প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি) বিজয়ীসকলক ভূয়সী প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰত চৰকাৰে শিশুসকলক উদ্ভাৱন, সমাজসেৱা, বিদ্যায়তনিক, ক্ৰীড়া, কলা-সংস্কৃতি আৰু বীৰত্বৰ ছটা শাখাত ব্যতিক্ৰমী কৃতিত্বৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰি আহিছে। বাল শক্তি পুৰস্কাৰৰ বিভিন্ন শিতানৰ অন্তৰ্গত দেশৰ ১১গৰাকী শিশুক পিএমআৰবিপি-২০২৩ৰ বাবে নিৰ্বাচিত কৰা হৈছে। বঁটাপ্ৰাপকসকলৰ ভিতৰত ১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত ৬ জন ল’ৰা আৰু ৫ গৰাকী ছোৱালী আছে।

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ সন্মান লাভ কৰাসকলৰ সৈতে এক উৎকৃষ্ট মত বিনিময় কৰিছিলোঁ।”

“লক্ষণীয় দৃঢ়তা প্ৰদৰ্শন কৰা আদিত্য সুৰেশক লৈ আমি গৌৰৱান্বিত। তেওঁৰ শৰীৰত হাড়ৰ বিকাৰ ধৰা পৰিছিল যদিও তেওঁ কেতিয়াও মনোবল কম হ’বলৈ দিয়া নাই। তেওঁ এজন প্ৰতিভাৱান গায়ক। ৫০০ৰো অধিক অনুষ্ঠানত তেওঁ অনুষ্ঠান পৰিৱেশন কৰিছে।”

“এম গৌৰৱী ৰেড্ডী এগৰাকী প্ৰচুৰ প্ৰতিভাৱান নৃত্যশিল্পী। বিভিন্ন অনুষ্ঠানত পাৰদৰ্শিতা দেখুৱাইছে আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰতি অত্যন্ত আবেগিক। তেওঁ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ সন্মান লাভ কৰাত আনন্দিত হৈছো।”

“মোৰ ডেকা বন্ধু সম্ভব মিশ্ৰ এজন অতি সৃষ্টিশীল যুৱক। তেওঁৰ অসংখ্য প্ৰবন্ধ আছে আৰু তেওঁ প্ৰতিষ্ঠিত ফেল’শ্বিপৰো গৰাকী। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ লাভ কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো।”

“প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা বিজয়ী শ্ৰেয়া ভট্টাচাৰ্য এগৰাকী তবলা শিল্পী, যিয়ে আটাইতকৈ বেছি সময় তবলা বজোৱাৰ অভিলেখ গঢ়িছে। সাংস্কৃতিক অলিম্পিয়াড অৱ পাৰফৰ্মিং আৰ্টছৰ দৰে মঞ্চতো তেওঁক সন্মান জনোৱা হৈছে। তেওঁৰ সৈতে এক সুন্দৰ মতবিনিময় কৰিলো।”

“এখন নদীত জপিয়াই এগৰাকী মহিলাক ডুব যোৱাৰ পৰা ৰক্ষা কৰা ৰোহন ৰামচন্দ্ৰ বাহিৰক লৈ মই গৌৰৱান্বিত। তেওঁ অতি সাহস আৰু নিৰ্ভীকতা প্ৰদৰ্শন কৰিছিল। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ লাভৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰিছো। তেওঁৰ ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে শুভেচ্ছা থাকিল।”

“অসাধাৰণ প্ৰতিভাসম্পন্ন আদিত্য প্ৰতাপ সিং চৌহানে উদ্ভাৱনৰ ক্ষেত্ৰত আগবঢ়োৱা অগ্ৰগতিৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা লাভ কৰিছে। তেওঁ বিশুদ্ধ পানী নিশ্চিত কৰাৰ বাবে ব্যয়বহুল প্ৰযুক্তি বিকশিত কৰাৰ কাম কৰি আহিছে।”

“যুৱক-যুৱতীসকলৰ মাজত উদ্ভাৱনক উদযাপন কৰক! ঋষি শিৱ প্ৰসন্ন এপছ ডেভেলপ কৰাৰ প্ৰতি আকৰ্ষিত। যুৱক-যুৱতীসকলৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰাৰ লগতে বিজ্ঞানৰ প্ৰতিও তেওঁ সমানেই আগ্ৰহী। আজি এইগৰাকী প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ীক লগ পাই সুখী।”

“অনুষ্কা জলীৰ দৰে যুৱতীয়ে বিৰল উদ্ভাৱনী প্ৰতিভা প্ৰদৰ্শন কৰিছে। গুণ্ডাগিৰিৰ বিৰুদ্ধে সজাগতা বিয়পাবলৈ তেওঁ অধ্যৱসায়ীভাৱে এটা এপছ আৰু অন্যান্য অনলাইন প্ৰগ্ৰেমৰ কাম কৰি আছে। আনন্দিত যে তেওঁ এতিয়া প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।”

“আমি বিভিন্ন ক্ৰীড়াক জনপ্ৰিয় কৰি তোলা আৰু ফিটনেছক গুৰুত্ব দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা বিজয়ী হানয়া নিছাৰে ভাৰতক বিভিন্ন সমৰ কলা প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁ বিভিন্ন বঁটা লাভ কৰিছে। তেওঁৰ সাফল্যক লৈ আমি গৌৰৱান্বিত।”

“২০২২ চনৰ ৰাষ্ট্ৰীয় গেমছত শৌৰ্যজিৎ ৰঞ্জিতকুমাৰ খাইৰে লাভ কৰা সফলতাৰ বাবে অপৰিসীম প্ৰশংসা লাভ কৰিছিল। মল্লখম্বৰ ক্ষেত্ৰখনত তেওঁ এক শক্তিশালী প্ৰতিভা। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে তেওঁক অভিনন্দন জনাইছো আৰু আগন্তুক প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছো।”

“কুমাৰী কোলাগটলা আলানা মীনাক্ষীৰ সৈতে চিনাকি হও আহক। তেওঁ এগৰাকী বিশিষ্ট দবা খেলুৱৈ আৰু এতিয়া প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা বিজয়ী। দবা ক্ষেত্ৰত তেওঁ বিশ্বজুৰি বিভিন্ন প্ৰতিযোগিতাত লাভ কৰা চমকপ্ৰদ সফলতা লাভ কৰিছে। তেওঁৰ এই সাফল্যই উদীয়মান দবা খেলুৱৈসকলক নিশ্চয় অনুপ্ৰাণিত কৰিব।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI

Media Coverage

India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Assam meets Prime Minister
May 30, 2026

Chief Minister of Assam, Shri Himanta Biswa Sarma met Prime Minister, Shri Narendra Modi today in New Delhi.

The Prime Minister’s Office posted on X;

“Chief Minister of Assam, Shri @himantabiswa met Prime Minister @narendramodi.

@CMOfficeAssam”