বিশ্ব পৰিবেশ দিৱস উপলক্ষে দিল্লীৰ বুদ্ধ জয়ন্তী উদ্যানত আঁহত গছৰ পুলি ৰোপণ

বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এক পেড় মা কে নাম’ অভিযানৰ শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে দিল্লীৰ বুদ্ধ জয়ন্তী উদ্যানত এটি আঁহত গছৰ পুলি ৰোপণ কৰে। তেখেতে আমাৰ গ্ৰহটোক উন্নত কৰি তোলাত সকলোকে অৰিহণা যোগাবলৈয়ো আহ্বান জনাইছে আৰু কয় যে যোৱা দশকত ভাৰতে অগণন সামূহিক প্ৰচেষ্টা গ্ৰহণ কৰিছে, যাৰ ফলত সমগ্ৰ দেশতে বনাঞ্চলৰ আৱৰণ বৃদ্ধি পাইছে। এয়া বহনক্ষম উন্নয়নৰ দিশত আমাৰ প্ৰচেষ্টাৰ পৰিপূৰক বুলি শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে কয়;

“আজি বিশ্ব পৰিবেশ দিৱসৰ দিনা এক অভিযান #एक_पेड़_माँ_के_नाम শুভাৰম্ভৰে আনন্দিত হৈছোঁ। মই সকলোকে আহ্বান জনাব খুজিছোঁ, ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে, আগন্তুক দিনসমূহত আপোনাসৱৰ মাতৃৰ প্ৰতি শ্ৰদ্ধা হিচাপে এটি গছপুলি ৰোপণ কৰে যেন। #Plant4Mother বা #एक_पेड़_माँ_के_नाम ব্যৱহাৰেৰে ৰোপণৰ এখন ছবি শ্বেয়াৰ কৰিব।”

“আজি পুৱা মই প্ৰকৃতি মাতৃক ৰক্ষা কৰা আৰু বহনক্ষম জীৱনশৈলীৰ অভিযোজনাৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি এটি গছপুলি ৰোপণ কৰিলোঁ। আপোনালোক সকলোকে আহ্বান জনাইছোঁ, আমাৰ গ্ৰহটোক উন্নত কৰাৰ ক্ষেত্ৰতো অৰিহণা যোগাই যেন। #Plant4Mother #एक_पेड़_माँ_के_नाम”

“আপোনালোক সকলোকে আনন্দিত কৰিব যে যোৱা দশকত ভাৰতে অগণন সামূহিক প্ৰচেষ্টা গ্ৰহণ কৰিছে, যাৰ ফলত সমগ্ৰ দেশতে বনাঞ্চলৰ আৱৰণ বৃদ্ধি পাইছে। এয়া বহনক্ষম উন্নয়নৰ দিশত আমাৰ প্ৰচেষ্টাৰ পৰিপূৰক। স্থানীয় সমাজসমূহে এনে প্ৰচেষ্টাৰাজিলৈ যিদৰে সমৰ্থন আগবঢ়াইছে, সেয়াও প্ৰশংসনীয়।”

“আজি বিশ্ব পৰিবেশ দিৱসৰ দিনা এক অভিযান #एक_पेड़_माँ_के_नाम শুভাৰম্ভৰে আনন্দিত হৈছোঁ। মই সকলোকে আহ্বান জনাব খুজিছোঁ, ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে, আগন্তুক দিনসমূহত আপোনাসৱৰ মাতৃৰ প্ৰতি শ্ৰদ্ধা হিচাপে এটি গছপুলি ৰোপণ কৰে যেন। #Plant4Mother বা #एक_पेड़_माँ_के_नाम ব্যৱহাৰেৰে ৰোপণৰ এখন ছবি শ্বেয়াৰ কৰিব।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰত ত্যাগ আন্দোলনৰ সাহসী অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
August 09, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ সাহস আৰু দৃঢ়তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মহাত্মা গান্ধীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ আন্দোলনৰ সুদৃঢ় আহ্বানে স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু ভাৰতৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰিছে :

ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰিছো। তেওঁলোকৰ সাহস প্ৰতিজন ভাৰতীয়ৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। মহাত্মা গান্ধীজীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ কৰাৰ সুদৃঢ় আহ্বানে আমাৰ স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু আমাৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।