বনাচ কমিউনিটি ৰেডিঅ' ষ্টেচন উদ্বোধন
বনাচকান্থা জিলাৰ দিয়োদাৰত ৬০০ কোটিৰোধিক টকা ব্যয় সাপেক্ষে নতুন দুগ্ধ কমপ্লেক্স আৰু আলু সংসাধন প্ৰকল্প নিৰ্মাণ
পালানপুৰৰ বনাচ দুগ্ধ প্ৰকল্পত পনিৰ সামগ্ৰী আৰু হুই পাউডাৰ উৎপাদনৰ বাবে সম্প্ৰসাৰিত সুবিধা
গুজৰাটৰ দামাত জৈৱিক সাৰ আৰু জৈৱ গেছ প্ৰকল্প স্থাপন
খিমানা, ৰতনপুৰা– ভিল্ডি, ৰাধানপুৰ আৰু থাৱাৰত স্থাপন কৰিবলগীয়া ১০০ টন ক্ষমতা সম্পন্ন চাৰিটা গোবৰ গেছ প্ৰকল্পৰ আধাৰশিলা স্থাপন
"যোৱা কেইটামান বছৰতে, বনাচ ডেইৰী কৃষক আৰু মহিলাসকলকে প্ৰমুখ্য কৰি স্থানীয় সমাজমূহৰ সবলীকৰণৰ কেন্দ্ৰ হৈ পৰিছে"
"বনাচকান্থাই কৃষিক্ষেত্ৰত পেলোৱা প্ৰভাৱ প্ৰশংসনীয়। কৃষকসকলে নতুন প্ৰযুক্তিৰ অভিযোজনা, জল সংৰক্ষণত গুৰুত্ব আৰোপ আৰু ইয়াৰ ফলাফল সকলোৱে প্ৰত্যক্ষ কৰিছে"
"বিদ্যা সমীক্ষা কেন্দ্ৰ গুজৰাটৰ ৫৪০০০ বিদ্যালয়, ৪.৫ লাখ শিক্ষক আৰু ১.৫ কোটি শিক্ষাৰ্থীৰ শক্তিৰ এক প্ৰাণোচ্ছল কেন্দ্ৰ হৈ পৰিছে"
"মই আপোনাসৱৰ ক্ষেত্ৰৰ অংশীদাৰৰ দৰে আপোনাসৱৰ সৈতে থাকিম"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বনাচকান্থা জিলাৰ দিয়োদাৰত ৬০০ কোটিৰোধিক টকা ব্যয় সাপেক্ষে নিৰ্মিত এটি নতুন দুগ্ধ কমপ্লেক্স আৰু আলু সংসাধন প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। নতুন দুগ্ধ কমপ্লেক্সটো এটি গ্ৰীনফিল্ড প্ৰকল্প। ই দৈনিক প্ৰায় ৩০ লাখ লিটাৰ গাখীৰ সংসাধনত সহায়, ইয়াত প্ৰায় ৮০ টন বাটাৰ, এক লাখ লিটাৰ আইচক্ৰীম, ২০ টন ঘন গাখীৰ (খোয়া) আৰু দৈনিক ৬ টন চকলেট উৎপাদন কৰা হ’ব। আলু সংসাধন প্ৰকল্পটোত বিভিন্ন প্ৰকাৰৰ সংসাধিত আলু সামগ্ৰী যেনে ফ্ৰেঞ্চ ফ্ৰাই, আলু চিপচ, আলু টিক্কি, পেটি আদি উৎপাদন, যাৰ বহুতো আন দেশলৈ ৰপ্তানি কৰা হ'ব। এই প্ৰকল্পসমূহে স্থানীয় কৃষকসকলক সবলীকৰণ আৰু অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতিক উৎসাহিত কৰিব। 

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি বনাচ কমিউনিটি ৰেডিঅ' ষ্টেচনটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। কৃষকসকলক কৃষি আৰু পশুপালন সম্পৰ্কীয় মুখ্য বৈজ্ঞানিক তথ্য প্ৰদান কৰিবলৈ এই কমিউনিটি ৰেডিঅ' ষ্টেচনটো স্থাপন কৰা হৈছে। ৰেডিঅ' কেন্দ্ৰটোৱে প্ৰায় ১৭০০ খন গাঁৱৰ ৫ লাখৰো অধিক কৃষকৰ সৈতে সংযোগ স্থাপন কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পালানপুৰৰ বনাচ দুগ্ধ প্ৰকল্পত পনিৰ সামগ্ৰী আৰু হুই পাউডাৰ উৎপাদনৰ বাবে সম্প্ৰসাৰিত সুবিধাসমূহ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ দামাত স্থাপিত জৈৱিক সাৰ আৰু জৈৱ গেছ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে খিমানা, ৰতনপুৰা– ভিল্ডি, ৰাধানপুৰ আৰু থাৱাৰত স্থাপন কৰিবলগীয়া ১০০ টন ক্ষমতা সম্পন্ন চাৰিটা গোবৰ গেছ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। এই কাৰ্য্যসূচীত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে।

এই কাৰ্য্যসূচীৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে বনাচ দুগ্ধজাত সামগ্ৰীৰে তেখেতৰ সম্পৰ্ক সন্দৰ্ভত টুইট কৰে আৰু ২০১৩ আৰু ২০১৬ ত তেখেতৰ ভ্ৰমণৰ আলোকচিত্ৰ শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "যোৱা কেইটামান বছৰতে, বনাচ ডেইৰী কৃষক আৰু মহিলাসকলকে প্ৰমুখ্য কৰি স্থানীয় সমাজমূহৰ সবলীকৰণৰ কেন্দ্ৰ হৈ পৰিছে। মই এই ডেইৰীৰ উদ্ভাৱনীমূলক উদ্দীপনাৰ বাবে বিশেষভাৱে গৌৰৱান্বিত যি ইয়াৰ বিভিন্ন সামগ্ৰীত দেখা যায়। মৌৰ ওপৰতো তেওঁলোকৰ নিৰন্তৰ মনোযোগ প্ৰশংসনীয়।" শ্ৰী মোদীয়ে তদুপৰি বনাচকান্থাৰ জনসাধাৰণৰ প্ৰচেষ্টা আৰু উদ্দীপনাক প্ৰশংসা কৰে। তেখেতে কয়, "মই বনাচকান্থাৰ জনসাধাৰণক তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰাণোচ্ছলতাৰ মনোভাৱৰ বাবে প্ৰশংসা কৰিব খুজিছো। বনাচকান্থাই কৃষিক্ষেত্ৰত পেলোৱা প্ৰভাৱ প্ৰশংসনীয়। কৃষকসকলে নতুন প্ৰযুক্তিৰ অভিযোজনা, জল সংৰক্ষণত গুৰুত্ব আৰোপ আৰু ইয়াৰ ফলাফল সকলোৱে প্ৰত্যক্ষ কৰিছে।"

আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে মা অম্বা জীৰ পবিত্ৰ ভূমিলৈ নমস্কাৰ কৰি তেখেতৰ ভাষণ আৰম্ভ কৰে। তেখেতে বনাচৰ মহিলাসকলৰ আশীৰ্বাদৰ কথা উল্লেখ কৰে আৰু তেওঁলোকৰ অদম্য আগ্ৰহৰ প্ৰতি তেখেতৰ সন্মান জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াত গাওঁখনৰ অৰ্থনীতি আৰু ভাৰতৰ মাতৃ আৰু ভগ্নীসকলৰ সবলীকৰণ কেনেদৰে সুদৃঢ় কৰিব পাৰি, সেয়া পোনপটীয়াকৈ অনুভৱ কৰিব আৰু সমবায় আন্দোলনটোৱে কেনেদৰে আত্ম-নিৰ্ভৰ ভাৰত অভিযানটোক শক্তি প্ৰদান কৰিব পাৰে, তাৰ উমান পাব পাৰি। কাশীৰ সাংসদ হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীতো এটা কমপ্লেক্স স্থাপনৰ বাবে বনাচ ডেইৰী আৰু বনাচকান্থাৰ লোকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

বনাচ ডেইৰীৰ ক্ৰিয়া-কলাপৰ সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, দুগ্ধ খণ্ডটোৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত বনাচ ডেইৰী কমপ্লেক্স, পনিৰ আৰু হুই প্ৰকল্প, এই সকলোবোৰ গুৰুত্বপূৰ্ণ বুলি কয়। তেখেতে কয়, "বনাচ ডেইৰীয়ে স্থানীয় কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে অন্যান্য সম্পদো যে ব্যৱহাৰ কৰিব পাৰি, সেই কথাও প্ৰমাণিত কৰিছে"। তেখেতে কয়, আলু, মৌ আৰু অন্যান্য সম্পৰ্কীয় সামগ্ৰীয়ে কৃষকসকলৰ ভাগ্য সলনি কৰিছে। ডেইৰীখনৰ মিঠা তেল আৰু চিনাবাদামলৈ সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি তেখেতে ইয়াৰ ফলত ভকেল ফৰ লোকেল অভিযানটোও সমৃদ্ধ হৈছে বুলি কয়। তেখেতে গোবৰ্ধনত ডেইৰীখনৰ প্ৰকল্পসমূহৰ শলাগ লয় আৰু সমগ্ৰ দেশখনতে এনে প্ৰকল্প স্থাপনেৰে আৱৰ্জনাৰ পৰা সম্পদ সৃষ্টিৰ অৰ্থে চৰকাৰখনৰ প্ৰচেষ্টাত সহায়ৰ বাবে দুগ্ধ প্ৰকল্পসমূহক প্ৰশংসা কৰে। তেখেতে কয় যে গাঁৱসমূহৰ স্বচ্ছতা বজাই ৰখা, কৃষকসকলক গোবৰৰ বাবে উপাৰ্জন প্ৰদান, বিদ্যুৎ উৎপাদন কৰা আৰু প্ৰকৃতি সাৰৰদ্বাৰা পৃথিৱীক সুৰক্ষিত কৰি এই প্ৰকল্পসমূহে লাভান্বিত কৰিব। তেখেতে কয়, এনে ধৰণৰ প্ৰচেষ্টাৰাজিয়ে আমাৰ গাওঁ আৰু আমাৰ মহিলাসকলক সুদৃঢ় আৰু পৃথিৱী মাতৃক সুৰক্ষিত কৰিছে।

গুজৰাটৰ প্ৰগতিত গৌৰৱ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি বিদ্যা সমীক্ষা কেন্দ্ৰ ভ্ৰমণৰ কথা উল্লেখ কৰে। তেখেতে কয় যে মুখ্যমন্ত্ৰীজনৰ নেতৃত্বত কেন্দ্ৰটোৱে নতুন শিখৰত উপনীত হৈছে। আজি এই কেন্দ্ৰটো গুজৰাটৰ ৫৪,০০০ বিদ্যালয়, ৪.৫ লাখ শিক্ষক আৰু ১.৫ কোটি শিক্ষাৰ্থীৰ শক্তিৰ এক প্ৰাণোচ্ছল কেন্দ্ৰ হৈ পৰিছে। এই কেন্দ্ৰটো এআই, মেচিন লাৰ্ণিং আৰু বিগ ডাটা এনালিটিক্সেৰে সু-সজ্জিত। এই পদক্ষেপৰ অধীনত গ্ৰহণ কৰা ব্যৱস্থাৰাজিৰ জৰিয়তে বিদ্যালয়সমূহত উপস্থিতি ২৬ শতাংশ বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই ধৰণৰ প্ৰকল্পসমূহে দেশখনৰ শিক্ষাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী পৰিৱৰ্তন সাধন কৰিব পাৰে আৰু শিক্ষা সম্পৰ্কীয় অংশীদাৰ, বিষয়া আৰু অন্যান্য ৰাজ্যসমূহক এনে ধৰণৰ সুবিধাৰ চিন্তা-চৰ্চা আৰু অভিযোজনা কৰিবলৈ কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটীতো ভাষণ প্ৰদান কৰে। তেখেতে পুনৰ এবাৰ বনাচ ডেইৰীৰ অগ্ৰগতি সন্দৰ্ভত সন্তোষ ব্যক্ত আৰু বনাচৰ মহিলাসকলৰ উদ্দীপনাক প্ৰশংসা কৰে। তেখেতে গোধনক সন্তানৰ দৰে প্ৰতিপালন কৰা বনাচকান্থাৰ মহিলাসকলক প্ৰণাম জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে বনাচকান্থাৰ জনসাধাৰণৰ প্ৰতি থকা তেখেতৰ মৰমৰ কথা দোহাৰে আৰু কয়, তেখেত য'লৈকে নাযাওঁক কিয়, সদায়েই তেওঁলোকৰ সৈতে জড়িত হৈ থাকিব।  "মই আপোনাসৱৰ ক্ষেত্ৰসমূহত অংশীদাৰৰ দৰে আপোনাসৱৰ সৈতে থাকিম", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

বনাচ ডেইৰীয়ে দেশখনত এক নতুন অৰ্থনৈতিক শক্তিৰ সৃষ্টি কৰিছে বুলি তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বনাচ ডেইৰী আন্দোলনে উত্তৰ প্ৰদেশ, হাৰিয়ানা, ৰাজস্থান, ওড়িষা (সোমনাথৰপৰা জগন্নাথ), অন্ধ্ৰ প্ৰদেশ আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যৰ কৃষক আৰু গো পালনকাৰী সমাজসমূহক সহায় কৰিছে। দুগ্ধজাত সামগ্ৰীয়ে আজি কৃষকসকলৰ আয়ত অৰিহণা যোগাইছে। তেখেতে কয় যে ৮.৫ লাখ কোটি টকাৰ গাখীৰ উৎপাদনৰে দুগ্ধজাত সামগ্ৰী পৰম্পৰাগত খাদ্যশস্যতকৈ কৃষকৰ আয়ৰ এক বৃহৎ মাধ্যম হিচাপে পৰিগণিত হৈছে, বিশেষকৈ ভূমিৰ পৰিমাণ তাকৰ আৰু পৰিস্থিতি কঠিন অঞ্চলসমূহত। কৃষকসকলৰ একাউন্টলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, পূৰ্বৰ এজন প্ৰধানমন্ত্ৰীয়ে অতীতত হিতাধিকাৰীয়ে মাত্ৰ ১৫ পইচা লাভ কৰা বুলি বৰ্ণনা কৰা পৰিস্থিতিৰ বিপৰীতে এতিয়া হিতাধিকাৰীসকলৰ ওচৰত এই লাভা-লাভসমূহ সম্পূৰ্ণৰূপে উপলব্ধ হৈছে।

প্ৰাকৃতিক কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বনাচকান্থাৰ জল সংৰক্ষণ আৰু ড্ৰিপ জলসিঞ্চনৰ অভিযোজনাৰ কথা দোহাৰে। তেখেতে তেওঁলোকে পানীক 'প্ৰসাদ' আৰু সোণ হিচাপে গণ্য কৰাৰ সময়তে তেওঁলোকক ২০২৩ ৰ স্বাধীনতা দিৱসলৈকে আজাদী কা অমৃত মহোৎসৱৰ বৰ্ষটোত ৭৫ টা বিশাল সৰোবৰ খান্দিবলৈ আহ্বান জনায়।

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament on verge of history, says PM Modi, as it readies to take up women's bills

Media Coverage

Parliament on verge of history, says PM Modi, as it readies to take up women's bills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to visit Karnataka on 15th April
April 14, 2026
PM to inaugurate Sri Guru Bhairavaikya Mandira at Sri Kshetra Adichunchanagiri in Mandya
Sri Guru Bhairavaikya Mandira is a memorial dedicated to Sri Sri Sri Dr. Balagangadharanatha Mahaswamiji, the 71st Pontiff of Sri Adichunchanagiri Mahasamsthana Math
PM to also jointly release the book titled “Saundarya Lahari and Shiva Mahimna Stotram” along with former Prime Minister Shri H. D. Deve Gowda ji

Prime Minister, Shri Narendra Modi will visit Karnataka on 15th April 2026. At around 11 AM, Prime Minister will inaugurate the Sri Guru Bhairavaikya Mandira at Sri Kshetra Adichunchanagiri in Mandya district. He will also address the gathering on the occasion.

During the visit, Prime Minister will also jointly release the book titled “Saundarya Lahari and Shiva Mahimna Stotram” along with former Prime Minister Shri H. D. Deve Gowda ji.

Sri Guru Bhairavaikya Mandira is a memorial dedicated to the revered seer, Sri Sri Sri Dr. Balagangadharanatha Mahaswamiji, the 71st Pontiff of Sri Adichunchanagiri Mahasamsthana Math. Constructed in the traditional Dravidian architectural style, the Mandira stands as a tribute to the life and legacy of the late seer. The Mandira is envisioned not only as a place of reverence but also as a source of inspiration for future generations.

Sri Sri Sri Dr. Balagangadharanatha Mahaswamiji was widely respected for his lifelong commitment to social service, having established numerous educational institutions and healthcare facilities. He firmly believed that service to society is the highest form of worship, and his teachings transcended barriers of caste, creed, and region, inspiring millions.