সবল মহিলাসকল বিকশিত ভাৰতৰ আধাৰ, আমাৰ চৰকাৰে দেশৰ মহিলাসকলৰ সবলীকৰণত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী
চৰকাৰে তেওঁলোকৰ জীৱনৰ সমস্যাৰাজি লাঘৱৰ বাবে অহৰহভাৱে কাম কৰি আছে আৰু কাম কৰি যাবঃ প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰৰ বাবে এগৰাকী মাতৃৰ মৰ্য্যাদা, তেওঁৰ সন্মান, তেওঁৰ আত্ম-সন্মান সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়ঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই শুভ মঙলবাৰে এক অতিশয় আশাব্যঞ্জক পদক্ষেপ আৰম্ভ হৈছে। তেখেতে কয় যে জীৱিকা নিধি সাখ সহকাৰী সংঘৰ জৰিয়তে বিহাৰৰ মাতৃ-ভগ্নীসকলক এক নতুন সুবিধা প্ৰদান কৰা হৈছে। এই পদক্ষেপে গাঁৱে-ভূঞে জীৱিকাৰ সৈতে জড়িত মহিলাসকলক অধিক সহজে আৰ্থিক সহায় লাভ কৰিবলৈ সক্ষম কৰি তুলিব, ইয়াৰ ফলশ্ৰুতিত তেওঁলোকে তেওঁলোকৰ কাম আৰু ব্যৱসায়ক আগুৱাই নিয়াত সহায়ক হ’ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। জীৱিকা নিধি ব্যৱস্থা সম্পূৰ্ণ ডিজিটেল হোৱাত তেখেতে সন্তোষ প্ৰকাশেৰে কয় যে এতিয়া সকলো কাম ম’বাইল ফোনযোগেই কৰিব পৰা যাব। তেখেতে জীৱিকা নিধি সাখ সহকাৰী সংঘৰ শুভাৰম্ভণি উপলক্ষে বিহাৰৰ মাতৃ-ভগ্নীসকলক অভিনন্দন জনোৱাৰ লগতে এই উল্লেখযোগ্য পদক্ষেপ গ্ৰহণৰ বাবে শ্ৰী নীতিশ কুমাৰ আৰু বিহাৰ চৰকাৰক প্ৰশংসা কৰে।

 

“সবল মহিলাসকল বিকশিত ভাৰতৰ আধাৰ” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মহিলা সবলীকৰণৰ বাবে তেওঁলোকৰ জীৱনৰ অসুবিধাসমূহ লাঘৱ কৰাটো অতিশয় প্ৰয়োজনীয় বুলি কয়। তেখেতে কয় যে চৰকাৰে মাতৃ, ভগ্নী, কন্যাসকলৰ জীৱন যাত্ৰাক সহজ কৰি তুলিবলৈ একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। তেখেতে উল্লেখ কৰে যে মহিলাসকলক মুকলিত মল ত্যাগৰ বাধ্যবাধকতাৰ পৰা মুক্ত কৰিবলৈ কোটি-কোটি শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কোটি-কোটি স্থায়ী গৃহ নিৰ্মাণ কৰা হৈছে, এই গৃহসমূহ যাতে মহিলাসকলৰ নামত পঞ্জীয়ন কৰা হয়, তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। তেখেতে কয় যে গৃহিণী এগৰাকী ঘৰৰ গৰাকী হোৱা মাাত্ৰেকে তেওঁৰ কণ্ঠও সবল হৈ পৰে।

বিশুদ্ধ খোৱাপানীৰ অভাৱ দূৰ কৰিবলৈ চৰকাৰে হৰ ঘৰ জল পদক্ষেপৰ শুভাৰম্ভ কৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে মাতৃ আৰু ভগ্নীসকলৰ স্বাস্থ্যসেৱা লাভত অসুবিধা নহ’বলৈ আয়ুষ্মান ভাৰত আঁচনি প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ অধীনত ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়া ৰেচন আঁচনিও অব্যাহত ৰাখিছে। ইয়াৰ ফলশ্ৰুতিত প্ৰতিগৰাকী মাতৃয়ে প্ৰতিদিনে সন্তানক কেনেকৈ খুৱাব, সেই চিন্তাও লাঘৱ হৈছে। মহিলাৰ আয় বৃদ্ধিৰ বাবে তেখেতে লাখপতি দিদি, ড্ৰোন দিদি আৰু বেংক সখী আদি পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি কয়। ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ দেশৰ মহিলাসকল সবল হৈ উঠিছে। তেখেতে এই আঁচনিসমূহক মাতৃ-ভগ্নীসকলৰ সেৱাৰ বাবে উৎসৰ্গিত এক বৃহৎ অভিযানৰ অংশ বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে সমবেতসকলক আশ্বাস প্ৰদানেৰে কয় যে অহা মাহত বিহাৰত তেওঁলোকৰ চৰকাৰে এই অভিযানক অধিক ত্বৰান্বিত কৰি তুলিব।

“বিহাৰ এনে এখন ভূমি, যি ভূমিত মাতৃত্বৰ প্ৰতি শ্ৰদ্ধা—মাতৃশক্তি—আৰু মাতৃৰ সন্মানে সদায় সৰ্বোচ্চ স্থান লাভ কৰি আহিছে” বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে বিহাৰত গংগা মাইয়া, কোশী মাইয়া, গণ্ডকী মাইয়া, পুনপুন মাইয়া আদি দেৱীক গভীৰ ভক্তিৰে পূজা কৰা হয়। তেখেতে আৰু কয় যে জানকী জী বিহাৰৰ এগৰাকী কন্যা, ইয়াৰ সাংস্কৃতিক নীতি-নিয়মৰ মাজেৰে তেওঁক শ্ৰদ্ধা কৰা হয়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ছঠি মাইয়াক প্ৰাৰ্থনা কৰি সকলোৱে তেওঁৰ আশীৰ্বাদ লাভ কৰে। তেখেতে কয় যে নৱৰাত্ৰিৰ পবিত্ৰ উৎসৱ ওচৰ চাপি আহিছে, এই সময়ছোৱাত সমগ্ৰ দেশতে মা দুৰ্গাৰ নটা ৰূপক পূজা কৰা হয়। তেখেতে লগতে কয় যে বিহাৰ আৰু পূৰ্বাঞ্চলতো সাতবহিনী পূজাৰ পৰম্পৰা আছে— ইয়াত ঐশ্বৰিক মাতৃৰ প্ৰকাশ হিচাপে সাতগৰাকী ভগ্নীক পূজা কৰা হয়। তেখেতে কয় যে মাতৃৰ প্ৰতি এই গভীৰ বিশ্বাস আৰু ভক্তি বিহাৰৰ এক সংজ্ঞায়িত পৰিচয়। স্থানীয় শ্লোক এটাৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মাতৃৰ ঠাই যিমানেই প্ৰিয় নহওঁক কিয়, কোনেও কেতিয়াও ল’ব নোৱাৰে।

 

তেখেতৰ চৰকাৰৰ বাবে মাতৃৰ মৰ্য্যাদা, সন্মান, গৌৰৱ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় বুলি উল্লেখেৰে কয় যে এগৰাকী মাতৃ আমাৰ পৃথিৱীৰ মূল সাৰ আৰু তেওঁ আমাৰ আত্ম-সন্মানক মূৰ্ত কৰি তুলিছে। বিহাৰৰ চহকী সাংস্কৃতিক পৰম্পৰাৰ কথা উল্লেখেৰে তেখেতে শেহতীয়াকৈ এটা কাণ্ডক লৈ গভীৰ দুখ প্ৰকাশ কৰে, ইয়াক তেওঁ কল্পনাতীত বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিহাৰত বিৰোধী মিত্ৰতাৰ এখন মঞ্চৰ পৰা তেখেতৰ মাতৃক উদ্দেশ্যি অপমানজনক কথা কোৱা হৈছিল। তেখেতে কয় যে এই অপমান কেৱল তেখেতৰ মাতৃৰ প্ৰতিয়েই অপমান নহয়, বৰঞ্চ ৰাষ্ট্ৰৰ প্ৰতিগৰাকী মাতৃ, ভগ্নী, কন্যাৰ প্ৰতি অপমানস্বৰূপ। শ্ৰী মোদীয়ে এনে মন্তব্য শুনা বিহাৰৰ জনসাধাৰণ, বিশেষকৈ ইয়াৰ মাতৃসকলে অনুভৱ কৰা যন্ত্ৰণাক স্বীকাৰ কৰে। তেখেতে কয় যে তেখেতে অন্তৰত যি দুখ অনুভৱ কৰিছে, সেই একেই দুখ বিহাৰৰ ৰাইজেও সমানেই অনুভৱ কৰিছে আৰু তেখেতে আজি এই দুখ ৰাইজৰ সৈতে ভগাই লৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় ৫৫ বছৰ ধৰি সমাজ আৰু ৰাষ্ট্ৰৰ সেৱা কৰি অহা বুলি উল্লেখ কৰি প্ৰতিদিনে, প্ৰতিটো মুহূৰ্তত দেশখনৰ বাবে পূৰ্ণ নিষ্ঠাৰে কাম কৰি আহিছে বুলি কয়। এই যাত্ৰাত তেখেতৰ মাতৃয়ে পালন কৰা উল্লেখযোগ্য ভূমিকাৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰত মাতাক সেৱা কৰাৰ স্বাৰ্থত তেখেতৰ জন্মদাত্ৰীয়ে তেখেতক পাৰিবাৰিক বাধ্যবাধকতাৰ পৰা মুকলি কৰি দিছিল। তেখেতে গভীৰ দুখ প্ৰকাশেৰে কয় যে যিগৰাকী মাতৃয়ে তেখেতক ৰাষ্ট্ৰীয় সেৱাৰ বাবে আশীৰ্বাদ দিছিল আৰু যিগৰাকী মাতৃ এতিয়া এই পৃথিৱীত কায়িকভাৱে উপস্থিত নাই, তথাপিও তেওঁক বিৰোধী মিত্ৰজোঁটৰ এখন মঞ্চৰ পৰা অপমান কৰা হৈছে। তেখেতে ইয়াক অত্যন্ত যন্ত্ৰণাদায়ক, দুখজনক আৰু গভীৰভাৱে আঘাতজনক বুলি অভিহিত কৰে।

প্ৰতিগৰাকী মাতৃয়ে নিজৰ সন্তানক অশেষ ত্যাগ স্বীকাৰেৰে ডাঙৰ-দীঘল কৰে আৰু তেওঁৰ বাবে সন্তানতকৈ ডাঙৰ একোৱেই নহয় বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে তেখেতে নিজৰ মাতৃক সৰুৰে পৰাই এই ৰূপতে দেখি আহিছে— দৰিদ্ৰতা আৰু কষ্ট সহ্য কৰি পৰিয়াল আৰু সন্তানক লালন-পালন কৰিছিল। তেখেতে কয় যে বাৰিষা মাতৃয়ে মূধচেদি মজিয়াত পৰা বৰষুণৰ পানী টুকিছিল। অসুস্থ দেহাৰেই কামলৈ গৈছিল। তেওঁ এই কথা জানিছিল যে তেওঁ এদিনৰ বাবেও জিৰণি ল’লেও সন্তানে কষ্ট পাব লাগিব। তেখেতে কয় যে মাতৃয়ে কেতিয়াও নিজৰ বাবে নতুন শাৰী এখনো কিনা নাছিল, প্ৰতিটো পইচা জমা কৰি ল’ৰা-ছোৱালীৰ বাবে কাপোৰৰ যোগাৰ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এগৰাকী দুখীয়া মাতৃয়ে আজীৱন ত্যাগৰ জৰিয়তে নিজৰ সন্তানক শিক্ষা আৰু গভীৰ প্ৰমূল্যবোধ প্ৰদান কৰে। তেখেতে দৃঢ়তাৰে কয় যে এই কাৰণেই মাতৃৰ স্থান দেৱতাসকলৰো উৰ্ধত বুলি গণ্য কৰা হয়। এটা পদ্যৰ উদ্ধৃতিৰে বিহাৰৰ সাংস্কৃতিক নীতি-নিয়মৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে বিৰোধীৰ মঞ্চৰ পৰা নিক্ষেপ কৰা এনে মন্তব্য কেৱল তেখেতৰ মাতৃৰ প্ৰতিয়েই নহয়— বৰঞ্চ এয়া সমগ্ৰ দেশৰ কোটি-কোটি মাতৃৰ প্ৰতি অপমান।

 

এগৰাকী দুখীয়া মাতৃৰ ত্যাগ আৰু পুত্ৰৰ বেদনাক ৰাজবংশত জন্মগ্ৰহণ কৰাসকলে বুজিব নোৱাৰে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই বিশেষ সুবিধাপ্ৰাপ্ত ব্যক্তিসকলে জন্মতে ৰূপ আৰু সোণৰ চামুচ মুখত লৈ বিহাৰ আৰু সমগ্ৰ দেশৰ ক্ষমতাক তেওঁলোকৰ পৰিয়ালৰ উত্তৰাধিকাৰ হিচাপে গণ্য কৰিছিল। ক্ষমতাৰ আসন তেওঁলোকৰ জন্মগত অধিকাৰ বুলি তেওঁলোকে বিশ্বাস কৰে বুলিও তেখেতে কয়। কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ জনসাধাৰণে এগৰাকী দুখীয়া মাতৃৰ পুত্ৰক— এগৰাকী কঠোৰ পৰিশ্ৰমী ব্যক্তিক— আশীৰ্বাদ দি প্ৰধানমন্ত্ৰী কৰিলে। তেখেতে দৃঢ়তাৰে কয় যে এই বাস্তৱতাক বিশেষ সুবিধাপ্ৰাপ্ত শ্ৰেণীৰ বাবে গ্ৰহণ কৰাটো কঠিন। তেখেতে লগতে কয় যে সমাজৰ পিছপৰা আৰু অত্যন্ত পিছপৰা শ্ৰেণীৰ উত্থানক বিৰোধীয়ে কেতিয়াও সহ্য কৰা নাই। শ্ৰী মোদীয়ে আৰু কয় যে এই ব্যক্তিসকলে বিশ্বাস কৰে যে কঠোৰ পৰিশ্ৰম কৰাসকলক অপমান কৰাৰ অধিকাৰ তেওঁলোকৰ আছে আৰু সেয়েহে এইদৰে কটু বক্তব্যৰ আশ্ৰয় লয়। তেখেতে উল্লেখ কৰে যে বিহাৰৰ নিৰ্বাচনৰ সময়তো তেখেতক অসন্মানজনক কথা কোৱা আৰু গালি-গালাজ পৰা হৈছিল, ইয়াৰ জৰিয়তে বিৰোধীয়ে বাৰে-বাৰে অভিজাত মানসিকতাক উদঙাই দিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই মানসিকতাৰেই এতিয়া তেওঁলোকে ৰাজনৈতিক মঞ্চৰ পৰা প্ৰয়াত মাতৃক উদ্দেশ্যি গালি-গালাজ পাৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যি মানসিকতাৰে বিৰোধীয়ে মাতৃ-ভগ্নীক নিৰ্যাতন কৰে, সেই মানসিকতাৰ লোকে নাৰীক দুৰ্বল বুলি ভাবে আৰু শোষণ তথা অত্যাচাৰৰ আহিলা হিচাপে গণ্য কৰে। তেখেতে কয় যে যেতিয়াই এনে নাৰীবিৰোধী মানসিকতাৰ লোক ক্ষমতালৈ আহিছে, তেতিয়াই মহিলাসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। তেখেতে কয় যে এই বাস্তৱতাক বিহাৰৰ জনসাধাৰণতকৈ ভালকৈ আন কোনেও বুজি নাপায়। বিহাৰৰ বিৰোধী যুগৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সেই সময়ছোৱাত অপৰাধ আৰু অপৰাধী নিয়ন্ত্ৰণহীন আছিল, হত্যা, ধন দাবী, ধৰ্ষণৰ ঘটনাও সাধাৰণ হৈ পৰিছিল। তেখেতে অভিযোগ উত্থাপনেৰে কয় যে তেতিয়াৰ চৰকাৰে হত্যাকাৰী আৰু ধৰ্ষণকাৰীক সুৰক্ষা প্ৰদান কৰিছিল আৰু সেই শাসন ব্যৱস্থাৰ বোজা বিহাৰৰ মহিলাসকলেহে বহন কৰিছিল। শ্ৰী মোদীয়ে লগতে কয় যে তেতিয়া মহিলাসকল ঘৰৰ বাহিৰলৈ ওলাই যোৱাটো নিৰাপদ নাছিল আৰু গৃহস্থীসমূহে অহৰহভাৱে ভয়ৰ মাজত দিন কটাবলগীয়া হৈছিল— সন্ধিয়াৰ পিছত স্বামী বা পুত্ৰ জীৱিত অৱস্থাত ঘৰলৈ উভতি যাব নে নাযায়, সেই সম্পৰ্কে মাতৃসকল নিশ্চিত নাছিল। তেখেতে আৰু কয় যে মহিলাসকল স্বামী-পুত্ৰক হেৰুৱাৰ ভাবুকিৰ সন্মুখীন হৈছিল, মুক্তিপণ দিবলৈ নিজৰ গহনা বিক্ৰী কৰিছিল, মাফিয়াৰ দ্বাৰা অপহৃত হ’বলগীয়া হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে বিহাৰে সেই অন্ধকাৰৰ পৰা ওলাই আহিবলৈ দীঘলীয়া যুঁজ কৰিছে। তেখেতে বিৰোধী দলক আঁতৰাই বাৰে-বাৰে পৰাস্ত কৰাত মুখ্য ভূমিকা লোৱাৰ বাবে বিহাৰৰ মহিলাসকলক কৃতিত্ব প্ৰদান কৰে। তেখেতে দৃঢ়তাৰে কয় যে এই কাৰণেই আজি বিহাৰৰ মহিলাসকলৰ বিৰুদ্ধে বিৰোধী দলসমূহে আটাইতকৈ বেছি আন্দোলন কৰিছে। শ্ৰী মোদীয়ে বিহাৰৰ প্ৰতিগৰাকী মহিলাক তেওঁলোকৰ উদ্দেশ্য স্পষ্টভাৱে বুজিবলৈ আহ্বান জনাই কয় যে এই দলসমূহে প্ৰতিশোধ বিচাৰে আৰু তেওঁলোকক শাস্তি দিব বিচাৰে।

কিছুমান বিৰোধী দলে ধাৰাবাহিকভাৱে মহিলাৰ অগ্ৰগতিক বিৰোধিতা কৰি আহিছে, যাৰ বাবে তেওঁলোকে নাৰী সংৰক্ষণৰ দৰে পদক্ষেপক তীব্ৰভাৱে প্ৰতিহত কৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে দৰিদ্ৰ ঘৰৰ মহিলা এগৰাকীয়ে প্ৰাধান্য লাভ কৰিলেও তেওঁলোকৰ হতাশা স্পষ্ট হৈ পৰে। তেখেতে বিৰোধীয়ে বাৰে-বাৰে এটা জনজাতীয় আৰু আৰ্থিকভাৱে বঞ্চিত পৰিয়ালৰ কন্যা, ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুক অপমান কৰি আহিছে বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নাৰীৰ প্ৰতি এই ঘৃণা আৰু অৱজ্ঞাৰ ৰাজনীতি ৰোধ কৰিব লাগিব। তেখেতে উল্লেখ কৰে যে ২০ দিনৰ পিছত নৱৰাত্ৰি আৰম্ভ হ’ব, তাৰ পিছত পবিত্ৰ ছঠ, ইয়াত ছঠি মাইয়াক প্ৰাৰ্থনা কৰা হ’ব। বিহাৰৰ জনসাধাৰণক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মাতৃক অপমান কৰাসকলক ক্ষমা কৰিব পাৰি যদিও ভাৰতৰ মাটিয়ে কেতিয়াও মাতৃৰ প্ৰতি অসন্মান সহ্য কৰা নাই। তেখেতে দৃঢ়তাৰে কয় যে বিৰোধী দলসমূহে সাতবহিনী আৰু ছঠি মাইয়াৰ পৰা তেওঁলোকৰ এই কাৰ্য্যৰ বাবে ক্ষমা বিচাৰিব লাগিব।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰৰ জনসাধাৰণক, বিশেষকৈ ইয়াৰ পুত্ৰসকলক মাতৃক কৰা অপমানৰ প্ৰত্যুত্তৰ জনোৱাৰ দায়িত্ব ল’বলৈ আহ্বান জনায়। তেখেতে উল্লেখ কৰে যে বিৰোধী দলসমূহৰ নেতাসকল যি স্থানলৈকে নাযাওঁক কিয়, তেওঁলোকে মাতৃক অপমান কাৰ্য্য সহ্য কৰা নহ’ব বুলি ৰাইজৰ ফালৰপৰা শুনিব লাগিব। লগতে ৰাইজেই তেওঁলোকক মাতৃৰ মৰ্য্যাদাৰ ওপৰত কৰা যিকোনো আক্ৰমণ মানি লোৱা নহ’ব বুলি শুনাব লাগিব। বিৰোধী দলৰ অত্যাচাৰ আৰু আক্ৰমণ সহ্য কৰা নহ’ব আৰু মানি লোৱা নহ’ব বুলিও তেখেতে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ দৃঢ়তাৰে কয় যে ভাৰতৰ মহিলাসকলৰ সবলীকৰণ তেখেতৰ চৰকাৰৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়। তেখেতে কয় যে তেখেতৰ চৰকাৰে তেওঁলোকৰ জীৱনৰ অসুবিধাৰাজি লাঘৱৰ বাবে অহৰহভাৱে কাম কৰি আছে আৰু কাম কৰি যাব। তেখেতে ৰাইজক চৰকাৰখনক আশীৰ্বাদ জনাই থাকিবলৈ আহ্বান জনায় আৰু ৰাষ্ট্ৰৰ প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা নিবেদনেৰে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

স্বাধীনতা দিৱসত অনুভূত হোৱা ৰাষ্ট্ৰীয় আৱেগক স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে “হৰ ঘৰ তিৰংগা” শ্ল’গান সমগ্ৰ গ্ৰামাঞ্চল আৰু ৰাজপথত প্ৰতিধ্বনিত হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে একেদৰেই সময়ৰ আহ্বান হৈছে “হৰ ঘৰ স্বদেশী, ঘৰ-ঘৰ স্বদেশী।” তেখেতে কয় যে মাতৃ-ভগ্নীসকলক সবলীকৰণ আৰু এখনি আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ বাবে এই নতুন মন্ত্ৰ অপৰিহাৰ্য্য। এই অভিযানত মহিলাসকলৰ আশীৰ্বাদৰ বাবে তেখেতে আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্থানীয় আৰু ‘মেড ইন ইণ্ডিয়া’ সামগ্ৰীৰ ব্যৱহাৰত গুৰুত্ব আৰোপেৰে প্ৰতিগৰাকী দোকানী আৰু ব্যৱসায়ীক গৌৰৱেৰে “এয়া স্বদেশী” বুলি ঘোষণা কৰা ব’ৰ্ড প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। তেখেতে সামৰণিত ভাৰত আত্মনিৰ্ভৰতাৰ পথত শক্তিশালীভাৱে আগবাঢ়িব লাগিব বুলি দৃঢ়তাৰে কয়।

এই কাৰ্য্যসূচীত বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ, উপ-মুখ্যমন্ত্ৰীদ্বয় শ্ৰী সম্ৰাট চৌধুৰী, শ্ৰী বিজয় কুমাৰ সিনহাকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভ কৰে। এই জীৱিকা নিধি প্ৰতিষ্ঠাৰ উদ্দেশ্য হৈছে জীৱিকাৰ সৈতে জড়িত সমাজৰ লোকসকলক সুলভ সুতৰ হাৰত পুঁজি আগবঢ়োৱা। জীৱিকাৰ সকলো পঞ্জীয়নভুক্ত ক্লাষ্টাৰ-পৰ্য্যায়ৰ ফেডাৰেচন ছচাইটিৰ সদস্য হ’ব। প্ৰতিষ্ঠানটো পৰিচালনাৰ বাবে বিহাৰ চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও পুঁজি আগবঢ়াব।

 

বছৰ-বছৰ ধৰি জীৱিকাৰ আত্ম-সহায়ক গোটৰ সৈতে জড়িত মহিলাসকলৰ মাজত উদ্যমিতাৰ বিকাশ ঘটিছে, ইয়াৰ ফলশ্ৰুতিত গ্ৰামাঞ্চলসমূহত অসংখ্য ক্ষুদ্ৰ উদ্যোগ আৰু উৎপাদক কোম্পানী স্থাপিত হৈছে। কিন্তু মহিলা উদ্যোগীসকলে প্ৰায়ে ১৮%–২৪% উচ্চ সুতৰ হাৰ লোৱা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছে। এমএফআই-ৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাসৰ লগতে কম সুতৰ হাৰত বৃহৎ পৰিমাণৰ ঋণ সময়মতে উপলব্ধ হোৱাটো নিশ্চিত কৰিবলৈ জীৱিকা নিধিক বিকল্প বিত্তীয় ব্যৱস্থা হিচাপে কল্পনা কৰা হৈছে।

এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে ডিজিটেল প্লেটফৰ্মৰ দ্বাৰা চালিত হ’ব, ইয়াৰ ফলশ্ৰুতিত জীৱিকা দিদিৰ বেংক একাউন্টলৈ পোনপটীয়াকৈ দ্ৰুত আৰু স্বচ্ছভাৱে ধন স্থানান্তৰিত হোৱাটো নিশ্চিত হ’ব। ইয়াৰ বাবে ১২,০০০ কমিউনিটি কেডাৰক টেবলেট প্ৰদান কৰা হৈছে।

এই পদক্ষেপে গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত উদ্যমিতাৰ বিকাশক সুদৃঢ়কৰণৰ লগতে সমাজ-চালিত উদ্যোগসমূহৰ বিকাশক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। সমগ্ৰ বিহাৰৰ প্ৰায় ২০ লাখ মহিলাই এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modiji, Aap Ka Aura Hi Alag Hai’: Gen Z ‘Friends’ Click With PM At Vadodara Event

Media Coverage

‘Modiji, Aap Ka Aura Hi Alag Hai’: Gen Z ‘Friends’ Click With PM At Vadodara Event
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the value and transformative power of knowledge
September 09, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting that wisdom teaches the art of living in harmony with society. He said that knowledge imparts wisdom and prosperity, fills the heart with joy and enhances one’s dignity.

The Prime Minister shared a Sanskrit Subhashitam-

“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।

उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”

The Subhashitam conveys that wisdom teaches the art of living in harmony with society. It grants knowledge and prosperity, fills the heart with joy, and raises one's dignity. Thus, wisdom is as precious as service to righteous governance, beloved by the heart, and a force that uplifts life.

The Prime Minister wrote on X;

“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।

उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”