প্ৰধানমন্ত্ৰীয়ে সকলো বিষয়াকে নিষ্ঠাৰে কাম কৰিবলৈ পৰামৰ্শ দিয়ে, যাৰ জৰিয়তে সামাজিক ন্যায় সুনিশ্চিত হ’ব আৰু বৈষম্য দূৰ হ’ব
সেৱা প্ৰদান কৰাৰ সময়ত আপুনি স্পীড ব্ৰেকাৰ নে ছুপাৰফাষ্ট হাইৱেৰ ভূমিকা পালন কৰিব সেয়া আপোনাৰ ওপৰত নিৰ্ভৰশীলঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে উন্নয়নৰ অনুঘটক হিচাপে কাম কৰিবলৈ বিষয়াসকলক আহ্বান জনাই কয় যে পৰিৱৰ্তনসমূহ নিজ চকুৰে দেখিলে তেওঁলোক সন্তুষ্ট হ’ব
দেশক অগ্ৰাধিকাৰ দিয়াটোৱেই জীৱনৰ লক্ষ্য হ’ব লাগে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই লক্ষ্যত উপনীত হ’বলৈ তেওঁৰ সৈতে যোগদান কৰিবলৈ সকলো বিষয়াক অনুৰোধ জনায়
সহকাৰী সচিব কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে প্ৰশাসনিক ব্যৱস্থাপনাত শীৰ্ষৰ পৰা নিম্নলৈ যুৱ বিষয়াসকলৰ সৈতে অভিজ্ঞতা শ্বেয়াৰ কৰা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পুৱা নতুন দিল্লীৰ সুষমা স্বৰাজ ভৱনত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সহকাৰী সচিব হিচাপে নিযুক্ত হৈ থকা ২০২২ বৰ্ষৰ আইএএছ উত্তীৰ্ণ ১৮১গৰাকী বিষয়া প্ৰশিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে।

মত বিনিময়ৰ সময়ত বিভিন্ন বিষয়াই তেওঁলোকে গ্ৰহণ কৰা প্ৰশিক্ষণৰ অভিজ্ঞতা শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০২২ চনত আৰম্ভ হোৱা কাৰ্যসূচীৰ সময়ত তেওঁলোকৰ সৈতে পূৰ্বতে হোৱা মত বিনিময়ৰ কথা স্মৰণ কৰে।সহকাৰী সচিব কাৰ্যসূচীৰ বিষয়ে কোৱাৰ সময়ত তেওঁ কয় যে ইয়াৰ আঁৰৰ উদ্দেশ্য আছিল প্ৰশাসনিক ব্যৱস্থাপনাত শীৰ্ষৰ পৰা নিম্নলৈ যুৱ বিষয়াসকলক অভিজ্ঞতাভিত্তিক শিক্ষণৰ সুযোগ প্ৰদান কৰা।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ভাৰতে অস্বস্তিকৰ দৃষ্টিভংগীৰে সন্তুষ্ট নহয় আৰু সক্ৰিয়তাৰ দাবী কৰে আৰু তেওঁলোকে সকলো নাগৰিককে সম্ভৱপৰ উত্তম শাসন ব্যৱস্থা, উৎপাদনৰ মানদণ্ড আৰু জীৱনৰ মানদণ্ড প্ৰদানৰ বাবে চেষ্টা কৰা উচিত। লাখপতি দিদি, ড্ৰোন দিদি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদি আঁচনিৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই আঁচনিসমূহ ৰাইজৰ মাজলৈ আগুৱাই নিব লাগে যাতে ইয়াৰ সুবিধা সকলোৱে লাভ কৰে। তেওঁ কয় যে ১০০শতাংশ লোকক সামৰি লোৱাটোৱে সামাজিক ন্যায় নিশ্চিত কৰে আৰু বৈষম্য ৰোধ কৰে। তেওঁ কয় যে এতিয়া সেৱা প্ৰদানৰ ক্ষেত্ৰত স্পীড ব্ৰেকাৰ হ’ব নে ছুপাৰফাষ্ট হাইৱে হ’ব সেয়া তেওঁলোকৰ পছন্দ। তেওঁ লগতে কয় যে তেওঁলোকে অনুঘটকীয় এজেণ্ট হোৱাৰ আকাংক্ষা কৰিব লাগে আৰু যেতিয়া তেওঁলোকে চকুৰ সন্মুখত পৰিৱৰ্তন ঘটি থকা দেখিব তেতিয়া তেওঁলোকে সন্তুষ্টি অনুভৱ কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰ প্ৰথম কেৱল এটা শ্লোগান নহয় বৰঞ্চ তেওঁৰ জীৱনৰ লক্ষ্য আৰু এই যাত্ৰাত তেওঁৰ সৈতে খোজ কাঢ়িবলৈ বিষয়াসকলক আহ্বান জনায়। লগতে তেওঁ কয় যে আইএএছ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁলোকে যি প্ৰশংসা লাভ কৰিছে সেয়া অতীতৰ কথা আৰু অতীতত থকাৰ পৰিৱৰ্তে তেওঁলোকে ভৱিষ্যতৰ দিশত আগবাঢ়িব লাগিব।

 

মত বিনিময় সভাত ৰাজ্যিক মন্ত্ৰী (কৰ্মচাৰী) শ্ৰী জিতেন্দ্ৰ সিং, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব শ্ৰী পি কে মিশ্ৰ, কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবা আৰু কেবিনেট সচিব শ্ৰী এ. ভাল্লা, সচিব (গৃহ আৰু কৰ্মচাৰী প্ৰশিক্ষণ বিভাগ)কে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'There could be no Netflix globally without India': Ted Sarandos on growth, cricket and AI

Media Coverage

'There could be no Netflix globally without India': Ted Sarandos on growth, cricket and AI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi shares Sanskrit Subhashitam recognizing Earth as the nurturing mother of all life
August 06, 2026

The Prime Minister, Shri Narendra Modi today shared Sanskrit Subhashitam emphasising that humanity may live in harmony with the Earth, as earth is the nurturing mother of all life and the moral order that sustains her should be respected.

The Prime Minister shared a Sanskrit verse-

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्।

शिवां स्योनामनु चरेम विश्वहा॥

The Prime Minister posted on X:

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्।

शिवां स्योनामनु चरेम विश्वहा॥