ওড়িশাত ৰে’ল আঁচনিৰ বাজেট যথেষ্ট বৃদ্ধি পাইছে। তেওঁ জনোৱা মতে, ২০১৪ চনৰ আগৰ ১০ বছৰত ৰাজ্যখনত বছৰি মাত্ৰ ২০ কিলোমিটাৰ ৰে’লপথ নিৰ্মাণ কৰা হৈছিল, আনহাতে ২০২২-২৩ বৰ্ষত মাত্ৰ এবছৰত ১২০ কিলোমিটাৰ দীঘল ৰে’লপথ নিৰ্মাণ কৰা হৈছিল। তেওঁ কয় যে খুৰদা বোলাংগীৰ লাইন আৰু হৰিদাসপুৰ-পাৰাদীপ লাইনৰ দৰে দীৰ্ঘদিনে অসম্পূৰ্ণ হৈ থকা প্ৰকল্পসমূহ দ্ৰুতগতিত সম্পূৰ্ণ হৈছে।

 “ওড়িশা দেশৰ এনে এখন ৰাজ্য য’ত ৰে’ল লাইনৰ ১০০শতাংশ বিদ্যুতীকৰণ সম্ভৱ হৈছে”, প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগতো একে কৃতিত্ব অৰ্জন কৰাৰ বাবে দ্ৰুত গতিত কাম চলি আছে বুলি সদৰি কৰে। ইয়াৰ ফলত সামগ্ৰিকভাৱে ৰে’লৰ গতি বৃদ্ধি হোৱাৰ লগতে মালবাহী ৰে’লৰ বাবে সময় ৰাহি হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ উল্লেখ কৰে যে খনিজ সামগ্ৰীসমৃদ্ধ ৰাজ্য ওড়িশা ৰে’লপথৰ বিদ্যুতীকৰণৰ দ্বাৰা বহুখিনি লাভৱান হ’ব, য’ত ডিজেল ইঞ্জিনৰ পৰা নিৰ্গত প্ৰদূষণ যথেষ্ট হ্ৰাস পাব আৰু ৰাজ্যখনৰ ঔদ্যোগিক উন্নয়নত সহায়ক হ’ব।

প্ৰধানমন্ত্ৰীয়ে আন্তঃগাঁথনি নিৰ্মাণৰ আন এটা দিশো উল্লেখ কৰে, যিটোৰ কথা সততে কোৱা নহয়। তেওঁ কয় যে আন্তঃগাঁথনিয়ে মানুহৰ জীৱন সহজ কৰি তোলাই নহয়, সমাজকো সবল কৰে৷ ‘আন্তঃগাঁথনিৰ অভাৱ হ’লে জনসাধাৰণৰ উন্নয়ন পিছ পৰি থাকে। আন্তঃগাঁথনিৰ বিকাশ হ’লে জনসাধাৰণৰ দ্ৰুত বিকাশ একেলগে হয়”, প্ৰধানমন্ত্ৰীয়ে কয়। উন্নয়নৰ পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী সৌভাগ্য যোজনাৰ উদাহৰণ দাঙি ধৰে য’ত চৰকাৰে ওড়িশাৰ প্ৰায় ২৫ লাখ আৰু পশ্চিমবংগৰ ৭.২৫ লাখ ঘৰকে ধৰি দেশৰ ২.৫ কোটিৰো অধিক পৰিয়ালক বিনামূলীয়া বিদ্যুৎ সংযোগ প্ৰদান কৰিছে।

 

আজি দেশৰ বিমানবন্দৰৰ সংখ্যা ৭৫ৰ পৰা ১৫০লৈ বৃদ্ধি হোৱা বুলি অৱগত কৰি প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত বিভিন্ন ফটো আৰু ভিডিঅ’ৰ দৃষ্টি আকৰ্ষণ কৰে য’ত দেশৰ সাধাৰণ নাগৰিকে নিজৰ বিমান যাত্ৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতৰ সফলতা বৰ্তমান অধ্যয়নৰ বিষয় হৈ পৰিছে। তেওঁ কয় যে যেতিয়া আন্তঃগাঁথনিৰ বাবে ১০লাখ কোটি টকা আবণ্টন দিয়া হয়, তেতিয়া সেইটোৱে লাখ লাখ চাকৰিৰ সৃষ্টি কৰে আৰু ৰে’ল আৰু ঘাইপথৰ সংযোগে ভ্ৰমণ সহজ কৰি তোলে আৰু কৃষকক নতুন বজাৰৰ সৈতে, পৰ্যটকক নতুন আকৰ্ষণৰ সৈতে আৰু ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ পছন্দৰ কলেজৰ সৈতে সংযোগ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশ ‘জন সেৱা হী প্ৰভু সেৱা’-অৰ্থাৎ জনতাৰ সেৱাই হৈছে ভগৱানৰ সেৱাৰ মনোভাৱেৰে আগবাঢ়িছে। তেওঁ জগন্নাথৰ দৰে মন্দিৰ আৰু পুৰীৰ দৰে তীৰ্থস্থানৰ কথা উল্লেখ কৰে য’ত যুগ যুগ ধৰি প্ৰসাদ বিতৰণ কৰা হৈছে আৰু হাজাৰ হাজাৰ দৰিদ্ৰ লোকক খাদ্য যোগান ধৰা হৈছে। তেওঁ একে মনোভাৱেৰে ৮০ কোটি লোকক বিনামূলীয়া ৰেচন প্ৰদান কৰা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনি আৰু আয়ুষ্মান কাৰ্ড, উজ্জ্বল্লা, জল জীৱন মিছন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দৰে আঁচনিৰ হাতত লোৱা বুলি কয়। “আজি দুখীয়া লোকসকলে সেই সকলো মৌলিক সুবিধা পাইছে, যাৰ বাবে তেওঁলোকে বছৰ বছৰ ধৰি অপেক্ষা কৰিবলগীয়া হৈছিল”, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে সম্পদৰ অভাৱত কোনো ৰাজ্য উন্নয়নৰ দৌৰত পিছ পৰি থাকিব নালাগে বুলি ৰাষ্ট্ৰৰ প্ৰচেষ্টাক আলোকপাত কৰি কয়, “ভাৰতৰ দ্ৰুত বিকাশৰ বাবে ৰাজ্যসমূহৰ বহনক্ষম উন্নয়ন সমানেই প্ৰয়োজনীয়”। সেইবাবেই প্ৰধানমন্ত্ৰীয়ে কয় যে পঞ্চদশ বিত্ত আয়োগে ওড়িশা আৰু পশ্চিমবংগৰ দৰে ৰাজ্যৰ বাবে অধিক বাজেটৰ পৰামৰ্শ দিছিল। ওড়িশা বিশাল প্ৰাকৃতিক সম্পদেৰে ধন্য হৈ আহিছে যদিও ভুল নীতিৰ বাবে নিজৰ সম্পদৰ পৰা বঞ্চিত হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে খনিজ সম্পদৰ কথা মনত ৰাখি খনন নীতিৰ সংস্কাৰ সাধন কৰিলে যাৰ ফলত খনিজ সম্পদৰ অধিকাৰী ৰাজ্যসমূহৰ ৰাজহ যথেষ্ট বৃদ্ধি পালে। তেওঁ লগতে উল্লেখ কৰে যে জিএছটি প্ৰৱৰ্তনৰ পিছত কৰৰ পৰা হোৱা আয়ো বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে সম্পদসমূহ ৰাজ্যৰ উন্নয়নৰ বাবে আৰু গাঁৱৰ দুখীয়াৰ সেৱাৰ বাবে ব্যৱহাৰ কৰা হৈছে। “ওড়িশাই যাতে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে সফলতাৰে মোকাবিলা কৰিব পাৰে তাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ মনোযোগ দিছে” বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা আৰু এনডিআৰএফৰ বাবে ৰাজ্যখনক ৮,০০০ কোটিতকৈ অধিক টকা যোগান ধৰিছে৷

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে ওড়িশা, পশ্চিমবংগ আৰু সমগ্ৰ দেশৰ উন্নয়নৰ গতি লাভ কৰিব আৰু আমি এখন ৰাষ্ট্ৰ হিচাপে নতুন আৰু উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’ম।

অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল শ্ৰী গণেশী লাল, ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত নবীন পাটনায়ক, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Q4 GDP growth seen at 7.3%; CNBC-TV18 poll pegs FY26 at 7.5%

Media Coverage

India's Q4 GDP growth seen at 7.3%; CNBC-TV18 poll pegs FY26 at 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
June 05, 2026

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, June 28th. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.